‘টিকিৰা বেজ’ৰ কথাই সুকীয়া…! (উদয় সেনাপতি)

মানুহে মোক হাঁহিব পাৰে, আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ দিনতো ‘বেজ’ক বিশ্বাস কৰা দেখি। কিন্তু ‘টিকৰা বেজ’ৰ ঐশ্বৰিক শক্তি তথা অপাৰ মহিমাৰ কথা এবাৰ যিসকলে গম পাইছে, তেওঁলোকে তেনেকৈ নাভাবে। তেওঁৰ সন্মুখত ‘বিজ্ঞানী’ কোন কুটা? আৰু হয়ও, বিজ্ঞানী নো কোন…?? হেঃ হেঃ …আৰ্কিমিডিচ নে কোনোবা এটাই জানো, কিবা এটা আৱিষ্কাৰ কৰি, কানি-কাপোৰ নিপিন্ধাকৈয়ে বাহিৰলৈ ওলাই দৌৰ মৰা নাছিল…! হেঃ হেঃ… সেয়া হে বিজ্ঞানীৰ নমুনা…!!

আচলতে ‘সমস্যা’ বুলিবলৈ এটাই আছে, সেয়া হ’ল, আজি চাৰিকুৰি বছৰৰ ডেওনা ‘সগৌৰৱে’ পাৰ কৰাৰ পাচতো, মোৰ বিয়াখন নহ’লগৈ। …মোৰ বাৰীৰ জেওৰা ভাঙি, বহু ছোৱালীয়ে আহ-যাহ কৰিলে, কিন্তু ‘ঘৰ’ৰ ভিতৰলৈ সোমোৱাৰ কোনো প্ৰয়োজনবোধ নকৰিলে। …এতিয়াতো বয়সেও ভাটি দিলে। তথাপি আশা এৰা নাই।

শেষত আইৰ পৰামৰ্শকে কামত লগাই চালোঁ। মৰাৰ আগমুহূৰ্তত আয়ে কৈছিল, “…বোপাই, কেতিয়াবা যদি কোনো সমস্যাত পৰ, তেন্তে সৌ ‘বৰপেৰা’টোৰ ভিতৰত থকা পুৰণি পঞ্জিকাখনতে, সকলো সমস্যাৰ সমাধান পাবি…!” পঞ্জিকাখন খুলি দুপাতমান লুটিয়াওঁতেই, তুলাপাতত লিখি থোৱা ‘টিকিৰা বেজ’ৰ ঠিকনাটো বিচাৰি পালোঁ।

পিছদিনা কাহিলি পুৱাতেই, চাইকেল মাৰি বেজৰ ঘৰ পালেগৈ। এঘন্টা ধৰি মোৰ সমস্যাৰ কথা শুনি, যাৱতীয় পৰীক্ষা-নিৰীক্ষা কৰি, শেষত তেওঁ উলিয়াই দিলে, সেই ‘পৰম’ বস্তু ফেৰা… ‘ৰাজমোহিনী’ তাবিজ…!!

তাবিজৰ কি চমকপ্ৰদ ফলাফল…! তাজ্জব হৈ গ’লোঁ…!! মোৰ ‘জ্ঞান চক্ষু’ মেল খাই আহিল। নিজকে ধিক্কাৰ দিলোঁ, অত দিনে বিয়াই-সবাহে ছোৱালী চাই ফুৰাৰ বাবে। তাবিজৰ প্ৰভাৱত প্ৰথম বাৰলৈ দুচকুত ভাহি উঠিল, ছোৱালীৰে ভৰপূৰ এখন নতুন পৃথিৱী, ‘…ফেচবুক’।

পিছদিনাই একাউন্ট খুলি ল’লোঁ। বন্ধুবৰ্গৰ সজ পৰামৰ্শত নতুন নাম ৰাখিলোঁ…, ‘প্ৰিন্স টংকেশ্বৰ’…!! প্ৰফাইল ফটো দিলোঁ, তাহানিৰ পি ইউ পঢ়ি থকা দিনৰে ‘পাচপৰ্ট চাইজ’ এখন। (সেই খনেই ধুনীয়া ফটো আছিল)। তাৰ পিছত ‘মিচন’ আৰম্ভ…!!

ৰাজমোহিনী তাবিজৰ ‘অব্যৰ্থ’ প্ৰভাৱত, কিছুদিনৰ ভিতৰতে ‘চাটিং’ হ’ল, চেটিংও হ’ল, …আৰু শেষত, এইবাৰ ‘ডেটিং’-অৰ বাবে সাজু। নিৰ্দ্দিষ্ট দিনাখন গৈ দেখিলোঁ, মোৰ ফেচবুক প্ৰেয়সী সন্মুখত বিদ্যমান। এখোজ দুখোজ কৈ গৈ ওচৰ পাই সুধিলোঁ,

: তুমি মনালিচা নহয় জানো?

: হয়। পিছে আপুনি…?

: (অলপ ‘ছাচপেন্স’ ৰাখিবলৈ ক’লো) …আজি যে তুমি লগ কৰিবলৈ আহিছা…, প্ৰিন্স…

: অ’ গম পালোঁ, … পিছে আপুনি

.

.

.

.

.

.

.

তেওঁৰ… দদায়েক নিকি…??

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!