টেঙা নে খাৰ, কি খোৱা উচিত – ডাঃ অনুপ বৈশ্য

 

টেঙা বুলি কলেই মুখলৈ পানী আহে৷ খাদ্যত টেঙা থাকিলে অকণমান ভাত বেছিকৈ খাব পাৰি৷ ঠিক তেনেদৰে পেট ফুলিলে বা বদহজম হলে সদায় খাৰ খাবলৈ মন যায়৷ অন্য প্ৰান্তৰ তুলনাত অসমৰ মানুহে খাৰ বেছিকৈ খায়৷ সেয়েহে কথাতেই কয় খাৰ খোৱা অসমীয়া৷
আমি খোৱা আটাইবোৰ খাদ্যই শৰীৰৰ ভিতৰত গৈ এচিড অৰ্থাৎ টেঙা নাইবা এলকালী অৰ্থাৎ ক্ষাৰলৈ ৰূপান্তৰিত হয়৷ যিকোনো তৰলৰ pH যেতিয়া ৭ হয় তেন্তে ইয়াক Neutral অৰ্থাৎ এচিডিকো নহয় এলকালীও নহয়৷ যাৰ কোনো বিশেষ সোৱাদ নাথাকে৷ উদাহৰণ স্বৰূপে পানী৷ যেতিয়া pH ৭ তকৈ কমি যায় তেতিয়া তৰল পদাৰ্থখিনি আম্লিক অৰ্থাৎ এচিডিক হৈ পৰে আৰু যেতিয়া ৭ ততকৈ বেছি হয় তেন্তে ক্ষাৰ অৰ্থাৎ এলকালী লৈ ৰূপান্তৰিত হয়৷ আমাৰ ৰক্তৰ pH ৭.৩৫-৭.৪৫ ৰ ভিতৰত থাকে, যি সামান্য ক্ষাৰকীয় হয়৷ আমাৰ শৰীৰৰ সম্পূৰ্ণ প্ৰক্ৰিয়া এই pH ত সুচাৰু ৰূপে চলে৷ pH ইয়াতকৈ কমি গলে এচিড’চিচ আৰু বাঢ়ি গলে এলকাল’চিচ বুলি কোৱা হয়৷ এই দুয়োটা অৱস্থাই স্বাস্থ্যৰ বাবে হানি কাৰক৷ এই দুয়োটা অৱস্থা মূলতঃ নিৰ্ভৰশীল আমাৰ খাদ্যৰ ওপৰত৷

এচিদ’ছিছ হলে কেনে অসুবিধা হব পাৰে?
’’’’’““““““““““““““““““““““““““““’’’’’’’“““’“’’’“““““’““’“’’““““’’’’’’’’’’’’’’’’’’’
১)দাঁত আৰু দাঁতৰ আলুৰ ক্ষতি হব পাৰে৷ বেছি দিনলৈ এই প্ৰক্ৰিয়া চলি থাকিলে দাঁতবোৰ অকালতে সৰি যাব পাৰে৷
২)শৰীৰৰ জলীয়াংশ এচিডিক হলে, এই এচিডিটি কমাবলৈ কেলচিয়ামে চেষ্টা কৰে৷ কেলচিয়াম সমূহ হাড় বোৰৰ পৰা ওলাই আহে যাৰ ফলত হাড়বোৰ ঠুনুনা হয়৷ ইয়াক osteomalasia বা osteoporosis বুলিও কোৱা হয়৷ এনে পৰিস্থিতিত হাড় বোৰ ভাঙি যাব পাৰে৷
৩)টেঙা টেঙা উগাৰ অৰ্থাৎ এচিডিটি হব পাৰে৷ বুকু জ্বলা পোৰা কৰা, পেট ফুলি থকা, খাদ্য নাখালেও পেট ভৰি থকা, পাইখানা খোলোছা নোহোৱা আদি লক্ষণ পেটৰ এচিডিটিৰ কাৰণে হব পাৰে৷
৪)তেজত এচিডৰ পৰিমাণ বাঢ়ি গলে উশাহ নিশাহত ব্যাঘাত জন্মিব পাৰে৷ সময়ত ঘনাই ঘনাই উশাহ লব লগাত পৰে৷
৫)পেচাব জ্বলা পোৰা কৰিব পাৰে৷
৬)বৃক্কত পাথৰ (kidney stone) সৃষ্টি হব পাৰে৷
৭)মূৰৰ বিষ, কঁকালৰ বিষ তথা মাংসপেশীৰ বিষ হব পাৰে৷
৮)ঘনাই ঘনাই চৰ্দি কাহ হৈ থাকিব পাৰে৷
৯)অনবৰতে ভাগৰ ভাগৰ লাগিব পাৰে ইত্যাদি

কোনবোৰ খাদ্য এচিডক হয় ?
“““’’’’“““““““““““’““’““’’’’’’’“““““““““’’’’’“““““““
১)মদ
২)ভাত, আটা, ময়দা
৩)কণী
৪)মাংস, মাছ
৫)বাদাম, আখৰোট, পেষ্টা
৬)গাখীৰ তথা গাখীৰেৰে বনোৱা যি কোনো খাদ্য ।
৭)যিকোনো process food বা টিনৰ খাদ্য৷
৮) ব্ৰেড
৯) Oats
১০) Artificial sweetener ইত্যাদি৷
এচিড সৃষ্টি কৰা এনেবোৰ খাদ্য অত্যধিক সেৱন কৰিলে হানি হয়৷ সেয়েহে উক্ত খাদ্য সমূহৰ লগত ক্ষাৰকীয় দ্ৰৱ্য অন্তৰ্ভুক্ত কৰিব লাগে কিয়নো উক্ত খাদ্য সমূহো আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়৷ প্ৰয়োজন মাথোঁ যুক্তিসন্মত উপভোগ।

ক্ষাৰকীয় দ্ৰৱ্য
“““’’’’’’’’’’““““““““““
আমাৰ শৰীৰত বহুতো এচিড উদ্ভৱ হয়৷ উদাহৰণ স্বৰূপে পেটৰ হাইড্ৰ ক্লৰিক এচিড, মাংশপেশীৰ পৰা লেক্টিক এচিড আদি৷ সেয়েহে শৰীৰত ক্ষাৰৰ পৰিমাণ বেছি হব নোৱাৰে৷ এই এচিড সমূহে ক্ষাৰকীয় ভাব কমাই ৰাখে৷ অনুসন্ধানত দেখা গৈছে যে ৰক্তৰ pH যেতিয়া ক্ষাৰকীয় হৈ থাকে তেতিয়া তেনে ৰোগীৰ ডায়েবেটিজ, হাই ব্লাড প্ৰেচাৰ, কেন্সাৰ, কিডনিৰ পাথৰ, হাড় ঠুনুকা হোৱা প্ৰভৃতি ৰোগৰ সম্ভৱনা কম দেখা যায়৷ ৷ আমাৰ অসমৰ বড়ো সম্প্ৰদায়ৰ লোক সকলৰ মাজত হাইব্লাড প্ৰেচাৰৰ ৰোগীৰ সংখ্যা তেনেই কম৷ ইয়াৰ প্ৰধান কাৰণ খাৰ সেৱন৷

ক্ষাৰকীয় আহাৰৰ উপকাৰীতা
““““““““““““““““““““““““““““““““’“““““““““““
১) ক্ষাৰকীয় আহাৰ খালে হাড়বোৰ মজবুত হয়৷ দাঁত মজবুত হয়৷ লগতে শৰীৰৰ মেগনেছিয়াম আৰু কেলচিয়ামৰ সামঞ্জস্যতা বজাই ৰাখে৷ ভিটামিন ডি ৰ শোষণত সহায় কৰে৷
২) পেটত হোৱা এচিডিটি বা গেষ্ট্ৰাইটিছ্ ৰোগৰ উপশম হয়৷ যাৰ ফলত হজম শক্তি বাঢ়ে৷ পাইখানা খোলোচা হয়৷
৩) ক্ষাৰকীয় আহাৰ হাই ব্লাড প্ৰেচাৰ থকা ৰোগীৰ কাৰণে মহৌষধ৷ এচিডিক আহাৰ সেৱন কৰিলে প্ৰেচাৰ বঢ়াৰ সম্ভাৱনা অধিক৷ ক্ষাৰকীয় আহাৰে এনে সম্ভাৱনা দূৰ কৰে৷
৪)আমাৰ শৰীৰৰ বৰ্ধনত মুখ্য ভূমিকা লোৱা growth hormone ৰ নিঃসৰণ এচিডিক আহাৰ সেৱন কৰিলে কমি যায়৷ যাৰ ফলত কোষ সমূহৰ প্ৰকৃত কৰ্মত ব্যাঘত জন্মে৷ ক্ষাৰকীয় আহাৰে এই হৰ্ম’নৰ নিঃসৰণ যথাযথ হোৱাত সহায় কৰে৷
৫)শৰীৰত ক্ষাৰকীয় আহাৰে তেজৰ নলীৰ ভিতৰত তেজ গোট মৰাত ব্যাঘাত জন্মায় যাৰ ফলত ৰক্ত নলিকাৰে তেজৰ চলাচল সুগম হয়৷ cholesterol, tryglyceride প্ৰভৃতি চৰ্বিৰ অপ্ৰয়োজনীয় বৃদ্ধিত বাধা জন্মায়৷ এচিডিক আহাৰ খালে ইয়াৰ বিপৰীত হয়৷
৫)পুৰণি মূৰৰ বিষ, কঁকালৰ বিষ, গাৰ বিষ আদিৰ মুখ্য কাৰণ হৈছে আমাৰ শৰীৰৰ ভিতৰত inflamation নামৰ এক প্ৰক্ৰিয়া চলি থকা বাবে৷ ক্ষাৰকীয় আহাৰ খালে এনে প্ৰক্ৰিয়া বন্ধ হৈ কোষসমূহ সুস্থ হৈ পৰে৷
৬)শৰীৰৰ ৰোগপ্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
৭)মেদ বাহুল্য নাশ হয়৷ কিয়নো মেদ নাশকাৰী তত্ত্বৰ
বৃদ্ধি কৰে এনেবোৰ খাদ্যই৷ সেয়েহে ক্ষাৰকীয় আহাৰ খালে শৰীৰৰ ওজন সম পৰিমাণত থাকে৷

কোনবোৰ খাদ্য ক্ষাৰকীয় হয় ?
“““’’’’’’’’““““““““““““’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’’য
১)শাক পাচলি—-পালেং শাক, আদা, নহৰু, গাজৰ, ৰঙা বীত্, জলকীয়া, নেমু টেঙা, ফুলকবি, বন্ধা কবি, বিন, তিয়ঁহ, ব্ৰকলি, মিঠা আলু, পদিনা, ধনীয়া পাত, ৰঙালাও, পানীলাও, বিলাহী, মটৰ, মূলা, স্কোৱাছ ইত্যাদি৷
২)ফল—কঠাল, নাৰিকল, ডালিম, মাধুৰীয়াম, অমিতা, ইত্যাদি৷
৩)চয়াবিন্
(তলত আম্লিক আৰু ক্ষাৰকীয় আহাৰৰ তালিকা দিয়া হ’ল৷ চাই লব পাৰে)

আপোনাৰ কৰ্তব্য
“’’’’’’’’’’““““““““““““““’’’’’’’’’’’’
এটা কথা মন কৰিবলগীয়া যে ওপৰত উল্লেখ কৰা এচিডিক আহাৰ সমূহৰ আমাৰ শৰীৰৰ গঠনত যথেষ্ট ভূমিকা আছে৷ যেনে মাছ, মাংস, কণী, বাদাম, আখৰোত আদি৷ কিন্তু আমাৰ বৰ্তমান জীৱন শৈলীত এনেবোৰ খাদ্য অত্যধিক সেৱন কৰাৰ প্ৰৱণতা বাঢ়িছে৷ ব্ৰইলাৰ মুৰ্গীৰ প্ৰভাৱত ঘৰে ঘৰে প্ৰায় প্ৰতি সাজতে মাংস খোৱাৰ প্ৰৱণতা বাঢ়িছে৷ বিয়া সবাহটো এনেবোৰ খাদ্যৰ পয়োভৰ বেছি৷ মাহত দুখনকৈ বিবাহৰ খাদ্য খালে আমাৰ শৰীৰত pH যথেষ্ট নিম্নগামী হয়৷ যাৰ ফলত বিভিন্ন ৰোগত ভোগা দেখা যায়৷ তদুপৰি আজিৰ উঠি অহা নব প্ৰজন্মই এনেবোৰ খাদ্যত অধিক মনোনিবেশ কৰিছে যিয়ে ভৱিষ্যতলৈ অশনি সঙ্কেত বহন কৰিছে৷ অভিভাৱক হিচাবে আপুনি সঠিক পন্থা লোৱাৰ দৰকাৰ৷ তলত উল্লেখ কৰা দিহা সমূহ মানি চলিলে ৰোগমুক্ত জীৱন কটোৱাত সহায় কৰিব৷
১)নিতৌ যথেষ্ট শাক পাচলি আৰু ফলমূল খাওঁক৷
২)কেঁচা শাক বা চালাড খালে উপকাৰ বেছি হয়৷ যদি কেঁচাই খোৱা অসুবিধা তেন্তে সামান্য সিজাই খাব পাৰে নাইবা সামান্য তেল মছলা দি খাব পাৰে৷
৩)মাছ, মাংস, কণী সদায় নাখাব৷ তিনিবিধৰ যি কোনো এবিধ এদিনৰ মূৰে মূৰে খাব৷ লগতে যিদিনাখন এনে খাদ্য খাব সিদিনা কেঁচা শাক-পাচলি আৰু ফল খাব নাপাহৰিব৷ এনে কৰিলে এচিডৰ উৎপাদন কমিব ।
৪)যথা সম্ভৱ মদ্য পান নকৰাই ভাল৷
৫)যিকোনো খাদ্য খালে যেতিয়া পেটত এচিডিটি অনুভৱ কৰে আপুনি জানি লব যে আপোনাৰ তেজটো এচিডৰ পৰিমাণ বাঢ়িবলৈ গৈ আছে৷
৬)মাছ, মাংস নাখালে শৰীৰ দুৰ্বল হব এনে মনোবৃত্তি পৰিত্যাগ কৰক৷
৭)খাবলৈ বহোতে সদায় পৰ্য্যবেক্ষণ কৰক, আপুনি আম্লিক নে ক্ষাৰকীয় আহাৰ বেছি খাই আছে৷

ডাঃ অনুপ বৈশ্য
সহযোগী অধ্যাপক
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়
জালুকবাৰী, গুৱাহাটী-১৪
হোৱাটছ এপ্প নং-8638211711

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!