টেলিব্ৰেন্দত জাতীয় সংগঠন – মন জিৎ

 

টিভি খুলিলেই প্ৰায় প্ৰতিটো চেনেলত আমি দেখিবলে পাওঁ কোনোবাই নহয় কোনোবাই কিবা নহয় কিবা বেচিয়ে থাকে দিনে ৰাতিয়ে৷ অখ্যাত অভিনেতা অভিনেত্ৰীৰ পৰা তাহানিৰ ভেৰ্টাণ এক্টৰলৈকে সকলোৱে মিঠা মিঠা কথাৰে বিভিন্ন প্ৰডাক্ট বেছি থাকে৷ কাঁহি বাতিৰ পৰা কামনা বাসনাৰ ঔষধলৈকে৷ আমাৰ থুলুকেও মাজে মাজে সেই অনুষ্ঠান বোৰ চায় যদিও বৰকৈ গুৰুত্ব নিদিয়ে৷ কিন্তু শেহতীয়াকৈ সেই অনুষ্ঠান বোৰে তাক প্ৰেৰণা দিছে তেনেকুৱা কিবা এটাৰে তাৰ ডুবন্ত নাওখন উদ্ধাৰ কৰিবলে৷ থুলুক হৈছে এটি ৰাজ্যৰ বিখ্যাত জাতীয়তাবাদী সংগঠনৰ নাম-জ্বলা নেতা৷ বন্ধ অৱৰোধ আন্দোলন অনশন পদযাত্ৰাৰ তেওঁৰ বিশাৰদ৷ এনেহেন প্ৰতিভাৰে প্ৰায়ে বাতৰিৰ শিৰোনামাত থকা থুলুকৰ কিছু দিনৰ পৰা দিন বেয়া৷ কেৰিয়াৰৰ আৰম্ভণিতে ৰাইজৰ নেতা বুলি মৰম আবদাৰেৰে জনপ্ৰিয় হৈ পৰিছিল যদিও শেহতীয়া কাণ্ড কাৰখানাত ৰাইজে বিৰক্ত হবলে আৰম্ভ কৰিছে৷ চব কথাতে জপিয়াই পৰা, ক্ষমতাকলৈ খোৱা কামোৰা, ৰাজনেতাৰ সতে গোপন বুজাবুজি দান বৰঙনিৰ ইফাল সিফাল ইত্যাদি কথাবোৰ ফাদিলহৈ পৰাত জনপ্ৰিয়তা বহুলাংসে হ্ৰাস পায়৷ সেই হেৰোৱা জনপ্ৰিয়তাকে ওভতাই আনিবলে টেলিব্ৰেন্দৰ সহায় লোৱাৰ চিন্তা কৰিলে৷ স্থানীয় কেবোল টিভি চেনেলত টকা সিকা দি শ্ব’ এটাৰ ব্যৱস্থা কৰি ল’লে৷ এতিয়া দিনতেই হওক নাইবা ৰাতিয়েই হওক ১২ বজাৰ লগে লগে থুলুকৰ শ্ব’ চুৰু হৈ যায়৷

“নমস্কাৰ এইয়া চিটি কেবলৰ টেলিব্ৰেন্দ অনুষ্ঠানলৈ মই থুলুকে আপোনাসৱক স্বাগতম জনালো৷ হয় ৰাইজ দেশত কেউপিনে চলি থকা আন্দোলন অনশন বোৰ দেখি শুনি আপোনালোক নিশ্চয় অতিষ্ঠ হৈ পৰিছে৷ বন্ধ অৱৰোধে ঘণ্টা জুৰি ঘণ্টা মাজ ৰাস্তাত ৰৈ থাকিবলে বাধ্য কৰিছে৷ জৰুৰী কাম লৈ ওলাই আহি এনেকৈ সময় নষ্ট হোৱাত মাথা নষ্ট হৈ গৈছে৷ ব্যৱসায় বাণিজ্যত ব্যাঘাত জন্মিছে৷ দুখীয়া নিছলাৰ চৌকাৰ জুই নজ্বলিছে৷ তেনেহ’লে চিন্তা নকৰিব আজি আমাৰ অনুষ্ঠান চাই আপোনলোকৰ সেই সকলো অভাৱ অভিযোগ দূৰ হৈ যাব বৰং আপোনাসবে আমাক মৰম আদৰ হে দিব৷ ইমান দিনে আপোনলিকে নিগেটিভ দিশটোহে দেখি আহিছিল৷ আহক আজি প্ৰথমে লগ পাওঁ আমাৰ আন্দোলন অৱৰোধৰ পৰা লাভাম্বিত হোৱা এজন ব্যক্তি যি নিজৰ অভিজ্ঞতা আমাৰ আগত শ্বেয়াৰ কৰিব৷

এইয়া #নাগিনিচুকৰ_নগনে_নিগনিধৰা, তেওঁ জনাব তেওঁৰ অনুভৱ৷ হয় নগেন কওক চোন আপোনাৰ অভিজ্ঞতা৷

: হা থুলুক জী৷ মে পেহেলে বহুত মোতা হুৱা কৰতা থা৷ মেৰি পেট দাও দাও কে বাহি যা ৰাহা থা৷ চাৰ্ট কা বুটাম অস্তিত্বকে সংকট মে পৰ থা৷ মেৰা দোস্তি লোগ মুজে পেটুৱা অথবা পেটুলা বোলকে জোকাৰ ৰাহা থা৷ ফটো উঠনেকে টাইম মে পেট অন্দৰ লেকে উশাহ বন্ধ কৰকে ফটো উঠনা পৰ ৰাহা থা৷ মে বহুত দুখী থা৷ জোতাকা ফিতা বিনা দেখ কেহি মাৰনা পৰটা থা৷ বাজু কে ঘৰকে বাইদেউ আপনি বটচৌ কৌ মেৰে পেট মে খেলনে কেলিয়ে ভেজ দেটা থা৷ বটচা লোগ “ আংকল আপকে টেকেলি মে খেলকে বহুত মজা আয়া” বল কে জোকাৰতা থা৷ মে পুৰা দূখী হৌ গেয়া থা, মেৰা দিল পুৰা বেঠ গয়া থা৷ তভি মেন থুলুক দাদা কি চংগঠন মে জইন কিয়া৷ অউৰ উচকে বাদচে মেৰি জিন্দেগি মে #পৰিবৰ্তন আ গেয়া৷ ১০/১৫ অন্দোলন, ৭/৮ অনশন, ৪/৫ পদযাত্ৰাকে বাদ মেৰা পেট লগভগ চেপ মে আগেয়া৷ থলপা থপল চৰ্বি গলকে মাটি মে মিল গেয়া৷ মেনে লগ ভগ ১০/১৫ কেজি ওজন ঘটায়া৷ অভি মে খুচ হু, অউৰ লড়কীয়া ভি দেখতেহে মুজে আজকল৷“

দেখিলে ৰাইজ সংগঠনৰ উপকাৰিতা৷ মাথোঁ এই নগেনেই নহয় আৰু বহুজন উপকৃত হৈছে এই সংগঠনৰ যোগেদি৷

এইবাৰ আহক চিনাকি হওঁ #ভাবলিচুকৰ_ভোকেন্দ_ভোলভুলিয়াৰ সতে আৰু তেওৰ পৰা শুনো তেওঁৰ অভিজ্ঞতা৷

: হয়৷ নমস্কাৰ আজিৰ পৰা চাৰি বছৰ আগতে যেতিয়া মই টানি টুনি, পুৰিয়া মাৰিও মেট্ৰিকৰ দেওনা পাৰ কৰিব নোৱাৰিলো৷ ডেডিয়েও খংতে পকেট মনি বন্ধ কৰি দিলে তেতিয়া মই দিশহাৰা হৈ পৰিলো৷ হতাশাত ভাগি পৰিলো৷ সাধাৰণ ৰজনী তুলসীৰ খৰচটোৱো যোগাৰ নোহোৱা হৈ পৰিল৷ ইফাল সিফাল কৰিও একো নোহোৱাত চানগ্লাছৰ সিপাৰে দিনতে অন্ধকাৰ দেখিবলে ললো৷ তেনেতে এচাটি আশাৰ লাইট লৈ পানীয়ে মৰা গাৱৰ চুৰেন আংকলৰ ল’ৰা লাকিক ঔৰফে লখেশ্বৰক লগ পালো আৰু তাৰ যোগেদিয়েই সংগঠনত যোগ দিলো৷ আৰু সেই দিন ধৰি ৰাইজৰ সেৱাত নিজকে উৎসৰ্গা কৰিলো৷ তাৰ পিচৰে পৰা মোৰ জীৱন সলনি হৈ গ’ল৷ বেকাৰ অৱস্থা এটাৰ পৰা ভৰিত থিয় দিব পৰা হলো৷ বছৰৰ বাৰটা মাহৰ তেৰটামান উৎসৱ নাইবা পাৰ্বন, বিহুৱে সংক্ৰান্তি অথবা থিয়েটাৰ নাইবা প্ৰগ্ৰেমলে বুলি তোলা চান্দাৰ পৰা ৰাহি হোৱা টকাৰে মোৰ এতিয়া ভালকৈয়ে চলিছে৷ মই এতিয়া স্বাবলম্বী৷ চান্দাৰে চলো যদিও আনবোৰৰ দৰে আঁকোৰগোজ নহয়৷ মোৰ মনটো উদাৰ আৰু তেনেই সৰল৷ চান্দাৰ নামত অত্যাচাৰ নকৰো ১০০০ টকা বিচাৰোতে কোনোবাই দিবলে অসুবিধা পালে দিচকাউণ্টো দি দিও৷ ১০০০অৰ জাগাত মাত্ৰ ৯৫০ বা ৯০০ টকাতে মান্তি হৈ যাও৷ অল থেংকচ জাতীয় সংগঠন৷ থেংকছ তু থুলুক দা৷“

দেখিলে ৰাইজ সংগঠনৰ উপকাৰীতাৰ ই এক জ্বলন্ত উদাহৰণ৷ লাষ্ট বাট নট দি লিষ্ট আমাৰ মৰমৰ উঠি অহা (ফ্লেট কিনি গাওৰ পৰা চহৰলৈ উঠি অহা) যুৱ ব্যৱসায়ী #মেদেনিপুৰৰ_মুনিন্দ্ৰ_মাথামৰা৷ হয় মুনিন্দ্ৰ কওকচোন আপোনাৰ অভিজ্ঞতা৷

: হেল্ল ফ্ৰেন্দচ৷ ফেছবুক লাইভটোও অন কৰি লৈছো দেই বেয়া নাপাব৷ অ.. মোক কিবা ক’বলে সুযোগ দিয়া বাবে থুলুক দাক থেংকচ৷ মই আগতে টায়াৰ দোকান, পাথৰ কুৱাৰি, ৰং তুলিকাৰ দোকান ক’ত ক’ত কাম কৰা নাই৷ পিছে সকলোতে বিফল৷ না মন বঢ়ে না টকা বাহে৷ তেনেকুৱাতে দাদাক লগ পালো তেওঁ আন্দোলন আৰু আন্দোলনত লগা সামগ্ৰীৰ দিমান্দৰ কথা ক’লে৷ মোৰো মেথাত বুদ্ধি আহি গ’ল৷ আগৰ কামকৰা অভিজ্ঞতাৰ পৰা টায়াৰৰ দোকনাৰ পৰা পুৰণি টায়াৰ, কুৱাৰিৰ পৰা পাথৰ, ৰং তুলিকাৰ দোকানৰ পৰা বেনাৰ পোষ্টাৰৰ বাবে টাই আপ কৰি পেলালো৷ বছ তাৰ পিছত আৰু পিছলে ঘূৰি চাবলগীয়া হোৱা নাই আৰু৷ আজি কালিটো পিকেটাৰো চাপ্লাই দিওঁ৷ শান্ত শিষ্ট লাগে, পাথৰ দলিওৱা লাগে, অনশন কৰা লাগে মুঠতে যেনেকুৱা লাগে আৰু৷ চবৰে ৰেট বেলেগ বেলেগ৷ কলেজে কলেজে গৈ পিকেটাৰ চিলেক্ট কৰো কোনোবাই ৰজনী তুলসীৰে মানে, কাৰোবাক আকৌ বটল দিব লাগে৷ যি নহ’লেও মুঠতে ফুল পেকেজ পাব৷ এনেকৈ নিজেও খাইছো আন দহজনকো সংস্থাপনো দিছো৷ অল থেংকছতো চংগঠনচ এন্দ অলচ আমাৰ থুলুক দাদা৷ থেংকিউ গাইজ৷
দেখিলেনে ৰাইজ এইয়া মাথোঁ তিনিজনহে৷ আৰু কত যে কিমান লাভ আছে কৈ শেষ কৰিব নোৱাৰি৷ যেনে ধৰক চৰকাৰী চাকৰিয়ালে বন্ধ বেছিকৈ পাই মিতিৰ কুটুম, তোলনী বিয়া, অন্নপ্ৰাশন, লগুনদিয়নি আদি বছেৰেকীয়া ছুটি খৰচ নকৰাকৈয়ে ৰক্ষা কৰিব পাৰে৷ নিউজ চেনেল বোৰে পাই যায় ফ্ৰীটে টি আৰ পি৷ ব্যৱসায়ী এম এমে কোৱাৰ দৰে এই ব্যৱসায়ৰ যোগেদি হাজাৰ হাজৰ নিবনুৱা সংস্থাপিত হৈছে৷ আৰে আটাইটকৈ ডাঙৰ কথা এই সংগঠন কৰি কৰি আজীৱন ছাত্ৰহৈ থাকিব পৰাৰ পৰা এদিন ৰাজনেতাহৈ দেশ পৰ্যন্ত চলাবগৈ পাৰি৷ গতিকে ৰাইজ আহক আমি সকলোৱে জাতীয় সংগঠনক চাপোৰ্ট কৰক, মৰম দিয়ক আৰু দেশৰ লগতে নিজৰো ভবিষ্যত সুদৃঢ় কৰক৷ জয় আই অখম৷ ধন্যবাদ৷■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!