টোপনি বা নিদ্ৰাৰ বিষয়ে যৎকিঞ্চিৎ- ডাঃ মনোজ কুমাৰ গোস্বামী

 এই লিখনিত টোপনিৰ বিষয়ে সাধাৰণ আলোচনা কৰা হৈছে৷ গতিকে পৌৰাণিক আয়ুৰ্বেদিকৰ, নিদ্ৰাৰ বিষয়ে থকা ব্যাখ্যা বা আধুনিক চিকিৎসা বিজ্ঞানৰ ভাষাতো খৰচি মাৰি আলোচনা কৰিব বিচৰা নাই৷ মাত্ৰ সাধাৰণ মানুহক টোপনিৰ বিষয়ে জনাবহে বিচাৰিছো, ভুল ত্ৰুটি মাৰ্জ্জনা কৰিব৷
বৰ্তমান পৃথিবীত বিশেষকৈ ভোগপ্ৰবণ মানুহৰ মাজত সুখনিদ্ৰাৰ অভাব আজি এটা অন্যতম স্বাস্থ্য সমস্যা৷ এটা সমীক্ষাত দেখা গৈছে, শতকৰা প্ৰায় ২০ জন প্ৰাপ্তবয়স্ক মানুহ ৰাতি সুনিদ্ৰাৰ অভাবত দিনত স্বাভাবিক কাজকৰ্মত অসুবিধা ভোগ কৰে যি মানসিক সুস্থতাৰ প্ৰতিবন্ধক হব পাৰে৷
দেখা যায় যে শিশুৰ জন্মৰ পিছৰ পৰা দিনে প্ৰায় ২০/২২ ঘণ্টা টোপনি মাৰে৷ বয়স বাঢ়ি অহাৰ লগে লগে টোপনিৰ সময়ো কমি আহে৷ বেছিভাগ প্ৰাপ্তবয়স্ক মানুহে দৈনিক প্ৰায় ৭/৮ ঘণ্টা শুব লাগে৷ অবশ্যে মধ্যাহ্ন ভোজনৰ পিছত এক আধা ঘণ্টা বিশ্ৰাম বা Midday nap এই সময়ৰ অন্তৰ্গত৷

আমি সকলোৱে গোটেই ৰাতি একেভাবে শুই নাথাকো৷ বিজ্ঞানীসকলে ইলেকট্ৰো এনচেফালোগ্ৰাম (EEG), ইলেকট্ৰ’-অকুলোগ্ৰাম (EOG) যন্ত্ৰৰ সহায়ত পলিচম্‌নোগ্ৰাফ (Polysomnograph) কৰি দেখিছে যে, গুণগত বিচাৰৰ ফালৰ পৰা গোটেই ৰাতি হোৱা টোপনি মোটামুটি দুইভাগত ভাগ কৰা হয়৷ (১) অক্ষিগোলকৰ দ্ৰুত কম্পন (Rapid eye Movement বা REM) যুক্ত টোপনি৷ আৰু (২) অক্ষিগোলকৰ মৃদু কম্পন (Non rapid eye movement বা NREM) যুক্ত টোপনি৷

প্ৰথমটো অৰ্থাৎ REM ধৰণৰ টোপনি এক ঘণ্টা টোপনিৰ পিছত আৰম্ভ হয় আৰু ষাঠিৰ পৰা নব্বৈ মিনিট স্থায়ী হয় আৰু বৃত্তাকাৰে ৰাতিৰ ভিতৰত চাৰি পাঁচবাৰ ঘূৰি আহে৷ NREM ধৰণৰ টোপনি কিন্তু প্ৰথমৰ পৰাই আৰম্ভ হয়৷ এইদৰে NREM আৰু REM জাতীয় টোপনি এটাৰ পাছত এটা ঘূৰি ঘূৰি আহে, ইয়াক বোলা হয় “Ultradian Sleep Cycle”. NREM ধৰণৰ টোপনিক কোৱা হয় Slow wave sleep, ইয়াৰ আকৌ চাৰিটা স্তৰ (Phase) আছে৷ আমি সেই আলোচনাৰ মাজলৈ নাযাও৷ বেছি বয়সত এই ধৰণৰ টোপনিৰ সময় বহু কমি আহে, বহুক্ষেত্ৰত একেবাৰেই নাথাকে, এনেকুৱা ও হব পাৰে৷ আমি যেতিয়া ৰাতি সপোন দেখি থাকো REM টোপনি হৈ থাকে৷

অনিদ্ৰা কাক বোলে?

সুস্বাস্থ্য ৰক্ষাৰ বাবে টোপনি আমাৰ শৰীৰৰ বাবে এটি অতি প্ৰয়োজনীয় কাম৷ টোপনিয়ে যে মাত্ৰ আমাৰে অবসাদ আৰু ক্লান্তি দূৰ কৰে তেনে নহয়৷ টোপনিয়ে শৰীৰৰ সমস্ত জৈব কাজকৰ্মে নিয়ন্ত্ৰণ কৰে আৰু মস্তিষ্কৰ কোষবিলাকক বিশ্ৰাম দি পিছৰ দিনৰ কাজকৰ্মৰ উদ্যম আৰু উৎসাহ যোগান ধৰে৷ গতিকে দেখা গৈছে যে টোপনিৰ অভাবত বা টোপনি ক্ষণস্থায়ী হলে সিয়েই শাৰীৰিক আৰু মানসিক অসুস্থতাৰ কাৰণ হ’ব পাৰে৷ এই কাৰণে অনিদ্ৰা, বিশেষকৈ ই যেতিয়া দীৰ্ঘস্থায়ী হয় তেতিয়া সেইটো ব্যক্তিগত সমস্যা আৰু উদ্বেগৰ কাৰণ হৈ পৰে, তেতিয়া অনিদ্ৰা (INSOMNIA)-ক অসুখ বুলি প্ৰাধান্য দিয়া হয় আৰু জৰুৰী চিকিৎসাৰ প্ৰয়োজন হয়৷ কোনো কোনো ক্ষেত্ৰত হতাশজনিত অনিদ্ৰাৰ মূল ইমানেই গভীৰ হৈ পৰে যে ৰোগী মানসিক ভাৰসাম্য হেৰুৱাই আত্মহননৰ পথ বাচি লয়৷ সাধাৰণ অৰ্থত এজন মানুহৰ স্বাভাবিক যিমানখিনি টোপনি দৰকাৰ তাৰ কম হলে যেতিয়া শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষতি হয় তেন্তে তাকে অনিদ্ৰাজনিত অসুস্থতা (INSOMNIA) বোলা হয়৷ তদুপৰি সাময়িক কোনো পৰিবেশ পৰিবৰ্তনজনিত কাৰণে দুই -তিনি দিনৰ বাবে টোপনিৰ ব্যাঘাত হোৱা প্ৰায় সকলোৰে হ’ব পাৰে৷

কি ধৰণৰ অনিদ্ৰা হব পাৰে?
১. বহুত মানুহ আছে, যি শয্যা গ্ৰহণ কৰাৰ পিছতেই টোপনি নাহে, তেওঁলোকৰ প্ৰথম অৱস্থাত টোপনি আহিবই নোখোজে, বহুসময় বিছনাত বাগৰি থকাৰ পিছত টোপনি আহে (Sleep onset insomnia)৷

২. আকৌ প্ৰথমৰ পৰা টোপনি আহিলেও দুই -এক ঘণ্টাৰ পিছত টোপনি ভাগি যায়৷ তাৰপাছত আৰু টোপনি নহা হয়৷ (Sleep maintenance insomnia)

৩. তৃতীয়তে দেখা যায়, মাজৰাতিৰ পিছত টোপনি ভাগি, তাৰপাছত আৰু সাৰে থাকে, অনেক চেষ্টা কৰিও আৰু টোপনি যাব নোৱাৰে (Sleep offset insomnia)

৪. আকৌ কেতিয়াবা গাঢ় নিদ্ৰা নহলেও এটা খুব সাধাৰণ, তন্দ্ৰাৰ নিচিনা আচ্ছন্ন ভাব প্ৰায় গোটেই ৰাতি থাকে৷ এই ধৰণৰ ‘টোপনি ’ হ’লে গোটেই দিনটোৰ পৰিশ্ৰমৰ ক্লান্তিভাব দূৰ নহয় ফলত স্বাভাবিক নিদ্ৰাৰ উপকাৰিতাও পোৱা নাযায় (Non restorative Sleep)

৫. আগতেই কোৱা হৈছে, পৰিবেশগত কাৰণে বা সাময়িক দুশ্চিন্তাৰ বাবে বা যিয়ে এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ আহে তেওঁলোকৰ ৩/৪ দিনৰ কাৰণে (Jet lag) টোপনি নোহোৱাকৈ থকা এটা সাধাৰণ ঘটনা (Transient insomnia)৷

৬. বহু সময়ত কোনো গুৰুতৰ বিপদ বা অস্ত্ৰোপচাৰৰ পিছত কেইদিনমান, তিনি সপ্তাহমান সময়ৰ বাবে অনিদ্ৰা হব পাৰে৷ একে বোলা হয় হ্ৰস্বম্যাদী অনিদ্ৰা (Short term insomnia)৷

৭.যেতিয়া কোনোবাই মাহৰ পিছত মাহ বা বছৰৰ পিছত বছৰ ধৰি অনিদ্ৰাৰ বাবে কষ্ট পাই (Long term insomnia বা chronic insomnia ) তেতিয়া তেওঁৰ স্বাস্থ্যহানি আৰু পিছদিনাৰ কৰ্মকুশলতা বিঘ্নিত হোৱাৰ কাৰণ হয়৷

কি কি কাৰণে অনিদ্ৰা হব পাৰে?
১. বহুক্ষেত্ৰত টোপনি নোহোৱাৰ সঠিক কাৰণ জানা নাযায়৷ কোনো কোনো ক্ষেত্ৰত বহুবিধ সৰু সৰু কাৰণ থাকিলেও, কোনো এটাই উল্লেখযোগ্য প্ৰধান কাৰণ নহয়, এই অবস্থাকে Primary Insomnia বোলা হয়৷

২. কেতিয়াবা দেখা যায় সাময়িক মানসিক উদ্বেগ বা উত্তেজনাৰ কাৰণে টোপনিৰ ব্যাঘাত জন্মে৷ তেওঁলোকৰ শুবলৈ গৈও টোপনি অহা দেৰি হয়৷ খুব অকণমান শব্দটেই টোপনি ভাগি যায় বা অসময়ত আনকি দিনটো টোপনি ধৰে৷ ইয়াৰ নাম Psychophysiologic insomnia৷

৩. পৰিবেশগত কাৰণে অনিদ্ৰা৷
যেতিয়া হোটেল, হস্পিতাল বা অন্য কোনো নতুন ঠাইত শুবলগীয়া হয়৷ বা নিকট কোনো আত্মীয়ৰ অসুস্থতা বা মৃত্যু ঘটে তেতিয়া অনিদ্ৰাৰ অভিজ্ঞতা আমাৰ প্ৰায় সকলোৰেই কেতিয়াবা নহয় কেতিয়াবা হৈছে৷

৪. খুব উচ্চতাত থাকাৰ বাবে শ্বাসকষ্টৰ কাৰণে প্ৰথম প্ৰথম কিছুদিনৰ বাবে সুনিদ্ৰা নহয়, বাৰে বাৰে টোপনি ভাগি যায় (High Altitude- insomnia)৷

৫. মাত্ৰ আমাৰ দেশতেই নহয়, গোটেই পৃথিবীতে শতকৰা আশীভাগ ক্ষেত্ৰতেই মানসিক ৰোগ হৈছে অনিদ্ৰাৰ অন্যতম প্ৰধান কাৰণ৷ প্ৰধানতঃ মানসিক অবসাদ (mental depression) বা নিৰাশা আৰু বিভিন্ন ধৰণৰ ভয়ৰ পৰা অনিদ্ৰাৰ সূত্ৰপাত হয়৷ এইক্ষেত্ৰত সকলো ধৰণৰ অনিদ্ৰাই হব পাৰে৷ কেতিয়াবা টোপনি আহিবই নিবিচাৰে, আকৌ অলপ টোপনিৰ পিছত গোটেই ৰাতি বা শেষৰাতি জাগি থকা নিত্যনৈমিত্তিক ঘটনা হৈ পৰে৷

৬. ইয়াৰোপৰি আছে দু‍‍শ্চিন্তাজনিত উদ্বেগ (Anxiety Tension) ম্যানিয়া (Mania) স্কিজোফ্ৰেনিয়া (Schizophrenia) মদ্যপানৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া, স্মৃ‍‌তি বিভ্ৰম (Dementia) আৰু মৃগীৰোগৰ(Epilepsy) নিচিনা বিভিন্ন ৰকমৰ মানসিক অসুখ৷

৭. এক ধৰণৰ অসুখত ৰোগী গোটেই ৰাতি ভৰিৰ অস্থিৰতা আৰু অসাৰত্ব (Restless Leg Syndrome) অনুভব কৰে৷ ভৰিৰ মাংসপেশী টানি ধৰা (Leg Cramps) এটা খুব সাধাৰণ কাৰণ৷

৮, যিসকলৰ হাঁপানি (Asthma) বা হাৰ্টৰ অপটুতা (Cardiacfailure) জনিত অসুখ আছে তেওঁলোকৰ প্ৰায়ে অলপমান টোপনিৰ পিছত শ্বাসকষ্টৰ ফলত (Cardiac Asthma ) সাৰ পাই উঠে আৰু প্ৰায় গোটেই ৰাতি এটা গাৰু কোলাত লৈ বহি থাকে, আৰু টোপনি আহিব নোখোজে৷

৯. ডায়েবেটিছ ৰোগী বা বয়স্ক পুৰুষৰ প্ৰষ্টেট গ্ল্যাণ্ডৰ (Prostate Gland) অসুখ থাকিলে, ৰাতি তিনি -চাৰিবাৰ উঠি টয়লেটলৈ যাব লগা হয়, ফলত স্বাভাবিক টোপনি নহয়৷

১০. কিছুমান মানুহ আছে যিয়ে ৰাতি দুঃস্বপ্ন দেখি বা ভয় পাই চিঞৰি উঠে (Night mare)৷ কিছুমান কম বয়সীয়া লৰা ছোৱালীৰ এক অদ্ভুত ধৰণৰ অসুখ হয়৷ সিহঁতে মাজৰাতি টোপনিতে উদ্দেশ্যবিহীনভাবে খোজ কাঢ়িবলৈ আৰম্ভ কৰে (Sleep walking) যাৰ বাবে টোপনি ব্যাঘাত হয়৷

১১. বহুসময়ত ৰাতি মাজে মাজে শ্বাস বন্ধ (Sleep apnoea) হোৱাৰ নিচিনা হৈ অনিদ্ৰা হয়৷

১২. এজনে টোপনিত নাক গৰ্জন (Snoring) কৰি থাকিলে আনজনৰ টোপনি ব্যাঘাত হোৱাৰ অভিজ্ঞতা আমাৰ প্ৰায় কম বেছি পৰিমাণে সকলোৰেই আছে৷

১৩. বিভিন্ন ধৰণৰ শাৰীৰিক অসুস্থতা যেনে বাত, ব্যাধি, হাড়ভঙা (Fracture), Spondylosis কিডনি অথবা পিত্তস্থলীৰ অসুখ, Colic pain, Gastric ulcer, Migraine-আদিৰ নিচিনা অসুখত অনিদ্ৰা এটা প্ৰধান উপসৰ্গ৷

১৪. বিভিন্ন ধৰণৰ ঔষধ, ষ্টেৰয়েড আৰু যাৰ মদ্যপানৰ নিচা আছে তেওঁ হঠাৎ মদ্যপান বন্ধ কৰা, ধূমপান কৰা অনিদ্ৰাৰ অন্যতম কাৰণ৷

১৫. চাহ, কফি, আৰু কোলা জাতীয় পানীয়ত Caffeine থকাৰ ফলত অনিদ্ৰা হয়৷ দেখা যায় যে দিনে তিনিৰ পৰা পাঁচ কাপ চাহ বা কফি খালে, সাত বা আঠ ঘণ্টাৰ পিছতো টোপনি নাহে, টোপনি আহিলেও গভীৰ নহয় আৰু অলপতে টোপনি ভাগি যায়৷

১৬. বজাৰত বিভিন্ন ধৰণৰ টোপনিৰ ঔষধ (Sleeping Pill) এতিয়া সহজলভ্য হোৱাৰ বাবে বহুতেই নভবা নিচিন্তাকৈ সেইবোৰ ব্যবহাৰ কৰে, পিছলৈ সেয়া নিয়মিত অভ্যাসত পৰিণত হয়৷ এইবোৰ ঔষধৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া বিভিন্ন ধৰণৰ অসুবিধাৰ কাৰণ হয় যিবোৰ কাৰো কাম্য নহয়৷

অনিদ্ৰাৰ পৰা ৰেহাই পাবলৈ কেইটামান উপদেশ
১. বহুৰাতিলৈ TV চোৱা বন্ধ কৰা ভাল৷

২. সোনকালে শুই পৰক আৰু ৰাতিপুৱা খুব সোনকালে শয্যা ত্যাগ কৰি সাধাৰণ ব্যায়াম কিছুমান কৰক৷ যোগ ব্যায়াম অনিদ্ৰাৰ বাবে বহু উপকাৰী৷

৩. ৰাতি বেছি আহাৰ কৰিব নালাগে৷ মদ্যপান বা ধূমপান বৰ্জন কৰক৷

৪. সন্ধ্যাৰ পিছত চাহ, কফি বা কোলা জাতীয় পানীয় নোখোৱাই ভাল৷

৫. মনক সকলো সময়তে দুশ্চিন্তা মুক্ত কৰি সুস্থ ৰখাৰ চেষ্টা কৰক৷

৬, কোনো কাৰণতেই ঋণাত্মক চিন্তা মনলৈ আহিব দিব নালাগে আৰু অন্যৰ দোষ বিচাৰিবলৈ চেষ্টা কৰিব নালাগে৷

**

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!