ঠাকুৰৰ কুঁৱা –মূল: ওম প্ৰকাশ বাল্মীকি অনুবাদ: মিতালী নাৰায়ণী
ওম প্ৰকাশ বাল্মীকি এগৰাকী দলিত সাহিত্যিক। তেওঁৰ আত্মজীৱনী ‘যুথন’ দলিত সাহিত্যত এক মাইলৰ খুঁটি। তেওঁৰ ৰচনাসমূহত তদানীন্তন সমাজ-ব্যৱস্থা আৰু সেই ব্যৱস্থাৰ প্ৰতি তীক্ষ্ণ বিদ্ৰুপ আৰু বিৰোধ ফুটি উঠা দেখা যায়। তেওঁৰ “সদিয়ো কা সন্তাপ” নামৰ কাব্যগ্ৰন্থৰ “ঠাকুৰ কা কুঁৱা” নামৰ কবিতাটিৰ অনুবাদ কৰিবলৈ চেষ্টা কৰিছিলোঁ।
ঠাকুৰৰ কুঁৱা
************
ওম
প্ৰকাশ বাল্মীকি
মাটিৰ
চৌকা
পুখুৰীৰ মাটি
আৰু পুখুৰী ঠাকুৰৰ
ৰুটিৰ
ভোক
বাজৰাৰ ৰুটি
বাজৰা খেতিৰ
আৰু খেতি ঠাকুৰৰ
বলধ
ঠাকুৰৰ
নাঙল-যুঁৱলি ঠাকুৰৰ
নাঙলৰ মুঠিত আমাৰ হাত
আৰু ফচল ঠাকুৰৰ
কুঁৱা
ঠাকুৰৰ
পানী ঠাকুৰৰ
খেতি-বাতি ঠাকুৰৰ
আলি-পদূলি ঠাকুৰৰ
তেন্তে আমাৰনো কি?
গাঁও?
চহৰ?
দেশ?
(ৰচনাকাল:
নৱেম্বৰ,
১৯৮১)