ঠিকনা (চন্দন কুমাৰ গৌতম)

ঠিকনা
চন্দন কুমাৰ গৌতম

মাটিবোৰ এতিয়া ৰুক্ষ, কৰ্কশ|
সময়বোৰ এতিয়া অৱসাদে ধোৱা|
বতাহজাক এতিয়া নিষ্প্রাণ-
নদীখন এতিয়া ? মৃত!

তথাপি সি দেখে স্বপ্ন-
এখন সেউজীয়া পথাৰ-অজানা|
য’ত ৰাতিপুৱাবোৰ ৰ’দে ধোৱা-
দুপৰীয়াবোৰ মৌন-
নীল আকাশত এজাক গঙাচিলনী|

আবেলিবোৰ সুমধুৰভাবে বিষন্ন-
পশ্চিমৰ তামোলৰ ছাঁই ঢাকে আধা চোতাল|
সন্ধিয়াবোৰ কজলা-
দিগন্তত ক্লান্ত সূৰ্য|
এজাক বাহ মুখী পখীৰ কলৰৱ|
নিশাৰ জোনাকবোৰ তাইৰ দৰেই কোমল-
সি চিঞৰি উঠে- “মই ক’ত?”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!