ডাঙৰ ডাঙৰ মানুহৰ সৰু সৰু কথা (পংকজ ঠাকুৰীয়া)

dangor

কেইজনমান খেলুৱৈ আৰু অভিনেতাৰ পৰা অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলে শিকিব পাৰে
১) ভাৰতৰ প্ৰথম বিশ্বকাপ ক্ৰিকেট বিজয়ী দলটোৰ অধিনায়ক কপিলদেব অধিনায়ক হোৱাৰ প্ৰধান অন্তৰায় আছিল তেখেতে ইংৰাজী কব পৰা নাছিল। অষ্ট্ৰেলিয়াত যাওতে তেখেতক টেক্সি দ্ৰাইভাৰে সুধিছিল Have you come today তেও ভাবিছিল বিখ্যাত বলাৰসকলৰ ভয় দেখুৱাই সুধিছে Have you come to die আৰু তেও উত্তৰ দিছিল No, I have come to live ।  আজিকালি কপিলদেবে ইংৰাজীত ধাৰাবিৱৰনী দিলে কোনেও কব নোৱাৰে সেইজনেই কপিলদেব।
২) বীৰেন্দ্ৰ সেৱাগ আৰু হৰভজন সিঙে ১৯ বচৰৰ অনুৰ্ধ দলৰ হৈ দক্ষিন আফ্ৰিকালৈ যাওতে খেলৰ পাৰ্টীবিলাকত চুক একোটাত লুকাই আছিল। ভয় আছিল কোনোবাই ইংৰাজীত কিবা সুধিব। খোৱা শেষ হোৱাৰ লগে লগেই দৌৰি গৈ বাছত বহি থাকিছিল। আধা ঘন্টাসময় বাছত ৰৈ থকাৰ পিছতহে বাকীসকলৰ লগত যাব পাৰিছিল। আজিকালি দুয়োজনেই সামাজিক অনুস্থানবিলাকত ইংৰাজী কোৱা শুনিলে আপোনালোকৰ বাৰু কেনে ভাব হয়?
৩) হলীউদত অভিনয় কৰা ভাৰতীয় অভিনেতাৰ কথা ক’লে আমি দুজন সহপাঠীৰ নাম লব লাগে। দুয়োজনেই অভিনয়ৰ দীক্ষা একেলগেই লৈছিল। ওম পুৰী আৰু নাছিৰুদ্দিন শ্বাহ। নাছিৰুদ্দিন শ্বাহ নিজৰ সুন্দৰ ইংৰাজী আৰু স্মাৰ্ট হোৱাৰ বাবে ছোৱালীসকলৰ মাজত বিৰাট জনপ্ৰিয় আছিল। ওম পুৰী ইংৰাজী কব নোৱাৰা বাবে পলাই ফুৰিছিল। কিন্তু আজি হলীউদতো ওম পুৰীৰ বহুত দখল। নাছিৰুদ্দিন শ্বাহতকৈ বেছি বোলছবিত অভিনয় কৰিছে।
এইকেইটা মাত্ৰ গাখীৰৰ ওপৰৰ সৰখিনিৰ নিছিনা উদাহৰন। বহুতো ইংৰাজী কব নোৱাৰা লোকে যিয়ে নেকি মাতৃভাষাত পঢ়া শুনা কৰিছিল, নিজৰ অধ্যবসায়ৰ বলত আজি পৃথিবীৰ সকলো লোকৰ সমানে সমানে ইংৰাজী ভাষাত দখল লাভ কৰিছে। আশা কৰো ঘটনাকেইটাই ইংৰাজী নাজানো বুলি লাজ কৰি পিছুৱাই থকা কিছু লোকক অনুপ্ৰেৰনা দিব। ঘটনাকেইটা বিভিন্ন ৰিয়েলিটী শ্বোত তেওলোকৰ নিজ মুখে শুনা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!