ডালিম ঐ ডালিম আমালৈ আনিছা কি? – ডা০ ভূপেন শইকীয়া

শিশুৰ এটি জনপ্ৰিয় নিচুকনি গীত “ডালিম ঐ ডালিম আমালৈ আনিছা কি? আনিছোঁ আনিছোঁ ৰণুৱা ঘোঁৰাতে ডিঙিতে শিৰকলি দি—” বহুতৰেই হয়তো শুনা মনত পৰে৷ আকৌ অসমীয়া সাহিত্যত নাৰীৰ মুখৰ সৌন্দৰ্য্যৰ বৰ্ণনা কৰোতে ডালিমগুটীয়া দাঁতৰ কথা কদাচিতহে বাদ নপৰাকৈ ৰৈ যায়৷ কিন্তু এই ডালিমৰ আমাৰ স্বাস্থ্য ৰক্ষাত কি ভূমিকা সেয়া আমাৰ বহুতৰে অৱগত নহয়৷ আজিৰ পৰা চাৰি দশক আগতে মেঘালয়ৰ নংপোত এজন বয়সিয়াল নেপালী লোকৰ সংস্পৰ্শত আহিছিলোঁ৷ তেওঁ কোৱা মনত পৰে ডালিম গছৰ শিপা বা ছাল গুৰি কৰি চূণৰ পানীৰ লগত মিহলাই খোৱালে ফিটা পেলু (আৰু আন কৃমিৰো) বিনাশ হয়৷ ফিটা পেলু নিৰ্মূল কৰা কিমান জটিল সেয়া চিকিৎসকসকলে জানে৷ অতি পৌৰাণিক কালৰ পৰা চীন দেশত ডালিমক উৰ্বৰতা আৰু সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰি অহা হৈছে৷ ইৰাণৰ তেহৰানত প্ৰতি বছৰে অক্টোবৰ মাহত ‘ডালিম উৎসৱ’ পালন কৰা হয়৷ ইজৰাইলৰ ইহুদী বিদ্বানসকলে এই মত পোষন কৰে যে আদাম আৰু ইভে সৰগত জুতি লোৱা নিষিদ্ধ ফল বিধ আপেল নহয়, ডালিমহে আছিল৷ মোৰ এজন পাঠকে জনাইছে নৱ পত্ৰিকাৰ মতে দেৱী দূৰ্গাই নটা ৰূপ ধাৰণ কৰে- ডালিম হ’ল ‘দেৱী ৰক্তদন্তিকা’৷ আমাৰ হাতত সহজে উপলব্ধ ডালিমৰ বৈশিষ্ট্য বিশ্লেষণ কৰাৰ উদ্দেশ্যৰে এইখিনি পাতনি মেলিলোঁ৷

ডালিমৰ বৈজ্ঞানিক নাম হ’ল Punica granatum ৷ ই Lythraceae পৰিয়ালৰ অন্তৰ্ভুক্ত৷ ইংৰাজীত ডালিমক Pomegranate বুলে৷ হিন্দীত অনাৰ বা অনাৰদানা, নেপালীত দাৰিম,বাংলাদেশত আৰু বাংলা ভাষাত অনাৰ,ডালিম আৰু বেদানা নামেৰে পৰিচিত৷ আন আন কেইটিমান ভাষাত ডালিমক মতা নাম এনে ধৰণৰ – অনাৰদানা (উৰ্দু আৰু পঞ্জাবী),ডালিম্ব (ওৰিয়া,কানাড়া,কোংকনী আৰু মাৰাঠী), ডাডামনা (গুজৰাটী),মধুলাই আৰু মথালাম পাঝম (তামিল),মধালানাৰংগা আৰু উৰিয়াম পাঝম (মলয়ালম), ডানিম্মা পান্দু আৰু ডালিম্ব (তেলেগু)৷

প্ৰাপ্তিস্থান : ডালিমৰ প্ৰাথমিক উৎপত্তি স্থল ইৰাণ আৰু ইৰাক বুলি জনা যায়৷ তাৰ পৰাই ভাৰত উপমহাদেশলৈ ডালিমৰ সঁচ আহে৷ বৰ্তমান ডালিমৰ গছ অপৰ্যাপ্ত পৰিমাণত পোৱা দেশসমূহ হ’ল-আফগানিস্তান, চীন, বার্মা,পাকিস্তান, বাংলাদেশ, ফিলিপাইনচ, তুৰস্ক,চিৰিয়া, স্পেইন, আজাৰবাইজান, আর্মেনিয়া, চৌডি আৰব, ইজৰাইল, জর্ডান,ইজিপ্ত, কোৰিয়া,জাপান,ভূমধ্যসাগৰীয় অঞ্চল, দক্ষিণ ইউৰোপ আৰু আফ্ৰিকাৰ গ্ৰীষ্ম প্ৰধান দেশসমূহ৷ স্পেইনৰ নাবিক আৰু সদাগৰসকলে ১৭৬৯চনত ডালিমৰ সঁচ লেটিন আমেৰিকা আৰু কেলিফৰ্নিয়ালৈ নিয়ে৷ আজিৰ দিনত আফগানিস্তানৰ পৰা ভাৰতবৰ্ষ আৰু পাকিস্তানলৈ বুজন পৰিমাণৰ ডালিমৰ ৰপ্তানি হয়৷

গছৰ বৰ্ণনা : ডালিম গছ হ’ল জোপোহা আকৃতিৰ৷ উচ্চতা ১০ৰ পৰা ২০ফুট পৰ্য্যন্ত৷ ৪৷৫বছৰ আয়ুস হোৱাৰ পৰা গছত ফল লাগিব ধৰে আৰু কুৰি বছৰলৈ নিয়মিত গছত ফল লাগি থাকে৷ ইয়াৰ কেইবাটাও প্ৰজাতি আছে৷ ফ্ৰান্স দেশত পোৱা এটা প্ৰজাতিৰ ডালিম গছৰ আয়ুস ২০০বছৰ৷ পিছল পাতবিলাক জোঙা আকৃতিৰ; দেড়ৰ পৰা ৩ইঞ্চি দীঘল আৰু আধা ইঞ্চিমান বহল৷ ফুলৰ বৰণ উজ্বল ৰঙা৷ ৰঙা বৰণৰ একোটা ডালিমৰ ফলৰ আকাৰ প্ৰজাতিভেদে সৰু-বৰ হয়৷ এটা ডালিমৰ ফলত ২০০ৰ পৰা ১৪০০টালৈকে গুটি থাকিব পাৰে৷ পূৰঠ ফলৰ স্বাদ মিঠা৷ উল্লেখযোগ্যযে ডালিম গছৰ প্ৰতিটো অংশই ঔষধি গুণযুক্ত বুলি প্ৰমাণিত হৈছে৷

কি কি লাগতিয়াল তত্ব ডালিমত থাকে?

প্ৰতি ১০০গ্ৰাম ডালিমৰ পৰিপুষ্টিৰ তালিকাখন এনে ধৰণৰ : শক্তি ৮৩কেলৰি, কাৰ্বোহাইড্ৰেট ১৯গ্ৰাম, প্ৰটিন ১-৭গ্ৰাম,ফেট ১-২গ্ৰাম, ডায়েটেৰী ফাইবাৰ ৪গ্ৰাম৷ ডালিমত থকা ভিটামিনসমূহ হ’ল-ভিটামিন-চি,ভিটামিন-ই, ভিটামিন বি-১,ভিটামিন বি-২, ভিটামিন বি-৩,ভিটামিন বি-৫,ভিটামিন বি-৬, ভিটামিন বি-৯,ভিটামিন- কে আৰু ক’লিন৷ খনিজসমূহ হ’ল- কেলচিয়াম, মেগনেচিয়াম,মেংগানিজ,প’টেচিয়াম,চ’ডিয়াম,জিংক,আইৰণ আৰু ফচফোৰাচ৷

ডালিম কেনেকৈ খাব? এন্টিঅক্সিডেন্ট আৰু ভিটামিনৰ সম্পূৰ্ণ লাভ পাবলৈ হলে সতেজ পূৰঠ ফল বা তাৰ ৰস গ্ৰহণ কৰিব৷ ডালিমক চালাডত, পায়সত,দৈ,পুডিং আদিত দিয়ো খাব পাৰি৷ কোনো কোনো দেশত ইয়াৰ মদো বনায়৷

ভাৰতীয় আয়ুৰ্বেদিক আৰু য়ুনানী চিকিৎসাত ডালিম কিদৰে প্ৰয়োগ হয়?

• সকলো ধৰণৰ ৰক্তক্ষৰণ ৰোধ কৰিবলৈ – যেনে নাকৰ তেজ ওলোৱা, আঘাত হোৱা ঠাইৰ পৰা তেজ ওলোৱা বন্ধকৰিবলৈ ডালিমৰ ফুল বা পাতৰ ৰস প্ৰয়োগ কৰিলে ভাল ফল পোৱা হয়৷

• মহিলাৰ ৰক্তস্ৰাব আৰু লিউকোৰিয়াৰচিকিৎসাত ডালিমৰ ফুল মৌজোলৰ সৈতে খোৱালে ৰোগী উপকৃত হয়৷

• কোনো কোনো মহিলাৰ সঘনে হোৱা গৰ্ভপাত নিৰাময় কৰিবলৈ ডালিম গছৰ পাত দৈ আৰু মৌজোলৰ সৈতে খোৱালে গৰ্ভপাতৰ সম্ভাৱনা আতৰ হয়৷

• সকলো বয়সৰ লোকৰ সকলো প্ৰকাৰৰ পেলুৰ ৰোগ নিৰ্মূল কৰিবলৈ ডালিমৰ প্ৰয়োগ ঘৰুৱা ভাবে কৰি অহা হৈছে৷

• ডালিম হ’ল শক্তিবৰ্ধক আৰু তেজবৰ্ধক৷

• শিশুৰ নানাবিধ উদৰৰ বিকাৰ আৰু পেটৰ বিষৰ চিকিৎসাত ডালিম গছৰ ছাল ব্যৱহৃত হয়৷

• ক্ৰনিক ডিচেন্ট্ৰিৰ চিকিৎসাৰ বাবে ডালিমৰ শুকান বা কেঁচা বাকলি উপকাৰী৷

বৈজ্ঞানিক সকলৰ মতে ডালিমৰ বিভিন্ন উপকাৰিতা সমূহ :

১-পাক প্ৰণালীৰ উপকাৰিতা – খাদ্য হজম হোৱাত সহায়ক আৰু আন্ত্ৰৰ সংক্ৰমণ হ্ৰাস কৰে৷ সেয়ে আলচাৰেটিভ ক’লাইটিচ আৰু ক্ৰনজ ডিজিজৰ ৰোগীৰ বাবে উপকাৰী ফল৷

২- হৃদৰোগ- যেনে তেজৰ নলীত চৰ্বি জমা হোৱা,ক’লেষ্টেৰল কমোৱা,উচ্চ ৰক্তচাপ কমোৱাত সহায়ক প্ৰমাণিত হৈছে৷

৩- ৰোগ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি)বঢ়োৱা- নানাবিধ ভিটামিন আৰু এন্টিঅক্সিডেন্টৰ বাবে সেয়া সম্ভৱ পৰ৷

৪- কৰ্কট ৰোগ প্ৰতিৰোধত ডালিমৰ ভূমিকা – ঘাইকৈ প্ৰষ্টেটৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত৷

৫-স্মৃতি শক্তি হ্ৰাস পোৱা ৰোধ কৰে সেয়ে এলঝাইমাৰ ৰোগীৰ বাবে উপকাৰী৷ ইয়াৰ বাবে দিনে ২৫০মিলিলিটাৰ ডালিমৰ ৰস গ্ৰহণ কৰা উচিত৷

৬- এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল গুণযুক্ত৷

৭- ডায়েবেটিজ ৰোগীৰ বাবে সহায়ক- ডালিমে ইনচুলিনৰ সক্ৰিয়তা বঢ়াই তেজৰ চুগাৰৰ পৰিমান কমায়৷

৮-সকলো ধৰণৰ বাত বিষ,আৰ্থাইটিচ আৰু অষ্টিঅ’প’ৰচিচ হ্ৰাস কৰাত সহায়ক৷

৯- এন্টিইনফ্লেমেটৰী গুণ ডালিমত থকা এন্টিঅক্সিডেন্টৰ বাবে সম্ভৱ৷ ডালিমত গ্ৰীন-টিৰ তুলনাত ৩গুণ বেচি এন্টিঅক্সিডেন্ট থাকে৷ এই এন্টিঅক্সিডেন্টে অপকাৰী ফ্ৰি-ৰেডিকেলচৰ পৰা শৰীৰক সুৰক্ষা প্ৰদান কৰে আৰু কোষৰ বিনাশ ঘটিবলৈ নিদিয়ে৷

১০- যৌন সক্ষমতা বৃদ্ধিকাৰক-ডালিম হ’ল পুৰুষৰ টেষ্ট’ষ্টৰন হৰমোন বঢ়োৱাত সহায়ক৷

১১- মহিলাৰ গৰ্ভধাৰণৰ ক্ষমতা বঢ়োৱাত সহায়ক- ডালিমে অক্সিডেটিভ ষ্ট্ৰেচ কমায়৷

১২- মুখমণ্ডল আৰু ছালত বয়সৰ ছাপ পৰিবলৈ নিদিয়ে৷ পৰীক্ষাগাৰত প্ৰমাণিত হৈছে যে ডালিমৰ নিয়মীয়া সেৱনে ছালৰ ইলাষ্টিক কোষবিলাকক অক্ষত অৱস্থাত থকাত সহায় কৰে৷ মুখৰ কমনীয়তা বঢ়ায়৷

১৩- সুনিদ্ৰাত সহায়ক- পেনিনচালভিয়া বিশ্ববিদ্যালয়ৰ এটি অধ্যয়নত দেখা গৈছে যে ডালিমত কিছু এনে ৰাসায়নিক তত্ব থাকে যি ভাল নিদ্ৰা অনাত সহায়ক৷

১৪- মেদবহুলতা কমোৱাত সহায়ক- ডালিমত থকা পলিফেনলৰ বাবে প্ৰাকৃতিকভাবে ভোকৰ পৰিমাণ হ্ৰাস হয় আৰু ফলত শৰীৰৰ ওজন কমোৱাত সহায়ক সিদ্ধ হৈছে৷ এই বিষয়ে এডিনবাৰ্গৰ কুইন মাৰ্গাৰেট ইউনিভাৰ্চিটিত গবেষণা চলি আছে৷ তদুপৰি ডালিমত থকা পলিফিনল এন্টিঅক্সিডেন্ট, কনজুগেটেড লিনয়িক এচিড আদি তত্বই দেহৰ চৰ্বি গলোৱাত সহায় কৰে৷

১৫- মুখৰ আচিনাই কমোৱাত সহায়ক৷

১৬- খেলুৱৈক ততালিকে শক্তি যোগান ধৰে৷

১৭- লিভাৰৰ সক্ৰিয়তা বঢ়াবলৈ নিতৌ ডালিম খাব লাগে৷

১৮- সূৰ্য্যৰ ৰশ্মিৰ দ্বাৰা চানবাৰ্ণ হ’লে ডালিমত থকা এলাজিক এচিড আৰু পলিফিনল এন্টিঅক্সিডেন্টে সেই ছালৰ ক্ষতিৰ নিৰাময় কৰে৷

১৯- ছালৰ টিউমাৰৰ বৃদ্ধি ডালিমে ৰোধ কৰিব পাৰে৷

২০-মদ্যপায়ী লোকৰ দেহৰ ক্ষতিসাধন ৰোধ কৰি স্বাস্থ্যৰ উন্নতি সাধন কৰে৷

আমি দৈনিক কিমান পৰিমানত ডালিম খোৱা উচিত?

আমেৰিকাৰ কৃষি বিভাগে প্ৰকাশ কৰা পত্ৰিকাৰ মতে এজন প্ৰাপ্তবয়স্কই নিতৌ দুই পিয়লা ডালিমৰ ৰস গ্ৰহণ কৰা উচিত৷

ডালিমৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতা :

  • কাচিৎ কোনো কোনো লোকৰ ডালিম,মধুৰী,কিৱি আদি ফল খোৱাৰ পিছত পেটত গেছ হব পাৰে৷ এনে হয় ডালিম আদি ফলত থকা ফাইবাৰ পাক প্ৰণালীৰ বেক্টেৰিয়াৰ সৈতে হোৱা ক্ৰিয়াৰ ফলত৷
  • আকৌ কদাচিত কোনোজনৰ ডালিম খাই এলাৰ্জি হোৱাৰ বাবে ছালত চকলা বন্ধা,খজুৱতি,নিশ্বাসৰ কষ্ট,নাকৰ পৰা স্ৰাৱ ওলোৱা আদি হব পাৰে৷
  • পোহনীয়া কুকুৰক ডালিম নোখুৱাব৷ ডালিমত থকা টেনিন আৰু এচিডে কুকুৰৰ পাক প্ৰণালীৰ অহিত সাধিব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!