ডিটেক্টিভ পাপু দাস – পিনাক পাণি বৰুৱা

 


চকবজাৰৰ দ্বিতীয় মহলাৰ কাপোৰৰ দোকানবোৰৰ মাজৰে সৰুকৈ কোঠাটোতে পাপু বহে৷ এখন টেবুল আৰু দুখন বেঞ্চ ৰাখোঁতেই ঠাই নোহোৱা হোৱা কোঠাটো পাপুয়ে কেৱল এটা কাৰণতে ভাড়াত লৈছিল যে তাৰ সৰু অফিচটো বজাৰৰ মাজৰ ৰাষ্টাটোৰ পৰা ধুনীয়াকৈ চকুত পৰে৷ দিনটোত অজস্ৰ মানুহৰ আহ-যাহ ঘটে ৰাষ্টাটোত, সেই অজস্ৰ মানুহৰ মাজৰ পৰা বেছি নহ’লেও চাৰি-পাঁচজন মানুহৰটো প্ৰয়োজন হ’ব এজন ডিটেক্টিভৰ৷ নিতৌ কত অপৰাধৰ ঘটনা পোহৰলৈ আহি থাকে, তাৰ আঁৰত থকা অপৰাধীবোৰৰ মাজৰ পৰা পুলিচেনো কেইটা ধৰিবলৈ সক্ষম হয়? তদুপৰি তেজপুৰৰ সৰু চহৰখনত এটাও প্ৰাইভেট ডিটেক্টিভ নাই যি পুলিচৰ বিকল্পৰূপে ৰাইজক সহায় কৰিব পাৰে৷
এনেধৰণৰ কথাবোৰ ভাবিয়েই পাপুয়ে আৰম্ভ কৰিছিল চোৰাংচোৱাগিৰিৰ কাম৷ সৰুৰে পৰা ৰঞ্জু হাজৰিকাৰ কিতাপৰ মাজত ডাঙৰ-দীঘল হোৱা পাপুৰ অন্য কোনো কামৰ প্ৰতিয়ে মোহ নাছিল৷ বি এচ চি ডিগ্ৰীটো লোৱাৰ পিছতে সি থিৰাং কৰি লৈছিল যে জীৱনটো অন্য কোনেও সমাধান কৰিব নোৱাৰা ঘটনাৰ অনুসন্ধান কৰি ফুৰিব বুলি৷ অৱশ্যে সোঁতৰ বিপৰীতে গৈ এনে এটা কামত সফল হোৱাটো সহজ কথা নাছিল৷ মাক, খুৰাক, লগৰ বন্ধু সকলোৰ পৰাই সি বাধা পাইছিল কামটো আৰম্ভ কৰোঁতে- ‘তই পাগল হ’লি৷’ ‘যি কৰ কৰি থাক, পিছত কিন্তু সাৱধান কৰা নাছিলোঁ বুলি নকবি’ –ইত্যাদি কথাবোৰ এখন কাণেৰে সুমুৱাই অন্যখনেদি ওলাই যাবলৈ দি সি আগুৱাই গৈছিল৷ খালী দোকানখন অফিচলৈ ৰূপান্তৰ কৰি থাকোঁতেও সি সন্মুখেৰে পাৰ হৈ যোৱা মানুহবোৰৰ উপলুঙাৰ সন্মুখীন হৈছিল৷
‘এইখন কি খুলিছে অ?’
‘কোনোবা ডিটেক্টিভৰ অফিচ’- আনজনে ঠাট্টাৰ সুৰত হাঁহি কৈছিল৷
‘ডিটেক্টিভ? কোন মক্কেল ই? ’- আনজনে বাৰুকৈয়ে আচৰিত হৈ সুধিছিল, ‘বেলেগ কাম বিচাৰি নাপালে আৰু সময় নষ্ট কৰিবলৈ৷’
আঁতৰি যোৱা মানুহ দুজনৰ সমবেত হাঁহি আহি পাপুৰ কাণত পৰিছিল যদিও সি আওকান কৰি নিজৰ কাম কৰি গৈছিল৷
কামটো অকলে কৰিব পৰাকৈ সহজ নাছিল বাবে সি নিজৰ সংগীৰূপে নিযুক্তি দিছিল ইলেকট্ৰনিক্স বস্তুৰ ভাল জ্ঞান থকা নুৰুদ্দিনক৷ টাউনৰ মাজতে নিজৰ অন্য এখন সৰু দোকান থকা নুৰুদ্দিনৰ স্কুলীয়া জ্ঞান লেখত ল’বলগীয়া নাছিল যদিও পিছলৈ ইণ্টাৰনেটৰ জৰিয়তে সি বহুখিনি জ্ঞান আহৰণ কৰিছিল ইলেকট্ৰনিক্স বস্তুৰ ওপৰত৷ দিনটো মবাইল, কেমেৰা ভাল কৰি ব্যস্ত থকা নুৰুদ্দিন আৰু পাপুৰ মাজত চুক্তি আছিল এনেধৰণৰ- নুৰুদ্দিনে গধূলিলৈকে নিজৰ দোকানত থাকি পিছৰখিনি সময় মানে ৰাতি আঠ মান বজালৈকে পাপুৰ লগত কটাব৷ মাহেকীয়া কোনো দৰমহা দিয়াৰ চিষ্টেম নাথাকিব বাবেই তেনে চুক্তি ৰাখিছিল পাপুয়ে৷ অৱশ্যে কোনো কেচ হাতলৈ আহিলে কেচটো সমাধান নোহোৱালৈকে নুৰুদ্দিনে নিজৰ দোকান বন্ধ ৰাখি পাপুৰ লগত ঘূৰিব লাগিব৷ লগতে কেচটো সমাধান কৰিবলৈ গ্ৰাহকে দিয়া মূল্যৰ ত্ৰিশ শতাংশৰ ওপৰতো নুৰুদ্দিনৰ অধিকাৰ থাকিব৷ কথা কমকৈ কোৱা সহজ-সৰল স্বভাবৰ নুৰুদ্দিনে একো প্ৰতিবাদ নকৰাকৈ মানি লৈছিল পাপুৰ চুক্তিবোৰ৷ প্ৰতিবাদ কৰাৰ প্ৰয়োজনো নাছিল অৱশ্যে, দুয়ো মিলি অতি সাংঘাতিক কেচ কিছুমান সমাধান কৰিব বুলি মনতে ভাবি সি ফূৰ্তিয়ে পাইছিল৷ আৰম্ভণিতে আবেলিতেই নিজৰ দোকান বন্ধ কৰি প্ৰয়োজনীয় সকলো ইলেকট্ৰনিক গেজেট যেনে পেন সদৃশ কেমেৰা, চাউণ্ড ৰেকৰ্ডাৰ ইত্যাদি সামগ্ৰী নিজৰ ক’লা বেগটোত ভৰাই নুৰুদ্দিন পাপুৰ কাষত উপস্থিত হৈছিলহি৷
প্ৰথম দিনাঃ
‘কেইজন আহিল পাপু দা?’
‘নাই অ’- পাপুয়ে কৈছিল, ‘আহিব ৰ’, আজি খুলিছোঁহে!’
দ্বিতীয় দিনাঃ
‘আজি কেইজন আহিল পাপু দা?’
‘নাই অ, আহিব ৰ! মানুহবোৰক গম পাবতো দে এনেকৈ ডিটেক্টিভ এজন ওলাইছে বুলি! আগতে নথকা বস্তু এটা ইমান ফটককৈ পপুলাৰ হৈ নাযায় নহয়!’
এক সপ্তাহ পাছতঃ
‘কিবা ভাল খবৰ?’
‘নাই৷’- পাপুৱে কৈছিল, ‘অলপমান পাব্লিচিটি কৰিব লাগিব বুজিছ! আজি লিফ্লেট কিছুমান বনাব দি থৈ আহিছোঁ যিবোৰ কাইলৈ বাতৰি কাকতৰ মাজত সোমাই ৰাইজৰ মাজ পাবগৈ৷ তেতিয়া চাবি কেনেকুৱা লাইন লাগিব মানুহৰ৷
এক মাহ পাছতঃ
নুৰুদ্দিনে আৰু একো নোসোধা হ’ল৷ তাৰ পাপুৰ অফিচলৈ অহাৰ সময়ো পিছুৱাই আবেলিৰ পৰা গধূলি পালেগৈ৷ আনহাতে পাপুৱেও আজিকালি দুৱাৰৰ দিশত মুখ কৰি নবহা হ’ল৷ মন-চন মাৰি সি চিডনি শেলডন নহ’লে আগাথা খ্ৰিষ্টীৰ উপন্যাস এখন হাতত লৈ বহি থাকিছিল৷ এফালে জমা টকা ভাঙি কোঠাটো ভাড়া লোৱাৰ বাবে মাকৰ দৈনিক গালি আৰু আনফালে সপোন ভাঙি বাস্তৱৰ নিষ্ঠুৰ আঁচোৰ৷ হতাশ হৈ পৰা পাপুৱে ভাবি পোৱা নাছিল ভবিষ্যতৰ বিকল্প৷ সি সদায় বিশ্বাস কৰিছিল যে মানুহে মনৰ গভীৰতাৰ পৰা কিবা এটা বিচাৰিলে দেৰিকৈ হ’লেও সেই বস্তুটো আহি সন্মুখত থিয় হয়হি৷ অফিচ খোলাৰ মাহ বাগৰি যোৱাৰ পাছত আজি তাৰ সেই বিশ্বাস দুৰ্বল হৈ পৰিছিল৷


৩১ জুলাই, অৰ্থাৎ অফিচ খোলাৰ তিনিমাহ বাৰ দিন পিছৰ কথা৷ কাৰেণ্টটো নথকাৰ বাবে বিচনীখনকে জোকাৰি পাপু দুপৰীয়া বহি আছিল৷ কাষৰ দোকানীকেইজন ভাত খাবলৈ যোৱাৰ বাবে আশে-পাশে সকলো দোকান বন্ধ৷ ঠিক তেনেতে এজন চিন্তিত যেন লগা মানুহ অফিচৰ সন্মুখত থিয় হৈছিলহি৷ হালধীয়া ৰঙৰ ওপৰত ৰঙা ৰঙৰ আখৰেৰে ‘ডিটেক্টিভ পাপু দাস’-বুলি লিখা বেনাৰখন ৰ লাগি চাই থকা যুৱকজনক দেখি পাপুৱে কৈছিল, ‘দৰ্জীবোৰ ভাত খাবলৈ গৈছে, আধাঘণ্টামান পাছতহে আহি খুলিব৷’
এনে সময়ত প্ৰায়ে দৰ্জীবোৰক নিজে স্থানত নাপাই মানুহে পাপুৰ ওচৰতে ‘দোকানীবোৰ ক’লৈ গ’ল?’ ধৰণৰ প্ৰশ্ন কৰেহি৷ আজিও সেয়ে ধোৱা বৰণৰ পোচাক পৰিহিত মানুহজনক দেখি পাপুৱে পূৰ্বানুমান কৰি লৈছিল৷ পিছে, ‘নাই মই আচলতে ডিটেক্টিভ পাপুক বিচাৰিহে আহিছিলোঁ৷’ বুলি শুনিয়েই পাপুৱে বেঞ্চত উঠাই থোৱা ভৰিকেইখন তীব্ৰগতিত মাটিলৈ নমাই আনিল৷ ডিটেক্টিভ পাপুক বিচাৰি অহা প্ৰথম মানুহজন তাৰ বাবে সাক্ষাৎ ভগৱানৰ অবতাৰ যেনেই আছিল৷ সি মানুহজনক বেঞ্চখনতে বহিব দিলে,
‘কওকচোন মই কেনেকৈ সহায় কৰিব পাৰোঁ৷’
‘আপুনিয়ে নেকি পাপু দাস?’
‘হয়’- পাপুয়ে কৰমৰ্দন কৰি মানুহজনক তেওঁৰ সমস্যাৰ বিষয়ে ক’বলৈ অনুৰোধ কৰিলে৷
‘মোৰ নাম কংকন সেনাপতি৷ প্ৰাইভেট স্কুল এখনত মেথেমেটিক্স পঢ়াওঁ, লগতে দুটামান প্ৰাইভেট টিউচনো কৰোঁ য’ৰ পৰা মোৰ মাহৰ খৰচটো ওলায়৷ অলপ ইণ্ট্ৰভাৰ্ট টাইপৰ বাবে মোৰ বন্ধু-বান্ধৱৰ সংখ্যা বহুতেই কম৷ সেয়ে কেতিয়াবা বৰ অকলশৰীয়া যেন অনুভবো হয়৷ মা-দেউতাও সৰুতেই ঢুকাইছিল বাবে মোৰ আত্মীয় বুলিবলৈও কেৱল মাত্ৰ খুৰা এজনেই আছে৷’
‘আচ্ছা’
‘ আবেলি সময়ত মই প্ৰায়ে ঔগুৰি পাহাৰৰ ওপৰৰ ৰক্ গাৰ্ডেনত গৈ বহি থাকোঁগৈ৷ ওখ ওখ পাহাৰবোৰৰ মাজত নিজকে লুকুৱাই মোৰ কিবা এটা ভাল লাগে৷ তাৰ পৰা দেখা পোৱা তেজপুৰ চহৰৰ সৰু সৰু যেন লগা ঘৰবোৰ চাই থাকিও ভাল লাগে৷ বাৰিষা অনিয়ন্ত্ৰিত হৈ পৰা ব্ৰহ্মপুত্ৰখনেও মন শাঁত পেলায়৷ তেনেদৰেই এদিন শিল এটাৰ গাত ভেঁজা দি বহি থাকোঁতে মোৰ চকু পৰিছিল তাইৰ ওপৰত৷ আনৰ পৰা আঁৰ হৈ তায়ো মোৰ দৰে অন্য এটাৰ শিলৰ কাষত বহি আছিল৷ সৰু মাৰি এডাল লৈ শিলৰ তলৰ মাটি খুচৰি থকা ছোৱালীজনীৰ মুখত যে কোনো চিন্তাৰ ভাৱ আছিল সেইটো নিশ্চিত৷ মোৰ চকুত চকু পৰাৰ লগে লগে মই বেলেগ দিশলৈ চাই থকাৰ অভিনয় কৰিছিলোঁ, পিছে তাইৰ দৃষ্টি মোৰ পৰা আঁতৰি যোৱা নাছিল৷ অলপ পৰ পিছতে মই পুনৰ তাইৰ দিশত চাওঁতে মোৰ চকুলৈকে চাই থকা দেখা পালোঁ৷ অলপ লাজ লাগিছিল ধুনীয়া ছোৱালীজনীৰ দৃষ্টি বান্ধোনত নিজকে বন্দী অনুভব কৰি৷ পিছ মুহূৰ্ত্ততে তাই মোৰ কাষলৈ উঠি আহিছিল,
‘আপোনাক প্ৰায়ে ইয়াত অকলশৰে দেখা পাওঁ৷’
‘তোমাক দেখা নাই কিন্তু আগে, তুমিও প্ৰায়ে আহা নেকি? ’- মোৰ কাষতে আহি বহি লোৱা তাইক মই সুধিছিলোঁ৷
‘অ’, মানুহৰ পৰা সাধাৰণতে লুকাই থাকোঁ বাবেই চাগে’ চকুত পৰা নাই! অকলশৰে আহিয়েই বহি থাকোঁ কোনো শিল এটাৰ আঁৰ হৈ, আপোনাৰ দৰেই৷ আপুনি পিছে মই কাষতে আহি বহাৰ বাবে বেয়া পোৱা নাইতো?’
‘নাই নাই, বেয়ানো কিয় পাম? ’- মই লাজ লাজকৈ কৈছিলোঁ৷
তাই কোৱা মতে তাইৰ নাম আছিল বন্দনা৷ প্ৰকৃত ঘৰ যোৰহাটত যদিও চাকৰিসূত্ৰে তাই ভায়েকৰ সৈতে থাকে তেজপুৰৰ নীলাচল নামৰ এপাৰ্টমেণ্ট এটাত৷ মোৰ দৰে তায়ো পাৰিজাত নামৰ প্ৰাইভেট স্কুল এখনত সৰু সৰু ল’ৰা-ছোৱালীক পঢ়ায়৷ প্ৰথম সাক্ষাৎততে বহু দিনৰ চিনাকি যেন লগা বন্দনাক ময়ো মোৰ বিষয়ে বহুখিনি কৈছিলোঁ৷ প্ৰায় তিনিঘণ্টা সময় একেলগে কটোৱাৰ পিছত বুঢ়া চকীদাৰজনে আহি পাৰ্ক বন্ধ কৰিবৰ হ’ল বুলি কোৱাতহে আমি উঠি যাবলৈ বাধ্য হৈছিলোঁ৷
পিছদিনাও মই তাইক লগ পোৱাৰ আশাত সাজি-কাচি উপস্থিত হৈছিলোঁগৈ৷ পিছে তাই আগদিনৰ স্থানত নাছিল৷ হয়তো অহাই নাছিল, হয়তো অন্য স্থানত আছিল৷ আজিৰ দিনতনো নিজৰ লগত কোনে মবাইল নাৰাখে বাৰু, আগদিনা তাই মবাইল নং খোজোঁতে তেনেদৰে কোৱা কথাষাৰ মনত পৰি মোৰ খং উঠিছিল৷ পিছে বেছি পৰ মই অধৈৰ্য্য হৈ থাকিবলগীয়া নহ’ল৷ অলপ সময় বিচৰাৰ পাছতেই মই উদ্যানখনৰ তুলনামূলকভাবে তলফালে থকা শিল এটাৰ কাষত তাইক কিবা বিচাৰি থকা যেন অৱস্থাত দেখা পালোঁ৷
‘কিবা হেৰালে?’- মই নামি গৈ সুধিছিলোঁ৷
‘নাই নাই’- তাই মোৰ দিশত চাই হাঁহিছিল, ‘ধুনীয়া সৰু পখিলা এটা দেখিছিলোঁ, সেইটোহে বিচাৰি ফুৰিছোঁ৷’
‘মাটিতনো ক’ত পৰি থাকিব? উৰি গ’ল চাগে’৷’
‘তাকেহে, ভালদৰে চাবলৈকে নাপালোঁ৷’
আমি পুনৰ নতুন শিল এটাত ভেঁজা দি আমাৰ নতুন বন্ধুত্বৰ পাখি আৰু অলপ মেলাৰ উদ্দেশ্যেৰে বহি লৈছিলোঁ৷ সেই দিনাও চকীদাৰে আমাক উঠিবলৈ বাধ্য নকৰালৈকে আমি বহি আছিলোঁ৷ মই কৈছিলোঁ, তাই শুনিছিল৷ মই শুনিছিলোঁ, তাই কৈছিল৷ পিছদিনাও একেই হৈছিল, শিলবোৰৰ মাজত অলপ পৰ লুকা-ভাকু খেলি আমি লগ হৈছিলোঁ৷ কথা-বতৰাৰ মাজত কোন মুহূৰ্ত্তত আমাৰ হাত দুখন পৰস্পৰৰ সংস্পৰ্শলৈ আহি গৈছিল গমেই পোৱা নাছিলোঁ৷ এনেদৰেই এদিন দুদিনকৈ দুটা সপ্তাহ পাৰ হৈছিল৷ আমাৰ মাজৰ সম্পৰ্কৰ নাম বন্ধুত্ব বুলি ক’লে কমাই কোৱা হ’ব, সেই অনুভৱ মোৰো হৈছিল আৰু সম্ভৱ তাইৰো হৈছিল৷ ভাবিছিলোঁ সোনকালেই সম্পৰ্কটোক এক নতুন নাম দিয়াৰ কথা, ভাবিছিলোঁ আমাৰ মুহূৰ্ত্তবোৰ কেৱল এই শিলাময় উদ্যানতে সীমাবদ্ধ নাৰাখি বাহিৰতো লগ হোৱাৰ কথা৷ পিছে, আজি এক সপ্তাহ আগৰ কথা, আন কেইদিনাৰ দৰে মই উদ্য্যনখনৰ ভিতৰলৈ গৈয়ে তাইক বিচৰা আৰম্ভ কৰিছিলোঁ৷ তাই নাছিল৷ ভাবিছিলোঁ মোক অশান্তি দিবলৈকে তাই লুকাই আছিল বুলি৷ পিছে তাই সঁচাকৈয়ে নাছিল৷ মই গধূলিলৈকে ৰৈ থাকিলোঁ, পিছে নিৰাশা দূৰ নহ’ল৷ পিছদিনাও একেই হ’ল৷ মই গধূলিলৈকে ৰৈ থাকিও তাইৰ চেহেৰাটো দেখা নাপালোঁ৷ ভাবিলো তাইৰ গা-চা বেয়া হৈছে চাগে’ বুলি, সেয়ে খবৰ এটা ল’বলৈ মই তাই উল্লেখ কৰা ঠিকনাত গৈ ওলালোঁ৷ কিন্তু কি দেখিলোঁ জানা?’
‘কি? ’-অতপৰে নীৰব হৈ শুনি থকা পাপুয়ে সুধিলে৷
‘সেই স্থানত নীলাচল নামৰ কোনো এপাৰ্টমেণ্টেই নাছিল৷ ওচৰে-পাজৰে পাৰিজাত নামৰ কোনো স্কুলো নাছিল৷ মই গভীৰভাৱে সন্ধান কৰিলোঁ, কিন্তু তেজপুৰৰ ক’তো পাৰিজাত নামেৰে থকা স্কুল বিচাৰি নাপালোঁ৷
মই অনুভৱ কৰিলোঁ যে তাই সকলো মিছাকৈ কৈছিল৷ কিন্তু কিয়? এই এটা প্ৰশ্নই মোক এইকেইদিন শান্তি দিয়া নাই৷ মইটো তাইক একো অশান্তি কৰা নাছিলোঁ৷ তাই নিজে আহি মোক মাতিছিলহি৷ তেনেক্ষেত্ৰত নিজৰ বিষয়ে ইমানখিনি মিছা কথা কোৱাৰ কি প্ৰয়োজন আছিল৷ যি কোনো উপায়েৰে মই সেই ক সেই কথা জানিব লাগে৷ সেয়ে মই তোমাৰ কাষলৈ সহায় বিচাৰি আহিছোঁ, মোক সেই ছোৱালীজনীৰ প্ৰকৃত নাম ঠিকনা বিচাৰি দিয়া৷ এবাৰ মাত্ৰ মই লগ কৰি তাইৰ পৰা জানিব বিচাৰোঁ যে তাই কিয় এনে নাটক কৰি আছিল মোৰ লগত৷’
‘নিশ্চয়, এনেধৰণৰ সহায় কৰিবলৈকে মই ইয়াত বহি আছোঁ৷’- বুলি কৈ পাপুৱে প্ৰথমবাৰৰ বাবে তিনি মাহ পূৰ্বে কিনা নিজৰ ডায়েৰীখন খুলিছিল৷ মুখত মিচিকিয়া হাঁহি আছিল যদিও তাৰ মনত ক্ষোভ৷ ক’ত মাৰ্ডাৰ, কিডনেপিঙৰ ৰহস্য উদঘাটন কৰাৰ সপোন দেখি আছিল আৰু ক’ত এতিয়া কংকন সেনাপতিৰ মিছলীয়া গাৰ্লফ্ৰেণ্ড৷ পিছে যি হ’লেও প্ৰথম কেচ যেতিয়া সি সম্পূৰ্ণ চেষ্টা কৰিব সেনাপতিৰ গাৰ্লফ্ৰেণ্ডক বিচৰাত৷
‘গাৰ্ডেনখনৰ চকীদাৰজনক সুধি চাইছিলেনে? কিজানি তেওঁ জানেই তাই ক’ৰ পৰা আহে বা কোনে থৈ যায়হি৷’
‘তাৰ নাম নল’বা৷ মহা বদমাছ সি৷’- সেনাপতিয়ে খঙত কৈছিল, ‘তাৰ মতে সি দেখাই নাই হেনো মোৰ লগত কোনো ছোৱালীক৷ ইফালে সদায় গধূলি সিয়ে আহি আমাক গাৰ্ডেন বন্ধ কৰিবৰ হ’ল বুলি কৈছিলহি৷’
‘কি?’- পাপু আচৰিত হৈছিল, ‘সেইটো কেনেকুৱা কথা, সিও কিয় মিছা ক’ব?’
‘আই ডণ্ট ন’৷ ময়ো সেই কথাকে ভাবি থাকি অন্য একো কামতে মন বহাব পৰা নাই৷’
‘আপুনি চিন্তা কৰি নাথাকিব৷ সোনকালেই উত্তৰবোৰ আনি আপোনাক গতামহি, আপোনাৰ চিন্তা এতিয়া মোৰো চিন্তা৷ পিছে অনুসন্ধান সুকলমে চলাই নিবলৈ আপোনাৰ ফ’ন নং, ঠিকনা, এখন ফটো আৰু অলপমান টকা এডভান্স হিচাপে দি গ’লে ভাল হ’ব৷’
‘নিশ্চয়’- বুলি কৈ সেনাপতিয়ে পাৰ্চটো উলিয়ালে৷
‘বন্দনাৰ কোনো ফটো বা তাই দিয়া কোনো বস্তু আছে নেকি লগত?’
‘নাই৷’- টকা পাঁচহাজাৰ আগবঢ়াই সেনাপতিয়ে কৈছিল৷

‘৩’
বিড়িৰ ধোঁৱা উৰুৱাই বহি থকা বুঢ়া চকীদাৰজনৰ কাষত পাপুয়ে জেপৰ পৰা ফটোখন উলিয়ালে৷
‘গৰম কেনে পাইছে খুৰা?’
‘এহঃ একদম জ্বলা-কলা খুৱাই দিছে৷’- বুলি কৈ চকীদাৰজনে টিকটৰ বহীখন উলিয়ালে, ‘এটা?’
‘নাই নাই, মই গাৰ্ডেনৰ ভিতৰত সোমাবলৈ অহা নাই৷’- বুলি কৈ পাপু মানুহজনৰ কাষত বহি লৈছিল৷
‘চিনি পাইনেকি?’
ফটোখন দেখা পায়ে বুঢ়াৰ মুখ গহীন হৈ পৰিছিল৷
‘পাওঁ, ইয়ালৈ প্ৰায়ে আহে৷’- বিড়িটোত জোৰকৈ টান এটা মাৰি কৈছিল, ‘অলপ মান ঢিলা আছে মানুহটোৰ মগজটো৷’
‘ঢিলা? কিয়?’
‘বেয়া নাপাব, আপোনাৰ বন্ধু যদি৷ পিছে সঁচা কথাটো সেইটোৱে৷’- বুলি কৈ বুঢ়াই বিড়িটো পেলালে, ‘কোনোবা ছোৱালী এজনীক বিচাৰি আহিছিল কেইদিনমান আগতে৷ সি একেলগে বহে হেনো ভিতৰত, পিছে মইতো তাক সদায় অকলেই দেখি আহিছোঁ৷ সেই কথাটোকে তাক বুজাব খোজোঁতে সি ওলোটাই মোৰ ওপৰতহে খং কৰিছিল৷ মই হেনো মিছা কৈছোঁ৷ সদায় গধূলি হেনো মই সিহঁতক মাতোঁ, পিছে মইটো অকল তাকহে যাবলৈ কওঁ৷’
‘আপুনি তাৰমানে ক’ব বিচাৰিছে যে বাস্তবত তেনে কোনো ছোৱালী নাইয়ে?’- মূৰ খজুৱাই খজুৱাই পাপুয়ে সুধিছিল৷
‘অ টো’- বুঢ়াই কৈছিল, ‘ নহ’লে কি মোৰ চকু বেয়া?’
পাপুয়ে কিছুপৰ ভাবিছিল আৰু প্ৰথম গাৰ্ডেনৰ ভিতৰত নোসোমাওঁ বুলি ভবা সিদ্ধান্ত পৰিহাৰ কৰি সি বিশ টকা দি টিকট এটা কিনিছিল৷
সম্ভাবনা কেইবাটাও, হয় বুঢ়াই মিছা কৈছে নহয় সেনাপতিয়ে। কিন্তু সেনাপতিয়ে নিজে অফিচলৈ আহি পইচা-পাতি দি মিছা কোৱাৰ আঁৰত কোনো যুক্তি নাই৷ অৱশ্যে যুক্তিটো বুঢ়াই মিছা কোৱাৰ আঁৰতো থাকিব নালাগে৷ তেন্তে কি সেনাপতি পাগল নেকি? কথা-বতৰাৰ পৰাটো সমূলি তেনে অনুভব নহ’ল৷ এতিয়া পিছে কি কৰা যায়? – পাপুৱে প্ৰায় আধাঘণ্টা সময় এনেবোৰ প্ৰশ্নকে মনত পাগুলি অৱশেষত বাহিৰলৈ ওলাই আহিল৷
উদ্যানৰ পৰা ওলাই আহিয়ে পাপুৱে বন্দনাই সেনাপতিক কোৱা তাইৰ ঠিকনালৈ ধাৱমান হৈছিল৷ পিছে ঠিক সেনাপতিয়ে কোৱাৰ দৰেই সেই স্থানত কোনো নীলাচল নামৰ এপাৰ্টমেণ্ট নাছিল৷ অৰ্থাৎ বন্দনা বা যিয়েই তাইৰ নাম নহওক, এজনী মিছলীয়া ছোৱালী আছিল৷ কিন্তু কিয়? কিয় তাই নিজে আগুৱাই আহি সেনাপতিক মাতি নিজৰ বিষয়ে মিছা কৈছিল? কোনোবা ল’ৰাই অশান্তি কৰিব বুলি ভাবি ছোৱালী এজনীয়ে নিজৰ পৰিচয় ভুলকৈ কোৱাটো এক সম্পূৰ্ণ বিপৰীত কথা৷ নে সেনাপতিয়ে নিজে আগুৱাই গৈ তাইক মাতিছিল আৰু পিছত লাজতে কথাটো সলাই দিছিল? হ’ব পাৰে-ভাবি ভাবি ঘামি উঠিছিল পাপু৷ এজনী ছোৱালী যাৰ কোনো নাম নাই, যাৰ কোনো চেহেৰা নাই, এক কথাত ক’বলৈ গ’লে এজনী অস্তিত্বহীন ছোৱালীক এতিয়া সি বিচাৰি উলিয়ায় কেনেকৈ?
তথ্য আৰু লাগিব, সৰু কিবা হ’লেও ছোৱালীজনীৰ লগত জড়িত কোনো বস্তু পালে সহায় হ’লহেঁতেন!- এই ভাবিয়ে পাপুৱে তাৰ বাইক পুনৰ সেনাপতিৰ ঘৰৰ দিশত ঘুৰালে৷

‘৪’
সেনাপতিয়ে ফ’ন ৰিচিভ কৰা নাছিল, ঘৰৰ সন্মুখৰ দুৱাৰত এটা প্ৰকাণ্ড তলা ওলমি আছিল৷ সেনাপতিৰ ঘৰৰ সন্মুখতে কিছু পৰ পাপু থিয় হৈ আছিল। তেনেতে-
‘কিবা দৰকাৰ আছিল?’- কাষৰ ঘৰৰ বুঢ়া মানুহজনে জেওৰাখনৰ কাষ চাপি আহি পাপুক সুধিছিল৷
‘হয়, কংকন সেনাপতিক বিচাৰি আহিছিলোঁ৷ তেখেতৰ ঘৰ এইটোৱে নহয় জানো?’
‘হয়৷ পিছে সি নাই, ৰাতিপুৱাই ওলাই যোৱা৷’- মানুহজন কৈ কৈ জেওৰাখনৰ কাষেৰে খোজ কাঢ়ি আৰু অলপ কাষ চাপি আহিছিল, ‘কিবা গুৰুত্বপূৰ্ণ কথা আছে যদি মোকো কৈ যাব পাৰা, মই তাৰ খুৰাকেই হওঁ৷’
সাধাৰণতে কোনো কেচ সম্পৰ্কীয় কথা গ্ৰাহকৰ বাদে তেওঁৰ আশে-পাশে থকা অন্য মানুহৰ লগত আলোচনা কৰা উচিত নহয় বুলি পাপুৱে জানে যদিও এই ক্ষেত্ৰত সি এক ব্যতিক্ৰম কৰাৰ কথা ভাবিছিল৷ তাৰ প্ৰধান কাৰণ আছিল ৰক গাৰ্ডেনৰ চকীদাৰজনে সেনাপতিৰ সম্পৰ্কত কোৱা কথাটো৷ সি জানিব বিচাৰিছিল সেনাপতিৰ মানসিক স্থিতিৰ বিষয়ে, বুঢ়া মানুহজনে কোৱাৰ দৰে সঁচাকৈয়ে যদি বন্দনা সেনাপতিৰ কল্পনা মাথোঁ!
পাপুৱে সেনাপতিৰ খুৰাকৰ ঘৰৰ বাৰাণ্ডাৰ চকীখনতে বহি কৈ গ’ল বন্দনাৰ কথা, কৈছিল কেইঘণ্টামান আগেয়ে চকীদাৰজনে কোৱা কথাকেইটাও৷ কথাবোৰ কৈ উঠি পাপুৱে লক্ষ্য কৰিছিল যে খুৰাকৰ চকুহাল সেমেকি উঠিছিল৷ তেওঁ সেনাপতি থকা ঘৰটোৰ দিশত চাই কৈছিল,
‘দাদা-বৌ ইয়াতে আছিল৷ কংকন তেতিয়া নিচেই সৰু যেতিয়া দাদা আৰু বৌৰ অগা-পিছাকৈ মৃত্যু হৈছিল৷ স্কুললৈ যাবলৈ মাত্ৰ আৰম্ভ কৰা ল’ৰাটোক ময়ে আনি ডাঙৰ দীঘল কৰিলোঁ৷’
চকুহাল মোহাৰি খুৰাকে কৈ গৈছিল, ‘ইমান সহজ নাছিল, সৰুতেই মাক-দেউতাকৰ মৰা শ দেখা ল’ৰাটোৰ মনৰ ওপৰত পৰা প্ৰভাব আছিল গুৰুতৰ৷ স্কুলৰ পৰা আহি সি প্ৰায়ে তাৰ বন্ধু অসীমৰ কথা আমাৰ আগত কৈছিলহি, সি কৈছিল যে গোটেই স্কুলখনত তাৰ অকল অসীমকেই ভাল লাগে৷ ক্লাচত সি আৰু অসীম একেলগে বহে এখন বেঞ্চত, ব্ৰেক টাইমত টিফিনো একেলগেই খায়৷ অমি ভাল পাইছিলোঁ সি নিজৰ বাবে ভাল বন্ধু এজন পাইছে বুলি ভাবি৷
এদিন শনিবাৰ এটাত সিহঁতৰ স্কুলত অভিভাবকৰ মিটিং আছিল, য’লৈ যাওঁতে মই অসীম নামৰ ল’ৰাজনৰ অভিভাবকক লগ পাব বিচাৰিছিলোঁ৷ পিছ স্কুল কৰ্তৃপক্ষৰ ওচৰত অনুসন্ধান কৰোঁতে কি গম পালো জানা?’
‘কংকনৰ ক্লাচত অসীম নামৰ কোনো ল’ৰা নাছিলেই?’
‘একজেক্টলি৷ সিহঁতক পঢ়োৱা শিক্ষক এজনে কোৱা মতে কংকন সদায় অকলেই বহিছিল শ্ৰেণীকোঠাত আৰু অন্য অন্য কাৰো সৈতে কথা-বতৰা নাপাতিছিল৷ মই বাৰুকৈয়ে চিন্তিত হৈ পৰিছিলোঁ আৰু পলম নকৰি কংকনক গুৱাহাটীৰ ভাল মানোৰোগৰ চিকিৎসক এজনৰ কাষলৈ লৈ গৈছিলোঁ৷ পৰীক্ষা-নিৰীক্ষা কৰি তেওঁ কৈছিল যে কংকন স্কিজ’ফ্ৰেনিয়া (Schizophrenia) নামৰ মানসিক ৰোগত আক্ৰান্ত, য’ত ৰোগীয়ে সম্পূৰ্ণ অস্তীত্বহীন এক চৰিত্ৰকো বাস্তৱত নিজৰ বন্ধু বা বান্ধৱী বুলি কল্পনা কৰি লয়৷’
‘ঠিক কেনেকৈ হৈছিল পিছত? ’- পাপুয়ে কৌতূহলপূৰ্ণভাৱে সুধিছিল৷
‘বহুত কষ্ট কৰিবলগীয়া হৈছিল৷ ডাক্তৰ নাথে দিয়া দৰৱবোৰেও সহায় কৰিছিল, সহায় কৰিছিল কংকনৰ ৰোগৰ বিষয়ে গম পোৱা স্কুলৰ শিক্ষকসকলেও৷ তেওঁলোকে তেতিয়াৰ পৰা কোনোদিনে কংকনক অকলশৰীয়া হৈ থাকিব দিয়া নাছিল৷ স্কুলৰ পৰা ঘৰলৈ অহাৰ পিছতো মই বহুখিনি সময় তাৰ লগত কটাইছিলোঁ, সি ভাল পোৱা কামবোৰ কৰিব দিছিলোঁ, নতুন নতুন স্থানলৈ ফুৰাবলৈ লৈ গৈছিলোঁ৷ এনেবোৰ প্ৰচেষ্টাৰ ফলতে কংকনৰ জীৱনৰ পৰা অসীম লাহে লাহে নোহোৱা হৈছিল৷ সি সম্পূৰ্ণ সুস্থ হৈ এক সাধাৰণ জীৱন অতিবাহিত কৰিবলৈ লৈছিল৷ কিন্তু আজি অত বছৰৰ মূৰত তোমাৰ কথাবোৰ শুনি সেই একে ভয় আকৌ এবাৰ অনুভব হ’ল৷ সি নিশ্চয় পুনৰ অকলশৰীয়া অনুভব কৰিবলৈ আৰম্ভ কৰিছে৷ ভুলটো মোৰে, মই তাক নিজৰ পুৰণা ঘৰটোত বেলেগকৈ থাকিবলৈ যাবলৈ দিবয়ে নালাগিছিল৷’- বুলি কৈ কংকনৰ খুৰাকে নিজৰ সেমেকি পৰা চকুহাল মোহাৰিছিল৷
আনহাতে কংকনৰ ৰোগটোৰ বিষয়ে জানি পাপুৰ মনো হতাশাৰে ভৰি পৰিছিল৷ সি এতিয়া কি দৰে তাক বুজাব যে তাৰ বাবে বন্দনাক বিচৰাটো সম্ভবেই নহয়৷

‘৫’
গধূলি পাপুৰ অফিচলৈ অহা নুৰুদ্দিনে পাপুৰ মুখৰ পৰা দিনটোৰ ঘটনাবোৰৰ বিষয়ে শুনি মূৰে-কপালে হাত দিলে,
‘হাই আল্লা! ইমান দিনৰ মূৰত এটা কেচ আহিছিল তাৰো পৰিণতি এনেকুৱাহে দেখুৱালা৷’-বুলি কৈ সি মন মাৰি থকা পাপুৰ কান্ধত হাত থৈছিল,
‘একো নাই পাপু দা, নিৰাশ হৈ লাভ নাই৷ কেচ আৰু আহিব, আল্লাই মাত্ৰ ধৈৰ্য্য পৰীক্ষা হে লৈ চাইছে আমাৰ৷’
‘এহঃ, কেচ নাইকিয়া হোৱাৰ চিন্তা কৰি থকা নাই অ’৷ ’- পাপুৱে কৈছিল, ‘সেনাপতিয়ে ফ’ন কৰিছিল, আহি আছে৷ মানুহটোক এতিয়া মই কি দৰে বুজাওঁ তাৰ চিন্তাটোহে কৰি আছোঁ৷’
‘সঁচা কথাটো তেওঁ হজম নকৰিব৷ মিছাকৈয়ে কৈ থ’ব দিয়ক, ক’ব সন্ধান চলি আছে বুলি৷’
‘নাই নাই, তেনে কৰিলে পাঁচ হাজাৰ টকাটো এনেই লোৱা হ’ব৷ সঁচা কথাটো ক’বয়ে লাগিব, লাগিলে প্ৰতিক্ৰিয়া যিয়ে নহওক’৷
অলপ পিছতে সেনাপতি আহিল৷ পাপুয়ে গোটেইখিনি কথা সঁচাসচিকৈ ব্যাখ্যা কৰিলে৷ পাপুৰ কথা সম্পূৰ্ণ নৌহওতেই তাক সেনাপতিয়ে ৰখাই দিছিল৷ মুখত খঙৰ ভাৱ ষ্পষ্ট আছিল,
‘তুমি কি ভাবি ডিটেক্টিভৰ কাম হাতত ল’লা, হয়নে? ঘৰত বহা নহ’লে অন্য কিবা কাম কৰা বুজিছা৷’-খঙত ভোৰভোৰাই উঠিছিল সেনাপতিয়ে, ‘প্ৰথম কথা হ’ল যে মোৰ তেনে এক বেমাৰ আছিল য’ৰ পৰা মই সম্পূৰ্ণৰূপে সুস্থ হৈ উঠি আহিছিলোঁ৷ গতিকে বন্দনা বা যিয়ে তাইৰ নাম নহওক, ১০০%-য়েই এজনী বাস্তৱিক ছোৱালী৷ মই কল্পনা কৰি তাইক সৃষ্টি কৰাহেঁতেন এতিয়াও কল্পনা কৰি থাকিব পাৰিলোঁহেঁতেন! কল্পনাই আছিল যদি হঠাৎ সেই কল্পনানো নোহোৱা কেনেকৈ হৈ গ’ল?
দ্বিতীয়তে, তুমি নাভাবিবা যে মই তাইক হেৰুৱাই বহুত কিবা মনৰ দুখত ভুগি আছোঁ বা তাইক নিজৰ প্ৰেয়সী বনাবলৈ বিচাৰি ফুৰিছোঁ৷ তেনেকুৱা মিছলীয়া ছোৱালী এজনীৰ প্ৰতি মোৰো মনত আৰু কোনো ভাল ভাৱ নাই, ভালেই হ’ল আমাৰ সম্পৰ্কটো অধিক গভীৰতালৈ যোৱাৰ পূৰ্বেই তাই আঁতৰি গ’ল৷ পিছে তাই মিছা কিয় কৈছিল? কিহৰ বাবে এই প্ৰবঞ্চনা? সেই কথাটোৱেহে মোক শান্তি দিয়া নাই৷ জানিব লাগে মোক৷ তুমি নোৱাৰিলে মই নিজেই বিচাৰি উলিয়াম এই প্ৰশ্নৰ উত্তৰ৷’
পাপুৱে ঘূৰাই দিয়া টকাখিনি হাতত লৈ সেনাপতি ওলাই গুচি গৈছিল৷ পাপুৱে কি ক’ব ভাবি নাপাই চাই ৰৈছিল,
‘মই কৈছিলো নহয় আপোনাক কথাখিনি হজম কৰিব নোৱাৰিব বুলি৷’-নুৰুদ্দিনে কৈছিল৷
হুমুনিয়াহ কাঢ়িছিল পাপুৱে উত্তৰত, ‘কিন্তু কিয় জানো মোৰ বিশ্বাস কৰিবলৈ বৰ মন গৈছে কথাখিনিত৷ সি যে সুধি গ’ল কল্পনা কৰি থকা হ’লে হঠাৎ নোহোৱা কেনেকৈ হৈ গ’ল বুলি, সেইটো জানো ভাবিবলগীয়া কথা নহয়৷’
‘আপুনি অলপ বেছিকৈয়ে ভাবিছে নেকি পাপু দা৷ তাৰ মানসিক স্থিতিটো ঠিক নহয় যেতিয়া যিটি হ’ব পাৰে৷ এনেয়ো মানুহৰ মনটো বহুত এটা জটিল বস্তু, আমি নজনাকৈয়ে বহুত কিবাকিবি হৈ থাকে৷ কিজানি তাৰ কাল্পনিক গাৰ্লফ্ৰেণ্ডজনীৰ লগত সময় কটাই আমনি লগা হৈছিল আৰু সেয়ে সি নজনাকৈয়ে ছোৱালীজনী নোহোৱা হৈ গৈছিল৷ কিজানি এতিয়া তাৰ মনটোৱে তাৰ জীৱনটোলৈ অলপ এক্সাইটমেণ্ট অহাটো বিচাৰিছে যাৰ বাবে সি এনেকুৱা এক মিছা ৰহস্যৰ সৃষ্টি কৰি অনুসন্ধান কৰি থাকিব বিচাৰিছে৷’
‘হ’ব পাৰে৷’- বুলি কৈ পাপুয়ে কিছু পৰ নুৰুদ্দিনৰ মুখলৈ চাই ৰৈছিল, ‘তোৰ কিতাপৰ জ্ঞান কম যদিও দ কৈ চিন্তা কৰিব পাৰদেই!’
‘কিতাপে মানুহক টেঙৰ নকৰেতো পাপু দা৷’-নুৰুদ্দিনে চকু পকাই কৈছিল৷
০০০০
তাৰ পিছৰ দুটা দিন পাপুৱে অফিচৰ দুৱাৰ খোলাৰ পৰা বিৰত আছিল৷ সকলোৱে ভাবিছিল সি নিৰাশ হৈ কামটো লাহে লাহে বাদ দিয়া আৰম্ভ কৰিছে বুলি, পিছে আচল কাৰণটো হ’ল যে তাৰ ঘৰৰ বাৰীত অলপ কাম আছিল৷ দ্বিতীয় দিনা তামোল গছ কেইজোপাৰ তলত কোৰ মাৰি গাত খান্দি থাকোঁতেই পিছফালৰ চাংখনত থৈ অহা ফ’নটো বাজি উঠিছিল৷ সময় তেতিয়া আছিল দুপৰীয়াৰ এঘাৰটা, জেমচ্ বন্দৰ থীম চং হিচাপে ৰখা ৰিংট’নটো নিমাত কৰি পাপুয়ে উত্তৰ দিলে,
‘হেল্ল’!’
‘পাপু দা, ক’ত আছে মানুহটো?’- নুৰুদ্দিনৰ মাত, মাতত আছিল অতিশয় উত্তেজনাৰ চাপ৷
‘ঘৰত, কিয়? কি হ’ল?’
‘আপুনি বিশ্বাস নকৰিব মই কি দেখা পালোঁ আজি৷’-নুৰুদ্দিনে কৈ গৈছিল, ‘মই ৱাটচ্আপত লকেচন এটা পঠাইছোঁ। চাওক আৰু সব কাম এৰি গুচি আহক ইয়ালৈ এতিয়াই৷ কৈছোঁ নহয়, পাগল হৈ যাব মই যি দেখি আছোঁ সেই বস্তু দেখিলেহি৷’
পাপুৱে কোৰ বাৰীতে এৰি, মুখ-হাত ধুই বাইক দৌৰাই কিছুপৰৰ পাছতে নুৰুদ্দিনৰ কাষত উপস্থিত হ’লহি৷ তেজপুৰ চহৰৰ পৰা মাত্ৰ দুই কিল’মিটাৰমান আঁতৰত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক চিকিৎসালয়ৰ কাষত থকা পুলিচ ৰিচাৰ্ভটো পাৰ হৈয়ে সি থিয় হৈ আছিল৷
‘কি হ’ল? কি দেখিলি?’
‘সন্মুখত চাওক৷’
একেশাৰীতে থকা কেইখনমান দোকানৰ আগত অচিনাকি কেইজনমান মানুহ, তাত আচৰিত হ’বলগীয়া একো দেখা নাছিল পাপুৱে,
‘তই পাগল হৈছ’৷ হস্পিতাল ওচৰতে আছে দেখাই আনো ব’ল৷’
‘আৰে নাই হোৱা মই পাগল, আপুনি ভালদৰে চাওক৷’
পাপুৱে পুনৰ চাইছিল। মানুহবোৰৰ পৰা দৃষ্টি আঁতৰাই দোকানবোৰ পুনৰ ভালদৰে চাওঁতেই তাৰ চকু ডাঙৰ হৈ পৰিছিল,
‘অহ গড!’- প্ৰায় পাঁচ মিনিটমান সময় সি একেথৰে দোকান কেইখনৰ দিশত চাই আছিল, ‘ই সম্ভব কেনেকৈ?’
‘ক’ইন্সিডেন্সটো হ’ব নোৱাৰে৷’- নুৰুদ্দিনে নিশ্চয়তাৰ সুৰ সানি কৈছিল৷
‘ইমানকেইটা একেলগে?’- পাপুৱে পিছফালে ঘূৰি চাই কৈছিল, ‘ভাত, মাছ-মাংস, ৰুটি পোৱা বন্দনা হোটেলৰ পৰা আহিল নামটো৷ পাৰিজাত লন্দ্ৰী হ’লগৈ পাৰিজাত স্কুল আৰু নীলাচল ট্ৰেভেলচ হ’লগৈ নীলাচল এপাৰ্টমেণ্ট।’
‘আৰু নীলাচল ট্ৰেভেলচৰ বাহিৰত ওলমাই থোৱা বৰ্ডখনৰ প্ৰথম নামটো হ’ল যোৰহাট৷ বন্দনাৰ প্ৰকৃত ঘৰ বুলি কোৱা স্থানডোখৰ৷’
পাপুয়ে অতি মনোযোগেৰে চাইছিল স্থানডোখৰ, আগফালে পিছফালে চাই সেনাপতিয়ে কোৱা কথাখিনিৰ সৈতে এই দোকান তথা হোটেলৰ নামকেইটাৰ সম্পৰ্ক উলিয়াব বিচাৰিছিল৷
‘তই পিছে কেনেকৈ ওলালিহি ইয়াত?’- পাপুয়ে সুধিছিল৷
‘মই মাই থানৰ ওচৰৰ মানুহ এঘৰত টি ভি ভাল কৰিব আহিছিলোঁ৷ উভতি আহি ইয়াতে ৰৈছিলোঁ চিগাৰেট এটা খাবলৈ, দোকানকেইখনৰ দিশত খাই খাই চাই থাকোঁতেই নামবোৰ কিবা চিনাকি চিনাকি যেন লাগিল৷’- নুৰুদ্দিনে কৈছিল, ‘পিছে আপুনি কি ভাবে? কেনেকৈ এইকেইটা নাম সেনাপতিয়ে কোৱা কাহিনীটোত সোমালেগৈ৷’
‘যিজনেই সেইখিনি কথা সাজি কৈছিল সেইজনৰ এই স্থানৰ লগত নিশ্চয় কোনো সম্পৰ্ক আছে৷ দোকানকেইখনৰ নামকেইটা মনত ৰৈ যোৱাকৈ উপযুক্ত সময় তেওঁ এই স্থানত কটাইছে।’
‘যাৰ বাবে সেনাপতিক বহুবাৰ হস্পিটেললৈ অনা হৈছিল চাগে’?’
‘নাই নাই, সেনাপতিৰ চিকিৎসা গুৱাহাটীত হৈছিল৷’
‘তেন্তে?’
‘এই ঘৰটোত কোন থাকে?’- পিছফালে থকা ঘৰটোৰ ফালে চাই পাপুৱে সুধিছিল৷
‘নাজানো নহয়!’
‘সৌ বাৰাণ্ডাৰ চকীখনত কোন বহে মোক জানিব লাগে৷’ বুলি কৈ পাপু দোকান কেইখনৰ ঠিক বিপৰীতে থকা ঘৰটোৰ গেটখন খুলি সোমাই গৈছিল৷
০০০০
পাপুৱে আশা কৰিছিল দুৱাৰখনৰ সিপাৰে সেনাপতিয়ে কোৱা যুৱতীগৰাকীৰ সদৃশ এক চৰিত্ৰকে দেখা পাব বুলি৷ পিছে দুৱাৰখন খোল নাখালে, এবাৰ দুবাৰ তিনিবাৰ কলিং বেল বজোৱাৰ পাছতো৷
‘নাই নেকি কোনো?’- বুলি নুৰুদ্দিনে দুৱাৰখন টানি চালে, দুৱাৰখন খোল খাই গ’ল৷ দুয়ো দুয়োৰে চকুলৈ চালে,
‘সোমাই যাই নেকি?’
‘ব’ল৷’
পিছে সম্পূৰ্ণৰূপে খালী ঘৰটো দেখি শংকা আশ্চৰ্য্যৰ ভাবলৈ সলনি হৈছিল৷
‘কোন তোমালোক?’- হাতত ঝাড়ু এটাৰ লৈ ঘৰটোৰ পিছফালৰ পৰা ওলাই অহা বুঢ়ীজনীৰ মাতত সিহঁত চক্ খাই উঠিছিল৷
‘ভাড়াঘৰ বিচাৰি আহিছানেকি?’- প্ৰথম প্ৰশ্নটোৰ উত্তৰ বিচাৰি ৰখি থকা পাপুহঁতে দ্বিতীয় প্ৰশ্নটো শুনি অলপ সকাহ পাইছিল।
‘হয় হয়, ভাড়াঘৰ বিচাৰিয়ে আহিছিলোঁ৷ খালী আছে ন’ এই ঘৰটো?’- নুৰুদ্দিনে সুধিলে৷
‘অ, আজিয়ে খালী হৈছে৷’- ঝাড়ুটাৰ থৈ মানুহজনীয়ে ক’লে, ‘পিছে মই কাম কৰা মানুহহে৷ আচল কথা পাতিবলৈ আমাৰ দাদাক লগ কৰিব লাগিব৷’
‘দাদা ক’ত থাকে?’
‘ওচৰতে থাকে৷ ইয়ালৈ অহাৰে কথা৷’
‘পিছে আগতেনো কোন আছিল ইয়াত?’
‘বাইদেউ এজনী আছিল, পিছে দুই সপ্তাহমানহে থাকিল৷ কিয় বা ইমান সোনকালে গুচি গ’ল বুজি নাপালোঁ৷ হয়তো কাকো নোকোৱাকৈ পাগলখানাত চিকিৎসা কৰাবলৈকে আহিছিল৷ ফ’নত যিহে উল্টা-পুল্টা কথা পাতি থাকিছিল৷’
‘উল্টা-পুল্টা কথা মানে?’- পাপু আৰু নুৰুদ্দিনে একে লগে সুধিছিল৷
‘এদিন ৰাতিপুৱাই ফ’নত কৈ থকা শুনিলোঁ এইবুলি যে গুটিবোৰ সিঁচা হৈ গৈছে, ফুলবোৰ পখিলা পৰিলেহিয়েই ফুলিব৷ মই বাৰীখনত গৈ চালোঁগৈ, কিন্তু তাত ক’তো গুটি ৰোৱাৰ কোনো চিনেই নাছিলে৷’
‘আপুনি সোধা নাছিল নেকি ক’ত ৰুইছে?’-নুৰুদ্দিনে সুধিছিল৷
‘নাই নাই, যিহে গহীন; ভয়ে লাগে যিটি কথা সুধিবলৈ৷’- কৈ গৈছিল মানুহজনীয়ে, ‘সঁচা কবলৈ গ’লে বৰ সকাহ পাইছোঁ মানুহজনী গুচি যোৱাত৷ এনেকুৱা চিৰিয়াচ মানুহৰ ঘৰত কাম কৰি বেয়া পাওঁ৷ এতিয়া পিছে তোমালোক থাকিবলৈ লৈ মোক খেদি নিদিবা আকৌ দেই! সৌ জুপুৰিটোতে মই থাকোঁ’- বাৰীখনৰ পিছফালে থকা অন্য এখন সৰু বাৰীৰ চুকৰ ঘৰটো দেখুৱাই মানুহজনীয়ে কৈছিল, ‘কিবা কাম থাকিলে মোক মাতি দিলেই হ’ল৷’
মানুহজনীৰ কথাৰ মাজতেই পাপু আঁতৰি আহি বাৰাণ্ডাৰ চকীখনত বহিছিলহি৷ তাৰ দীঘল দীঘল উশাহৰ শব্দ শুনি নুৰুদ্দিন কাষ চাপি আহিছিল৷ পাপুৰ কপালত ঘাম স্পষ্ট৷
‘কি হ’ল পাপু দা? গা-চা বেয়া লাগিছে নেকি?’
‘কথাটো শুনি অলপ মূৰটো ঘূৰাই গ’ল৷ মই হয়তো অনুমান কৰিব পাৰিছোঁ আমি কি বস্তুৰ লগত ডীল্ কৰি আছোঁ৷’
‘মানে?’
‘মানে কেচু খান্দোঁতে সাপ ওলাল বুলি যে কয়, এক্জেক্টলি সেইটোয়ে হৈ আছে৷’
‘এহঃ কিনো ফকৰা-যোজনা গাই আছে, চিধা-চিধি কওকনা কি গম পাইছে৷’
‘শুন তেন্তে’- চিগাৰেট এটা জ্বলাই পাপুৱে কৈছিল, ‘আজি ৰাতিপুৱা ঘৰৰ নঙলাডালৰ পৰা বাতৰিকেইখন আনিব যাওতেই কাষৰ ঘৰৰ বিমলা খুৰীয়ে মাত লগাইছিল-
‘পাপু অফিচ খোলা নাই নেকি এইকেইদিন?’
‘নাই খুৰী, অলপ বাৰীখন চাফা কৰাত লাগিছোঁ৷ দুদিনমান পিছত খুলিম আকৌ৷’
‘কাইলৈয়ো ঘৰতে থাকিবি তাৰমানে?’
‘থাকিম, কাইলৈতো এনেয়ো সকলো বন্ধই থাকিব৷’
‘তাকেতো, পিছে আমাৰ মাজনীক ৰাতিপুৱাই আকৌ লৈ যাব লাগে ঔগুৰি পাহাৰৰ শ্বহীদ কনকলতা উদ্যানখনলৈ৷’
‘কনকলতা উদ্যান অৰ্থাৎ ৰক্ গাৰ্ডেনলৈ? কিন্তু কিয়?’- নামটো শুনি মোৰ কাণ থিয় হৈছিল৷
‘কাইলৈ স্বাধীনতা দিৱস বুলি ৰাজ্যভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা পাতিছে নহয় তাত৷ ঢেৰ ল’ৰা-ছোৱালী আহিব ছবি আঁকিবলৈ৷ দূৰণিৰবোৰটো দলে-বলে বাছ-ট্ৰেভেলাৰ ইত্যাদি লৈ আহিব, পিছে আমাৰ লোকেলবোৰ যাবলৈহে অসুবিধা হ’ল৷ সেয়ে বোলো তয়ে লৈ যাব পাৰিবি নেকি?’
‘পাৰিম দিয়ক৷ তাইক ভালকৈ প্ৰেক্টিচ্ কৰি থাকিবলৈ কওক’- বুলি মই খুৰীক আশ্বাস দিছিলোঁ যদিও এতিয়া হয়তো সেই আশ্বাস ভাঙিব লাগিব৷’
পাপুৰ কথা শুনি নুৰুদ্দিনৰো লাহে লাহে উশাহ দীঘল হৈ গৈছিল৷
‘গুটি সিঁচি থৈছে ৰক গাৰ্ডেনত, পখিলা মানে কণমানি ল’ৰা-ছোৱালীবোৰ আহিলেই ফুল ফুলিব৷’- নুৰুদ্দিনে যেন নিজকেই কৈছিল৷

‘৭’
পলম নকৰি দুয়ো উপস্থিত হৈছিলগৈ তেজপুৰ মুখ্য আৰক্ষী থানাৰ সন্মুখত৷ প্ৰবেশ কৰাৰ পূৰ্বে সিহঁতক যোগ দিছিলহি সেনাপতিয়েও৷ তিনিও ভিতৰলৈ যোৱাৰ পাছত পাপুৱে নিজৰ পৰিচয় দাঙি ধৰোঁতে থানাৰ ভিতৰত হাঁহিৰ ৰোল উঠিছিল৷ অৱশ্যে ঠাট্টামূলক সেই হাঁহিবোৰ আওকাণ কৰি পাপুয়ে ক’বলৈ অহা কথাখিনি কৈ যাওঁতে সকলো লাহে লাহে গহীন হৈ পৰিছিল৷
সকলোখিনি শুনাৰ পাছতে থানাখনৰ মুখ্য আৰক্ষী বিষয়া প্ৰবাল সেনে নিজৰ লেপটপটোৰ স্ক্ৰীণখন পাপুহঁতৰ দিশত কৰি সুধিছিল,
‘এইজনী নেকি ছোৱালীজনী?’
স্ক্ৰীণত জিলিকি আছিল পেঞ্চিলেৰে অঁকা ছোৱালীজনীৰ ছবিখন, যিখন দেখি সেনাপতি উত্তেজিত হৈ উঠিছিল৷
‘অ অ, এইজনীয়ে৷ কিন্তু চুলিখিনি দীঘল৷’
‘ৱিগ পিন্ধি আছে চাগে’-সেনে কৈছিল, ‘কেইদিনমান আগতেই ইণ্টেলিজেন্স বিউৰ’ই এইখন ফটো আমাৰ লগতে অসমৰ সকলো আৰক্ষী থানালৈকে পঠাইছিল আৰু কৈছিল যে আগন্তুক সময়ত অসমত কেইবাটাও জঘন্য অপৰাধৰ ঘটনা সংঘটিত কৰাৰ উদ্দেশ্যেৰেই তাই ৰাজ্যত প্ৰবেশ কৰিছে৷ পিছে ক’ত কেতিয়া কেনেকৈ সেই বিষয়ে বিউৰ’ই নাজানে৷’
‘তাই হয়নো কোন?’- সেনাপতিয়ে সুধিছিল৷
‘অসমতে জন্ম, অসমতে ডাঙৰ-দীঘল হোৱা ছোৱালীজনী আজি এজনী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অপৰাধী৷ তাইৰ নাম শ্বায়েৰা৷ ২০০৮ চনত অসমত হোৱা গোষ্ঠী সংঘৰ্ষত নিজৰ গোটেই পৰিয়ালক হেৰুওৱা শ্বায়েৰাক তাৰ ঠিক পিছতেই অন্য বহু অনাথ ল’ৰা-ছোৱালীৰ সৈতে গোপন পথেৰে বাংলাদেশ স্থিত এটা আন্তঃৰ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!