ড° নন্দিতা দত্ত (বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া)

সাক্ষাৎকাৰ গ্ৰহণ : সাহিত্য_ডট অৰ্গৰ হৈ ঊষামণি কাকতি (সম্পাদক)

প্ৰাকৃতিক দুৰ্যোগত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যসমূহৰ ভিতৰত আমাৰ অসমেই প্ৰধান ।বছৰি কেৱল বানপানীত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণে আজিও অস্পষ্ট । অন্যান্য সম্পদসমূহৰ ক্ষয়-ক্ষতিতকৈ মানৱ সম্পদৰ ক্ষয়-ক্ষতিহে অপূৰণীয় । চৰকাৰে যিকোনোধৰণৰ প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধ , প্ৰশমন অথবা দুৰ্যোগৰ পৰৱৰ্তী সময়ত ল’ব লগা বিধি ব্যৱস্থাৰ বাবে দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণ গঠন কৰি অন্যান্য সম্পদৰ লগতে বিশেষকৈ মানৱ সম্পদৰ ক্ষয়-ক্ষতি হ্ৰাসৰ ব্যৱস্থা কৰি আহিছে । চৰকাৰৰ এই কাৰ্য ব্যৱস্থাৰ আভাস লাভৰ বাবেই আমি বৰপেটা জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ড° নন্দিতা দত্তৰ সৈতে কথা পাতিছিলোঁ ।

সাহিত্য ডট অৰ্গ (সা.ড.অ.) – ড° নন্দিতা দত্ত বাইদেউ, প্ৰথমতে আমি আপোনাক সাহিত্য ডট অৰ্গৰ সাক্ষাৎকাৰ শিতানলৈ আদৰণি জনাইছোঁ । প্ৰথমতে আমি আপোনাৰ জন্ম, শিক্ষা আৰু কৰ্ম জীৱনৰ বিষয়ে জানিব বিচাৰিম ।

ড° নন্দিতা দত্ত – সাহিত্য ডট অৰ্গৰ বিষয়বৱীয়াসকলক ধন্যবাদ জনালোঁ । মোৰ জন্ম ১৯৮৪ চনৰ ৯ মাৰ্চ তাৰিখে যোৰহাট জিলাৰ চাৰিগাঁও কছাৰীপৰীয়া গাঁৱত। চাৰিগাঁও উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা, কটন কলেজৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক , জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা ভূ তত্ত্ব বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছো।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰায়োগিক ভূতত্ত্বত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছোঁ ৷ একে বিভাগৰ পৰাই “Fluvial Geomorphology and Morphotectonic River Basin North East India” বিষয়ত গৱেষণা কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰিছোঁ ৷মই বৰ্তমান অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণত জিলা প্ৰকল্প বিষয়া হিচাপে কাম কৰি আছো ৷

সা.ড. অ. – অসমৰ প্ৰধান প্ৰাকৃতিক দুৰ্যোগ বানপানী আৰু ভূমিকম্প প্ৰতিৰোধৰ বাবে আপোনালোকে কেনেধৰণৰ আঁচনি বা কাম-কাজ কৰি আহিছে,সেইবিষয়ে জানিব বিচাৰিম ৷

ড° ন.দ. – দুৰ্যোগৰ ঋণাত্মক প্ৰভাৱ হ্ৰাসৰ বাবে ভাৰত চৰকাৰে ২০০৫ চনত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আইন প্ৰৱৰ্তন কৰে ৷এই আইনৰ দ্বাৰা ৰাষ্ট্ৰীয়,ৰাজ্যিক, জিলা তথা স্থানীয় পৰ্যায়ত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণসমূহ গঠন কৰা হয় ৷ ২০১০ চনত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পূৰ্ণাঙ্গৰূপত কাৰ্যকৰী হৈ আছে ৷ এই প্ৰাধিকৰণে ভূমিকম্প,বানপানী,ভূমিস্খলন, ধুমুহা, বজ্ৰপাত ,গৰাখহনীয়া আদি নানা দুৰ্যোগৰ মোকাবিলা কৰিব পৰাকৈ অসমবাসীক প্ৰশিক্ষণ, কৰ্মশালা,জন সচেতনতা বৃদ্ধি অভিযান, জৰুৰীকালীন ফোন নম্বৰ একত্ৰীকৰণ, প্ৰত্যেক জিলাতে প্ৰতিদিনে নিশাই কাৰ্যকৰী হোৱা দুৰ্যোগ নিয়ন্ত্ৰণ কক্ষ স্থাপন , মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আই আই টি ৰ সহযোগত দুৰ্যোগৰ গৱেষণামূলক অধ্যয়ন,মোকাবিলাৰ উপায় উদ্ভাৱন আদি বহুমুখী কাৰ্যত নিয়োজিত হৈ আহিছে ৷

সা.ড. অ – ভূমিকম্পৰ ক্ষয়-ক্ষতিৰ হ্ৰাসৰ বাবে জনসাধাৰণে ল’বলগীয়া সাৱধানতাৰ বিষয়ে জনাব নেকি ৷

ড° ন.দ – উত্তৰ পূব ভাৰত তথা অসমখন ভূ গৰ্ভৰ ইণ্ডিয়ান ফলি,ইউৰেছিয়ান ফলি আৰু মান্যমাৰ ফলিৰ সংঘৰ্ষস্থলীত অৱস্থিত ৷সেয়ে অসম অতিশয় ভূমিকম্পপ্ৰৱণ ৰাজ্য ৷ভূমিকম্প যিহেতু একেবাৰে প্ৰতিৰোধ কৰা বা আগজাননী দিয়া সম্ভৱ নহয় , সেয়ে ইয়াৰ বাবে পূৰ্ব প্ৰস্তুতি অতি জৰুৰী ৷ক্ষয়-ক্ষতিৰ প্ৰতিৰোধৰ বাবে কিছুমান কাৰ্য কৰিব পাৰে ৷ যেনে , গৃহ, আট্টালিকা নিৰ্মাণ কৰোতে অভিজ্ঞ অভিযন্তাৰ সহায়ত সঠিক নিৰ্মাণৰ পৰীক্ষা কৰিব লাগে ৷ভূমিকম্প প্ৰতিৰোধ কৰিব পৰাকৈ বেৰ,আধাৰ,ভেটি পৰীক্ষা কৰিব লাগে ৷ ঘৰত সহজে বাগৰি পৰিব পৰা আচবাব আছে নেকি নিৰীক্ষণ কৰিব লাগে ৷তেনে আচবাব বেৰত মজবুত গজাল,শিকলি আদি লগাই ৰাখিব লাগে ৷ৰাসায়নিক পদাৰ্থ, কাচৰ আচবাব মুকলিত ৰাখিব নেলাগে ৷ঘৰৰ বিদ্যুৎ, পানী সংযোগৰ বিষয়ে আগতীয়াকৈ জানি ৰাখিলে দুৰ্যোগৰ সময়ত সংযোগ বন্ধ কৰাৰ সুবিধা হয় ৷

ভূমিকম্পত প্ৰথমে নিজকে সুৰক্ষা দিব লাগে ৷যদি ঘৰৰ ভিতৰত থাকে তেনে দুৰ্যোগৰ সময়ত বহি পৰক,মজবুত মেজ, বিচনাৰ তলত সোমাই খুঁটাত ধৰি লওঁক ৷ঘৰৰ বাহিৰত থাকিলে খহি পৰাৰ সম্ভাৱনা থকা অট্টালিকা,ঘৰ,বেৰ,গছ,বিদ্যুত পৰিবাহী খুঁটা আদিৰ পৰা আঁতৰি আহক ৷চলন্ত গাড়ীত থাকিলে জোকাৰণি শেষ নোহোৱালৈকে গাড়ী ৰখাই গাড়ীতে বহি থাকক ৷জোকাৰণি শেষ হোৱাৰ লগে লগে আশ্ৰয়স্থলৰ পৰা ওলাই নাহিব ৷ক্ষতিগ্ৰস্ত ভৱন,বেৰ,গছ,খুঁটা খহি পৰিব পাৰে ৷পৰিস্থিতিৰ উমান লৈ নিৰাপদ ঠাইত আশ্ৰয় লওঁক ৷

সা.ড. অ. -এই বছৰ বানপানীৰ কবলত পৰা অঞ্চলৰ সংখ্যা বহু বেছি ৷বানপানীৰ কবলত পৰা ৰাইজে বানপানীৰ পাছত ল’বলগীয়া স্বাস্থ্যবিষয়ক যতনসমূহৰ বিষয়ে অলপমান জনাব নে !

ড° ন.দ – বানপানী শুকোৱাৰ লগে লগে ঠাইবোৰত ব্লিচিং পাউদাৰ, ফেনাইল চটিয়াব লাগে ৷ডায়েৰীয়া ৰোগৰ সম্ভাৱনা বেছি বাবে খোৱা বা ব্যৱহৃত পানী পৰিষ্কাৰ কৰি ৰখাত গুৰুত্ব দিব লাগে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে ইয়াৰ বাবে হেল’জেন নামৰ এবিধ টেবলেট যোগান ধৰে ৷ মেলেৰীয়া ৰোগৰ পৰা হাত হাৰিবলৈ স্বাস্থ্য বিভাগে ম’হখেদা ধোঁৱা এৰি দিয়া গাড়ীৰ ব্যৱস্থা কৰে ৷নিজেও আঁঠুৱা ব্যৱহাৰ কৰিব লাগে ৷খাদ্য পৰিষ্কাৰ হাতেৰে গ্ৰহণ কৰিব লাগে ৷

সা.ড.অ -নদীবান্ধবোৰে বানপানী সৃষ্টিত প্ৰধান ভূমিকা পালন কৰে বুলি শুনিবলৈ পোৱা যায় ৷ এইবিষয়ে আপোনাৰ মতামত জানিব বিচাৰিম ৷

ড° ন.দ -অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক ৷ইয়াৰে ব্ৰহ্মপুত্ৰৰ ১১৩ খন উপনদী আছে ৷বাৰিষা এই আটাইবোৰ নদী মৌচুমী বায়ুৰ বাবে হোৱা বৰষুণৰ বাবে পানী বাঢ়ি বানপানী সৃষ্টি কৰে ৷এই প্ৰাকৃতিক সমস্যাবোৰ মানুহে নিজে সৃষ্টি কৰা গাঁঠনিক কাৰ্যকলাপৰ প্ৰভাৱত সমস্যা অধিক জটিল হৈ পৰে ৷ বিদ্যুৎ উৎপাদনৰ বাবে মানুহে সৃষ্টি কৰা নদীবান্ধৰ ৰিজাভাৰত বেছি বৰষুণ হ’লে ভৰ কমাবলৈ পানী এৰিব লগা হয় ৷তেতিয়াই বানপানী হোৱাৰ সম্ভাৱনা থাকে ৷যিখন নদীত বান্ধটো থাকে সেই নদীখনৰ পুতল আৰু বহন ক্ষমতাৰ ওপৰতহে বানপানী হোৱা-নোহোৱাতো নিৰ্ভৰ কৰিব৷উদাহৰণস্বৰূপে ,বৰপেটাৰ বেকী নদীৰ পুতল যথেষ্ঠ বেছি ৷ভূটানৰ কৰিশ্বু নদীবান্ধৰ পৰা sooo cumecs ৰ তলত পানী এৰে ,সেই পানীয়ে নদীৰ পানীৰ উচ্চতা বৃদ্ধি কৰিলেও বানপানীৰ সৃষ্টি কৰিব নোৱাৰে ৷যদিহে নদীৰ পানীৰ উচ্চতা বিপদসীমাতকৈ তলত থাকে ৷

সা.ড. অ – প্ৰাকৃতিক দুৰ্যোগ প্ৰতিৰোধ বা প্ৰশমনৰ বাবে চৰকাৰৰ ভূমিকা কেনেধৰণৰ জানিব বিচাৰিম ৷

ড° ন.দ – অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰতিবছৰে নিয়মীয়াকৈ বানপানী হয় সেয়েহে ১৫ মেৰ পৰা ১৫ অক্টোবৰলৈকে বানপানী সময় হিচাপে চিহ্নিত কৰা আছে ৷ এই সময়ছোৱাত ফেব্ৰুৱাৰী, মাৰ্চ মাহত বিভিন্ন বিভাগসমূহৰ লগত বানপানীৰ আগতীয়া প্ৰস্তুতি সম্পৰ্কে সভা অনুষ্ঠিত কৰি তৎপৰ হৈ থাকিবলৈ আহ্বান জনোৱা হয় ৷ তাৰোপৰি বিভিন্ন বিভাগৰ মুৰব্বী আৰু ৰাজহ চক্ৰ বিষয়াক বানপানী পূৰ্ব প্ৰস্তুতি সম্পৰ্কে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ দিয়া হয় ৷ এই পৰিকল্পনাসমূহত ওখ আশ্ৰয় শিবিৰ চিনাক্তকৰণ, জৰুৰীকালীন ফোন নং, নাওৰ মালিকৰ নম্বৰ, nodal officer বাচনি ,খাদ্য তথা ঔষধপাতি আগতীয়াকৈ যোগাৰ আদি সম্পৰ্কে বিস্তৰ বিৱৰণ থাকে ৷ তাৰোপৰি দুৰ্যোগৰ সময়ত উদ্ধাৰ কৰিবলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি দল , অগ্নি নিবাপৰ্ক আৰু আপাতকালীন বিভাগত থাকে ৷তেওঁলোকৰ উন্নত প্ৰশিক্ষণপ্ৰাপ্ত ডুবাৰু, অন্যান্য সা-সঁজুলি যেনে : ৰবট বোট, ডুবাৰুৰ অক্সিজেন, চিলিণ্ডাৰ, লাইফ জেকেট থাকে ৷এইবোৰৰ সহায়ত মানুহক সুকলমে উদ্ধাৰ কৰিব পাৰে ৷বেছিকে বানপানী হোৱা জিলাবোৰত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি দলৰ ৩০-৩৫ জনীয় দল ৰাইজৰ সুবিধাৰ্থে আহে ৷ ভূমিকম্প,ধুমুহা, বজ্ৰপাত আদিৰ বাবেও দুৰ্যোগ পৰিকল্পনা থাকে ৷ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি আছে ৷ যিবোৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা নিয়মাৱলীত ইবিলাকৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰা হয় ৷

সা.ড. অ. – অনাগত সময়বোৰত প্ৰাকৃতিক দুৰ্যোগ প্ৰশমনৰ বাবে বিজ্ঞান প্ৰযুক্তিৰ উন্নত কলা-কৌশলৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ সম্ভাৱনা কিমান বুলি আপুনি বিবেচনা কৰে ৷

ড° ন. দ – অনাগত সময়ত প্ৰাকৃতিক দুৰ্যোগ প্ৰশমনৰ বাবে বিজ্ঞান প্ৰযুক্তিৰ উন্নত কলা কৌশল আৱিষ্কাৰ হ’ব বুলি মই আশাবাদী ৷ ভূমিকম্পৰ আগজাননী দিয়া সম্ভৱ নহ’লেও জি.পি.এচৰ সহায়ত সময়ৰ লৰচৰ হোৱা, স্থান আৰু ভূ ফলকৰ গতিৰ তথ্য উলিয়াব পৰা যায় ৷এই পদ্ধতিয়ে অনাগত সময়ত আৰু সহায়ক হ’ব ৷ Indian Meterological Department য়ে উন্নত প্ৰযুক্তিবিদ্যাৰ ফণি ঘূৰ্ণী বতাহৰ আগতীয়া জাননী দি বহু মানুহৰ প্ৰাণ ৰক্ষা কৰিছে ৷ অসমৰ বিশ্ববিদ্যালয়বোৰত নদীৰ বিষয়ে গৱেষণা কৰি বানপানী নিয়ন্ত্ৰণৰ চেষ্টা কৰি সুফল পাব বুলি মোৰ বিশ্বাস ৷ সা.ড. অ. – ইমানপৰে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়ে আপোনাৰ কথাখিনি জানিব পাৰি আমি নথৈ আনন্দিত ৷ আমি আশাবাদী আপোনাৰ কথাখিনিয়ে আমাৰ সাহিত্য ডট অৰ্গৰ পাঠকসকলক দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়ে নতুন দিশৰ সন্ধান দিলে ৷আপোনাৰ কৰ্ম ব্যস্ততাৰ মাজতো বহুমূলীয়া সময় প্ৰদান কৰি এই সাক্ষাৎকাৰ প্ৰদান কৰা বাবে পুনৰবাৰ ধন্যবাদ জনালোঁ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!