তাই‬ নদীৰ কাষলৈ যোৱাৰ খবৰটো (‎মালবিকা‬ বৰা)

গাত চাদৰ এখন ছাটি মাৰি তাই নদীৰ কাষলৈ গ’ল

আঁচলটো পিছফালে চুঁচৰি আছিল

কথাটো ইমান দৰকাৰী নাছিল কিজানি

তাত তাই কলিজাটো আঁজুৰি উলিয়ালে

নীলা-ক’লা দাগবোৰ ঘঁহি পিহি আঁতৰালে

একঁকাল পানীত নামি আওখালি আনি

চোকা ৰ’দ পোৱাকৈ মুকলিতে মেলি দিলে

 

তেতিয়াই টোপনিয়ে মুখখন জুমি চাই

চিলমিল আমেজেৰে তাইক সাৱটি ধৰিলে

ৰঙা গোলাপৰ ঠাল এটা আগুৱাই দি

জোপোহা হোৱালৈ বাট চাব খুজিলে

 

নিলাজ কলিজাটো ধৰফৰাই উঠিল

কাঁইটৰ খোঁচত ধৰাশায়ী হ’বলৈয়ে হাতখন মেলি দিলে

 

তাইৰ টোপনি ভাগিল

কলিজাটো থাপ মাৰি ধৰি আনি

চাদৰেৰে ঢাকি থ’লে

 

তাইৰ উচুপনিৰ শব্দই নদীত খলকনি তুলিলে

তাই নদীৰ কাষলৈ যোৱা খবৰটোহে পিছে

দহোকুৰি বুজনি নামানি বতাহত ওপঙি থাকিল

‪***************************************

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!