তাই গ্ৰীষ্মৰ ভেনাছ মধুমিতা বৰুৱা শইকীয়া

 

মাহৰ শেষ শনিবাৰটোত সিহঁত চাৰিটা ভ্ৰাম্যমাণ ফাষ্টফুডৰ কেণ্টিন সদৃশ চকা লগোৱা গাড়ীখনৰ অলপ আঁতৰত থকা, সৰু ষ্টেছনাৰী দোকানখনৰ বেঞ্চখনত বহেহি৷ সময়টো কোনেও কাকো ক’ব নালাগে৷ মহানগৰীত সিহঁতৰ ছবছৰ পাৰ হ’ল৷ সিহঁতৰ মাজৰে ৰূপকে ঠিক কৰিছিল, মাহৰ শেষৰ শনিবাৰটোত সন্ধিয়া সিহঁতে লগ হ’ব সেইখিনিত৷ এটায়ো সময় নাপাহৰে৷ দহোবন দলিয়াই থৈ আজৰিপৰৰ দুঘণ্টামান কটাবলৈ অগাপিচাকৈ সিহঁত আহি পায় মানে ছয় বাজেগৈ৷ সিহঁত বহা দোকানখনৰ পৰা সিহঁতৰে মাজৰ ৰূপকে মাহেকীয়া বজাৰ কৰে৷ লাহে লাহে সিহঁতৰ দোকানীজনৰ লগত ককাই-ভাইৰ দৰে এজন হৈছেগৈ৷ তেৱোঁ খাটি খোৱা, সিহঁতো খাটি খোৱা, ক’ৰবাত নহয় ক’ৰবাত সিহঁতৰ কথাবোৰ মিলি যায়৷ দোকানীজনেও সিহঁত নাহিলেহে বেয়া পায়৷ এইদিনটোত বেঞ্চখন তেওঁ নিজেই পাৰি থয় আথেবেথে৷ সিহঁতৰ কথাৰ মাজৰ পৰা ওফৰি অহা কিছুমান বাক্যই দোকানীকো চুই যায়৷ ৰূপকৰ মাকে খাব নোৱাৰা হৈছে৷ পুতেকক কৈ আছে গুৱাহাটীলৈ এপাক আনিবলৈ৷ ৰূপকে আনিবলৈ সাহস কৰা নাই, ক’ৰবাত যদি কিবা ওলায় যায়৷ দোকানীজনৰ বুকুতো চেবায় একে কথা, তেওঁৰো আজি কালি বুকু ধপধপায় থাকে৷ ডাক্টৰৰ তালৈ যাবলৈ সাহস নাই, ক’ৰবাত যদি কিবা ওলাই যায়! দীপ আকৌ বৰ ভয়াতুৰ৷ সি এনে পৰিস্থিতিত পৰা নাই যদিও এইবোৰ শুনিবলৈকে নহয় ভাবিবলৈও তাৰ সাহ নাই৷ মুঠতে সিহঁতৰ মাজৰ সমস্যা, কথা, ভাল লগা- বেয়া লগাবোৰ প্ৰায় একেই৷ সামাজিক স্থিতিও একেই৷ চাৰিটাৰ এটায়ো ডাঙৰ চাকৰি নকৰে৷ এটা চিকিউৰিটি গাৰ্ড, এটা শ্বপিংমলৰ ছেলচমেন, এটাই মেজিক চলায় আৰু এটাই ‘কাৰ ৱাছ চেণ্টাৰ’ৰ হেল্পাৰ৷ সাংঘাতিক মিলাপ্ৰীতি কিন্তু সিহঁতৰ৷ দুটা নামনিৰ, দুটা উজনিৰ৷ আচলতে সৰ্বজনীন অনুভৱ আৰু চিন্তাই ভাষা ঠাই আদিৰ ভিন্নতা নামানে৷
কেতিয়াবা সিহঁতে কিন্তু একঘেয়া কথাবোৰ, মানে বছৰ দপদপনি, টেঁটুত লাগিথকা ধাৰ, কম ভাৰাৰ ঘৰ বিচাৰি হাবাথুৰি খোৱা আদি কথাবোৰ নাপাতে৷
চাধা অকণ অকণ মলি, চিগাৰেট এটা জ্বলাইলৈ সিহঁতে কেতিয়াবা প্ৰিয়াংকা চোপ্ৰাৰ দেশী গাৰ্লৰ ভঙ্গীমা, ইমৰান হাছমীৰ গুপুত আকৰ্ষণৰ কথাও পাতে৷ অলপ হলেও পঢ়াশুনা আছে সিহঁতৰ৷ ভাগ্য ভাল হোৱা হলে, কিঞ্চিত সুবিধা পোৱাহলে সিহঁতো দ্বিতীয় শ্ৰেণীৰ নাগৰিকেই হব পাৰিলেহেঁতেন৷ বেকাৰ কথাবোৰ ভাবি ভাবি সিহঁতে আজি কালি সময় নষ্ট নকৰে৷ এদিনৰ ভিতৰতে সিহঁতে সপ্তাহটোৰ বাবে এনাৰ্জী গোটাই লয়৷ জূবিনৰ পৰা বচৰ পত্নীৰ পৰকীয়া প্ৰেমলৈকে কথা ওলায়৷ তৰুণ গগৈ, সৰ্বাদাৰ কথাও পাতে৷ দেশৰ বাবে চিন্তিত হয়৷ সিহঁতৰ মাজত শিল্প-সাহিত্যৰ কথাও ওলায়৷ শিল্প-সাহিত্যৰ, চিনেমা আদিৰ কথাত সাধাৰণতে বিপুলে আগভাগ লয়৷ বাকী কেইটাই শুনি যায়৷ তাৰমাজতে ৰাখালৰ টেমাটো হঠাৎ গৰম হৈ যায়৷ চুপ বে, কিমান এইবোৰ বলকি থাক৷ তাতকৈ ছোৱালী চাওঁ ৰহ৷ আমি ছোৱালী চালেও ধৰা নপৰোঁ৷ আমাৰ দৰে গণ্টিত নথকা সাধাৰণ চোলা-কাপোৰ পিন্ধা ভোবোকাৰকেইটাই মহাৰাণীকেইজনীক চাব বুলি সিহঁতে নিজেও ভাবিব নোৱাৰে বুইছ৷ গতিকে নয়ন জুৰাই ছোৱালী চা৷ দামী পাৰফিউমৰ গোন্ধ ল’৷ ব’ল বেঞ্চখন ফুটপাথৰ ওচৰলৈ লৈ যাওঁ৷

সেইদিনাও সিহঁতে ছোৱালী চালে৷ চকুৰ তৃপ্তিত, মনৰ জুৰণিত কাৰো মুখত মাত নাই৷ নিজৰ নিজৰ ভাবে বৰ চাহাবহঁতৰ জীয়েকবোৰক চাইছে৷ এটাই মাত দিলে, “সেইজনী পেলেজা পিন্ধাজনী চাছোন”৷ ৰাখলে ভেকাহি মাৰিলে, “ধুৰ চাল্লা সেইটো প্লাজো৷ তাকো নাজানে বেটাই৷ মহানগৰীৰ বাসিন্দা বুইছ, মনত ৰাখিবি৷ অন্যত নহ’লেও গাঁৱত আমাৰ নাম আৰু দাম আছে৷ ইয়াৰ কথাবোৰ গাঁৱত ভালকৈ ক’ব পৰা হ’ব লাগিব৷” বিপুল অন্যমনস্ক হৈ আছে৷ চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলীপাকত সি যেন সপোনহে ঘূৰাই-পকাই আছে৷ মুখত স্মিত হাঁহি৷ আধুনিক নাৰীৰ সুধাৰ সুখ-সাগৰত ডুবি মৰিবৰ মন নাই তাৰ৷ সেইবোৰ সিহঁতৰ বাবে দূৰৰ পাহাৰ, মৰীচিকাৰ পিছল উজুটি৷ সেইখিনি খেয়াল আছে তাৰ৷ বাকী তিনিটা জাঙুৰ খাই উঠিল৷ অই, অলপ পঢ়া-শুনাত ভাল বুলি, শিল্প-সংস্কৃতি বুজ যদিও তয়ো বে আমাৰ দৰেই৷ ছোৱালী চাবলৈ শিকাব লাগিব নেকি৷ মেমনীহঁত বৰ মানুহৰ ছোৱালী, গাড়ীত যায়৷ আজি উবেৰ-উলা বন্ধ বুলিহে৷ সোণালী সুযোগ সদায় নাহে৷ বেছি ভকত নহ’বি বে৷ দোকানীজনে হাঁহি হাঁহি শুনি আছে৷ তেওঁৰ বিক্ৰীও ভাল আজি৷ ভাদ মাহ৷ কেজিয়ে কেজিয়ে বিক্ৰী হৈছে বুট-মগু৷ দোকানীয়েও উজান দিলে, “চোৱা বিপুল৷ বয়স ফিৰি নাহে৷ মাছৰ উজান ও সদায় নুঠে৷”
বিপুলে শান্ত স্বৰত উত্তৰ দিছে, “চাইছো৷ মানে সদায় আহিলে চাওঁ মই ছোৱালীজনীক৷ পাছে তাই বৰ মানুহৰ জীয়েক নহয়৷ তাই পাৰফিউম নলয়, তাইৰ ঘামে গোন্ধোৱা দেহ৷ যেন তেল পৰি পিছলা, ৰ’দত জিলিকা তাই গ্ৰীষ্মৰ ভেনাছ৷” আটাইকেইটা ওফৰি পৰিল, “ৱাও ভেনাছ? অ’ ভিকহু, কোন ভেনাছে তোক তাইৰ সোণালী চুলি চাবলৈ দিব হাঁ? অকমান নিজৰ লেভেলত থাকিবি৷”
বিপুলে লাহেকৈ আছোঁ, তহঁতৰ দৰে সুন্দৰীহঁতৰ গাৰ ভেনামাখি হোৱা নাই৷ মোৰ ভেনাছ সৌজনী চা৷ বেপেৰুৱা হাঁহি এটাৰে সি ফাষ্টফুডৰ গাড়ীখনলৈ দেখুৱাই দিলে৷ গাড়ীখনত ভেজা দি, কমদামী চুৰ্ণিখন কঁকা‌লত মেৰিয়াই শ্ৰমেদহা ছোৱালীজনীয়ে লুচি বেলিছে৷ এহাতেৰে মাংসৰ জোলখন লৰাইছে৷ পাজীসেৰীয়া আঙুলি এটাৰে হেতাৰ পৰা মাংসৰ জোল অকণ আনি নিমখ হৈছে নে নাই চেলেকি চাইছে৷
দোকানীকে ধৰি বাকী তিনিটা থৰ লাগিল৷ “ইয়াহু বুলি চিঞৰি দিলে ৰাখালে৷ চাল্লা চুপা ৰস্তম ……”
“ই দেখিছোঁ বেটা তলে পুতল বে! বাহ গ্ৰীষ্মৰ ভেনাছ৷ ই বেটা সাহিত্যিক হ’ব লাগিছিল বে! এজাক উচ্ছল হাঁহিত ফুটপাথটো মুখৰ হৈছে৷ তৰা লাইট এটা দুটা জ্বলি উঠিছে৷ বিপুলে সুহুৰিয়াইছে আপোনমনে….”তুমি চুলেই যে বসন্ত..”

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!