তিতা কেৰেলাৰ মিঠা মিঠা গুণাৱলী – ডা০ ভূপেন শইকীয়া

 

প্ৰিয় পাঠকসকল – তিতা কেৰেলাৰ বিষয়ে লিখিবলৈ লৈয়ে মোৰ এটি যোজনা মনত পৰিছে – ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি! কথাটোৰ সত্যতা নুই কৰিব নোৱাৰি৷ আৰু এটা কথা মনলৈ আহিছে৷ আজিৰ পৰা ৮বছৰ মান আগতে সংযুক্ত আৰব আমীৰাটৰ আবু ধাবিৰ অল আহালিয়া হস্পিতালত কামত যোগদান কৰিছোঁ, নিজৰ ৰন্ধা-বঢ়াৰ জা-যোগাৰ আৰম্ভ কৰা নাই৷ দুপৰীয়া মধ্যাহ্ন বিৰতিৰ সময়ত এখন ভাৰতীয় ৰেষ্ট্ৰোৰাত খাবলৈ সোমালোঁ৷ নিৰামিষ বিশেষ কিবা আছে নেকি সোধাত কাষলৈ অহা কৰ্মচাৰীজনে কলে – আজি কেৰেলাৰ স্পেচিয়েল তৰকাৰী আছে৷ মই খাবলৈ বহি দেখিলোঁ কেৰেলা- বিলাহীৰ জুলীয়া ভাজি৷ আদা, নহৰু, পিঁয়াজ আৰু নৰসিংহ পাত দি বনোৱা হৈছিল৷ কেৰেলাৰ মই শুকান চৰ্চৰীয়েই ভাল পাওঁ৷ তথাপিও সেইদিনা মই এক ভিন্ন স্বাদৰ জুতি ললোঁ৷ সেইদিনা পুনৰাই গম পালোঁ দক্ষিণ ভাৰতীয় লোকসকলৰ মানত কেৰেলা এবিধ সম্ভ্ৰান্ত পাচলি৷ বনস্পতিবিদৰ মতে কেৰেলা হ’ল তিঁয়হ, চিৰাল, তৰমুজ, স্কোৱাচ আদি পাচলিৰ সৈতে একেটা পৰিয়ালৰ (Cucurbitaceae family )৷ ইয়াৰ বৈজ্ঞানিক নাম হ’ল – Momordica charamtia৷ বৰ্তমান জনামতে বিশ্বত তিতা কেৰেলাৰ বাৰটাৰো অধিক প্ৰজাতি আছে৷ ভিন্ন ভিন্ন প্ৰজাতিৰ গছৰ আৰু ফলৰ আকৃতি, ৰং ৰূপ আৰু আকাৰৰ কিছু তাৰতময দেখা যায়৷

ভাৰতবৰ্ষত আজিৰ পৰা ৩০০০বছৰ পূৰ্বৰ পৰা আৰু চীন দেশত ১৪শতিকাৰ পৰা আয়ুৰ্বেদিক আৰু পৰম্পৰাগত চিকিৎসাত কেৰেলাৰ ব্যৱহাৰ চলি আহিছে বুলি জনা যায়৷ স্বাস্থ্যবৰ্ধক টনিক, বহুমূত্ৰ, পাকস্থলীৰ বিকাৰৰ চিকিৎসা আৰু পুৰণি কাহৰ ঔষধ হিচাবে ইয়াৰ প্ৰয়োগ চলি আহিছে৷ টাৰ্কি দেশতো প্ৰচীনকালৰ পৰা নানাবিধ ৰোগৰ ঘৰুৱা চিকিৎসাত কেৰেলাৰ প্ৰয়োগ কৰা হয় বুলি জনা গৈছে৷ কেৰেলাৰ প্ৰথম উৎপত্তিস্থল ভাৰতবৰ্ষকে ধৰি দক্ষিণ পূব এচিয়া বুলি জনা যায়৷ চীনদেশলৈ কেৰেলাৰ সঁচ ভাৰতৰ পৰা যায়৷ কিন্তু আজিৰ দিনত চীনদেশৰ কেৰেলা আৰু ভাৰতীয় কেৰেলাৰ মাজত দেখাত কিছু পাৰ্থক্য আছে৷ বৰ্তমান দক্ষিণ পূব এচিয়াৰ বাংলাদেশ, নেপাল, পাকিস্তান, শ্ৰীলংকা, থাইলেণ্ড, ভিয়েটনাম, ইণ্ডোনেচিয়া, ফিলিপাইনচ আদি দেশৰ উপৰিও দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু কেৰেবিয়ান দীপপুঞ্জত কেৰেলা অনায়াসে উপলব্ধ৷

আন আন ভাষাত কেৰেলা কি কি নামেৰে পৰিচিত?
ইংৰাজীত Bitter gourd, Bitter melon, Bitter squash, Balsom pear, Horned melon আদি নামেৰে পৰিচিত৷ তিতে কৰেলা (নেপাল), কগুৱা (চীন), আমপালায়া (ফিলিপাইনচ), কাৰাভিলা (শ্ৰীলংকা), খো কোৱা (ভিয়েটনাম), মাৰগুজ (মৰিচাচ), নিগাউৰি আৰু কিৱানো (জাপান), চেইণ্ট কাজেটানচ মেলন (ব্ৰাজিল), চিৰাচী (জমেইকা), টংগন (পূব আফ্ৰিকা), বিটাৰ ৱাইল্ড কুকুম্বাৰ (দক্ষিণ আফ্ৰিকা), হৰ্ণ গুৰ্কে (জাৰ্মান), মেলানো (ইজৰাইল), কিৱানো (ইটালি, ফ্ৰান্স, স্পেইন, পৰ্টুগাল) নামেৰে বিশ্বৰ বিভিন্ন দেশত জনা যায়৷ আকৌ ভাৰতীয় ভাষাত এইদৰে মাতে – পাভাক্কা আৰু কাইপাক্কা (মলয়ালম), হাগালা আৰু হাগালকাই (কানাড়া), পাভাক্কাই আৰু পাকাল (তামিল), কাৰাক্কায়ী (তেলেগু), উচ্ছে আৰু কৰেল (বাংলা), কৰলে (মাৰাঠী), কাৰাথেন (মাৰাঠী), কৰেলি (উৰ্দু), কৰেলা (হিন্দী, পঞ্জাবী, গুজৰাটী আৰু কাশ্মিৰী) ভাষাত৷
গছৰ চমু বৰ্ণনা – কেৰেলা হ’ল এবিধ লতাজাতীয় উদ্ভিদ৷ দীঘলে ১৬ফুট পৰ্য্যন্ত হয়৷ লতাজোপাৰ শিপাই বহলকৈ পোখা মেলি মাটিৰ গভীৰলৈ সোমাই যায়৷ গা গছ কোমল আৰু নোমাল, শাখা প্ৰশাখা মেলি নিজৰ পৰিসৰ বৃদ্ধি কৰে৷ জেং, চাং বা আন তেনে মাধ্যমত ক্ষিপ্ৰ গতিৰে লতাজোপা বাঢ়ে৷ সেউজ বা সামান্য হালধিবুলীয়া পাতৰ আকৃতি ঢালৰ দৰে৷ সাধাৰণতে চেপ্তেম্বৰৰ পৰা নভেম্বৰ মাহত গছত ফুল ধৰে৷ একেজোপা লতাতে মতা আৰু স্ত্ৰী পুষ্প ফুলে৷ দুয়োকোণ জোঙা মূলাৰ আকৃতিৰ ফল বাহিৰত দেখাত কাইঁটীয়া বা খহুলা৷ বৰণ আৰু আকাৰ প্ৰজাতিভেদে কিছু ভিন্ন ভিন্ন হয়৷ ফল গছতে পকিলে হালধীয়া-ৰঙচুৱা বৰণৰ হয় আৰু ইয়াত ফাট মেলে৷ কেৰেলা গুটিৰে ফলৰ মধ্যভাগ ভৰি থাকে৷ গুটি ডাঙৰ আৰু চেপেতা বগা-হালধীয়া বৰণৰ হয়৷ গুটিও ঔষধ বনোৱাত ব্যৱহৃত হয়৷

লতাজোপাৰ কি কি অংশ কি দৰে ব্যৱহাৰ হয়?
কেৰেলাৰ ফল আৰু কোমল পাত ভাজি খায়৷ ইয়াৰ স্বাদ তিতা হলেও স্বাস্থ্যৰ উপকাৰী গুণবোৰ কিমান মিঠা সেয়া পাঠকে এই নিবন্ধৰ মাধ্যমেৰে জানিব পাৰিব৷ তিতা কেৰেলাৰ পিচা ৰস বহুতে পুৱা খালি পেটত বহুমূত্ৰ বা ওজন কমাবলৈ খায়৷ কেৰেলা আৰু আলুক সিদ্ধ কৰি পিঁয়াজ, জলকীয়া মিঠাতেল দি পিতিকি খাব পাৰি৷ কেৰেলাৰ শুকান চৰ্চৰী ভাজিৰ উপৰিও বেচনৰ প্ৰলেপ দি ভাজি খাব পাৰি৷ চীন দেশত কেৰেলাক হাৰ্বেল চাহৰ দৰে বনাই খায়৷ জাপান আৰু চীনত বিয়েৰত স্বাদৰ বাবে তিতা কেৰেলা মিহলোৱা হয়৷ পূব এচিয়াৰ কিছুমান দেশত শুকোৱা কেৰেলাৰ গুড়ি বৰফ মিহলোৱা গাখীৰত পৰিবেশন কৰা হয়৷ ভিয়েটনামত শুকান মাংসৰ সৈতে; শ্ৰীলংকাত নাৰিকলৰ টুকুৰা; ফিলিপাইনচত কণী, বিলাহীৰ সৈতে; ইণ্ডোনেচিয়াত গাহৰিৰ মাংস আৰু পাকিস্তানত গো মাংস মিহলাই কেৰেলাৰ ব্যঞ্জন বনোৱা হয়৷ দক্ষিণ ভাৰতৰ বহু ঠাইত দৈ আৰু আপেল, কল, পকা অমিত আদি মিঠা ফলৰ সৈতে তিতা কেৰেলা একেলগ কৰি চালাডৰূপে পৰিবেশন কৰে৷ তিতা কেৰেলাৰ শিপাও ঔষধি গুণযুক্ত৷

লতাজোপাৰ কি কি অংশ কি দৰে ব্যৱহাৰ হয়?
কেৰেলাৰ ফল আৰু কোমল পাত ভাজি খায়৷ ইয়াৰ স্বাদ তিতা হলেও স্বাস্থ্যৰ উপকাৰী গুণবোৰ কিমান মিঠা সেয়া পাঠকে এই নিবন্ধৰ মাধ্যমেৰে জানিব পাৰিব৷ তিতা কেৰেলাৰ পিচা ৰস বহুতে পুৱা খালি পেটত বহুমূত্ৰ বা ওজন কমাবলৈ খায়৷ কেৰেলা আৰু আলুক সিদ্ধ কৰি পিঁয়াজ, জলকীয়া মিঠাতেল দি পিতিকি খাব পাৰি৷ কেৰেলাৰ শুকান চৰ্চৰী ভাজিৰ উপৰিও বেচনৰ প্ৰলেপ দি ভাজি খাব পাৰি৷ চীন দেশত কেৰেলাক হাৰ্বেল চাহৰ দৰে বনাই খায়৷ জাপান আৰু চীনত বিয়েৰত স্বাদৰ বাবে তিতা কেৰেলা মিহলোৱা হয়৷ পূব এচিয়াৰ কিছুমান দেশত শুকোৱা কেৰেলাৰ গুড়ি বৰফ মিহলোৱা গাখীৰত পৰিবেশন কৰা হয়৷ ভিয়েটনামত শুকান মাংসৰ সৈতে; শ্ৰীলংকাত নাৰিকলৰ টুকুৰা; ফিলিপাইনচত কণী, বিলাহীৰ সৈতে; ইণ্ডোনেচিয়াত গাহৰিৰ মাংস আৰু পাকিস্তানত গো মাংস মিহলাই কেৰেলাৰ ব্যঞ্জন বনোৱা হয়৷ দক্ষিণ ভাৰতৰ বহু ঠাইত দৈ আৰু আপেল, কল, পকা অমিত আদি মিঠা ফলৰ সৈতে তিতা কেৰেলা একেলগ কৰি চালাডৰূপে পৰিবেশন কৰে৷
কবি, গাজৰ বা ওলকচুৰ দৰে তিতা কেৰেলাৰো আচাৰ বনাব পাৰি৷ কেৰেলাৰ আচাৰ বুলোতে আশীৰ দশকত ভীষণ জনপ্ৰিয় হোৱা ইন্দ্ৰ বনিয়াৰ কৌতুক আবৃত্তি ’তিতা কৰেলাৰ মিঠা আচাৰ’ আজিও মোৰ কাণত গুজি আছে৷

কেৰেলাৰ তিতা স্বাদ কমোৱাৰ উপায়: –
১- কেৰেলা সৰু সৰুকৈ কাটি পানীত কমেও আধা ঘণ্টা সময় ভিজাই থব৷ কিছু নিমখো সেই পানীত মিহলাই দিব পাৰে৷ পিছত পানীখিনি পেলাই দিব৷
২- সৰু সৰুকৈ কটা কেৰেলাৰ টুকুৰা ৰ’দত কিছপৰ শুকুৱাই বনালে তিতা স্বাদ হ্ৰাস
পায়৷
৩- বনোৱাৰ আগতে কেৰেলা কিছুপৰ সিদ্ধ কৰি পানীৰ পৰা তুলি লব৷

কি কি লাগতিয়াল তত্ত্ব কেৰেলাত অন্তৰ্নিহিত থাকে?
তিতা কেৰেলা হ’ল এনে এবিধ সেউজ পাচলি য’ত কেলৰি কম অথচ ভিটামিন (বি-১, বি-২, বি-৩, বি-৫, বি-৬, বি-৯, ভিটামিন-চি, ভিটামিন-ই, ভিটামিন-কে) আৰু খনিজ (মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, কেলচিয়াম, ফচফৰাচ, আইৰণ, কপাৰ), ফাইটো নিউট্ৰিয়েণ্ট (বিটা-কেৰটিন, আলফা- কেৰটিন আৰু লিউচিন-জিয়াঝেনথিন) ইলেকট্ৰলাইট (প’টেচিয়াম আৰু চ’ডিয়াম) অঘোলনশীল ডায়টেৰী ফাইবাৰ থাকে৷ প্ৰতি ১০০গ্ৰাম কেৰেলাত উৰ্জা থাকে ১৭কিলো কেলৰি, কাৰ্বোহাইড্ৰেট ৩.৭গ্ৰাম, প্ৰটিন ১গ্ৰাম, চৰ্বি ১৭০মিলিগ্ৰাম, ডায়টেৰী ফাইবাৰ ২.৮ গ্ৰাম থাকে৷ পানীৰ পৰিমান হ’ল ৯৪গ্ৰাম৷

গবেষণাগাৰত কি কি তথ্য পোৱা গৈছে?
বিশ্ব স্বাস্থ্য সংস্থা আৰু বিভিন্ন দেশ বিদেশৰ বিশ্ববিদ্যালয়ত বহু বছৰৰ পৰা তিতা কেৰেলাৰ ওপৰত নানান গৱেষণা চলি আহিছে৷ ঘাইকৈ বহুমূত্ৰ আৰু কেঞ্চাৰৰ ওপৰত তিতা কেৰেলাৰ প্ৰভাৱ এই দুটা দিশত বিভিন্ন তত্ত্বগধুৰ প্ৰৱন্ধ অন্ত: ৰাষ্ট্ৰীয় আলোচনীত সময়ে সময়ে প্ৰকাশিত হৈছে৷ আমৰিকাৰ চেণ্ট লুইচ বিশ্ববিদ্যালয়ে বক্ষৰ কৰ্কট ৰোগৰ নিৰাময় আৰু প্ৰতিৰোধত তিতা কেৰেলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি দাবী কৰিছে৷ শেহতীয়াকৈ এই বছৰৰ পৰাই শ্ৰীলংকাৰ পেৰাডেনিয়া বিশ্ববিদ্যালয়ে কেৰেলাৰ গুটিয়ে কেঞ্চাৰ কোষ বিনষ্ট কৰিব সক্ষম বুলি দাবী কৰিছে আৰু কেণ্ডি জেনেৰেল হস্পিতেলত ইয়াৰ প্ৰয়োগ আৰম্ভ কৰিছে৷
Journel of Endopharmacologyৰ জানুৱাৰী ২০১১চনত প্ৰকাশিত তথ্য মতে তিতা কেৰেলা দৈনিক ২গ্ৰাম খালে ১গ্ৰাম মেটফৰ্মিনৰ প্ৰায় সম পৰিমানৰ তেজৰ চুগাৰ নিয়ন্ত্ৰণ হোৱা পৰিলক্ষিত হয়৷ তিতা কেৰেলাত থকা লেক্টিন নামৰ প্ৰটিনে তেজত থকা চুগাৰৰ পৰিমান কমোৱাত ইনচুলিনৰ দৰে কাম কৰে৷

* তিতা কেৰেলাৰ সীমাহীন আৰু গুৰুত্বপূৰ্ণ উপযোগিতা: –
১) ডায়েবেটিজ বা বহুমূত্ৰ ৰোগৰ চিকিৎসাত কি দৰে কাম কৰে জানক – তিতা কেৰেলাত থকা পলিপেপ্টাইড-পি নামৰ ফাইটোনিউট্ৰিয়েণ্টে তেজৰ চুগাৰ হ্ৰাস কৰে৷ তিতা কেৰেলাত থকা ’চাৰটিন’ আৰু এবিধ লেক্টিনেও তেজৰ চুগাৰ কমায়৷
(২) তিতা কেৰেলাত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-বি গোটে শৰীৰৰ বাবে বিপদজনক ফ্ৰি-ৰেডিকেল হ্ৰাস কৰে আৰু ফলত দেহত বয়সৰ ছাপ কমকৈ পৰে আৰু কৰ্কট ৰোগ প্ৰতিৰোধ কৰে৷ কেৰেলাৰ নিয়মীয়া সেৱনে প্ৰষ্টেট, বক্ষ, জৰায়ু আদিৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে৷
(৩) তেজৰ অপকাৰী কলেষ্টৰল কমাই শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে৷
(৪) তিতা কেৰেলাত থকা MAP-30 নামৰ এণ্টিভাইৰেল প্ৰটিনে এইচ আই ভিৰ পৰা শৰীৰক সুৰক্ষা দিয়ে৷
(৫) চৰ্মৰোগ চ’ৰিয়াচিচ আৰু একজিমাত তিতা কেৰেলা পিচি লগালে উপকৃত হয়৷
(৬) সামান্য জালুকৰ সৈতে তিতা কেৰেলা মিহলাই খোৱালে বমি বন্ধ হয়৷
(৭) ভিটামিন-কে থকা বাবে তেজ গোট মৰা সঠিকভাবে হয় আৰু হাঁড় মজবুট হয়৷
(৮) চুলি অকালতে পকা ৰোধ কৰে৷ তিতা কেৰেলা পিচি মূৰত লগালে উফিৰ বিনাশ হয় আৰু চুলি সৰা বন্ধ হয়৷
(৯) মস্তিস্কৰ ক্ৰিয়াৰ উন্নতি ঘটায়৷ নিদ্ৰা আৰু দৃষ্টি শক্তিৰ উন্নতি কৰে৷
(১০) দূষিত তেজ আতৰাই বাত বিষৰ উপশম ঘটায়৷
(১১) হজমি শক্তি বঢ়ায় আৰু শৌচ খোলোচা কৰে৷
(১২) কৃমি পেলুৰ বিনাশ কৰে৷
(১৩) এলাৰ্জি আৰু সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে৷
(১৪) চকুৰ চৌদিশৰ ক’লা দাগ আতৰোৱাত সহায়ক৷
(১৫) ঘাঁ শুকোৱাত সহায়ক৷
(১৬) ছাল উজ্জ্বল আৰু মিহি কৰে৷
(১৭) প্ৰসাবৰ প্ৰবাহ নিয়মীয়া কৰে৷
(১৮) মদৰ নিচা ভাঙিবলৈ তিতা কেৰেলাৰ ৰস ব্যৱহাৰ কৰিব পাৰি৷
(১৯) মেদবহুলতা কমাবলৈ তিতা কেৰেলা সহায়ক৷
(২০) কিডনিৰ পাথৰ নিষ্কাষনত উপযোগী৷
(২১) অনিয়মীয়া মাহেকীয়া ভাল কৰে৷
(২২) কেইটিমান অধ্য়য়নমতে সপ্তাহত নিয়মিত ২৷ ৩সাজ তিতা কেৰেলা খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ দিশে আগবাঢ়ে৷
(২৩) কেচুমূৰীয়া বা পাইলচ অসুখত তিতা কেৰেলাৰ শিপা পিচি তাৰ প্ৰলেপ লগাব লাগে৷ বাটাৰ মিল্কৰ সৈতে মিহলাই তিতা কেৰালাৰ নাইবা ইয়াৰ পাতৰ ৰস কিছুদিন ৰাতিপুৱা খালেও পাইলচৰ অসুখৰ উপশম ঘটে৷
(২৪) কলেৰা ৰোগৰ প্ৰাথমিক পৰ্য্যায়ত তিতা কেৰেলাৰ কোমল পাত বগা পিঁয়াজৰ সৈতে খোৱালে সুফল পোৱা যায়৷
(২৫) তিতা কেৰেলা পেনক্ৰিয়াজৰ ক্ৰিয়াৰ সহায়ক সিদ্ধ হৈছে – ইয়াৰ ফলত ইনচুলিন ওলোৱাত সহায় হয় আৰু ডায়েবটিজ নিয়ন্ত্ৰণলৈ আহে৷
(২৬) শালমন নিৰ্মূল কৰিবলৈ তিতা কেৰেলা পিচি লগাব লাগে৷
(২৭) তিতা কেৰেলাই লিভাৰৰ টনিকৰ দৰে কাম কৰে৷ আভোক আাতৰায়৷
(২৮) কাণৰ বিষ ৩দিন মান তিতা কেৰেলাৰ ৰস ঢালিলে আৰোগ্য হয়৷
(২৯) তিতা কেৰেলাই সূৰ্য্যৰ ক্ষতিকাৰক আলট্ৰাভায়োলেট ৰশ্মিৰ পৰা শৰীৰক সুৰক্ষা দিয়ে৷ প্ৰখৰ ৰ’দত ছাল দহি গ’লে তিতা কেৰেলা পিচি লগালে শীঘ্ৰে আৰাম পাব৷
(৩০) সৰু আই, মিজলচ আদি ভাইৰেল অসুখত তিতা কেৰেলা লাগতিয়াল আৰুউপযোগী পথ্য৷
(৩১) তিতা কেৰেলাই ইয়াত থকা এণ্টিঅক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্ট আৰু ভিটামিনৰ সহায়ত আমাৰ শৰীৰৰ ইমিউনিটি বঢ়ায় অৰ্থাৎ ৰোগ প্ৰতিৰোধত সহায় কৰে৷

সতৰ্কবাণী –
• গৰ্ভৱতী মহিলাই বেচিকৈ খালে গৰ্ভপাত হব পাৰে৷
• আন মানুহৰো জোখতকৈ বেচি খালে ডায়েৰিয়া, জ্বৰ, বমি, পেটৰ বিষ হব পাৰে৷
• ডায়েটিজৰ ৰোগীয়ে চুগাৰ কমোৱা দৰবৰ সৈতে জোখতকৈ বেচি তিতা কেৰেলা খালে হাইপোগ্লাইচেমিয়া হব পাৰে৷
• জন্মগত জি-৬পি ডি ডেফেচিয়েঞ্চি ৰোগ থকা লোকে, লিভাৰৰ গুৰুতৰ ৰোগ থকা লোকে তিতা কেৰেলা নাখাব৷
• কদাচিত হৃদগতি অনিয়মীয়া কৰিব পাৰে বুলি ২০১০চনৰ ’এনেলচ অৱ চৌডি মেডিচিন’ জাৰ্ণেলত প্ৰকাশিত হৈছে৷
* বিষহাৰক ঔষধ (যেনে নেপ্ৰক্সেন, মেলস্কিকাম, ট্ৰমাডল) আৰু ডায়েবেটিজৰ দৰব খাই থকাসকলে তিতা কেৰেলাৰ সেৱন সতৰ্কতাৰে কৰিব৷
• দৈনিক দুটাৰ বেচি তিতা কেৰেলা নোখোৱাটো বাঞ্ছনীয়৷

ডা০ ভূপেন শইকীয়া
ৰচনাকাল ২৩ জুলাই ২০১৭
ঠিকনা- ডোহা, কাটাৰ
ই মেইল: [email protected]
ৱাটচএপ আৰু ম’বাইল +৯৭৪৩৩৭৩৮৭২২
ৱেবচাইট www.drbhupensaikia.com

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!