তুমি আছিলা__( -চলমা খান)

তুমি আছিলা__
-চলমা খান৷

salman
বসন্তৰ সেউজীয়া ৰহণেৰে আলফুল কুঁহিপাত, মৰমবোৰ যেন থোপাথোপে লগাইছিলা মোৰ আলসুৱা খোপাৰ ভাজে ভাজে…তুমি আছিলা__
ফাগুনৰ উন্মুক্ত আকাশ, বতাহে কঢ়িয়াইছিল য’ত ৰঙা ৰঙা প্ৰেমৰ বাউলী ফাকুৱাৰ উচ্ছল৷
তুমি আছিলা__
শাওণৰ গভীৰ নীলা, য’ত শুভ্ৰ মেঘে খেলা কৰিছিল কহুৱাৰ লাহী দেহাৰ আলেঙে আলেঙে৷ উত্তপ্ত বুকুত শাঁত পেলোৱা তুমি হালধীয়া বৰষুণ! ……
আজি মোৰ চৌপাশ মেঘাচ্ছন্ন, সেউজীয়াই মেলানি মাগিছে বসন্তে ৰ পৰা, দুষ্ট ফাগুনো আজি শান্ত, , শুভ্ৰ মেঘবোৰ যেন দুৰাৰোগ্য ৰোগত আক্ৰান্ত৷ ৷ এৰা! সেয়া আছিলা তুমি সপোন সাম্ৰাজ্যৰ একছত্ৰি সম্ৰাট,
এয়া মই এটি ধূসৰ বাস্তৱ৷ ! ! ! ! ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!