তুমি ভাবিছানেকি বাৰু? (-লক্ষ্যজিত বৰা)

তুমি ভাবিছানেকি বাৰু?
==============
-লক্ষ্যজিত বৰা৷

এটি পৰিভ্ৰমী পক্ষীৰ বিননি
নি: সংগ কলৰৱত কল্লোলিত
সমগ্ৰ জাতি৷
উপত্যকা উপকূল অৱবাহিকা
সপোনৰ অৱস্থান
মানৱতাৰ জয়গান৷
ভূপেনbhu
তোমাৰ সপোনৰ পৰিবৃত্তত
এটা জাতি ভাসমান৷
তোমাৰ সপোনত নদী আছিল
বহাগৰ উছাহ আছিল
এজাক উতনুৱা ফাগুন আছিল
শীতৰ শুকুলা সুবাস
তাতোকৈ কি জানা….
দুখন শুভ্ৰ ডেউকা আছিল তোমাৰ
যি সমগ্ৰ জাতিৰ সহৱস্থান৷
ভূপেন
আজি হয়তো
সপোনবোৰ বিচাৰি নাপাবা
বহাগত, ফাগুনত, শীতৰ সুবাসত
পালেও কিম্বা
হৃদস্পন্দন নিস্তেজ পাবা৷
হাৰিব নোৱাৰা তুমি..
মৰা নৈৰ ওপৰতো সাঁকোৰ
প্ৰয়োজন আছে …জানা
দুখ নকৰিবা
পিৰালিৰ কুকুৰেও গম নাপাই
সপোনবোৰৰ ৰোগগ্ৰস্ততাৰ কথা,
সপোনৰ ধমনী দীৰ্ঘদিনৰ
কলেষ্টৰেলৰ সহচৰী আজি৷
আমি খুউব সচেতন৷
কি কৰিবা কোৱা….
তুমি ভাবিছানেকি বাৰু?
ব্ৰহ্মপুত্ৰৰ বালিচৰত এজোপা কদম ৰুইছিলা৷
***

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!