তুষাৰ খোৱা বতাহ (কনচেং বৰগোঁহাই)

 

তুষাৰ খোৱা বতাহ

 

কনচেং বৰগোঁহাই

 

এখন পশ্চিমীয়া দেশৰ এক জনজাতি অঞ্চলত এজন প্ৰভাৱশালী লোক আছিল । তেওঁৰ জীয়েকৰ নাম আছিল ‘চিনুক’ । পৰিয়ালৰ একমা্ত্ৰ ছোৱালী হোৱা বাবে তাই  বৰ আলসুৱা হৈ ডাঙৰ দীঘল হৈছিল । তাই দেখাত বৰ ৰূপৱতী আছিল । বিয়াৰ যোগ্য হোৱাত দেউতাকে তাইক ‘হিমবাহ’ নামৰ যুৱক এজনৰ লগত বিয়া দিলে । হিমবাহ অতিপাত শুভ্ৰ, শীতল আৰু ধীৰ গতিৰ যুৱক আছিল ।  এনে এক যুৱকৰ  লগতে চিনুকৰ বিয়া হোৱাত তাইৰ আনন্দেৰে নধৰা হ’ল । হিমবাহেও অতি আনন্দেৰে ৰূপৱতী চিনুকক নিজৰ ঘৰলৈ লৈ গল । প্রথম কিছুদিন তাই তাৰ লগত থাকিবলৈ বৰ ভাল পাইছিল যদিও দিন যোৱাৰ লগে লগে তাই আমনি লাগিবলৈ ধৰিলে । বিশেষকৈ হিমবাহৰ অতি শীতল ব্যৱহাৰত তাই অতিষ্ঠ হ’বলৈ ধৰিলে । সেয়ে তাই ঘৰলৈ খবৰ পঠালে যে তাই আৰু তাত থাকিব নোৱাৰে । খবৰ পাই পৰিয়ালৰ লোকে চাবলৈ আহি দেখিলে যে-চিনুকৰ অৱস্থা শোচনীয় । তাই শেঁতা পৰি একেবাৰে দুৰ্বল হৈ পৰিছে । তেওঁলোকে তাইক ঘৰলৈ লৈ যাব বিচাৰিলে । হিমবাহে কিন্তু তাইক পঠিয়াবলৈ মান্তি নহ’ল । সেয়ে তেওঁলোকে নিজ দেশলৈ গৈ সকলো বিৱৰি কোৱাত জনজাতীয় লোকসকল জাঙুৰ খাই উঠিল । কিছুদিনৰ ভিতৰতে তেওঁলোকে একগোট হৈ হিমবাহৰ লগত যুঁজ কৰি চিনুকক উদ্ধাৰ কৰি লৈ গল ।

এইয়া  হল জনজাতি অঞ্চলৰ মুখে মুখে বাগৰি অহা এক বতাহৰ কাহিনী  আৰু এই বতাহজাকৰ নাম হল চিনুক (Chinook) ।

হিমবাহ মানে হল- বৰফৰ নদী । পর্বতত ডাঠ বৰফৰ মাজত ফাঁট মেলিলে বৰফ তললৈ নদীৰ দৰে  ওপৰৰ পৰা বৈ আহে তাকে আমি হিমবাহ বুলি কওঁ । ইয়াৰ গতি  ইমানেই লেহেম হয় যে কেতিয়াবা এদিনত ১ফুট যাবলৈয়ো টান হয় । অন্যহাতে খৰস্ৰোতা হিমবাহক বৰফৰ ধুমুহা বা এভালান্স হিচাপে জনা যায় ।

চিনুক-এক ভাৰতীয় মূলৰ শব্দ আৰু ইয়াৰ অৰ্থ হল- তুষাৰ খোৱা বতাহ । প্ৰকৃততে ই এজাক গৰম বতাহ । পৃথিবীৰ বিভিন্ন অঞ্চলত বিভিন্ন সময়ত এই বতাহৰ অৱস্থিতি দেখা যায় । প্ৰশান্ত মহাসাগৰৰ উপকূলীয় অঞ্চলৰ ওখ পর্বতমালাত শীতকালত ডাঠ বৰফ জমা হয় । চিনুক নামৰ এই গৰম বতাহজাকৰ প্ৰকোপত  খন্তেকতে  বৰফ গলি নোহোৱা হৈ যায় বাবে ইয়াক তুষাৰ খোৱা বতাহ নামেৰে জনা যায় । ভাৰতত এই বতাহ দেখা নাযায় । বিভিন্ন দেশত এই বতাহক বিভিন্ন নামেৰে জনা যায় । উদাহৰণস্বৰূপে-

১. আল্পচ্ অঞ্চলত –ফ’ন (FOHN)

2.  চুইজাৰলেণ্ডত    -মাল’জা (MALOJA)

৩. ক’কেচাচ পর্বতত –ৰেশাবাৰ

৪. জাপানত      – য়ামা অ’ৰ’শি

৫. দক্ষিণ কের্লিফর্ণিয়াত –চাণ্টা অনা

৬. সুমাত্ৰাত     – ব’হ’ৰ’হ

ইত্যাদি বহু নামেৰে জনাজাত যদিও বতাহজাক চিনুক নামেৰেহে বেছি জনপ্ৰিয় ।

চিনুক সৃষ্টি হোৱা প্ৰক্ৰিয়াটোও আমোদজনক । সকলোৱে জানো যে সাগৰীয় অঞ্চলত বায়ু চাপৰ তাৰতম্যৰ কাৰণে চাইক্লন সৃষ্টি হয়। ভূ ভাগত এনে বতাহক ধুমুহা বুলি কওঁ । ঠিক তেনেদৰে প্রশান্ত মহাসাগৰত বায়ুচাপৰ তাৰতম্যৰ ফলত শীতকালত এইবিধ বতাহৰ সৃষ্টি হয় । বায়ুচাপৰ তাৰতম্যৰ ফলত সৃষ্টি হৈ এই বতাহ সাগৰৰ পৰা উপকূল অঞ্চললৈ গতি কৰে  আৰু সেই অঞ্চলত থকা ওখ পৰ্বতত খুন্দা মাৰি বহু ওপৰলৈ উঠি যায়। এই সময়চোৱাত এই বতাহ সেই অঞ্চলৰ বায়ুত থকা জলীয় ভাপৰ লগত যোগ হৈ গধুৰ হৈ পৰে। ফলত ই খুন্দা মৰা পৰ্বতৰ বিপৰীত ফালে অতি কোবেৰে তললৈ নামি আহে আৰু এই খিনি সময়তে ই উচ্চ তাপযুক্ত হৈ পৰে । বেৰ’মিটাৰৰ তাপমান এক দুই মিনিটৰ ভিতৰতে ৪° ফাৰেণহাইটৰ পৰা ৪০°-৫০° ফাৰেণহাইট পর্য্যন্তৰ পৰিবর্তন হব পাৰে । যেতিয়া এ্ই উচ্চ তাপযুক্ত বতাহ গতি তীব্র হয় তেতিয়া ই –কিছু সময়ৰ ভিতৰতে এক ফুট পৰ্য্যন্ত বৰফ পর্বতৰ গাৰ পৰা খহাই নিব পাৰে । সাধাৰণতে চিনুক কেইঘণ্টামানৰপৰা কেইদিনমানলৈকে বৰ্তি থাকে । আমাৰ ইয়াত মৌচুমী বায়ুৰ প্ৰভাৱত তিনি চাৰিমাহমান গৰম / বৰষুণ হয় আৰু অঞ্চলসমূহ খেতি বাতিৰ বাবে উপযোগী হৈ পৰে । এখন দেশৰ বাবে সেই ঠাইৰ বায়ুৰ প্ৰভাৱ অপৰিসীম ।

প্ৰায়বোৰ চিনুক গৰম আৰু শুকান । ব্ৰিটিছ কলম্বিয়াৰ চিনুক যিহেতু নাতিশীতোষ্ণ অঞ্চলৰ অন্তৰ্গত বিশেষকৈ হাৱাই দীপপুঞ্জত সৃষ্টি হোৱা বাবে বতাহ গৰম যদিও শুকান নহয়। হাৱাই দ্বীপৰ পৰা কেঁচা ফল-মূল অনা বতৰত মালবাহী জাহাজবোৰে এই বতাহৰ লগত ভেটাভেটি হ’ব লগাত পৰে । সেয়ে তেওঁলোকে এই বতাহক আনাৰস এস্ক্ৰপ্ৰেছ (Pine Apple Express) বুলিহে কয় । শীতত তেওঁলোকে  এই বতাহৰ উম অনুভৱ কৰে যদিও বেছিভাগ ক্ষেত্ৰতে চিনুক বিপদজনকহে । চিনুক প্ৰভাৱিত সময়ছোৱাত মানুহৰ টোপনি নধৰা বা সাংঘাতিকভাৱে মূৰৰ বিষ হব পাৰে । তাৰোপৰি এই বতাহৰ মাজত আকাশীজাহাজ সোমাই পৰিলে ই ধ্বংস হব পাৰে । দক্ষিণ কেলির্ফণিয়া আৰু কানাডাৰ কিছু অঞ্চলত অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই বতাহৰ বাবে হাবিত জুই লগাৰ ভয়ো থাকে ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!