তৃতীয় বিশ্ব, বৰ্ষাৰণ্য, বাচন ধোৱা চাবোন আদি …..(-ন‌ৱ কোঁৱৰ)

ভতিজাটোৰ বয়স ৫ বছৰমান হৈছে । পিছে তিতা বৰ ভাল পায় । লগতে নিছাদেউ বুলি মোকো ভাল পায় । দুদিনমানৰ আগতে ৰাতি ১১ বজাত খবৰ আহিল -মাইনাৰ গা বেয়া । পেটৰ বিষ, লগতে বৰকৈ বমি কৰিছে । লৰাই পেটৰ বিষত কান্দিছে, মাকজনীয়েও সমানে কান্দিছে । লৰালৰিকৈ গাড়ীখন লৈ তাক নাৰ্চিংহোম পোৱালোগৈ । ডাক্টৰে চালে ঔষধ দিলে । ৰাতিটো থকাৰ কথা কলে ।

চিনাকী ডাক্টৰজনক এবাৰ লগ কৰি সুধি জানিলো – সামান্য বিষক্ৰীয়াৰ ফলত হোৱা গেছ ।

ৰোগীৰ ওচৰলৈ আহি বোৱাৰীজনীক সুধিলো দিনটো কি কি খাইছিল । তাই কলে- দিনটো তেনেকৈ একো বেলেগ বস্তু খোৱা নাই । ভাতৰ লগত বাইদেৱে (মোৰ শ্ৰীমতী) পথাই দিয়া কেৰেলা ভাজি দিছিল।
মোৰ অন্তৰ কঁপি গল । আমাৰ ঘৰৰ কেৰেলাজোপাত মাত্ৰ এদিন আগতে দৰব দিছিলো । আগতে দৰব দিলে ঘৰৰ সকলোকে জনাই দিও । এইবাৰ জনাবলৈ নহল । উহ কি কৰো ।
ডাক্টৰজনক পুনৰ এবাৰ লগ কৰি কথাখিনি বিবৰি কলো ।

ডাক্টৰে হাঁহি মাৰি কলে -ইমান চিৰিয়াচ হবলৈ একো নাই । এই চৰজীখিনি ঘৰৰ বুলিহে এই কথা বোৰ গম পালে । বজাৰৰ পৰা অনা সকলো ফলমূল, শাক-পাচলী লগত বিষ ফ্ৰিতে পোৱা হয়। সেইটো জানেনে ? আমি তৃতীয় বিশ্বৰ মানুহ ! অচল টকাৰ বজাৰ এইখন ! এইযে বিষবোৰ, উন্নত দেশত অচল । তাত যেতিয়া বন্ধ কৰিব, তেতিয়া আমাৰ তৃতীয় বিশ্বৰ দেশক বস্তু বা ফৰ্মূলা বেচিব ।

সেই সময়তে দিৰায় চাহ বাগিছাৰ পৰিচালক মি. শইকীয়া আহি যোগ দিলে । থিক কৈছে ডাক্টৰ । আমাৰ বাগানবোৰকো কমখন জ্বলাকলা কৰিছেনেকি ? বিদেশলৈ ৰপ্তানীৰ কৰা চাহত নিদিষ্ট হাৰত বিষৰ উপস্থিতিয়ে আমি প্ৰস্তত কৰা চাহ বিদেশত বিক্ৰী নহবও পাৰে । তাৰোপৰি আছে পথ নিৰ্দেশক এজেঞ্চীবোৰ । হেচেপ, ট্ৰাষ্টি, আই.এচ.অ ২২০০০, বৰ্ষাৰণ্য মিত্ৰতা আদি । ইমান বছৰ চাকৰি কৰিলো- খনে খনে হাবি কাটি বাগান বনালো । এতিয়া এই এজেঞ্চিবোৰে পোষ্টাৰ মাৰি মানুহক সজাগ কৰিব – গছ কাটিব নালাগে। জন্তু চিকাৰ নকৰিবা । গছ মানুহৰ বন্ধু । অৰণ্যৰ গভীৰতা বুজি নোপোৱা, জিলিৰ মাত শুনি নোপোৱাজনে বৰ্ষাণ্যৰ পাতিবলৈ শিকায় ।ৰাতি ১ বজাত দিৰায় চাহ বাগিছাৰ পৰিচালকৰ ক্ষোভ ॥

খেল এখন চলি আছে নেকি ? ডাক্টৰে টিভিটো খুলিলে । টিভিত অদ্ধউলংগ এজনীয়ে চকমকাই থকা বাচন এসোপা লৈ বিজ্ঞাপন দিছে ।বাচন ধোৱা চাবোনৰ ।

ডাক্টৰে কলে -এই পেটৰ যিকোনো অসুখৰ বাবে এই চাবোনৰ অৱদান কম নহয় । চিন্তা কৰক যি চাবোনে মাজি গুচাব নোৱাৰা তেলচিকতি ক্ষন্তেকতে আঁতৰ কৰে । সেই চাবোন বাচনত ৰৈ গলে আমাৰ পেটু ভুৰুৰ পিচল লুব্ৰিকান্টৰ কামকৰা অংশ, যিটো বস্তু পেটৰ অসুখৰ চূড়ান্ত অৱস্থাত শাও হিচাবে পৰে , চাফা কৰি নিবলৈ কিমান পৰ । কত ৰকমৰ বেমাৰেই বা হব পাৰে , হিচাব নাই ।

নাই ফুটবল খেল দিয়া নাই । ডেৰ বাজিবৰ হল . মোৰো যাবৰ হল। ডাক্টৰে কলে-আপোনাৰ পেচেন্টৰ চেলাইন শেষ হলে যাবগৈ । মি. শইকীয়া, কষ্ট হলেও আপুনি ৰাতিপুৱালৈকে বাট চাব লাগিব । মইও ভতিজাটোৰ ওচৰলৈ খোজ ললো ।

১৯ -৬-২০১৪

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!