তেজৰ ইউৰিক এচিড নিয়ন্ত্ৰণৰ উপায় – ডাঃ মনোজ কুমাৰ শইকীয়া

আমাৰ অজ্ঞতাৰ হেতু আজিকালি তেজত ইউৰিক এচিড বঢ়া ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়িছে আৰু ভৱিষ্যতে হয়তো সামাজিক সমস্যা ৰূপে দেখা দিব৷ স্বাভাৱিকতে ৪০ বছৰ বয়সৰ পিছত এই ৰোগ হয় যদিও খাদ্যভ্যাস আৰু জীৱন ধাৰণৰ পৰিৱৰ্তনৰ বাবে কম বয়সীয়া পুৰুষ-মহিলা এই ৰোগত আক্ৰান্ত হয়৷ আমাৰ খাদ্য বিপাকৰ অন্তত স্বাভাৱিক ভাৱে উৎপন্ন হোৱা ইউৰিক এচিড তেজত মিহলি হৈ থাকে৷ তেজত থকা স্বভাৱিব ইউৰিক এচিডৰ পৰিমাণ হৈছে মহিলাৰ ক্ষেত্ৰত ২’৪- ৬ মিঃগ্ৰাঃ /১০০ মিলি লিটাৰ তেজ আৰু পুৰুষৰ ক্ষেত্ৰত ৩’৪-৭ মিঃগ্ৰাঃ /১০০মিলি লিটাৰ তেজ৷ ইয়াতকৈ পৰিমাণ বৃদ্ধি হোৱাক ইউৰিক এচিড ৰোগত আক্ৰান্ত হোৱা বুলি গণ্য কৰা হয়৷
তেজত ইউৰিক এচিড বৃদ্ধিৰ সৈতে লিভাৰ আৰু কিডনীৰ প্ৰত্যক্ষ সম্পৰ্ক আছে যদিও আন কিছুমান ৰোগ গৌণভাৱে জড়িত হৈ থাকে৷ এই ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ সমূহ সংক্ষেপে তলত উল্লেখ কৰা হল৷
(১) ঘৰচীয়া জন্তুৰ মাংস, ব্ৰইলাৰ মূৰ্গী, কণী, গাখীৰৰ পৰা উৎপাদিত খাদ্য অত্যধিক পৰিমাণে খোৱা আৰু কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম নকৰিলে বিপাকৰ অন্তত তেজত ইউৰিক এচিভ বাঢ়ে৷ এই ক্ষেত্ৰত লিভাৰ সুস্থ অৱস্থাত থাকে যদিও উপচিতিৰ বাবে ইঊৰিক এচিড বাঢ়ে৷ সেয়েহে শাৰীৰিক পৰিশ্ৰম নকৰা ব্যক্তিয়ে এই ধৰণৰ খাদ্য খোৱাৰ ক্ষেত্ৰত সাৱধান হব লাগে৷
(২) আজিকালি চালানী মাছৰ পয়োভৰতা দিনকদিনে বাঢ়িব ধৰিছে৷ ছালানী মাছ নেগেলিব আৰু নপচিবৰ বাবে ফৰ্মেলডিহাইদ মাছৰ দেহত সানি সংৰক্ষণ কৰে৷ এই বিষাক্ত ছালানী মাছ খালে লিভাৰ আৰু কিডনীৰ নানানটা ৰোগ হয়৷ লিভাৰ আৰু কিডনী আক্ৰান্ত হলে শৰীৰত হঠাতে ইঊৰিক এচিড বাঢ়ে
(৩) ফেটি লিভাৰ অথবা নানান ধৰণৰ পুৰণি লিভাৰ ৰোগত আক্ৰান্ত হৈ থকা অৱস্থাত ওপৰোক্ত খাদ্যসমূহ স্বাভাৱিক পৰিমাণে খালেও বিপাকত বিসঙ্গতি আহি পৰে৷ ফলস্বৰূপে তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়িবলৈ ধৰে৷ সেয়েহে লিভাৰৰ ৰোগত আক্ৰান্ত হৈ থকা অৱস্থাত এই ধৰণৰ খাদ্য বৰ্জন কৰিব লাগে৷
(৪) ৰঙালাও কিছুমান মানুহৰ অতি প্ৰিয় খাদ্য৷ ৰঙালাওত পিউৰিণ নামৰ পদাৰ্থ বেছিকৈ থাকে আৰু বিপাকৰ অন্তত পিউৰিণ পদাৰ্থবিধ ইউৰিক এচিডলৈ পৰিৱৰ্তন হৈ তেজত সঞ্চিত হবলৈ ধৰে‌৷ সেয়েহে সদায় আৰু অত্যধিক পৰিমাণে ৰঙালাও নাখাব৷
(৫) বেঙেনা, বিলাহী, ফুলকবি, পালেংশাক, বীট, বিনজাতীয় পাচলি এক লাভজনক খেতি৷ বেছিকৈ লাভ কৰাৰ উদ্দেশ্য খেতিয়কে জোখ-মাখ নোহোৱাকৈ জধেমধে অতি বিষাক্ত আৰু স্বাস্থ্য হানিকাৰক ৰাসায়নিক সাৰ তথা কীট নাশক ঔষধ প্ৰয়োগ কৰে৷ এনেধৰণৰ পাচলি খালে লিভাৰ আৰু কিডনীৰ ক্ষতি কৰাৰ লগতে তেজত ইউৰিক এচিড বাঢ়িবলৈ ধৰে৷ পৰাপক্ষত এনে ধৰণৰ পাচলি খোৱাৰ ক্ষেত্ৰত সাৱধন হব৷ হাইব্ৰীড পাচলি ক্ষতিকাৰক হোৱাৰ বিপৰীতে থলুৱা পাচলি বহুত উপকাৰী৷
(৬) ৰঙা চাকি আটা ইউৰিক এচিড বৃদ্ধিৰ এটা মুখ্য কাৰণ বুলিও কব পাৰি৷ সেউজ বিপ্লৱৰ নামত আজিকালি জধেমধে ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ ব্যৱহাৰ কৰা হয় ‌৷ প্ৰায় ৭% ৰাসায়নিক সাৰ তথা কীটনাশক শস্যৰ বীজত সঞ্চিত হয়৷ শস্য সামৰাৰ পিছত পোক-পৰুৱাই নাখাবৰ বাবে তথা নপচিবৰ কাৰণে পুনৰ অতি বিষাক্ত পদাৰ্থ ডি, ডি, টি; মালাথিয়ান ইত্যাদি ঘেহুত মিহলি কৰে৷ এই ঘেহু নোধোৱাকৈ বা শোধন নকৰাকৈ আটা বনোৱা হয়৷ এই আটা ব্যৱহাৰ কৰিলে লিভাৰ আৰু কিডণীৰ নানা ধৰণৰ জটিল ৰোগ হোৱাৰ লগতে তেজত ইউৰিক এচিড বৃদ্ধি হোৱাৰ উপৰিও কেঞ্চাৰ ৰোগ হয়৷ সেয়েহে আটা বৰ্জন কৰি থলুৱা জা-জলপান ব্যৱহাৰ কৰিব
(৭) কিনা আচাৰ, চচ, কাসুন্দী ইত্যাদিত বেছি পৰিমাণে ভিনেগাৰ দিয়া থাকে‌৷ ভিনেগাৰ হৈছে এচেটিক এচিড, এই এচেটিক এচিড খোৱাৰ পিছত শৰীৰৰ তেজত ইউৰিক এচিড বাঢ়িবলৈ ধৰে৷ পৰাপক্ষত এই ধৰণৰ কিনা বস্তু নাখাব, ঘৰতে বনাই খাব৷
(৮) ক্ৰনিক ৰিনেল ফেইলাৰ, নেফ্ৰাইটিছ আদি কিছুমান কিডনী ৰোগ হলে ভালদৰে তেজ শোধন কৰিব নোৱাৰে৷ ফলস্বৰূপে তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়িবলৈ ধৰে৷ গতিকে কিডনী ৰোগৰ লক্ষণসমূহ দেখা মাত্ৰেই চিকিৎসকৰ লগত পৰামৰ্শ কৰিব৷
(৯) আমাৰ শৰীৰৰ দুই-তৃতীয়াংশ পানী থাকে৷ সেয়েহে শৰীৰটো ভালদৰে শোধন হবলৈ প্ৰতিদিনে প্ৰায় তিনি-চাৰি লিটাৰ পানীখাব লাগে৷ পানী বেছিকৈ খালে বেছিকৈ পেচাব হয় আৰু পেচাবৰ সৈতে তেজৰ বৰ্জিত পদাৰ্থ তথা অতিৰিক্ত ইউৰিক এচিড নিৰ্গত হয়৷ কম পানী খোৱা ব্যক্তিৰ তেজত ইউৰিক এচিড বঢ়াৰ উপৰিও কিডনী ষ্টন ৰোগত আক্ৰান্ত হয়৷ সেয়েহে সদায় প্ৰচুৰ পৰিমাণে পানী খালে এই ৰোগৰ পৰা ৰক্ষা পাব পাৰি৷
(১০) বংশগত ভাৱে তেজত ইউৰিক এচিড বাঢ়িলে তাক নিৰাময় কৰাটো সম্ভৱপৰ নহয়৷ সেয়েহে এই সকল ব্যক্তি খোৱা-বোৱাৰ ক্ষেত্ৰত অধিক সচেতন হৈ থাকিব৷
(১১) হঠাতে শৰীৰৰ ওজন হ্ৰাস, শৰীৰৰ পদ্ধতিগত ৰোগ, ৰক্তহীনতা, জটিল অস্ত্ৰোপচাৰ, ৰক্ত কেঞ্চাৰ, হজ্কিন ৰোগ, লচিকা গ্ৰন্থিৰ কৰ্কট আদি ৰোগত আক্ৰান্ত হলেও তেজত ইউৰিক এচিড বাঢ়ে৷
(১২) ঠাণ্ডা ঠাইত বহুত দিন থাকিলে অথবা একেৰাহে বহুত দিন শৰীৰত ঠাণ্ডা লগোৱা কাম কৰাৰ ফলত ইউৰিক এচিড বাঢ়ে‌৷
(১৩) বহুত দিন মূত্ৰল ঔষধ (diuretics) খাই থাকিলেও তেজত ইউৰিক এচিড বৃদ্ধি পায়৷ গতিকে জধেমধে মূত্ৰল ঔষধ নাখাব৷
(১৪) শোথৰোগ (সৰ্বশৰীৰ ফুলা), উচ্চ ৰক্তচাপ আদি ৰোগত আক্ৰান্ত হলেও তেজত ইউৰিক এচিড বৃদ্ধি হয়‌৷ এই ৰোগত আক্ৰান্ত হলে চিকিৎসা গ্ৰহণ কৰিব৷
(১৫) সদায় বেছিকৈ মদ্যপান কৰা, কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰা আৰু প্ৰায়েই উপবাস কৰা ব্যক্তিৰ শৰীৰত জৈৱিক এচিড উৎপন্ন হয়৷ সময়ৰ পৰিৱৰ্তনৰ লগে লগে জৈৱিক এচিড ইউৰিক এচিডলৈ পৰিৱৰ্তন হৈ তেজত সঞ্চিত হয়৷ পৰাপক্ষত মদ্যপান, কঠোৰ পৰিশ্ৰম আৰু অপ্ৰয়োজনীয় উপবাসৰ পৰা বিৰত থাকিব৷ একেলগে মদ আৰু মাংস খোৱাটো অধিক ক্ষতিকাৰক৷
(১৬) গেষ্ট্ৰিক ৰোগৰ বাবে খোৱা পেণ্টোপ্ৰাজল, ৰবিপ্ৰাজল টেবলেত আৰু বিষনাশক ঔষধ বেছিকৈ ব্যৱহাৰ কৰিলে কিডনী ফেইলাৰ নামৰ কিডনী ৰোগহয়৷ এই ৰোগত আক্ৰান্ত হলে শৰীৰৰ তেজ ভালকৈ শোধন হ’ব নোৱাৰে আৰু শৰীৰত ইঊৰিক এচিড দিনক দিনে বাঢ়িবলৈ ধৰে৷ উল্লেখযোগ্যযে নিউইয়ৰ্কৰ বেছেট মেডিকেল চেণ্টাৰৰ প্ৰখ্যাত গৱেষক চিকিৎসক চৰত থংপ্ৰায়ুনে চলোৱা গৱেষণা মূলক অধ্যয়ন মতে গেষ্ট্ৰিকৰ ঔষধ পেণ্টোপ্ৰাজল আৰু ৰবিপ্ৰাজল টেবলেত বেছিকৈ খোৱা ব্যক্তিৰ ৩৩% কিডনী ফেইলাৰ আৰু দূইতৃতীয়াংশৰ পাকস্থলী কেঞ্চাৰ হয়৷
ইঊৰিক এচিড ৰোগৰ উপসৰ্গ
“““““““““““““““““““““““““““
ইউৰিক এচিড স্ফটিক আকাৰত থাকে৷ তেজত ইউৰিক এচিড বৃদ্ধি হলে ইঊৰিক এচিডৰ স্ফটিক শৰীৰৰ গাঁঠি নাইবা জোৰাত সঞ্চিত হবলৈ ধৰে৷ ক্ৰমান্বয়ে বাতৰক্ত বা Gout নামৰ গাঠি ফুলা আৰু বিষোৱা ৰোগ হয়৷ প্ৰথমে ভৰিৰ বুঢ়া আঙুলিত বিষ আৰম্ভ হয় আৰু শেষলৈ হাত-ভৰিৰ বিভিন্ন গাঁঠি ফুলি বিষাবলৈ ধৰে৷ তদুপৰি ইঊৰিক এচিডৰ স্ফটিক কিডনীত সঞ্চিত হৈ কিডনী ষ্টন গঠন কৰে৷
আহাৰ-বিহাৰ
“““’’’’’’’’’’’’’’’’
ইঊৰিক এচিড নিয়ন্ত্ৰণ কৰি সুস্বাস্থ্য ৰক্ষাৰ বাবে আহাৰ ছবাৰ খাব লাগে৷ দুপৰীয়া আৰু ৰাতি আহাৰ ১৫-২০% ‌কমাই খাব৷ পুৱা, আগবেলা, আবেলি আৰু সন্ধিয়া লঘু আহাৰ খাব৷ এইদৰে আহাৰ খালে লিভাৰ, অগ্ণাশয় আদিত অত্যধিক চাপ নপৰে বাবে বিপাকত আউল নালাগে৷ মাংস, কণী, গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত প্ৰোটিন আৰু চৰ্বিযুক্ত আহাৰ কমকৈ খাব৷ বেঙেনা, বিলাহী, ফুলকবি, তিয়হ, পালেঙ, ৰঙালাও নাখাব৷ পানী চাৰিলিটাৰ খাব৷ শাৰীৰিক পৰিশ্ৰম কৰিব৷
চিকিৎসা
““““““““’
এই ৰোগৰ কাৰণ আৰু উপসম ইতিমধ্যে ওপৰত উল্লেখ কৰা হৈছে‌৷ লিভাৰ আৰু কিডনী সুস্থ-সবল কৰাৰ লগতে বিষ উপসমৰ চিকিৎসা কৰিলেহে সম্পূৰ্ণ ভাল হয়৷
(১) লিভাৰ সুস্থ সবল কৰাৰ বাবে Arogya vardhani দূটাকৈ তিনিবাৰ খাব৷ Kumaryasav নাইবা Rohitakarista নামৰ আয়ুৰ্বেদিক লিভাৰ ঔষধ চাৰি চামূচকৈ দিনে তিনিবাৰ আহাৰৰ পিছত খাব৷ আয়ুৰ্বেদিক পেটেণ্ট ঔষধ Liv52, Livomyn, Amlycure, Beeliv, Livfit আদি ঔষধো খাব পাৰে৷
(২) কিডনী সুস্থ সবল কৰি ৰখাৰ বাবে Chandra prabha vati অথবা vangeswar ras-দূটাকৈ দিনে তিনিবাৰ খাব৷ Chandanasav নাইবা Punarnawarista- কিডনী সুৰক্ষাৰ বাবে ভাল ঔষধ, চাৰি চামুচকৈ দিনে তিনিবাৰ খাব৷
(৩) গাঠিৰ বিষ উপসমৰ বাবে Kaishore gugulu নাইবা Yogaraj gygyu – দুটাকৈ দিনে তিনিবাৰ খাব৷
(৪) বিষ উপসমৰ বাবে saindhabadi toil নাইবা Vishagarbha toil -দিনে তিনি-চাৰি বাৰ মালিছ কৰিব৷
উল্লেখযোগ্য যে আয়ুৰ্বেদিক চিকিৎসাত ইউৰিক এচিড ৰোগী সম্পূৰ্ণ ভাল হয়৷

ডাঃ মনোজ কুমাৰ শইকীয়া
হোৱাটৃএপ-94352097004

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!