তেলবিহীন বৰিয়লা মাছৰ টেঙা- বৰ্ণালী সুষমা দেবী

উপকৰণ: বৰিয়লা মাছ কেইটামান, কুঁজি ঠেকেৰা দুটুকুৰামান, সোৱাদ অনুযায়ী নিমখ, হালধি৷

প্ৰণালী:
প্ৰথমে মাছখিনি ধুই বাচি-কুটি ল’ব লাগে৷ তাৰপিছত মাটিৰ কেৰাহীখন জুইত উঠাই মাছখিনি দি আন্দাজ মতে নিমখ, হালধি আৰু কুঁজি-ঠেকেৰা দুডোখৰ মান (টেঙা হোৱাকৈ) দি মাছখিনি ডুব যোৱাকৈ পানী দিব লাগে৷ উতল আহিলে এবাৰ লৰাই দি তাতে কেঁচা জলকীয়া এটামান দি ঢাকোন মাৰি কম জুইত দি থৈ দিব লাগে৷ পিছত পুনৰ লৰাব নালাগে৷ অলপ সময়ৰ পিছত ফট-ফটকৈ ফুটিলে জুইৰ পৰা নমাই পৰিবেশন কৰিব পাৰে৷ এনেদৰেই তেল-মছলাবিহীন স্বাস্থ্যসন্মত ব্যতিক্ৰমী সোৱাদযুক্ত মাছৰ টেঙা এখন খুৱাই ৰান্ধনীয়ে খুব সহজেই বাঃ বাঃ ল’ব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!