তৰাগাঁজৰ লগত মাছৰ পিটিকা — পিংকি বৰুৱা

উপকৰণঃ
তৰাগাঁজ আধাবাতি, মিঠাতেল প্ৰয়োজনমতে, নিমখ স্বাদমতে, জলকীয়া ৪/৫ টামান, নহৰু ৮ কোঁহমান, আদা আধা ইঞ্চি, পিয়াঁজ এটা, ধনিয়া পাত অলপমান, মাছৰ বুকুৰ অংশ দুটুকুৰামান (ঐচ্ছিক), কলপাত এখন আৰু বান্ধিবলৈ সূতা বা কলপাতৰ আঁহ৷

প্ৰণালীঃ
তৰাগাঁজৰ মাজৰ কোমল অংশখিনি কাটি ল’ব৷ কলপাতখন ৰ’দত লেৰেলাই ল’ব৷ মাছ দুটুকুৰাত নিমখ সানি লৈ কলপাতখনত দিব৷ তাৰ পিছত কুটি লোৱা তৰাগাঁজ, আদা, নহৰু, কেঁচা জলকীয়া, পিয়াঁজ, ধনিয়া পাত অলপমান আৰু মিঠাতেল অলপ দি কলপাতখন মেৰিয়াই টোপোলা এটা কৰিব৷ এতিয়া টোপোলাটো কলপাতৰ আঁহ বা সূতাৰে ভালদৰে বান্ধি পেলাব, যাতে ভিতৰৰ বস্তুবোৰ ওলাই নাহে৷ এতিয়া ননষ্টিক কেৰাহীখন গৰম কৰি এক চামুচমান তেল দি গৰম হ’বলৈ দিব৷ তাৰপিছত টোপোলাটো কেৰাহীখনত দি ঢাকোন মাৰি কম জুইত প্ৰায় ৫/৬ মিনিট সময় ৰাখিব৷ তাৰপিছত টোপোলাটো লুটিয়াই দি আকৌ ৫/৬ মিনিট সময়ৰ বাবে ৰাখিব৷ তাৰপাছত টোপোলাটো উলিয়াই আনি খুলি ভিতৰৰ বস্তুবোৰ উলিয়াই আনক৷ মাছৰ কাঁইটখিনি চামুচেৰে খুচি আঁতৰাই দিব৷ শেষত ধনিয়া পাত আৰু প্ৰয়োজনমতে নিমখ দি ভালদৰে মিহলি কৰি গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰক৷**

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!