থাইৰয়ড হৰম’নজনিত সমস্যা (ডা° ধৰ্মকান্ত কুম্ভকাৰ)

সমাজৰ প্ৰায় পাঁচৰ পৰা ছয় শতাংশ ব্যক্তিয়ে থাইৰয়ড হৰম’নজনিত সমস্যাত ভোগা দেখা যায়। মহিলাসকলৰ মাজত এনে সমস্যা অধিক পৰিলক্ষিত হয়। থাইৰয়ড হৰম’নজনিত সমস্যাত ভোগা ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশৰ উন্নয়ন বাধাগ্ৰস্ত হয়। সঠিক সময়ত চিকিৎসা নকৰিলে, এই সমস্যাই মানুহক ভয়াৱহ বিপদত পেলাব পাৰে। লাহে লাহে মানুহ থাইৰয়ড হৰম’নজনিত সমস্যাৰ বিষয়ে সজাগ হবলৈ আৰম্ভ কৰিছে। অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ নিয়মিত চিকিৎসা গ্ৰহণ কৰিলে, এনে সমস্যাত ভোগা ব্যক্তিয়ে এক সুস্থ আৰু সুন্দৰ জীৱন যাপন কৰিব পাৰে।

থাইৰয়ড গ্ৰন্থি কি –

প্ৰতিজন ব্যক্তিৰে ডিঙিৰ আগফালে নিম্নাংশত অৱস্থিত থাইৰয়ড গ্ৰন্থি এক বিশেষ ধৰণৰ সৰু গ্ৰন্থি। দেখিবলৈ পখিলাৰ দৰে। সাধাৰণতে বাহিৰৰপৰা ইয়াৰ অৱস্থিতি অনুমান কৰিব নোৱাৰি যদিও গ্ৰন্থিটোৱে তাৰ কিবা সমস্যাৰ বাবে ডাঙৰ আকৃতি গ্ৰহণ কৰিলে ইয়াৰ অৱস্থিতি বাহিৰৰ পৰা গম পোৱা যায়। গ্ৰন্থিটোৰ সোঁ আৰু বাওঁ নামৰ দুটা লোব (Lobe) থাকে আৰু এই দুটা ডিঙিৰ সোঁ আৰু বাওঁ ফালে অৱস্থিত। লোব দুটাক ইচমাছে (Isthmus) সংলগ্ন কৰি ৰাখে। গ্ৰন্থিটোৱে নিৰ্গত কৰা থাইৰোক্সিন (Thyroxine – T4) নামৰ বিশেষ হৰম’নবিধে শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যংগৰ কোষত সোমাই কাম কৰে। সেয়েহে এই গ্ৰন্থিয়ে নিৰ্গমন কৰা হৰম’নৰ কিবা সমস্যা হলে আমাৰ শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যংগ আক্ৰান্ত হয়।

থাইৰয়ড হৰম’ন কি –

থাইৰোক্সিন (T4) হ’ল মুখ্য থাইৰয়ড হৰম’ন। তদুপৰি সামান্য পৰিমানে ট্ৰাই-আয়োডো থাইৰোনিন (Tri-iodo Thyronin-T3) নামৰ হৰম’নবিধো থাইৰয়ড গ্ৰন্থিয়ে নিৰ্গমন কৰে। এই দুয়োবিধ হৰম’ন নিৰ্গমন হবলৈ আমাৰ মগজুত থকা হাইপোথেলামাছে (Hypothalamus) ‘থাইৰোট্ৰফিন ৰিলিজিং হৰম’ন’ (TRH-Thyrotrophin Releasing Hormone) নিৰ্গত কৰে। TRH-য়ে পিটুইটাৰী (Pituitary) গ্ৰন্থিক ‘থাইৰয়ড ষ্টিমুলেটিং হৰম’ন’ (THS- Thyroid Stimulating Hormone) নিৰ্গত কৰায়। TSH-য়ে থাইৰয়ড গ্ৰন্থিত থকা থাইৰোগ্লোবুলিন (Thyroglobulin) আৰু আয়োডিনৰ ৰাসায়নিক বিক্ৰিয়া ঘটায়। কেইবাখলপীয়া এই প্ৰক্ৰিয়াৰে থাইৰয়ড গ্ৰন্থিত ট্ৰাই-আয়োডো থাইৰোনিন (T3) আৰু থাইৰোক্সিন (T4) নামৰ হৰম’ন দুবিধ তৈয়াৰ হয়। এই হৰম’ন তেজত থকা “থাইৰোক্সিন বাইণ্ডিং গ্লোবুলিন’ৰ সৈতে সংলগ্ন হৈ শৰীৰত চলাচল কৰে। মুক্ত হৰম’নখিনিয়ে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ কোষবোৰৰ ভিতৰত প্ৰৱেশ কৰি মেটাবলিজিমকে ধৰি বিশেষ ধৰণৰ কাৰ্য্যবোৰ সম্পাদন কৰে।
সাধাৰণতে হাইপোথেলামাছ আৰু পিটুইটাৰী গ্ৰন্থিয়ে আমাৰ শৰীৰত থাইৰয়ড হৰম’নৰ পৰিমান কম বা বেছি হ’লেই ‘Positive Feedback’ অথবা ‘Negative Feedback’ পদ্ধতিৰে ‘থাইৰোট্ৰফিন ৰিলিজিং হৰম’ন’ আৰু ‘থাইৰয়ড ষ্টিমুলেটিং হৰম’ন’ ৰ নিৰ্গমনৰ তাৰতম্য ঘটাই শৰীৰৰ থাইৰয়ড হৰম’নৰ পৰিমান সঠিক ৰখাৰ বাবে থাইৰয়ড গ্ৰন্থিক হৰম’ন নিৰ্গমন কৰা পৰিচালনা কৰে। অৰ্থাৎ শৰীৰত থাইৰোক্সিন (T4) আৰু ট্ৰাই-আয়োডো থাইৰোনিনৰ (T3) পৰিমান কম হলে ‘Positive Feedback’ পদ্ধতিৰে হাইপোথেলামাছক ‘থাইৰোট্ৰফিন ৰিলিজিং হৰম’ন’ আৰু পিটুইটাৰী গ্ৰন্থিক ‘থাইৰয়ড ষ্টিমুলেটিং হৰম’ন’ বেছিকৈ নিৰ্গমন কৰাই, থাইৰয়ড গ্ৰন্থিৰ দ্বাৰা বেছিকৈ থাইৰয়ড হৰম’ন নিৰ্গত কৰি শৰীৰত তাৰ পৰিমান ৰক্ষা কৰে। আনহাতে শৰীৰত থাইৰোক্সিন (T4) আৰু ট্ৰাই-আয়োডো থাইৰোনিনৰ (T3) পৰিমান বেছি হলে ইয়াৰ ওলোটা ‘Negative Feedback’ পদ্ধতিৰে হাইপোথেলামাছক ‘থাইৰোট্ৰফিন ৰিলিজিং হৰম’ন’ আৰু পিটুইটাৰী গ্ৰন্থিক ‘থাইৰয়ড ষ্টিমুলেটিং হৰম’ন’ কমকৈ নিৰ্গমন কৰাই, থাইৰয়ড গ্ৰন্থিৰ দ্বাৰা কমকৈ থাইৰয়ড হৰম’ন নিৰ্গত কৰি শৰীৰত তাৰ পৰিমান ৰক্ষা কৰে। সামগ্ৰিকভাৱে ই এক জটিল প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ কৰবাত বিজুতি ঘটিলেই শৰীৰত থাইৰয়ড হৰম’নৰ পৰিমানৰ তাৰতম্য ঘটে আৰু থাইৰয়ড হৰম’নজনিত সমস্যাই দেখা দিয়ে। যদিহে থাইৰয়ড গ্ৰন্থিৰ নিজা সমস্যাৰ বাবে এনে হয়, তেন্তে তাক প্ৰাইমাৰী (Primary); পিটুইটাৰী গ্ৰন্থিৰ সমস্যাৰ বাবে হ’লে চেকেণ্ডাৰী(Secondary) আৰু হাইপোথেলামাছৰ সমস্যাৰ বাবে হ’লে টাৰচিয়াৰী (Tertiary) বুলি কোৱা হয়। থাইৰয়ড হৰম’নজনিত সমস্যা মূলত হাইপাৰথাইৰয়ড (Hyperthyroid) অথবা হাইপোথাইৰয়ড (Hypothyroid) এই দুই অৱস্থাৰ যিকোনো এটা হ’ব পাৰে।

(ক) হাইপাৰথাইৰয়ড অৱস্থা

হাইপাৰথাইৰয়ড অৱস্থাত থাইৰয়ড গ্ৰন্থিটোৱে বেছি কাৰ্যক্ষম হৈ বেছিকৈ থাইৰয়ড হৰম’ন নিৰ্গমন কৰে। ফলত শৰীৰত থাইৰয়ড হৰম’নৰ পৰিমাণ বাঢ়ে। ইয়াক থাইৰোটোক্সিকোছিছ (Thyrotoxicosis) বুলিও কোৱা হয়। যদিহে থাইৰয়ড গ্ৰন্থিৰ নিজা সমস্যাৰ বাবে এনে হয়, তেন্তে তাক প্ৰাইমাৰী হাইপাৰথাইৰয়ডিজিম (Hyperthyroidism) আৰু পিটুইটাৰী গ্ৰন্থি অথবা হাইপোথেলামাছৰ সমস্যাৰ বাবে এনে হ’লে ক্ৰমান্বয়ে চেকেণ্ডাৰী হাইপাৰথাইৰয়ডিজিম আৰু টাৰচিয়াৰী হাইপাৰথাইৰয়ডিজিম বুলি কোৱা হয়।
থাইৰয়ড গ্ৰন্থিটোৰ আকাৰ বঢ়া, মাল্টিনডুলাৰ গ’য়টাৰ, থাইৰয়ড গ্ৰন্থিৰ টিউমাৰ, গ্ৰেভচ ৰোগ, থাইৰোডাইটিছ, টক্সিক এডিনোমা, থাইৰয়দ নডুল, দৰৱৰ পাৰ্শ্বক্ৰিয়া (যেনে- এমাইঅ’ডেৰন, আয়োডিন ইত্যাদি) আদি প্ৰাইমাৰী হাইপাৰথাইৰয়ডিজিমৰ মুখ্য কাৰণ। পিটুইটাৰী গ্ৰন্থিৰ টিউমাৰ চেকেণ্ডাৰী হাইপাৰথাইৰয়ডিজিম আৰু হাইপোথেলামাছৰ টিউমাৰ টাৰচিয়াৰী হাইপাৰথাইৰয়ডিজিমৰ কাৰণ।
শৰীৰৰ ওজন কমি অহা ( নিয়মিত আহাৰ খাই থকা সত্ত্বেও), ভোক বাঢ়ি অহা, গৰম সহ্য কৰিব নোৱাৰা অৱস্থা হোৱা, অত্যাধিক ভাগৰ লগা, ভালদৰে টোপনী নোহোৱা, বুকুৰ ধপধপনি বাঢ়ি অহা, শৰীৰৰ কঁপনি উঠা, আঙুলিৰ কঁপনি, সঘনাই বেছি পৰিমাণৰ পায়খানা হোৱা, স্নায়ুৰ দূৰ্বলতা, খিংখিঙিয়া ভাৱ, স্নায়ুৰ দূৰ্বলতা, মাংসপেশীৰ দুৰ্বলতা, চুলি সৰা, ছালৰ ৰোগ, ছালৰ খজুৱতি, ঘামি অহা, মূৰৰ বিষ, চকু ৰঙাপৰা, চকুকেইটা প্ৰকট হৈ বাহিৰলৈ ওলাই অহাৰ লেখিয়া হোৱা, মাহেকীয়া বন্ধ হোৱা, ঋতুস্ৰাৱ কমি অহা, সন্তানহীনতা, পুৰুষৰ ক্লীৱতা আদি এই অৱস্থাৰ লক্ষণ। এই অৱস্থাৰ বাবে গৰ্ভৱতী মাতৃৰ গৰ্ভপাত পৰ্যন্ত হ’ব পাৰে। কেতিয়াবা এই অৱস্থাত উপসৰ্গবোৰ ইঠাৎ বাঢ়ি আহে। ভয়ানকভাৱে জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰা এই পৰিস্থিতিক থাইৰোটোক্সিক ক্ৰাইছিছ (Thyrotoxic Crisis) বা থাইৰয়ড ষ্ট’ৰ্ম বুলি কোৱা হয়। এই অৱস্থাত হাৰ্ট ফেইলাৰ পৰ্যন্ত হ’ব পাৰে। এনে অৱস্থাত জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন হয়।

(খ) হাইপোথাইৰয়ড অৱস্থা-

হাইপোথাইৰয়ড অৱস্থাত গ্ৰন্থিটোৰ কাৰ্যদক্ষতা কম হোৱা বাবে ইয়াৰ পৰা কম পৰিমানে থাইৰয়ড হৰম’ন নিৰ্গমন হয়। ফলত শৰীৰত থাইৰয়ড হৰম’নৰ পৰিমাণ কমি যায়। থাইৰয়ড গ্ৰন্থিৰ নিজা সমস্যাৰ বাবে এনে হ’লে তাক প্ৰাইমাৰী হাইপোথাইৰয়ডিজিম (Hypothyroidism) আৰু পিটুইটাৰী গ্ৰন্থি অথবা হাইপোথেলামাছৰ সমস্যাৰ বাবে এনে হ’লে ক্ৰমান্বয়ে চেকেণ্ডাৰী হাইপোথাইৰয়ডিজিম আৰু টাৰচিয়াৰী হাইপোথাইৰয়ডিজিম বুলি কোৱা হয়।
থাইৰয়ড গ্ৰন্থিটো সৰু হোৱা, কিছু পৰিমাণে নষ্ট হোৱা, গ্ৰেভচ ৰোগ, থাইৰয়ড গ্ৰন্থিৰ কৰ্কটৰোগ, আয়োডিনৰ অভাৱ, হাচিমটো থাইৰোডাইটিছ, শাৰিৰীক আৰু মানসিক ষ্ট্ৰেচ (Stress), দৰৱৰ পাৰ্শ্বক্ৰিয়া (যেনে- এমাইঅ’ডেৰন, লিথিয়াম, কাৰবিমাজল, মেথিমাজল, প্ৰপাইল থায়োইউৰাচিল ইত্যাদি), গয়ট্ৰজেনিক খাদ্য (য়েনে- বন্ধাকৱি, ফুলকবি, চালগোম, চয়াবিন ইত্যাদি) অত্যাধিক গ্ৰহণ, থাইৰয়ড গ্ৰন্থিৰ জন্মগত বিকৃতি, থাইৰয়ড গ্ৰন্থিৰ অস্ত্ৰোপচাৰ, তেজস্ক্ৰিয় আয়োডিনৰ ব্যৱহাৰ আদি প্ৰাইমাৰী হাইপোথাইৰয়ডিজিমৰ প্ৰধান কাৰণ। পিটুইটাৰী গ্ৰন্থিৰ কৰ্কট ৰোগ, কাৰ্যদক্ষতা কমোৱা ৰোগ চেকেণ্ডাৰী হাইপোথাইৰয়ডিজিমৰ কাৰণ আৰু হাইপোথেলামাছৰ কাৰ্যদক্ষতা কমোৱা ৰোগ টাৰচিয়াৰী হাইপোথাইৰয়ডিজিমৰ কাৰণ।
সহজতে ভাগৰুৱা হোৱা, হাত দুখনৰ জিন জিননি, চিৰিং কৈ হোৱা হাতৰ বিষ, মাত গাঢ় হোৱা, পায়খানা টান হোৱা, হতাশাত ভোগা, মানসিক ৰোগ হোৱা, কাণেৰে কম শুনা হোৱা, শুকান ৰূঢ় ছাল আৰু চুলি, চুলি সৰা, চকুৰ চাৰিওফালে উখহি উঠা, ভৰি ফুলা, তেজ বমি হোৱা, অত্যাধিক ঋতুস্ৰাৱ হোৱা, সন্তানহীনতা, পুৰুষৰ ক্লীৱতা আদি এই অৱস্থাৰ লক্ষণ। এই অৱস্থাত কেতিয়াবা ৰোগী অজ্ঞান পৰ্যন্ত হ’ব পাৰে। এনে অজ্ঞান অৱস্থাক মিক্সোডিমা ক’মা (Myxodema Coma) বুলি কোৱা হয়।

থাইৰয়ড হ’ৰমনজনিত সমস্যাৰ চিনাক্তকৰণ-

ৰোগীৰ তেজত থকা থাইৰয়ড হৰম’নৰ মাত্ৰা নিৰূপন কৰি এই সমস্যা চিনাক্ত কৰিব পাৰি। তেজত TSH, মুঠ T3 আৰু T4 (Total T3, T4), মুক্ত T3 আৰু T4 (Free T3, T4) ৰ পৰিমাণ নিৰূপন কৰা হয়। থাইৰয়ড হৰম’নৰ সাধাৰণ অৱস্থাক ইউথাইৰয়ড (Euthyroid) বুলি কোৱা হয়। এনে অৱস্থাত তেজত TSH ৰ পৰিমাণ (দুইৰ পৰা বাৰ বছৰৰ তলৰ শিশুৰ ০.৬৪ – ৬.২৭ মিলি IU প্ৰতি মিলিলিটাৰ, বাৰৰ পৰা ওঠৰ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ ০.৫১ ৰ পৰা ৪.৯৪ মিলি IU প্ৰতি মিলিলিটাৰ, ওঠৰ বছৰৰ ওপৰৰ ব্যক্তিৰ ০.৫৫ ৰ পৰা ৪.৭৮ মিলি IU প্ৰতি মিলিলিটাৰ); মুঠ T3 ৰ পৰিমান ৬০ ৰ পৰা ১৮১ নেনোগ্ৰাম প্ৰতি ডেচিলিটাৰ; মুঠ T4 ৰ পৰিমান ৩.২ ৰ পৰা ১২.৬ নেনোগ্ৰাম প্ৰতি ডেচিলিটাৰ; মুক্ত T3 ৰ পৰিমাণ ১.৫ ৰ পৰা ৪.১ পিকোগ্ৰাম প্ৰতি ডেচিলিটাৰ; আৰু মুক্ত T4 ৰ পৰিমাণ ০.৮-১.৯ নেনোগ্ৰাম প্ৰতি ডেচিলিটাৰ থাকে। সাধাৰণতে প্ৰাইমাৰী হাইপাৰথাইৰয়ড অৱস্থাত T3 আৰু T4 ৰ পৰিমান বাঢ়ি TSH ৰ পৰিমাণ ০.০১ মিলি IU প্ৰতি মিলিলিটাৰতকৈ কম হোৱা দেখা যায়। অন্যহাতে প্ৰাইমাৰী হাইপোথাইৰয়ড অৱস্থাত T3 আৰু T4ৰ কমি আহে আৰু TSHৰ পৰিমাণ ৭.০ মিলি IU প্ৰতি মিলিলিটাৰতকৈ বেছি হোৱা দেখা যায়। কিন্তু চেকেণ্ডাৰী আৰু টাৰচিয়াৰী হাইপাৰথাইৰয়ডিজিম অৱস্থাত T3 আৰু T4 ৰ পৰিমান বাঢ়ি যায় যদিও TSHৰ পৰিমাণ সঠিক থাকে অথবা সামান্যভাৱে বাঢ়ি যায়। তেনেদৰে চেকেণ্ডাৰী আৰু টাৰচিয়াৰী হাইপোথাইৰয়ডিজিম অৱস্থাত T3 আৰু T4 ৰ পৰিমান কমি যায় আৰু TSHৰ পৰিমাণ সঠিক থাকে অথবা সামান্যভাৱে কমি যায়। সেয়েহে প্ৰাইমাৰী অৱস্থাৰ সৈতে চেকেণ্ডাৰী অথবা টাৰচিয়াৰী অৱস্থাৰ পাৰ্থক্য চাবলৈ TSH ৰ পৰিমান নিৰূপন এক সুন্দৰ মাপকাঠি। ইয়াৰ উপৰিও অন্যান্য কাৰণবোৰ ঠিৰাং কৰাৰ বাবে এন্টিব’ডি, বিশেষকৈ Anti TPO, ৰেডিঅ’আইচোটোপ ইমেজিং, আল্ট্ৰাচাউণ্ড, FNAC আদি কৰিব পাৰি।

থাইৰয়ড হৰম’নজনিত সমস্যাৰ চিকিৎসা-

(১) হাইপাৰথাইৰয়ড অথবা হাইপোথাইৰয়ড অৱস্থাৰ সৃষ্টি কৰা কাৰণ বোৰৰ চিকিৎসা কৰা।
(২) হাইপাৰথাইৰয়ড অৱস্থাৰ সৃষ্টি হ’লে, থাইৰয়ড গ্ৰন্থিৰ ভিতৰত বেছিকৈ হৰম’ন গঠন প্ৰক্ৰিয়াৰ গতি কমাই অনাই মুখ্য উদ্দেশ্য। এই অৱস্থাত সাধাৰণতে এন্টিথাইৰয়ড দৰৱৰ (যেনে-কাৰবিমাজল, মেথিমাজল, প্ৰপাইলথায়োইউৰাচিল) লগত বিটা ব্লকাৰ ঔষধেৰে ৰোগীক চিকিৎসা কৰা হয়। ইয়াৰ বাবে মুখেৰে খোৱা ঔষধেই যথেষ্ট। চিকিৎসা অলপ দীঘলীয়া হ’ব পাৰে। কেতিয়াবা থাইৰয়ড গ্ৰন্থিৰ আকাৰ কমাবলৈ গ্ৰন্থিটোৰ অস্ত্ৰোপচাৰ অথবা তেজস্ক্ৰিয় আয়োদিন ব্যৱহাৰ কৰা হয়। তদুপৰি ইয়াৰ সতে জড়িত উপসৰ্গবোৰৰ চিকিৎসা কৰিব লাগে।
(৩) হাইপোথাইৰয়ড অৱস্থাৰ সৃষ্টি হ’লে, বাহিৰৰপৰা থাইৰয়ড হৰম’ন যোগান ধৰিব লাগে। ৰোগ চিনাক্ত হোৱাৰ পিছত থাইৰয়ড হৰম’নৰ পিল (যেনে থাইৰোনৰ্ম, এলট্ৰস্কিন) চিকিৎসকে নিৰ্ধাৰিত কৰি দিয়া পৰিমাণত নিয়মীয়াকৈ খাই থাকিব লাগিব৷ ই আজীৱন খাব লাগে। গৰ্ভৱতী অৱস্থাতো এই ঔষধ খাব পাৰি। থাইৰয়ড হৰম’নৰ পিল পুৱা খালি পেটত খাব লাগে। অন্য ঔষধ থাইৰয়ড হৰম’নৰ পিল খোৱাৰ কমেও এক ঘন্টাৰ পিছতহে খাব লাগে। চিকিৎসকে সাধাৰণতে নিম্নতম পৰিমাণৰ থাইৰয়ড হৰম’ন ব্যৱহাৰ কৰাটো বিচাৰে, কিন্তু সঠিক ড’জ নিৰ্ধাৰণ কৰিবলৈ পোনতে ২/৩ মাহৰ মূৰে মূৰে তেজৰ হৰম’নৰ পৰিমাণ পৰীক্ষা কৰিবলগীয়া হয়৷ পিছলৈ বেচি সময়ৰ ব্যৱধানত পৰীক্ষা কৰিলেও চলিব৷ কিছুমান ঔষধে (যেনে এন্টাচিড, কেলচিয়াম, আইৰন) থাইৰয়ড হৰম’ন পিলৰ ক্ৰিয়াত ব্যাঘাত জন্মায় । গতিকে চিকিৎসকৰ অজ্ঞাতে একো দৰব খাব নালাগে। হাইপোথাইৰয়ডিজমৰ চিকিৎসা কৰি থাকোতে বুকুৰ ধপধপনি হলে, বৰ্দ্ধিত ওজন অতি দ্ৰুতভাবে হ্ৰাস হলে, বেচিকৈ ঘামিলে, কঁপনি বা অস্থিৰতা অনুভৱ কৰিলে লগে লগে চিকিৎসকক জনাব লাগে। জোখতকৈ বেচিকৈ দৰব সেৱন কৰাৰ ফলত এনে হব পাৰে৷

থাইৰয়ড হৰম’নজনিত সমস্যা আৰু খাদ্য-

হাইপাৰথাইৰয়ড আৰু হাইপোথাইৰয়ডৰ খাদ্য তালিকাত নিষেধাজ্ঞা পৃথক পৃথক ৷ হাইপোথাইৰয়ড অৱস্থাত গৰল উৎপন্ন কৰাৰ সম্ভাৱনা থকা খাদ্য (Goitrogenic Food) যেনে- বন্ধাকবি, ফুলকবি, ব্ৰুকলি, বীন, মটৰ, মিঠা আলু, কাঠ আলু, গোমধান, চালগোম, চালাড পাত, কটাৰী ডবুৱা মাহ, বাজৰা, সৰিয়হ পাত, মূলা, পালেংশাক, বাঁহগাজ আদি খাব নালাগে। এইবিলাকত থকা চালফাৰে আয়’ডিন আহৰণত বাধা দিয়ে বাবে থাইৰয়ড হৰম’ন কমকৈ তৈয়াৰ হয়। এইবোৰ থাইৰয়দ চাপ্ৰেচৰ খাদ্য। আনহাতে গ্লুটেনযুক্ত খাদ্যই (যেনে- গোমধান, ঘেঁহু, বাৰ্লিজাতীয় খাদ্য) অট’ইমুন ৰোগ উৎপন্ন কৰিব পাৰে৷ চয়াবীন আৰু চয়াবীনৰ পৰা বনোৱা গাখীৰ, কটাৰী ডবোৱা মাহত থকা ৰাসায়নিক পদাৰ্থই আয়’ডিন থাইৰয়ড গ্ৰন্থিলৈ সোমোৱাত বাধা দিয়ে৷ আহোমবগৰী, প্লাম, ষ্ট্ৰবেৰী, পাইনৰ গুটি, মটৰমাহ আদিয়ে থাইৰয়ড হৰম’ন শৰীৰৰ কোষত সোমোৱাত বাধা দিয়ে বাবে এইবোৰ খাদ্য হাইপোথাইৰয়ড অৱস্থাত ত্যাগ কৰি আয়োডিনযুক্ত খাদ্য, আয়োডিনযুক্ত মিহি নিমখ, ভিটামিন আৰু এন্টিঅক্সিডেন্টযুক্ত ( যেনে- হালধি, আদা, শুকান ফল, সাগৰীয় মাছ, জামু আদি পুষ্টিকৰ খাদ্য খাব লাগে।
হাইপাৰথাইৰয়ড অৱস্থাত চাহ, কফি, চকলেট, নাৰিকল, আভাকাডো, ৰঙামাংস, কণী, চিষ্টিনযুক্ত খাদ্য খোৱা উচিত নহয়। বন্ধাকবি,ফুলকবি,ব্ৰুকলি,বীন,মটৰ, ছয়াবিন আদি খাব পাৰি। থাইৰয়দ চাপ্ৰেচৰ খাদ্য খোৱাৰ লগতে কম আয়োডিনযুক্ত খাদ্য আৰু ভিটামিনযুক্ত পুষ্টিকৰ খাদ্য খাব লাগে। ৷

 

 

One thought on “থাইৰয়ড হৰম’নজনিত সমস্যা (ডা° ধৰ্মকান্ত কুম্ভকাৰ)

  • February 18, 2018 at 3:25 pm
    Permalink

    ..হাইপাৰ থাইৰয়ড হ’লে কি কি খাব নালাগে?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!