থোৰতে নাটকৰ অভিজ্ঞতাৰ তিতা-মিঠা: ধীৰাজ কলিতা

নাটকৰ জীৱন আৰু জীৱনৰ নাটক বিশেষ

থোৰতে নাটকৰ অভিজ্ঞতাৰ তিতা-মিঠা

ধীৰাজ কলিতা

(নাটক কৰোঁতে, বিভিন্ন সময়ত আনে কৰা নাটক চাওঁতে বহুতো কথা শিকা হয়।হঠাত্‍ মনত পৰাত তাৰে কিঞ্চিত মান লিখিত ৰূপ দিলোঁ।)

পেক্ষাগৃহত থাকিও নাটক নাচায় বিচাৰকেঃ

কলেজৰ নাটক প্ৰতিযোগিতাৰ ফলাফল ঘোষণাৰ সময়ত মঞ্চত উঠি বিছাৰকজনে উপস্থিত দৰ্শকক উদ্দেশ্যি এনেদৰে কৈছিল,”আমি বিছাৰকসকলৰ এটাই দুখ, আপোনালোকৰ দৰে ইমান সুন্দৰকৈ নাটক এখন উপভোগ কৰিব নোৱাৰোঁ|যি দৄষ্টিত আপোনালোকে নাটকৰ ৰস লয় কোনো কাৰনতেই আমি নাটকবোৰ তেনেকুৱা দৄষ্টিত চাব নোৱাৰোঁ|শুনিবলৈ বেয়া শুনি যদিও নাটক এখনৰ আৰম্ভণিৰ পৰা শেষলৈ বিভিন্ন ভুল ধৰাতেই ব্যস্ত থাকিবলগীয়া হয় আমি| মুৰত এটা টেনশ্বন থাকি যায়, কিবা ৰৈ গল নেকি(?)| সেই কাৰনেই উপস্থিত সৰহসংখ্যকেই ভাল পোৱা নাটকখনেও কেতিয়াবা পুৰস্কাৰ নাপায়| সংলাপবোৰ কান থিয় কৰি শুনিব লাগে, এটা চকু মঞ্চত আনটো চকু স্ক্ৰিপটখনত| কেতিয়াবা এনেকুৱা দোমোজাত পৰা যায় যে হাঁহি উঠা দৄশ্যটো হাঁহিব সুবিধাই নাপাও |অকল কানত পৰে, পিছফালৰ দৰ্শকে পেটৰ নাৰী চিঙি যোৱাকে হাঁহিছে| হাঁহি উঠা সংলাপ/অভিনয় বোৰাত হাঁহিব নোৱাৰিলে বা দুখৰ দৄশ্যবোৰত চকু দুহাল সেমেকাব নোৱাৰিলে নাটক চোৱাৰ মজা থাকে জানো?বহু বছৰ আগৰ ঘটনা| শিশু নাটক এখনত কনমানি এজনীৰ চমত্‍কাৰ অভিনয় দেখি মই তধা লাগি চাই থাকিলোঁ, ৩০ মিনিট সময় কেনেকৈ পাৰ হল মই মনিবই নোৱাৰিলোঁ|শেষত যেতিয়া নাটক শেষ হোৱা বুলি গম পালো উপায়হীন হৈ সহ বিছাৰকজনে দিয়া নম্বৰৰ ওচৰা ওচৰি কিবা এটা নম্বৰ দি পাল মাৰি থলোঁ|বিছাৰকৰ এই দীঘলীয়া যাত্ৰাত সেইয়াই মোৰ অক্ষমনীয় ভুল৷”

যিবোৰ কথা সাধাৰণতে আমাৰ চকুত নপৰে

ক)কিবা এটা কথাক লৈ গৄহস্থৰ চোতালতে হুঁচৰি গাব অহা দলটোৰ মাজতে কাজিয়া|দলতো ভাগ হৈ নতুন দুটা দলৰ সৄষ্টি হ’ল |এনেকুৱাই আছিল নাটকখনৰ কাহিনী |গাঁওবুঢাজনে হাতত লৈ অনা হাত লেম্পটো গৄহস্থৰ এচুকত থৈ হুঁচৰি মাৰিলে| বিছাৰকে পিছত কলে, লেম্পটো হেনো গৄহস্থৰ এচুকত থৈ পোহৰ অকনমান কমাই থ’ব লাগে, কাৰণ গৄহস্থৰ চোতালত পোহৰৰ ব্যৱস্থা থাকেই| নাটকৰ আখৰা কৰাৰ সময়ত আমাৰ পৰিচালকৰো সেই কথাটো চকুত পৰা নাছিল |

খ)মঞ্চত এখন গুমটিৰ দোকান| দোকানীজনে ৰাতিপুৱা দোকান খুলি চকলেট-বিস্কুটৰ টেমা বোৰ ছাফা কৰি ধুপকাঠি জ্বলালে| চেণ্ডেল পিন্ধি ধুপকাঠি জ্বলোৱা, ধূপকাঠি জ্বলোৱাৰ পিছত ধুপকাঠি দুডাল গুজি দিবলৈ কোনো ব্যৱস্থা নথকা ইত্যাদি ভুল বোৰ বিছাৰকে আঙুলিয়াই দিলে| স্থায়ী দোকান এখনত সাধাৰণতে সদায় ধূপ জ্বলাই ধূপকাঠিখিনি গুজি দিবলৈ এটা নিৰ্দিষ্ট স্থান থাকে|আমাৰ দোকানীৰ চৰিত্ৰত অভিনয় কৰা জনে পৰিস্থিতি চম্ভালি অৱশেষত বিস্কুটৰ টেমাটোৰে ভৰ দিয়েই ধূপকাঠি দুডাল ৰাখিলে৷

গ)”ক্ৰিকেট খেল চাই ভালপোৱা বিভুতি মাষ্টৰৰ ৰাতিপুৱাৰ প্ৰথম কাম হল বাৰন্দাৰ চকীখনত বহি, বাতৰিখন হাতত লৈ ক্ৰিকেটৰ বাতৰি বোৰ ডাঙৰ ডাঙৰ মাতেৰে পঢ়ি পাকঘৰত থকা শ্ৰীমতীকো শুনোৱা|” এইয়া আছিল নাটকখনৰ দৄশ্য| কিন্তু মাষ্টৰৰ চৰিত্ৰত থকা জনে হেনো কাকতখনৰ মাজত নিজৰ সংলাপ লিখা থকা কাগজ এখিলা স্টেপল মাৰি লৈছিল, বিছাৰকে সংলাপ কোৱাৰ ধৰনতেই হেনো বুজি পালে |অকল সেয়াই নহয় অভিনেতাজনে কাকতৰ তৄতীয় পৄষ্ঠা পঢ়ি আছিল |সাধৰনতে তৄতীয় পৄষ্ঠাত খেলৰ বাতৰি নিদিয়ে |
ঘ)মঞ্চত অভিনেতাজনে যিফালেৰে সোমাইছিল, নাটকখনত সেয়া আছিল পুখুৰীৰ পাৰত থকা গছ এজোপাৰ তললৈ যোৱা একমাত্ৰ ৰাস্তা|মঞ্চৰ সোঁফালেৰে অভিনেতাজন সোমাই ভুলতে প্ৰস্থান কৰাৰ সময়ত বাওফালেৰে গল| নাটকত আচলতে বাওঁফালে সেয়া এটা মস্ত পুখুৰী বুলি কোৱা হৈছিল| বিছাৰকে কওঁতেহে আমাৰ চকু খোল খালে |

নাটকৰ ৰস লগা কথাবোৰ

ক)মৌজাদাৰৰ ঘৰ| ল’ৰাজনৰ অসুখ| ডাক্তৰ আহিছে| বনকৰা ল’ৰাজনে ডাক্তৰলৈ প্লেট এখনত কাচৰ গিলাচ এটাত পানী এগিলাচ লৈ সোমাই আহিছে| আচলতে নাটকত তেনেকুৱা সংলাপ নাছিল যদিও ওস্তাদি মাৰি মৌজাদাৰে বনকৰা লৰাজনক কলে,”ৰামু, মোৰ কাৰণেও পানী এগিলাচ অনা|” “ঠিক আছে” বুলি কৈ মঞ্চ প্ৰস্থান কৰিলে ৰামুৱে| গ্ৰীণৰুমত গৈ হাহাকাৰ|ৰামু মঞ্চত নুঠে আৰু|পানীও নাই গিলাচও নাই |আকৌ যদি মৌজাদাৰে পানী খুজে সি কি বুলি উত্তৰ দিব?

খ)অফিচৰ ভিতৰত তৰ্কা-তৰ্কিত লিপ্ত ঘোচখোৰ বিষয়া আৰু ঠিকাদাৰ এজন| কথাৰ কটাকটিয়ে ভয়ংকৰ ৰূপ ললে| ঠিকাদাৰে পকেটৰ পৰা চুৰি এখন উলিয়াই অফিচাৰ গৰাকীৰ পেটত সোমাই দিলে| কোঠাত ঢলি পৰি অফিচাৰজ | টেবুলখনৰ খুৰাৰ চুকত লুকাই ৰাখিছিল “তেজ”ৰ কাৰণে ৰঙা ৰঙৰ বটল এটা|নিপুনতাৰ অভাৱত অভিনেতাজনে ৰঙা ৰং খিনি ভৰিত পেলালে|এইফালে পেটত সোমাই যোৱা চুৰি খনত দুইহাত ধৰি চিত্‍কাৰ কৰি আছে পিছে তেজ ওলাইছে ভৰিৰ পৰা |

গ) ছোৱালীৰ চৰিত্ৰ এটা কৰিবলৈ আভিনেত্ৰী বিচাৰি পোৱা নাই| লগৰ এজন আছিল, ভালদৰে মেকাআপ কৰি দিলে মাতে কথাই, চালে-চলনে ল’ৰা বুলি চিনাটোৱে কঠিন| আমাৰ নাটক আছিল ক্ৰমিক ৫ নংত| আগৰ দল এটাই কিবা খেলিমেলিৰ কাৰনে শেষমুহুৰ্ত্তত নাটক নকৰাৰ সিদ্ধান্ত ল’লে|গতিকে আমাৰ ৩০-৪০ মিনিট সময় কমি গল| দৰ্শকে চিঞৰ-বাখৰ লগাইছে| দৌৰাদৌৰিকে কমসময়ৰ ভিতৰতেই সাজু হ’লো |দৰ্শকৰ কিৰিলিত হে গম পালোঁ, ছোৱালীৰ চৰিত্ৰত অভিনয় কৰা জনৰ বুকুত সোঁফালে কৄত্ৰিমভাৱে এটা “স্তন” সাজিবলৈ পাহৰি থাকিলে|

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!