দবাখেলৰ প্ৰয়োজনীয়তা- দিগন্ত চহৰীয়া

দবা মগজুৰ খেল৷ দবাত পুৰুষ- মহিলা, ল’ৰা- ছোৱালী উভয়ে একেলগে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে৷ বয়সৰো কোনো কথা নাই৷ কম বয়সৰ খেলুৱৈৱে বেছি বয়সৰ খেলুৱৈৰ বিৰুদ্ধে খেলিব পাৰে৷ দবা খেলিলে মগজুৰ ব্যায়াম হয়৷ মগজুৰ সক্ৰিয়তা বৃদ্ধি পায়৷ ধীৰ- স্থিৰ হয়৷ ধৈৰ্যশক্তি বাঢ়ে৷ সংযমী হয়৷
দবা শিকাৰ আদৰ্শ সময় বুলি ক’লে, দুই- তিনি বছৰ বয়সৰ পৰাই শিশু এটিক দবাৰ সৈতে পৰিচয় কৰাই দিলে ভাল৷
এতিয়া চ’চিয়েল মিডিয়াৰ বিস্ফোৰণৰ সময়ত ছাত্ৰ- ছাত্ৰী কম বয়সৰ পৰাই ফেচবুক, ৱাটছএপৰ প্ৰতি আসক্ত৷ চছিয়েল মিডিয়াক বেয়া বুলি ক’ব খোজা নাই৷ কিন্তু পঢ়াৰ বোজাৰ মাজত বেছি সময় ফেচবুক, ৱাটছএপ আদিত থাকিলে ক্ষতি হোৱাৰ আশংকাই প্ৰবল৷ তেনেস্থলত ছাত্ৰ- ছাত্ৰীক দবাৰ প্ৰতি আগ্ৰহী কৰি তুলিলে ভাল ফলাফল আশা কৰিব পাৰি৷ কেৱল দবা বুলি নহয়, কৈশোৰ যৌৱনৰ সন্ধিক্ষণত ছাত্ৰ- ছাত্ৰীক খেল বা যিকোনো ভাল বিষয়ৰ সৈতে জড়িত কৰি ৰাখিব পাৰিলে, ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে জীৱনত কিবা এটা কৰিব৷ কেৰিয়াৰ নষ্ট হোৱাৰ ভয় নাথাকে৷ পঢ়াশুনাৰ ক্ষেত্ৰত দবা যথেষ্ট সহায়ক হয়৷ উচ্ছৃংখলতা ৰোধৰ ক্ষেত্ৰত দবা খেলৰ ভূমিকাক কোনোৱে নুই কৰিব নোৱাৰে৷


দেশৰ বহুকেইখন ৰাজ্যৰ বিদ্যালয়ত দবা বাধ্যতামূলক খেল৷ অসমৰ চৰকাৰী স্কুলত কিন্তু দবা খেলক গুৰুত্ব দিয়া হোৱা নাই৷ অৱশ্যে গুৱাহাটীৰ বহুকেইখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ অভিজাত স্কুলত দবা এটা বিষয় হিচাপে ৰখা হৈছে৷ ফলস্বৰূপে গুৱাহাটীত প্ৰতিভাশালী দবাৰুৰে ভৰি পৰিছে৷
অসম চৰকাৰে দবাক স্কুল সমূহত বাধ্যতামূলক কৰা উচিত৷ ভাল খেলুৱৈ সৃষ্টি হোৱাত এই পদক্ষেপে নিশ্চয় সহায় কৰিব৷ সমাজৰ বাবেও ই ইতিবাচক প্ৰভাৱ পেলাব৷
দবা খেলৰ সামাজিক প্ৰভাৱ আছে৷ আগতেও কোৱা হৈছে, দবা খেলুৱৈ ধীৰ- স্থিৰ আৰু সংযমী হয়৷ যদি দবা এক সংস্কৃতি হিচাপে গঢ়ি উঠে, তেন্তে নিশ্চয়কৈ সমাজৰ কিছুমান নেতিবাচক দিশ নিৰ্মূল হ’ব৷
দবাৰ এই সামাজিক দিশটো উল্লেখযোগ্য৷ কিন্তু বিশ্বমানৰ দবা খেলুৱৈ সৃষ্টি কৰিবলৈ বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ প্ৰয়োজন৷ দবাৰ পাৱাৰ হাউছ ৰূপে স্বীকৃত অন্ধ্ৰ, তামিলনাডু আদি ৰাজ্যত প্ৰতি বছৰে দহখন মান ৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ এই প্ৰতিযোগিতা সমূহত দেশৰ আগশাৰীৰ খেলুৱৈয়ে অংশ লয়৷ লগতে গ্ৰেণ্ড মাষ্টাৰৰ তত্ত্বাৱধানত প্ৰশিক্ষণ আছেই৷ বিদেশৰ গ্ৰেণ্ড মাষ্টাৰো আহে৷ উচ্চ ৰেংকিঙৰ খেলুৱৈৰ সৈতে খেলিলে নিজৰ খেলৰ উত্তৰণ ঘটা স্বাভাৱিক৷
অসমত দবাৰ এক সুস্থ পৰিবেশ গঢ়ি নুঠা নহয়৷ প্ৰতিযোগিতা পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে৷ এয়া শুভ লক্ষণ৷ পিছে এয়াই যথেষ্ট নহয়৷ আৰু অধিক প্ৰতিযোগিতা নিয়মীয়াকৈ অনুষ্ঠিত হোৱা প্ৰয়োজন৷ লগতে থাকিব লাগিব নিয়মীয়া প্ৰশিক্ষণৰ ব্যৱস্থা৷ বৰ্তমান অসমত ‘ফিডে’ ৰেটিং লাভ কৰা দবাৰুৰ সংখ্যা তাকৰ নহয়৷ কিন্তু এজনো ইণ্টাৰনেচনেল মাষ্টাৰ নাই৷ গ্ৰেণ্ড মাষ্টাৰতো দূৰ অস্ত৷ এনে পৰিপ্ৰেক্ষিতত দবাৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰাৰ সময় সমাগত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!