দবা (সমুদ্ৰ কাজল শইকীয়া)

দবা (চনেট)

 
কোনো সিদ্ধান্তৰ বাবেই জীৱন থমকি নৰয়
এই যে থমকি ৰোৱা পদে পদে, কাৰণ অকাৰণ-
সেয়া সাময়িক। ক্ষণিক চাঞ্চল্য, ক্ষণিক সম্বৰণ।
তথাপি ভাবি গুণি দিবা খোজ- গুণীজনেও কয়।
মোৰ প্ৰত্যেকটো চাল বাৰে বাৰে প্ৰতিহত হয়
তোমাৰ বাধাত। ৰুধিত কৰা মোৰ ইপ্সিত চলন।
তোমাৰ হাতেৰে লাঞ্ছিত হোৱাৰ যি মাদকতাকণ-
তোমাৰে সৈতে দবা খেলো তাৰ বাবেইতো নিশ্চয়।
এই খেলা এনে এক খেলা কোনেও কাকো হৰুৱাব নোৱাৰে য’ত
কোনোবাখিনিত নিজে নকৰিলে ভুল- অজানিতে কিম্বা স্বেচ্ছায়।
একোটা ভুল সিদ্ধান্ত লৈ বুজি উঠোঁ, কিবা এটা ভুল হ’ল- তৎক্ষণাৎ।
বুজি উঠোঁ অনিবাৰ্য পৰিণতি তাৰ কি হ’ব, মাথোঁ পৰাজয়।
আজিলৈ তুমি জিকিলা, মই হাৰিলোঁ। টপ্কৈ চুমা দিলা কপালত,
ক’লা, তুমি হাৰি যে মোক জিকালা, এই জয়োতো তোমাৰেই জয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!