দিগন্ত বৰাৰ ৰহঘৰা

(১)

 

:হেল্ল’?কাষ্টমাৰ কেয়াৰ?

:হয় ছাৰ কওকচোন। মই প্ৰীতিয়ে কিদৰে সহায় কৰিম?

:সহায় কৰিব খুজিছে যদি মোৰ ত্ৰিশ টকা ঘূৰাই দিয়ক।

:ক্ষমা কৰিব চাৰ। মই বুজাত অসুবিধা পাইছোঁ।

:কালি নিশা বাৰ বজালৈকে মোৰ ৩৮ টকা বেলেন্স আছিল। এতিয়া ৮ টকা আছে। ত্ৰিশ টকা কেনি গল?

:বেয়া নাপায় যদি এক মিনিট আপোনাৰ কলটো হ’ল্ড কৰিব পাৰিমনে ছাৰ?মই চেক কৰি জনাই আছো আপোনাক।

টোট.. টোট। ফোন হ’ল্ডেই হৈ গল। মই বোলো হাৰামজাদী। বেলেন্স ৰির্টাণ নকৰিলে তোক আজি টাকুৰী ঘূৰোৱা দি ঘূৰোৱাম।

:হেল্ল’ ছাৰ। ইমান সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ। ছাৰ, আপোনাৰ LOVE PACK টো এক্টিভ হৈ আছে।

:সেইটো আকৌ কি?

:ছাৰ ইয়াত লভ টিপছ্ থাকে।

: টিপছ্ বোৰ লৈ মই টপাটোৱে কাক ফচাম?

:আপোনাৰ গার্লফেণ্ডক ছাৰ।

:কেনেকৈ?

:আমাৰ টিপছ্ পঢ়ক ছাৰ।

:মিছ প্ৰীতি, আপোনাক পটাবৰ বাবে মই কোনটো টিপছ্ লম?

:ক্ষমা কৰিব ছাৰ। মই আপোনাক সহায় কৰিবলৈ অপাৰগ।

:মিছ প্ৰীতি,আই লভ ইউ কৰিব বিছাৰো। মই টিপছ্ বোৰ কামত লগাব বিছাৰো। মোক লভ কৰক মিছ প্ৰীতি।

:চৰী চাৰ। আপোনাক মই সহায় কৰিব নোৱাৰোঁ।

:মই নিবিছৰাকৈয়ে আপুনি মোক লভ টিপছ্ দিছে মিছ প্ৰীতি। আপুনি ভাল পাবই লাগিব মোক।

:চৰী ছাৰ। আপোনাৰ ত্ৰিশ টকা ঘূৰাই দিছোঁ ছাৰ। ৰিলায়েন্সত কল কৰাৰ বাবে ধন্যবাদ।

 

২)

 

লগৰটোৰ সতে নিমাতীত নদীৰ থিয় গড়াত বহি কথা পাতি থাকোঁতে ফৰেইনাৰ তিনিটা আমাৰ ফালে আহি থকা দেখি লগৰটোৱে হুকহুক কান্দোন আৰম্ভ কৰি দিলে। ময়ো ৰৈ নাথাকিলোঁ। কপাল চপৰিয়াই চপৰিয়াই কান্দিব ধৰিলোঁ। ফৰেইনাৰ কেইজন আচৰিত হৈ হোৱাট হেপেণ্ড বুলি কাষ চাপিলহি। লুইতৰ বক্ষলৈ আঙুলিয়াই মই কলো, ডেয়াৰ ওৱাজ এ হাউচ। ফৰেইনাৰকেইজনে আচৰিত হৈ লুইতৰ সোঁতলৈ চোৱাত মই কপাল চপৰিয়াই ইংৰাজীতে কলো যে যোৱা ৰাতি আমাৰ ঘৰ দুটা লুইতৰ বুকুত জাহ গল। বাইক গল,এল আই চি পলিচি গল। চব গল। মই টোকোনা হৈ গলো। মোৰ সুৰত সূৰ মিলাই লগৰটোৱেও মোৰ দৰে কৈ কান্দিব ধৰিলে। একোবত ময়ো মৰিয়ে থাকো বুলি লুইতত জাপ দিবলৈ ওলালোঁ। ফৰেইনাৰকেইজনে মোক গবা মাৰি তেনে নকৰিবৰ বাবে অনুৰোধ কৰিলে। তেওঁলোকে কলে উই উইল হেল্প ইউ। আমি দুয়োটাই আকৌ মাটিত মূৰ মাৰি মাৰি কান্দিব ধৰিলোঁ। ফৰেইনাৰ কেইজনে আমাক বুজাই বঢ়াই শান্ত কৰিবৰ চেষ্টা কৰিলে। তাৰ পাছত আমাৰ হাতত তিনিওজনে মিলাই টকা পাচ হাজাৰ তুলি দিলে। ঘৰখনেই গল যেতিয়া পইচা লৈ নো কি কৰিম? তেওঁলোকক টকাকেইটা ওভোতাই দিয়াতো নল’লে। বৰঞ্চ নিজৰ ফোন নং কেইটাহে লিখি দি তেওঁলোকক কন্টেক্ট কৰিব কলে। নাটকখন কৰোঁতে কোনোবাই দেখে বুলি ভয়ো লাগিছিল। পিছে ৰক্ষা। টকাটো সমানে ভাগ কৰি ঘৰ পালোঁহি এতিয়া। হি হি

 

৩)

 

যদি আঢ়ৈ টকাত পেট ফুলাই খাব খোজে তেন্তে আমাৰ গৃহলৈ আহক যদুৰাই। দূপৰতে এজন ওলালহি। মই বোলো পেট ফুলাই নোখোৱাকৈ আপোনাক যাবলৈ নিদিওঁ। তেও বোলে হোটেলতে খাম দিয়ক।

মই বোলো আমি থাকোঁতে এশ দি হোটেলত কিয় খাব?

তেখেতে কলে এশতো ল’বই।

মই বোলো  মই আপোনাক আঢ়ৈ টকাত এপেট খুৱাম।

তেখেতে বোলে সাধু কথা নক’ব।

মই বোলো প্ৰমাণ চাওক।

তেখেত আধা ঘন্টাও ৰ’ব লগা নহ’ল। ভিতৰলৈ নি হাতীখুজীয়া বাতি এটাত পকা কঁঠাল আৰু পিঠাগুৰি এক বাতি দিলোঁ। মানুহজনে প্ৰথমে কেৰেং মেৰেং কৰিছিল। মই বোলো খাই চাওঁকচোন। বেয়া পালে পেলাই দিব।

আমাৰ ঘৰৰ পিঠাগুৰি পেলাই দিব পাৰে? খোদ যদি ছোনীয়া গান্ধীও আমাৰ ঘৰলৈ আহে তেন্তে পকা কঁঠাল আৰু পিঠাগুৰি খুৱাই পৰিকল্পনা আয়োগত যদি ভাল জব এটা ল’ব নোৱাৰোঁ তেন্তে মই অমুকাৰ পুতেক নহয়। কোৱালিফিকেচন কম বাবেহে পৰিকল্পনা আয়োগত বিচাৰিম। তাতনো ক’ৰ কোৱালিফাইড কেইটাই চাকৰি কৰে? কৰা হ’লেনো ২৩ টকা পকেটত থকাজন ধনী মানুহ বুলি কয়নে?

বাৰু থাকক। পকা কঁঠালেৰে পিঠাগুৰি বাতি খোৱাৰ পাছত ইমান জোৰ কৰা সত্বেও আলহীজনে ভীমকল দুটা নাখালে। পেট হেনো ফুল হৈ গল। মই বোলো এতিয়া টকা আঢ়ৈ টকা দিয়ক আৰু পানৰ ঠাৰি এটা মুখত লৈ যাওক গৈ। আপোনাক তিনি টকা মূল্যৰ তামোলখন খুৱালে মোৰ লাভে মূলে চব যাব ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!