দিল্লীত এইবাৰ ছালোনী হত্যা : সঁচাই প্ৰতিৰোধ সম্ভৱনে? (অজয় লাল দত্ত)

আজি আকৌ! ৰাতিপুৱাই পোৱা খবৰ এটাই মন মগজু জোকাৰি গৈছে। পুৱতি নিশা ০২-৩০বজাত দক্ষিণ দিল্লীৰ কোটলা অঞ্চলত বি.পি.অ’ এটাত কাম কৰা মণিপুৰৰ ছালোনী নামৰ যুৱকজনক মৰিয়াই মৰিয়াই হত্যা কৰিছে। টাইমছ অৱ ইণ্ডিয়াৰ বাতৰিমতে সেইসময়ত ত্ৰিশ বছৰীয়া যুৱকজনে কামৰ পৰা উভতি আহিছিল আৰু তেতিয়াই এখন গাড়ী লৈ বহি থকা ৪-৫জনীয়া যুৱকৰ দল এটাই এই ঘটনা সংঘটিত কৰে। পুলিচ সূত্ৰই প্ৰকাশ কৰা মতে এখন বগা গাড়ীত এই সকল দুষ্কৃতিকাৰী আহিছিল আৰু ছালোনীক কটুক্তি কৰাৰ পাছতে তাৰ প্ৰতিক্ৰিয়া ৰূপে তৰ্কাতৰ্কি আৰম্ভ হয়। দুৰ্বৃত্ত দলটোৰ নৃশংস প্ৰহাৰত ছালোনী গুৰুতৰ ভাৱে আহত হয়।

সেই পথেদি পাৰহৈ যোৱা কোনো বাটৰুৱাই ১০০ ডায়েল কৰি পুলিচক অৱগত কৰে। পাছত, পুলিচৰ ভেনে আহি ছালোনীক এইম্‌ছ্‌ৰ দুৰ্ঘটনা তথা জৰুৰী বিভাগত উপস্থিত কৰায়। তাতেই ডাক্তৰে দেহ পৰীক্ষা কৰিয়েই তেওঁক মৃত ঘোষণা কৰে।

এতিয়া ছালোনীৰ দেহটো এইমচতে ৰখা হৈছে আৰু পৰিয়াল পৰিজন আহি পালে পোষ্টমৰ্টেমৰ ব্যৱস্থা কৰিব বুলি পুলিচ সূত্ৰত প্ৰকাশ। তাৰ বাবে এইম্‌ছ্‌ৰ বিশেষজ্ঞৰ এটা দলো গঠন কৰা হব বুলি জানিব পৰা গৈছে।

স্থানীয় দিল্লী পুলিচে এতিয়া তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু হঠাৎ উত্তেজনা সৃষ্টিৰ বাবে ঘটিত ঘটনা নে পূৰ্ব-পৰিকল্পিত হত্যাকাণ্ড সেই দিশটো বিবেচনা কৰি চোৱাৰ বাবেই ছালোনীৰ মোবাইলৰ কল লিষ্টকে ধৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিব বুলিও প্ৰকাশ কৰিছে। ইণ্ডিয়ান পেনেল কোডৰ ধাৰা ৩০২ৰ অধীনত এটা গোচৰ ৰুজু হৈছে আৰু এটা বিশেষ দল তৈয়াৰ কৰি গোচৰটো আগুৱাই নিয়াৰ ব্যৱস্থা হৈছে। দলটোত ডিচিপি(দক্ষিণ) পি এচ কুশৱাহ. এচ.টি.এফ চীফ ৰাজেন্দৰ সিঙ, স্পেচিয়েল ষ্টাফ ইন-চাৰ্জ অখিলেশ যাদৱো এই দলত আছে।

পিছে ইয়াতেই সকলো পৰিসমাপ্তি হ’বনে? আকৌ উত্তৰ-পূৱৰ ছাত্ৰ সংগঠন সমূহৰ প্ৰতিবাদ, মমবাতি জ্বলোৱা যাত্ৰা, ন্যায় বিচাৰৰ দাবী ইত্যাদিৰে সংবাদ মাধ্যম, ইলেক্ট্ৰনিক মেডিয়া উত্তাল হব। এই প্ৰতিবাদৰ মঞ্চ ব্যৱহাৰ কৰিবলৈ আহিব ৰাজনৈতিক দল, ৰাজনৈতিক দলৰ ভৃত্য ছাত্ৰ সংগঠন! সময় বাগৰিবলৈ নাপাবই, সপ্তাহত অন্তত এনেকুৱা তিনি চাৰিটা খবৰ মাত্ৰ দিল্লীৰ বুকুত সৃষ্টি হ’বই। এই বেয়া ঘটনাবোৰৰ অন্ত পৰিব কেতিয়া, কোনেও নাজানে! নাজানে দিল্লী পুলিচে, নাজানে দিল্লীবাসীয়ে!

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে আকৌ উত্তাল হব “বৰ্ণ বৈষম্য বাদ প্ৰতিৰোধী আইন”ৰ প্ৰসংগ। বেজবৰুৱা কমিটিৰ প্ৰতিবেদনে এনে কঠোৰ আইন প্ৰৱৰ্তনৰ বাবে ইতিমধ্যেই পৰামৰ্শৱলী আগবঢ়াইছে। পিছে সেই প্ৰতিবেদন পঢ়িয়েই উত্তৰ-পূৱৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহ বিভাগৰ যুটীয়া সচিব শম্ভু সিঙে এনে আইন প্ৰণয়ন এই দেশত সম্ভৱ নহয় বুলি মন্তব্য কৰি, উত্তৰ-পূৱৰ ছাত্ৰ সংগঠন সমূহৰ বহুদিনীয়া দাবীটোকেই অমূলক যেন কৰি পেলোৱা বুলি অনুভূত হৈছে।

এই কেইদিনতে উত্তৰ-পূৱ ভাৰতৰে অংশ ৰূপে প্ৰচাৰ কৰাৰ বাবে ‘কৌন বনেগা কৌড়পতি’ৰ বিজ্ঞাপনো নিৰ্মিত হৈছে। খোদ দেশৰ অমিতাভ বচ্চনে ভাগ লোৱা বিজ্ঞাপনটোৱে নিজকে মূল ভূখণ্ডৰ অধীশ্বৰ বুলি ভবা লোক সকলৰ হৃদয় পৰিবৰ্তন কৰিবলৈ সঁচাই সক্ষম হ’বনে, তাকে লৈও প্ৰশ্ন উঠিছে। বৰঞ্চ ইয়াত উত্তৰ-পূৱলৈ প্ৰদৰ্শন কৰা সহানুভূতিৰ বাবে উত্তৰ-পূৱৰ সৰল লোকসকলেহে অধিক হাৰত হিন্দী-বলয়ৰ আগ্ৰাসনক মানি ল’বলৈ, বুকুৰ কুটুম বুলি ভাবিবলৈ হিয়া উজাৰি দিব বুলিও পৰ্যবেক্ষকে মন্তব্য কৰিছে।

দেশৰ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী ৰূপে অৰুণাচলৰ কিৰেণ ৰিজেজুৰ অৱস্থিতিয়েও এতিয়া এই গোচৰটোত কিমান ইতিবাচক প্ৰভাৱ পেলাব সেয়া লক্ষণীয় হব। আগৰ নিডো টানিয়ামৰ গোচৰত প্ৰভাৱশালী লোকে পোষ্টমৰ্টেমৰ ৰিপ’ৰ্টকে বিকৃত কৰিবলৈ হেঁচা দিয়াৰ কথাও খোদ এইমচৰ বিশেষজ্ঞৰ দলৰ মূৰব্বীজনে আন এক বিতৰ্কত প্ৰকাশ কৰাটোৱে সমগ্ৰ ন্যায় প্ৰক্ৰিয়াটোলৈকে প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। দিল্লী পুলিচৰ নেতিবাচক ভূমিকাক লৈও উত্তৰ-পূৱৰ কি খোদ দিল্লীবাসীও নিৰাশা বাদী। সেয়ে এতিয়া হত্যাৰ পাছত ন্যায় আশা কৰাটো এক বাতুলামিৰ বাহিৰে একো নহয় যেনেই অনুভূত হয়।

কিন্তু এনে হত্যা, ধৰ্ষণৰ, নিৰ্যাতনৰ ধাৰাবাহিকতাক যি কোনো পধ্যেই বন্ধ কৰিব লাগিবই। লাগিলে সি, মেৰী কমৰ দৰে শক্তিশালী আত্ম-শক্তিৰেই হওক, বা ব্যক্তিগত ৰূপত আত্ম-ৰক্ষাৰ বাবে লাইচেঞ্চ থকা বন্দুকেৰেই হওক! কঠোৰ আইন প্ৰণয়নৰ আশা সদ্যহতে সুদূৰ পৰাহত। এই আইন হ’লেও আইন বলবৎকাৰীৰ প্ৰতি কিমানজনে আস্থা ৰাখিব পাৰিব সেয়াও চিন্তাজনক।

মাত্ৰ দিল্লী পুলিচে উত্তৰ-পূৱৰ বাবে সুৰক্ষা কোষ খোলা, হেল্প-লাইন নম্বৰ জাৰি কৰা, ফে’চবুকত পেজ খোলা আদিয়ে বাস্তৱত এনে অপৰাধ ৰোধৰ বাবে বিশেষ প্ৰভাৱ পেলাব পাৰিছে বুলি ক’ব নোৱাৰি। বৰ্ণবাদী বৈষম্য ভাৱ আনৰ মনৰ পৰা দূৰ কৰাতো সঁচাকৈয়ে দুৰূহ সেয়াও আমি মানি ল’বই লাগিব। কিন্তু, তৎসত্বেও নিজৰ সতি-সন্ততিক সুৰক্ষা দিবলৈ উত্তৰ-পূৱৰ আঠোখন ৰাজ্য চৰকাৰেই এতিয়া ব্যতিক্ৰমী পদক্ষেপ ল’বই লাগিব সেয়াহে নিশ্চিত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!