নিৰ্বাচিত কথা-বতৰা (১)

দিহিঙেদিপাঙে

আগন্তুক :

১. অহা ২০ আগষ্ট ২০১১ তাৰিখে দিনৰ চাৰি বজাৰ পৰা নতুন দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত  “অসম এছোচিয়েচন”, “সাহিত্য ডট অৰ্গ” আৰু “অসমীয়াত কথা বতৰা” গোটৰ সহযোগত ইউনিকোডৰ সহায়ত কম্পিউটাৰ আৰু ইন্টাৰনেটত অসমীয়া লেখনৰ এক কৰ্মশালা অনুষ্ঠিত কৰা হ’ব |

. অহা ২৮ আগষ্ট ২০১১, দেওবাৰে দিনৰ ১.৩০ বজাৰ পৰা যোৰহাট প্ৰেছ ক্লাবত ইউনিকোডৰ সহায়ত কম্পিউটাৰ আৰু ইন্টাৰনেটত অসমীয়া লেখনৰ এক কৰ্মশালা অনুষ্ঠিত কৰা হ’ব |

 

বিগত:

১. যোৱা ২৪ জুলাই তাৰিখে গুৱাহাটী প্ৰেচ ক্লাবত শব্দৰ উদ্যোগত “কম্পিউটাৰত ইউনিকোডৰ ব্যৱহাৰ” শীৰ্ষক এখন  কৰ্মশালা অনুষ্ঠিত কৰা হয় |

২.  যোৱা ২৪ জুলাই ২০১১ তাৰিখে দিনৰ ১১ বজাত গুৱাহাটীৰ “হোটেল প্ৰাগ কণ্টিনেণ্টেল”ত “আধাৰশিলা” আৰু “সাহিত্য ডট্‍অৰ্গ”ৰ শুভ উদ্ধোধন কৰা হয় |

৩.  যোৱা ৩১ জুলাই তাৰিখে নুমলীগড় শোধানাগাৰত “শাখা সাহিত্য-সভা” আৰু “শব্দ”ৰ উদ্যোগত “কম্পিউটাৰত ইউনিকোডৰ ব্যৱহাৰ” শীৰ্ষক এখন  কৰ্মশালা অনুষ্ঠিত হয় |

৪. যোৱা ৩১ জুলাই তাৰিখে কলিয়াবৰ মহাবিদ্যালয়ত “ইত্যাদি”ৰ ব্যৱস্থাপনাত “কলিয়াবৰ মহাবিদ্যালয়” আৰু “কুঁহিপাত ডট অৰ্গৰ” সহযোগত ইউনিকোডত অসমীয়া লিপি স্থান সম্পৰ্কে এক আলোচনা আৰু ইউনিকোড নামৰ প্ৰণালীৰে কম্পিউটাৰত অসমীয়া লিখন সম্পৰ্কে এক কৰ্মশালা অনুষ্ঠিত হয় |

৫. যোৱা ১ আগষ্ট ২০১১ তাৰিখৰ ০০.০০ বজাৰ পৰা আৰম্ভ কৰা “ফে’চবুকত অসমীয়াত প্ৰ’ফাইল নাম উৎযাপন সপ্তাহ” ৮ আগষ্ট ২০১১ তাৰিখৰ ০০.০০ বজাত সফলভাৱে সমাপ্ত হয় |

 

 

মনৰ পৰা সমাজলৈ

 

জীৱনত দুটা কাম কৰা জৰুৰী…

১. ভাল কামৰ প্ৰশংসা

২. বেয়া কামৰ সমালোচনা।

মৃদুল বুঢ়াগোঁহাই

****************************************

 

আজি মায়ে ফোন কৰিছিল (যোৱা ১০-১২ বছৰ ধৰি মায়ে সদায় আগষ্ট মাহৰ প্ৰথম ভাগতে এই নিৰ্দিষ্ট ফোনটো কৰে)| ক’লে, “১৫ আগষ্ট আহি আছে, সাৱধানে থাকিবি | ৰাতি বেছি দেৰি নকৰিবি |”… ক’ৰ পৰা যে কেতিয়া ১৫ আগষ্ট, ২৬ জানুৱাৰীবোৰ আমাৰ বাবে ‘সাৱধানে থকা’ দিন হৈ পৰিল, ততকে ধৰিব নোৱাৰিলো … মনটো বৰ বেয়া লাগি গ’ল….

শান্তনু কৌশিক বৰুৱা

****************************************

 

“অস্তৰাগ”ৰ অলপ…
’অস্তৰাগ’ হোমেন বৰগোঁহাঞি দেৱৰ এখন সফল উপন্যাস | ’বাৰ্ধক্য’ক আধাৰ হিচাপে লৈ লিখা উপন্যাসখনত চহৰত থকা অধ্যাপক দিলীপৰ মূল ঘৰ গাঁৱত, য’ত অশীতিপৰ দেউতাকে অকলে থাকে| এবছৰ অগেয়ে খবৰ লৈ অহা ৰুগ্ন দেউতাকৰ হঠাতে গুৰুতৰ অসুখৰ টেলিগ্ৰাম পাই দিলীপে অন্তঃদ্বণ্ডত ভুগিছে- এহাতে অসুখীয়া পিতাকৰ টান নৰিয়া, আনপিনে কৰ্তব্যবোধৰ তাগিদা | এনে দ্ব্যৰ্থবোধক ভাবত নানা ৰোমন্থনৰ মাজেৰে কাহিনী আগুৱাই যায় | বহু যত্নৰ অন্তত দেউতাকক চহৰলে আনিব পৰা হ্য়| দেউতাকৰ দৰে দিলীপৰো বেদনা আছিল গাঁৱৰ পৰা বিদায় লোৱাটো| তেওৰ মনত ধাৰণা হৈছিল-প্ৰকৃতিৰ ৰম্যভূমি গাঁৱৰ পৰা, প্রকৃতিৰ পৰা মানুহৰ বিচ্ছেদেই হ’ল আধুনিক চহৰবাসীৰ মানুহৰ জীৱনৰ এটা অভিশাপ| তেওঁ উপন্যাসৰ সামৰণি মাৰিছে এইদৰে-তুমি এই পৃথিৱীখনক খুব ভাল পাইছিলা| এই জীৱনটোক খুব ভাল পাইছিলা | আজি তুমি শূন্যত বিলীন হৈ গ’লা, কিন্তু তোমাৰ সেই গভীৰ ব্যাকুল প্ৰেম পৰিব্যপ্ত হৈ ৰ’ল এই সুন্দৰ ভূৱনৰ প্ৰতিটো অনু-পৰমাণুৰ মাজত |মানুহ আহিব আৰু যাব, কিন্তু যিটো বস্তু অনন্তকাল অমৰ হৈ ৰ’ব, সেইটো হ’ল এই সুন্দৰ ভূৱন আৰু ৰহস্যময় জীৱনৰ প্ৰতি মানুহৰ সুগভীৰ প্ৰেম | সেই প্ৰেমৰ মাজতেই তুমি চিৰকাল জীয়াই থাকিবা | –

ৰঞ্জিত কুমাৰ বৰা

****************************************

 

কম্পিউটাৰ বা লেপটপত ইউনিক’ড লিখাৰ অন্য এক সুবিধা এয়া যে আগতে পঢ়াশালিত অসমীয়া লিখিব নজনা জনেও (কিন্তু পঢ়িব জনা) অতি সহজতে বুটাম কেইটা টিপি নিজা মাতৃভাষাটো লিখিব পাৰিব | মাথোঁ অলপ ইচ্ছা আৰু ভালপোৱাৰ লগতে কিছুদিনৰ অভ্যাসতে গঢ় লৈ উঠিব পাৰে অসমীয়া লিখাৰ আমেজ |

শান্তনু চাংমাই

 

****************************************

 

অসমীয়াই যদি ইন্টাৰনেটত অসমীয়া ভাষাটো লিখিবলৈ অসমীয়া লিপি ব্যৱহাৰ নকৰে তেন্তে কোনে কৰিব ?

দেৱব্ৰত গগৈ

 

****************************************

 

ভাৰতৰ সেউজীয়া মহানগৰ :

অলপতে ক’ৰবাত ভাৰতৰ নখন সেউজীয়া মহানগৰৰ তালিকা এখন ওলাইছিল৷ একাদিক্ৰমে সেই মহানগৰৰ কেইখন হ’লঃ চণ্ডীগড়, গান্ধীনগৰ, ভূপাল, নাগপূৰ, জামচেদপূৰ, থিৰুঅনন্তপূৰম,বাংগালুৰু, নতুন-দিল্লী আৰু পুণে ৷ তালিকাখন কোনে প্ৰস্তুত কৰিছিল নাজানো, কিন্ত তাত উত্তৰ পূবৰ মহানগৰ সমূহ যে সোমাব নোৱাৰিলে সেইটোহে চিন্তাৰ কথা ৷ হাবি-জংঘলৰ ৰাজ্য সমূহত গছ বন নোহোৱা হৈ আহিছে আৰু এসময়ত গছ বন প্ৰায় নথকা দিল্লী হেন ঠাইক পৰিকল্পিত বনানীকৰণৰ যোগেদি সেউজীয়া কৰি পেলালে ৷ হাইদৰাবাদ, ভূপালৰ নিচিনা শুকান মহানগৰ নিৰন্তৰ প্ৰচেষ্টাৰ বলত এতিয়া সেউজীয়া ৷ আমাৰ চহৰ তিনিচুকীয়াত গছ নেদেখাই হ’লোঁ৷ গুৱাহাটীৰ পাহাৰবোৰৰ সেউজীয়াকণ বাদ দিলে আন ৰঙৰ ক’লাজ হে বেছিকৈ দেখা যায়৷ অসমত বনানীকৰণ কাগজে কলমেহে সফল ৷ বাছি থকা গছবোৰো বা কিমান দিন থাকে ! অসমৰ বন বিভাগ, বিভিন্ন জাতিৰ গছ কটাৰ সমজুৱা নখজোকাৰণিত অসমখন এখন ‘ৱেষ্ট লেণ্ড’লৈ পৰিবৰ্তন হ’বলৈহে আগবাঢ়িছে নেকি ?

পাৰ্থ পি. শৰ্মা

 

****************************************

 

এজন সঁচা বন্ধুৰ বক্তব্য :

“মোৰ মৃত্যুত তুমি মোৰ মৃতদেহৰ কাষলৈ নাহিবা; কাৰণ সেইদিনা তোমাৰ চকুল মচিবলৈ মোৰ দুহাত আগবঢ়াব নোৱাৰিম”

সৌমাৰজ্যোতি বৰুৱা

 

****************************************

 

মাজে মাজে জালপঞ্জীত সোমাই কোনে কিমান দৌৰিছে তাৰে খবৰ লওঁ৷ ময়ো ব্যস্ত হওঁ এখন চাইবাৰ জগতৰ দৌৰত৷ ইয়াতো বৰ ভয়… …কোনোবাই গুৰুজনাৰ নামত বেপাৰ কৰে, কোনোৱে কাৰোবাৰ নামত মিছা একাউণ্ট খুলি কাৰোবাক অপমান কৰে…হাঃ হাঃ হাঃ… …কি যে বৈচিত্ৰ্য… …সিদিনা চৈত্যণ্যই সুধিছিল ‘আপুনি আৰু কিমান দৌৰেহে, ভাল এথলিট হ’ব পাৰিলেহেতেন… … আমিও পিছে দৌৰিয়েই আছোঁ, পিছে সদায় শেষতহে পাওঁগৈ৷’

মৃণাল জ্যোতি গোস্বামী

 

****************************************

 

সুখৰ বিষয়ে লিখা পৃথিৱীৰ অন্যতম বিখ্যাত গ্রন্থ ‘The Pleasure of Life’ ত লিখক লর্ড ৱেভাৰীয়ে আৰম্ভ কৰিছিল এই ফাঁকি কথাৰে-If a man is unhappy, That much be his own fault (যদি মানুহ অসুখী, সেয়া নিশ্চিতভাৱে তেওঁৰ নিজৰ ভুল) |

ৰঞ্জিত কুমাৰ বৰা

 

****************************************

 

“অসমীয়া মন” এটা থাকিলে সকলোৱেই অসমীয়াত লিখিব পাৰে |

কুশল দত্ত

 

****************************************

 

সৰুতে খুউব “হাউ” খেলিছিলো । লৰা-লৰি, দৌৰা-দৌৰি কিমান যে উপভোগ কৰিছিলো । দেউতাৰ হাতৰ চেকণীৰ কোব নোখোৱালৈকে ঘৰ পোৱাগৈ নাছিলো…পিছে আজিকালিৰ ল’ৰা-ছোৱালীয়ে এইবোৰৰ নামেই শুনা নাই । লগৰ এজনক লগ পালো, বহুদিনৰ মূৰত । পুৰণি দিনৰ কথাবোৰ ওলাল । ” হাউ ” খেলৰ কথাও ওলাল। তাৰ লগত গুৱাহাটীলৈ ফুৰিব অহা ৪ বছৰীয়া ভতিজা ল’ৰাজনে সুধি পেলালে-“খুৰা, এই “হাউ”টো কি বস্তু ?”

ধ্ৰুৱজ্যোতি শৰ্মা

 

****************************************

 

এই গোট(অসমীয়াত কথা বতৰা)ৰ কোনে কোনে নিজৰ ল‍‌’ৰা ছোৱালীক অসমীয়া বিদ্যালয়ত পঢ়ুৱাব ?

স্বপ্নজ্যোতি শৰ্মা

উত্তৰ-সমূহ :

১) ৰাজকোষৰ বৃহৎ অঙ্কৰ টকা খৰছ হৈ থকা চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত মেধাৰ ভিত্তিত উপযুক্ত অৰ্হতাসম্পন্ন শিক্ষকৰ নিযুক্তিৰে ইংৰাজী শিক্ষাৰ উপযুক্ত পৰিৱেশ গঢ়ি তোলক ৷ মাধ্যমিক পৰ্য্যায়ত ব্যৱহাৰিক ভাৱে কথিত ইংৰাজীৰ পাঠ্যক্ৰম অন্তঃৰ্ভুক্ত কৰক ৷

২) অসমীয়া মাধ্যমৰ চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহৰ সু-ব্যৱস্থাপনাৰ বাবে নতুন বিজ্ঞানসন্মত ব্যৱস্থা কাৰ্য্যকৰী কৰক ৷ প্ৰয়োজন সাপেক্ষে স্থানীয় অৰাজনৈতিক অৱসৰপ্ৰাপ্ত শিক্ষক বা বিদ্বান ব্যক্তিক নিয়মিত পৰিদৰ্শনৰ দায়িত্ব দিয়ক ৷

৩) জাতীয় চেতনাবোধৰ স্বাৰ্থত প্ৰত্যেক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত মাতৃভাষাৰো পৰ্যাপ্ত শিক্ষাদান বাধ্যতামূলক কৰিব লাগে (যিটো আজিকোপতি কাৰ্যতঃ ই হোৱা নাই), আমাৰ ভাষাটো ইমান চহকী নহয় যে অৰ্ধসংখ্যক মানুহে পৰিহাৰ কৰাৰ কুপ্ৰভাৱ পৰিস্ফূত নহ’ব।

৪) অসমত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত কিছু ব্যক্তিগত শিক্ষানুষ্ঠান নিৰ্দিষ্ট নিয়ম কানুনেৰে অবিলম্বে গঢ়িব লাগে, শৈক্ষিক দিশৰ লগতে বাণিজ্যিক দিশতো এইবোৰ সফল বুলি প্ৰমাণিত উদ্যোগ। লগতে কাঠ ফুলাৰ দৰে সুনিৰ্দিষ্ট নীতি নিয়ম অবিহনে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহক নিয়ন্ত্ৰণ কৰিব লাগে৷

৫) সকলোধৰণৰ সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ন হ’ব পৰাকৈ আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলকৰ বাবে মাধ্যমিক শিক্ষা পৰিষদ তথা আন দায়িত্বশীল সংস্থা সমূহে উপযুক্ত পাঠ্যক্ৰম যুগুতাই দিয়ক |

৬) দেশে বিদেশে বিয়পি থকা অসম আৰু অসমীয়া ভাষাক ভাল পোৱা নতুন এচাম ল’ৰা ছোৱালীৰ ভাষাটোক মৰ্যাদাসম্পন্ন ৰূপত জীয়াই ৰখাৰ বাবে আৰম্ভ হোৱা সুসংহত ‘অসমীয়াত কথা বতৰা’ৰ প্ৰচেষ্টাবোৰেই হয়তো এদিন জাতিৰ অস্তিত্বৰ পুনৰ্গঠন প্ৰক্ৰিয়ালৈ পৰ্যবসিত হ’ব৷ তেখেতসকলে ভাল কামবোৰ অব্যহত ৰাখক ৷

 

****************************************

 

পকা চুলিয়ে মানুহৰ বয়সৰহে নিৰূপন কৰিব পাৰে জ্ঞানৰ নিশ্বয় নহয় । কিন্তু সমাজত যেতিয়া কিবা আলোচনা বিলোচনা হয় তেতিয়া যিমান জ্ঞানি হলেও সৰু সকলৰ মতমতক কিয় গুৰুত্ব দিয়া নহয় বাৰু ? ৰাইজৰ মতামত আশা কৰিলো |

অৰুণ গগৈ

মতামত সমূহ :

দিগন্ত শইকীয়া : খুউব সম্ভৱ অভিজ্ঞতাক আগস্থান দিয়া হয় ৷ যিকোনো সিদ্ধান্ত অভিজ্ঞতা থকা ব্যক্তিৰ কৰিলেহে ফল ভাল হয় ।

উদ্দীপ তালুকদাৰ : আচলতে সৰুৰ মতামতক গুৰত্ব দিবলৈ গ’লে তেৰাসবৰ কথবিলাক গোমৰফাঁক হোৱাৰ সম্ভাৱনা থাকে। কালিৰ বাতৰিৰ খবৰ: অসমৰ সংবাদ মাধ্যমৰ কথা-কাণ্ডত স্কুল-কলেজৰ ল’ৰা-ছোৱালীয়েও অসন্তুষ্টি প্ৰকাশ কৰিছে (উ: লক্ষীমপুৰৰ খবৰ এইটো। তাকো সাংবাদিক সংস্থাই অনুষ্ঠিত কৰা অনুষ্ঠানত।) টিভিৰ মুখামুখি অনুষ্ঠানবিলাকত ডেকা-ল’ৰা-ছোৱালী বিলাকে বেছি গম্ভীৰ কথা কয়, য’ত ডাঙৰ কেইজনে কি ক’বলৈ আৰম্ভ কৰি কি পায়, হুচেই নাথাকে। ৰাজনীতিক কেইজনৰটো কথাই নাই, যিয়েই নোসোধক, একেবাৰে বেলেগ কিবা ক’বলৈ আৰম্ভ কৰে। চবেই নহয় দেই।Bottom of Form 1

অৰুণ গগৈ : অভিজ্ঞতা থকা মানুহক গুৰুত্ব দিয়ক । কিন্তু বয়স বেছি হলেহে বেছি অভিজ্ঞ বুলি বুজিব লাগিব নেকি ? কম বয়সৰ এজন মানুহৰ অভিজ্ঞতা নাথাকে নেকি দিগন্ত শ‍ইকীয়া ডাঙৰীয়া ?

উদ্দীপ তালুকদাৰ : অভিজ্ঞতা আৰু কিজানি তাতকৈ বেছি গুৰুত্বপূৰ্ণ: সততা। ‘সৎ অনভিজ্ঞ’ এজনতকৈ ‘অসৎ অভিজ্ঞ’ এজনে বেছি বিপদ মাতি আনিব পাৰে। আৰু মোৰ ব্যক্তিগত মতামত বেছি অভিজ্ঞ মানুহে নিজে যিদৰে ভাবে, সেইটোকে শু্দ্ধ বুলি খামোচ মাৰি ধৰি থাকে। নিজতকৈ ভাল কিবা এটা ক’লেও তেওঁলোকে অভিজ্ঞতাৰ দোহাই দি মানি নলয়। অভিজ্ঞতা, নিষ্ঠা আৰু আনৰ চিন্তাক সন্মান দিব কৰাৰ ক্ষমতা এই তিনিটাইহে প্ৰকৃত পথ দেখুরাব পাৰে।

অৰুণ গগৈ: ‎উদ্দীপ তালুকদাৰ ডাঙৰীয়া , আপুনি ঠিক কথাই কৈছে । এনে ক্ষেত্ৰত বয়স হিচাপ কৰি যদি জ্ঞানৰ পৰিসৰ জুখিবলৈ যাওঁ কি হব বাৰু ? ডাঙৰ ডাঙৰ সিদ্ধান্তবোৰ অজ্ঞলোকে লোৱাৰ কাৰণে আমি প্ৰয়োজনতকৈ পিছপৰি যোৱা নাইনে বাৰু ? (সকলোবোৰ নহয় অৱশ্যে )

দিগন্ত শ‍ইকীয়া: অভিজ্ঞতা আগস্থান …বয়স লাগিলে কামেই হওঁক ৷

হিৰকজ্যোতি কাকতি: হয়তো ডাঙৰ মানুহে অভিজ্ঞতাক আগস্থান দিয়ে যিহেতু তেওঁলোকে সৰুতকৈ বেছিকৈ পৃথিৱীখন দেখা পাইছে……সেয়েহে !

অৰুন গগৈ: এটা কথা কওকচোন , ধৰি ললো মই বিজ্ঞানৰ স্নাতকোত্তৰ , কিন্তু মোৰ দাদা কলাৰ স্নাতকোত্তৰ । এতিয়া অভিজ্ঞতাক আগস্থান দি যদি বিজ্ঞানৰ কিবা এটা কাম মোৰ দাদাক কৰিবলৈ দিয়ে কি হ’ব বাৰু !

দিগন্ত শ‍ইকীয়া: এই ক্ষেত্রত দুয়োজনৰে শিক্ষাৰ ক্ষেত্রখন বেলেগ … ইয়াত ইজনে সিজনক তুলনা নকৰিব … তুলনা কৰিব যদিহে আপুনি আৰু আপোনাৰ দাদা একেটা শাখাতে পঢ়িলহেতেন … যদি দুয়োজনে বিজ্ঞানৰ শাখাত পঢ়া আৰু কিবা কামৰ দায়িত্ব আপোনাক নিদি ( ধৰক আপোনাৰ অভিজ্ঞতা দাদাতকৈ বেছি) আপোনাৰ দাদাক দিয়ে (অথচ অভিজ্ঞতা কম) , তেতিয়া অবিচাৰ কৰা হ’ব ৷

অৰুন গগৈ: মই সেইটো কথাকেই কব বিচাৰিছো । কেৱল বয়সৰ দোহাই দি অভিজ্ঞতা বেছি হ’ল বুলি কলেই জানো বেছি জ্ঞান থকা বুজাব , নিশ্বয় নুবুজায় । কিন্তু সেই কথাটো বহুতে মানি লব নোখোজে । ( সকলোৱে নহয় অৱশ্যে ) ।

সামৰণি : এই আলোচনাৰ পৰা সকলোৰে মতামতৰ ভিত্তিত সমাজৰ আগত এইটো কথা উত্থাপিত হ’ল যে “বয়স কেতিয়াও অভিজ্ঞতা নিৰ্ধাৰণৰ মাপ-কাঠি হ’ব নোৱাৰে, প্ৰকৃত শিক্ষা আৰু একাগ্ৰতা তথা যথোচিত কষ্টৰ ফলত একোজন লোক অভিজ্ঞ হ’ব পাৰে |”

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!