দীনদয়াল উপাধ্যায় –  পাৰ্থসাৰথি ভূঞা

দুহেজাৰ চনৰ কথা, আগষ্ট মাহ৷ MBBS পাছ কৰি ইণ্টাৰনশ্বিপ তাৰ পিছত হাউচমেনশ্বিপ কৰি আছিলোঁ ডিব্ৰুগড়ত, পিছে আমাৰ পিজিৰ কাৰণে এণ্ট্ৰেন্স কেতিয়া হব তাৰ কোনো খবৰেই নাছিল৷ ইতিমধ্যে আমাৰ লগৰ বহুতো দিল্লীত কাম কৰিবলৈ গৈছিল, তাত জুনিয়ৰ ডক্টৰৰ দৰমহা যথেষ্ট বেছি৷ আমিও ( মই আৰু ৰুমমেট ৰাজা) তালৈকে যাওঁ বুলি ভাবিলোঁ, আমাৰ লগৰ নিৰ্মল তাত আছিলেই আৰু তেওঁ থকা ঘৰটোত আমি দুজনো থাকিব পাৰিম বুলি তেওঁ জনালে৷

ৰাজাই ১২ আগষ্টৰ টিকেট কৰিলে ডিব্ৰুগড় দিল্লী ৰাজধানীত৷ এই সময়ত যাব দিবলৈ ঘৰত টান পাইছিল কাৰণ ৰাজ্যৰ পৰিবেশ বৰ ভাল নাছিল, কিন্তু পিছত আকৌ বহুদিনলৈ টিকেট নাই আৰু নিৰ্মলে এখন হস্পিটেলত ইণ্টাৰভিউ আছে বুলি খবৰ দিছিল, ১৮ তাৰিখে৷ পিছে লাগিল নহয় লেঠা, ডিব্ৰুগড় গুৱাহাটীৰ মাজৰ ৰেল লাইনত কৰবাত বম ফুটিল, গতিকে সেইছোৱাৰ ট্ৰেইন বিলাক বাতিল হল, গতিকে আকৌ লৰালৰিকৈ গুৱাহাটীলৈ বাছত গৈ ৰাজধানী গুৱাহাটীৰ পৰা ধৰিব লগা হল৷

তেতিয়া মোবাইল ফোনৰ কাৰবাৰ নাছিল, গতিকে ঠিকনাটো লিখি নিয়াৰ লগতে মুখস্থ কৰি পেলাইছিলো, হৰি নগৰ ঘণ্টা ঘৰ, চি চি সৌটিছ এফ৷ মনতে ভাবিছিলো, সি নো কৰ এই ঘণ্টা ঘৰত থাকে! পিছত গৈ পাই হে দেখিলোঁ, অ, ঘণ্টা ঘৰ মানে Clock Tower, তাৰ ওচৰতে ফ্লেটটো৷ ফ্লেটটো ভাল, আহল বহল, ওপৰত মালিক থাকে, মস্ত শকত ঘৈণীয়েক, তিনিটা লৰা ছোৱালী আৰু হাৰে ছালে লগা মাক এজনী৷ ঘৰৰ বাকী পাঁচোটাৰ ওজন চাগে মানুহজনীৰ ওজনৰ সমান হব৷ ৰাজা ৰ নামটো লৈ অসুবিধা নাপালে, মোৰটোহে পাৰ্থ বুলি কওঁতে প্ৰথম কলে পাথৰ, তাৰ পিছত নহয় পাৰ্থ বুলি আকৌ কওঁতে বোলে অ পৰঠা৷ গতিকে দুবছৰ পৰঠা হয়ে থাকিলো৷ পিছে বেলেগক কওঁতে পিছত শিকিলোঁ, মহাভাৰতত যে কৃষ্ণই অৰ্জুনক “হে পাৰথ“ বুলি কয়, মইয়ো সেইটো ষ্টাইলত নামটো কওঁ৷

পিছদিনা ওচৰৰে দোকান এখনৰ পৰা লাগতিয়াল বস্তু দুটামান কিনিবলৈ গলো৷ দোকানিজনে হিন্দীতে সুধিলে নতুন আহিছো নেকি, কত থাকোঁ৷ মই কলো, তেওঁ বোলে অ, সিঙ চাহাবৰ ঘৰ, জিছকা “জনানী“ বহুত মোতী হেই? মই বোলো নেহী, জনানী টু একেবাৰে পাতলা হে, বিবি হে বহুত মোতী হে…দোকানিজনে হা হা কৈ হাঁহি বোলে ঠিক হে ঠিক হে বুলি বস্তু দি বিদায় দিলে৷ পিছতহে গম পালো, জনানী মানেও ঘৈণীয়েক৷ মই আকৌ মাক বুলিহে ভাবিছিলোঁ৷ জননী জনমভূমিস্ব….

নিৰ্মলৰ পৰা গম পালো, আমাৰ ফ্লেটৰ পৰা খোজকাঢ়ি যোৱাৰ দূৰত্বত DDU হস্পিটেল৷ তাতে পোষ্ট ওলাইছে৷ অধীক্ষকজন অসমৰে, ডঃসোণাৰ, নেপালী মানুহ৷ গতিকে অসমৰ লৰা ছোৱালীক তেওঁ কাম দিয়ে৷ গতিকে জীৱনৰ প্ৰথম ইণ্টাৰভিউৰ দিনা ভালদৰে ওলাই মেলি গৈ দেখিলো, দিনদয়াল উপাধ্যায় হস্পিটেল বুলি লিখা ডাঙৰ হস্পিটেলখন৷ তেতিয়াহে DDU ৰ অৰ্থ বুজিলো৷ মই আকৌ D ফৰ দিল্লী জাতীয় কিবা ভাবি আছিলো৷ আমাৰ মেডিকেলত উপাধ্যায় উপাধিৰ নেপালী ছাৰ এগৰাকী আছিল, এইখনৰো অধীক্ষক নেপালী, গতিকে মনতে এই DDU জনো চাগৈ কোনোবা বিখ্যাত নেপালী সম্প্ৰদায়ৰ মানুহ আছিল বুলিয়ে ভাবি থাকিলো৷

চাকৰি পালোঁ, এনাচঠেছিয়া বিভাগত৷ ফ্লেটৰ পৰা খোজকাঢ়ি যাব পাৰি, গতিকে আৰামেই, বিভাগৰ হেডজনৰ নাম আকৌ ডঃডেং৷ মনতে ভাবিলো, কৃষ্ণ, কৰ্মা চিনেমাৰ অনুপম খেৰৰ বাহিৰে আজিলৈকে কোনো ডেংৰ নাম শুনা নাই, এখেত বা কেনেকুৱা! পিছে বৰ মৰমিয়াল আছিল, ছাৰক দেখিলেই পিছে মোৰ “ ডঃ ডেং কো আজ তক কিচিনে থাপ্পৰ নেহী মাৰা“ ডাইলগটো মনত পৰে৷

তাৰ পিছত প্ৰায় দুবছৰ পাৰ হল DDUতে, এবাৰ এজনক দিনদয়াল কোন আছিল বুলি সোধোতে ফ্ৰিদম ফাইটাৰ বুলি কলে, জ্ঞান সিমানতে সমাপ্ত কৰি অসমত পিজিত ছিট পাই গুচি আহিলোঁ আৰু তাৰ পিছত লুইতৰ বুকুয়েদি বহু পানী বই গল৷

সেই DDU লৈয়ে এতিয়া অসম তল উপৰ৷ সেয়ে এতিয়াহে গুগল চাৰ্চ কৰি চাই গম পালো, দিনদয়াল উপাধ্যায় এজন বিদগ্ধ পণ্ডিত আছিল৷ তেওঁৰ জীৱনৰ দৰ্শন আছিল অন্তুদয়া অৰ্থাৎ সমাজৰ একেবাৰে পিছপৰা শ্ৰেণীৰ উন্নয়ন আৰু জাতপাতৰ প্ৰাচীৰ ভাঙি এজন সমাজ গঢ়াৰ৷

গতিকে তেনে এজন মানুহ সকলোৰে নমস্য, পিছে লেঠা লাগিল অসমত তেখেতৰ নামতে এগালমান কলেজ স্থাপন কৰাক লৈ৷ আচলতে দিনদয়াল উপাধ্যায়ৰ জন্ম শতবাৰ্ষিকী চলি আছে আৰু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ আদৰ্শ পুৰুষ দিনদয়ালৰ বিষয়ে প্ৰচাৰৰ দায়িত্ব সকলো BJP শাসিত ৰাজ্যক দিছে৷ গতিকে অসমত তেওঁৰ নামেৰে কলেজ পতাৰ ৰাজ্য চৰকাৰে পৰিকল্পনা কৰিছে৷ কিন্তু অসমৰ ৰাইজৰ ইয়াত অমত আছে, গতিকে সকলোবোৰ কলেজ তেওঁৰ নামত নিদি যদি অসমীয়া বৰেণ্য লোকৰ নামত দিয়ে ৰাইজে ভাল পাব৷ পাৰিলে তেওঁলোকে আন এটা ডাঙৰ অনুষ্ঠান অসমৰ বাবে কেন্দ্ৰৰ পৰা আদায় কৰক আৰু সেইটোৰ নাম দিয়ক দিনদয়াল উপাধ্যায় “ অমুক“ ন৷

যি কি নহওক, মই অত বছৰ আগতে কাম কৰি অহা হস্পিটেলখনৰ নামটোয়ে অসমত এদিন যে এনে পৰিৱেশৰ সৃষ্টি কৰিব কেতিয়াও ভবা নাছিলো৷ পিছে একে সময়তে কিছু লোকে তেওঁৰ নামত কলেজ হব নালাগে কথাটো কবলৈ গৈ তেওঁৰ প্ৰতি অপমানসূচক কথা কোৱাটো মই ভাবো ভুল৷ কিয়নো দেশৰ প্ৰতি তেওঁৰ অৱদান আছে, নহলেনো BJP ক্ষমতালৈ অহাৰ আগতেই ৰাজধানী দিল্লীত দিনদয়াল উপাধ্যায়ৰ নামত ইমান ডাঙৰ এখন হস্পিটেল থাকিবনে?’

বি: দ্ৰ: আজিহে মনটো অলপ ভাল লাগিছে, নহলে ইমানদিনে দিনদয়ালৰ ওপৰত পোষ্ট নিলিখি নিজে কিবা হীনমন্যতাত( inferiority complex) ভুগি আছিলোঁ! ! , চবেই লিখি আছে যে…..

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!