দীপাৱলী বিশেষ– আপেলৰ হালোৱা (উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা)

(বহুদিন আগতে কোনোবা এটা চেনেলত আপেলৰ হালোৱা বনোৱা দেখিছিলোঁ৷ উপকৰণ আৰু পদ্ধতি মনত নাছিল যদিও নিজাকে চেষ্টা এটা চলালোঁ৷)

উপকৰণসমূহ:
1) চাৰিটামান মজলীয়া আকাৰৰ আপেল
2) আধালিটাৰ গাখীৰ
3) ইলাচি ২টা
4) কাজু বাদাম ৫-১০টামান
5) পিষ্টা ৫-১০টামান
6)কিচমিচ ৫-১০টামান
7) ঘিঁউ ৪ চামুচ
8) চেনি (আন্দাজমতে)

পদ্ধতি: পোনতে আপেলকেইটা দীঘলীয়া আৰু মিহিকৈ কাটি ল’ব৷ কেইটামান কাজু আৰ কেইটামান পিষ্টা সৰু সৰুকৈ কাটিব৷ গৰম কেৰাহীত ঘিঁউ চাৰিচামুচ ( অলপ কম/ বেছিও দিব পাৰে) ঢালি ইলাচি দুটা দিব৷ ঘিঁউখিনি অলপ গৰম হোৱাৰ পিছত কাটি থোৱা আপেলখিনি ঢালি দিব৷ এতিয়া আপেলখিনি কম জুইত ঘিঁউৰ সৈতে মিলি যোৱালৈকে লৰাই থাকিব৷ সৰু সৰুকৈ কাটি থোৱা কাজু আৰু পিষ্টা( আন ড্ৰাই ফ্ৰুটো দিব পাৰে), গাখীৰ আৰু চেনি কেৰাহীত ঢালি দিব৷ ইয়াৰ পিছত মিশ্ৰণটো যেতিয়ালৈকে ইটো সিটোৰ সৈতে মিলি নাযায় আৰু গাখীৰ খিনি শুকাই দানা সদৃশ হৈ নাযায় কোৰাচেৰে লৰাই থাকিব৷ অলপ ৰঙচুৱা হলে আৰু ঘিঁউৰ টোপাল ওপঙিলে নমাব পৰা হব৷ অৱশেষত কিচমিচ, বাকী থকা কাজু আৰু পিষ্টা কেইটা ওপৰত দি গৰমে গৰমে অথবা ঠাণ্ডা হোৱাৰ পিছত পৰিবেশন কৰক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!