দুজন বিশিষ্ট ব্যক্তিৰ ঘৰত কটোৱা মধুৰ মুহূৰ্ত ৰাজেন পূজাৰী

বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ লগত আজৰি সময় উলিয়াই কিছু সময় কটাবলৈ পালে ভাল লাগে৷ এই কাৰণেই তেওঁলোকৰ লগত সঙ্গ দিব খোজো যে তেওঁলোকৰ জীৱন জোৰা অভিজ্ঞতাৰ কাহিনী শুনি প্ৰচুৰ জ্ঞান লাভ হয়৷ গ্ৰন্থ অধ্যয়ন কৰাতকৈও বহু ক্ষেত্ৰত বিভিন্ন বিচিত্ৰ অভিজ্ঞতাৰপৰাহে বেছি জ্ঞান আহৰণ কৰিব পাৰি৷ আচলতে অভিজ্ঞতাইহে মানুহক পূৰঠ কৰে৷ শংকৰদেৱে দুবাৰ তীৰ্থ ভ্ৰমণ নকৰা হ’লে তেওঁক হয়তো এজন বিদগ্ধ পণ্ডিত ৰূপত নাপালোহেতেন৷ জীৱনৰ অভিজ্ঞতা বোৰত জ্ঞান নিহিত থাকে৷ তেখেত সকলে সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙনিয়ে নতুন চামক উদ্বুদ্ধ কৰে৷

আনটো কাৰণ হ’ল, বয়সষ্ঠ লোকসকল এটা সময়ত নিঃসঙ্গ হৈ পৰে৷ তেওঁলোকক অকণমান সময় বা সঙ্গ দিয়াটো আমাৰ দায়িত্ব বুলি ভাবো৷ এই ব্যক্তিসকলে মানুহৰ সংগ বিচাৰি ভাল পায়৷ দুষাৰ -এষাৰ কথা পাতিবলৈ পালে মনত পৰম সন্তোষ পায়৷ এইসকল লোকক সঙ্গ দিয়া কথাই তেওঁলোকৰ স্বাস্থ্যতো সুপ্ৰভাৱ পেলায়৷ ৷ আমি দিব পৰা এটাই বস্তু আছে,সেয়া হ’ল আমাৰ মাতষাৰ৷ মাতষাৰৰ কেতিয়াও অভাৱ হ’ব নালাগে৷

আজি যোৰহাটত দুজন বিশিষ্ট ব্যক্তিৰ লগত কিছু সময় কটালো৷ বিশিষ্ট চিকিৎক, লেখক, সাহিত্যিক ডাঃ দেৱীচৰণ ঠাকুৰ দাদাৰ লগত আমাৰ সঘন যোগাযোগ হয় ফোনত৷ তেখেতে মোক মাতি আছিল৷ মোৰ তেখেতৰ প্ৰতি আকৰ্ষণ থকাৰ কাৰণ হ’ল, এই প্ৰায় ৭৫ বছৰ বয়সতো তেখেতৰ কৰ্মোদ্যম অটুট আছে৷ বয়সেও যাৰ ওচৰত হাৰ মানিছে৷ চকুৰ সমস্যাৰ মাজতো কিতাপ লিখাৰ কাম কৰি গৈছে৷ তেখেতে শেহতীয়াকৈ দুটা অসাধাৰণ কাম কৰিছে৷ আচৰিত মানিবলগীয়া কথা যে কেইটামান বছৰতে অশেষ কষ্ট কৰি তেখেতে ঔষধি উদ্ভিদৰ এখন বৃহৎ কলেবৰৰ বিশ্বকোষ অসমীয়া, ইংৰাজী আৰু হিন্দী তিনিটা ভাষাত লিখি পাঠক সমাজলৈ আগবঢ়াইছে৷ অসমত এনে গ্ৰন্থ এইখনেই প্ৰথম৷ গ্ৰন্থ খনৰ মূল্য হৈছে ২৫০০ টকা৷ গ্ৰন্থখনত সকলো বনৌষধি উদ্ভিদৰ দ্ৰব্য গুণ আৰু ইয়াৰ গৱেষণাৰ ফলাফলবোৰ দিয়া আছে৷ গ্ৰন্থখনে পঢ়ুৱৈ পৰা ভাল সমাদৰ পাইছে৷ তেখেতৰ আন এখন বিশ্বকোষ সোনকালে প্ৰকাশ পাব৷ অসমীয়া, ইংৰাজী হিন্দী ভাষাত পৃথিৱীৰ সকলো ধৰ্মৰে সাৰমৰ্মৰ উপৰিও ধৰ্ম গ্ৰন্থত থকা চৰিত্ৰ বিলাকৰ বিষয়ে সংক্ষিপ্ত বৰ্ণনা দিছে৷ এই গ্ৰন্থখনো ব্যতিক্ৰম হ’ব৷ ডাঃ ঠাকুৰক এই ক্ষেত্ৰত সহযোগ কৰিছে পত্নী, বিশিষ্ট চিকিৎসক তথা সমাজ সেৱিকা ডাঃ মিনাক্ষী ঠাকুৰে৷ ডাঃ ঠাকুৰে আহোম ৰাজত্ব কালৰ এগৰাকী মহীয়সী নাৰীৰ ওপৰতো এখন উপন্যাস লিখি আছে৷

আমি লগ কৰা আনজন ব্যক্তি হৈছে এসময়ৰ দেৰগাঁৱৰ বাসিন্দা বিশিষ্ট সমাজ সেৱক, চৈয়দ আব্দুল মালিক, ড° ভূপেন হাজৰীকাৰ অতি ঘনিষ্ঠ ভৱেশ খাউণ্ড দাদা৷ যোৰহাটৰ ১০ নং ৱাৰ্ডৰ ডি চি বি কলেজ পথত থকা ঘৰত খাউণ্ড দাদাৰ লগত বহু সময় কটালো৷ ৮৫ বছৰীয়া খাউণ্ড দেৱে স্বাস্থ্য জনিত কাৰণত আগৰ দৰে ফুৰা- চকা নকৰা হ’ল৷ দেৰগাঁৱত প্ৰতিখন সভা শুৱনি কৰা জ্ঞানৰ ভঁৰাল, প্ৰাক্তন জনসংযোগ বিষয়া খাউণ্ড আজি বহুত দিন দেৰগাঁৱলৈ অহা নাই৷ ভবেশ দাদাৰ মুখে দেৰগাঁৱৰ বহু নজনা জানিলো৷

১৯৫৭ চনত দেৰগাঁও আলোক শিল্পী সমাজৰ বাৰ্ষিক অধিৱেশনলৈ আহিছিল কলা গুৰু বিষ্ণু ৰাভা৷ ৰাভা দেৰগাঁৱত ৭ দিন আছিল৷ এদিন ৰাভা আৰু ভৱেশ খাউণ্ডে গাড়ী নোপোৱাত খোজ কাঢ়িয়ে গৈ নাহৰণিৰ মালিক চাৰৰ ঘৰ পালেগৈ৷ মালিক ৰসিক মানুহ৷ মালিক চাৰে ভৱেশ দাদাক সুধিলে, “এই ওখ দৈত্যটো কোন?” খাউণ্ডে ক’লে, “ৰাভা চাহাব৷” তেতিয়া মালিকে ৰাভাক ক’লে, “আপুনি ওখ মানুহ, আকাশলৈ চাই আছে৷ মই মাটিত আছো৷” ৰাভা ওখ মানুহ আছিল৷ মালিক চাৰ আছিল চুটি চাপৰ মানুহ৷ মালিক চাৰৰ ঘৰত ৰাভাক খাবলৈ দিয়া টেবুলখনৰ এটা খুড়া ভগা আছিল বাবে তলত ইটা দি ৰাখি থোৱা আছিল৷ ৰাভাই টেবুলখনৰ কথা সুধিলত মালিক চাৰৰ ৰসিক উত্তৰ আছিল, “হয় খুড়া ভগা৷ আমাৰ জাতিটোৱে ভগা৷” মালিক চাৰে হেনৰিক ইবচেনৰ Enemy of the people ৰ বিখ্যাত বাণীটো ক’লে, “সঁচা মানুহৰ অৱস্থাহীন হ’লে তাৰ কথা মিছা হৈ যায়৷ মিছা মানুহ চহকী হ’লে সঁচা হৈ যায়৷” আজিৰ যুগত এই কথাষাৰৰ সত্যতা আমি পদে পদে উপলব্ধি কৰিছো৷ ধন- ক্ষমতা থকা মানুহজন সঁচা হয়৷ ধন- বিত্ নথকা সৎ মানুহজন সমাজত মিছা হৈ যায়৷ মিছাতে কয় নে, টাকাড় পাছে গোপাল নাছে!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!