দুৱাই ভজা চিৰা (ৰিজিত বৰুৱা)

ভোগালী বিহুৰ আয়োজন, “দুৱাই ভজা চিৰা” ৷ বহুতে এই জলপান বিধক দুৱাই ভজা সান্দহ বুলিও কয় ৷ বৰা ধানৰ পৰা এই জলপান বিধ বনোৱা হয় ৷ প্ৰথমে ধানখিনি দুই/তিনি দিনলৈ পানীত তিয়াই থয়, তাৰ পাছত তিয়াই থোৱা ধানখিনি পানীৰ পৰা টুকি লৈ ডাঙৰ কেৰাহীত ভাজি শুকুৱাই লয় ৷ তাৰ পাছত ধানখিনি মিলত বা ধেকিত খুন্দি চাউল বনাই ৷ সেই চাউল পুনৰ কেৰাহীত ভাজি লৈ ধেকিত খুন্দি জলপান বিধ প্ৰস্তুত কৰে ৷ সম্পূৰ্ণ প্ৰক্ৰিয়াটোত ইয়াক দুবাৰ ভজা হয় বাবে জলপানবিধক দুৱাই ভজা চিৰা বা দুৱাই ভজা সান্দহ বুলি কোৱা হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!