দুৱাৰ চোৰ (মূল:ৰিচাৰ্ড ফেইনমেন, অনুবাদ:মনদীপ শইকীয়া)

দুৱাৰ চোৰ

 

মনদীপ শইকীয়া

(পদাৰ্থ বিজ্ঞানী ৰিচাৰ্ড ফেইনমেন এজন ৰসিক ব্যক্তি হিচাপেও পৰিচিত আছিল। তেখেতে MIT ত পঢ়ি থকা কালৰ এটি ৰসাল ঘটনা।)

ফেইনমেনৰ হোষ্টেলৰ কথা, এটা ৰুমত পিট বাৰ্ণেইছ আৰু তেওঁৰ দৰেই পঢ়াকু ল’ৰা কেইজনমান থাকিছিল। তেওঁলোকৰ ৰুম সদাই শান্ত-নিশব্দ। কিবা কাৰণত সেই ৰুমত সোমালে, ওলোৱাৰ সময়ত শুনা যাব “দুৱাৰ খন বন্ধ কৰি যোৱা”। পাচলৈ তেওঁলোকে এখন ফলক আঁৰি দিলে “দুৱাৰ খন বন্ধ কৰি যোৱা”।
এদিনৰ কথা ফেইনমেন খুব পুৱাই সাৰ পাই দেখে যে সেই বিশেষ ৰুমৰ এখন দুৱাৰ নাই। আৰু ফলকত লিখা আছে “দুৱাৰ! কোনে নিলে দুৱাৰ!” দুষ্ট ফেইনমেনৰ মনত লগে লগে এটা বুদ্ধি খেলালে। তেওঁ সাউতকৈ ৰুমটোৰ আনখন দুৱাৰো সোলোকাই লুকোৱাই থলে আৰু নিজৰ ৰুমত গৈ ফষ্টি মাৰি শুই থাকিল। কিছুবেলিৰ পাছত সকলো উঠি লগালত ফেইনমেন লাহেকৈ উঠিল। ল’ৰাবোৰে জুম বান্ধি কথা পাতি আছিল, পিট আৰু বন্ধুবৰ্গ বিমৰ্ষ।
“ফেইনমেন, দুৱাৰখন তুমিয়ে নিছা চাগৈ ?”
“অঁতো, ময়ে নিছো। আৰু নো কোনে নিব। এইয়া চোৱা মোৰ হাতত এতিয়াও আঁচোৰ লাগি আছে।” – লৰালৰিকৈ ফেইনমেনৰ দোষ স্বীকাৰ।
“হেঃ হেঃ ফেইনমেন ধেমালি কৰিবলৈ আৰু নাপালা।” – নাই কোনেও বিশ্বাসেই নকৰে ফেইনমেনক।
প্ৰথম দুৱাৰখনত চোৰে নানান ক্লু এৰি গৈছিল, বিশেষকৈ ফলকত হাতৰ আখৰ। অতি সোনকালে তাক কৰায়ত্ব কৰা হ’ল। ইয়াতেই ফেইনমেনৰ বুদ্ধি খাতিল। সকলোৱে ভাবিছে যে ইয়েই দুইখন দুৱাৰ চোৰ কৰিছে। চোৰে প্ৰথম দুৱাৰখন উলিয়াই দিলে, কিন্তু আনখন দিয়ে ক’ৰপৰা। উত্তম মাধ্যম সোধোৱাৰ পাছতো যেতিয়া আনখন দুৱাৰ নোলাল তেতিয়াহে ল’ৰাবোৰৰ বিশ্বাস হ’ল যে ই সঁচায়ে নিয়া নাই।
এসপ্তাহ পাছতো যেতিয়া দুৱাৰখন নোলাল, হোষ্টেলৰ মুখ্য আৱাসিক বৰ চিন্তিত হ’ল। দিনাৰ হ’লত সকলো ছাত্ৰকে একগোট কৰি তেওঁ সুধিবলৈ ধৰিলে –
“টম, তুমি নিছা?”
“নাই ছাৰ, মই নিয়া নাই।”
“চিদ্?”
“ওঁহো, নাই ছাৰ।”
“ফেইনমেন? তুমি?”
“অঁ ছাৰ। মইতো কৈয়েই আছো …..”
“হেইট, ধেমালি নকৰিবা চোন।”
……..
“সঁচা কলেও নামানে…. নাই”
মুঠতে দুৱাৰখন পোৱা নগ’ল।
কিছু দিনৰ পাছত, সকলোৱে যেতিয়া ঘটনাতো প্ৰায় পাহৰিছে, ফেইনমেনে লাহেকৈ লুকুৱাই থোৱা দুৱাৰখন উলিয়াই দিলে। পিছে এতিয়া কোনেও ফেইনমেনক গালিও দিব নোৱাৰে কাৰণ তেওঁতো সঁচাই কৈছিল আনবোৰেহে বিশ্বাস কৰা নাছিল।
ফেইনমেনৰ ভাষাৰে – “মই মিছলীয়া ! ওঁহো মই সঁচাই কওঁ, তোমালোকেহে মোক বিশ্বাস নকৰা।”

(Surely You’re Joking Mr. Feynmanৰ এটা পৃষ্ঠা)

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!