দেশভক্ত(–তৰংগম ডেকা )

মোৰ দেশৰ মাটিত
মিহলি হৈ যোৱা তেজবোৰৰ পৰা মেলা গজালিবোৰ আপ্ৰাণ শক্তিৰে ভৰা |

একোটা বিকট চিঞৰৰ আঁৰৰ কাহিনী
শুনি ৰক্তোদ্যত হোৱা তাৰ দেহটো
মিহলি হৈ গ’ল ঘন কুঁৱলিত |
বছৰ বহু গ’ল,সি ঘুৰি নাহিল,
আৰু যেতিয়া আহিল , তেজেৰে তুমৰুলি তাৰ দেহা,
তথাপি লিখি থৈ গৈছিল বুকুত
আই অসমীৰ নাম |

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!