দেৱালীৰ আলোক -(শান্তনু বৰা)

দেৱালীৰ আলোক

-শান্তনু বৰা

 

কেৰেৰেচচ…..ফটকা, আতচবাজী বেচা অস্থায়ী দোকানখনৰ সন্মুখত ডিস্ক ব্ৰেকডাল মাৰি ফিল্মী কায়দাত বাইকৰপৰা নামোতেই ম’বাইলটোৱে টেঁটুফলাত লাগিল৷ জিতৰ ফোন৷

“অ’…ক’…“

“ক’ত তই? “ ইমান মিহি মাত যে আজি বেটাৰ, যেন পৃথিৱীৰ আটাইতকৈ নিৰীহ প্ৰাণীটো৷

“……….“

“আব্বে… মাত বোল নাই যে..শুনি আছ’ নে ৰাতিৰ কোটা টোৰ এতিয়াও ফটাই নাই? “ এতিয়াহে বপুৰাৰ নিজ ৰূপত আত্মপ্ৰকাশ৷ “

“অ’…অ’…অলপ ওলাই আহিছো….“

“আজি কিবা প্ৰগ্ৰেম এটা কৰিবি নেকি দেৱালীৰ? “

“মই বাপৰ দোকানতে আছো…আহি যা তই…কথা পাতিম ইয়াতে..আজি ভালকৈ চেলিব্ৰেচন এটা হ’ব লাগিব কিন্তু৷”

ফোনটো কাটোহে হে গম পালে কোনোবাই তাৰ লংপেণ্টত ধৰি টানি আছে৷ ঘূৰি চাই দেখে সৰু ল’ৰা এটা৷ ৭-৮ বছৰীয়া হ’ব৷ ল’ৰাটোৰ এখন গাল পুৰি যোৱা আৰু এটা চকুকেইটা জোখতকৈ সৰু, যেন চকুকেইটা মেলিবৰ চেষ্টা কৰিছে কিন্তু মেলিব পৰা নাই৷ তাৰ হাতত ধৰি আন এজন মানুহ৷

“বাবা..দয়া কৰি কিবা এটা দান দে অ…ইশ্বৰে তোৰ মংগল কৰিব৷ “চকুকেইটা ডাঙৰকৈ মেলি আকাশৰফালে চালে মানুহজনে৷”

কণমানি টোলৈ চালে সি…চুলিবোৰ জপৰা, মলিন এখন শুকান মুখ৷ মানিবেগটো উলিয়াই ১০ টকীয়া নোট এখন উলিয়াই দিলে৷ মানুহটোৱে কণমানি টোক হাতত ধৰি ধৰি আঁতৰি গ’ল, ল’ৰাটোৱে কাষৰ বাইকখনত খুন্দা মাৰিব খুজিছিল, বাপেকে কোনোমতেহে টানি তাক নপৰাকৈ লৈ গ’ল৷ যাওঁতে ল’ৰাটোৱে বাপেকক কিবাকিবি সুধি গৈছিল, সি ভালকৈ শুনা নাপালে৷

“বৰ বেয়া লাগে কণমানি টোলৈ বুজিছে…সিহঁত সেই বজাৰৰ কাষৰ সৰু জুপুৰীটোতে থাকে৷ যোৱা দেৱালীতে কোনোবা পাষণ্ডই তাৰ ঘৰটোলৈ ফটকা দলিয়াইছিল৷ সকলোফালে পোহৰৰ আতচবাজী দেখি ল’ৰাটো ৰাস্তালৈ ওলাই আহিছিল আৰু কোনোবা নৰপিশাচে ফটকা দলিয়াওতে তাৰ মুখতে পৰিলগৈ৷ দুখীয়া বাপেকটোৱে তাৰ পিছৰেপৰা ল’ৰাটোৰ চিকিৎসাৰ কাৰণে ভিক্ষা কৰি ফুৰে৷” কাষৰ পাণদোকানী জনে ক’লে৷ আজি বজাৰখনত অন্যদিনাতকৈ সমাগম বেছি৷ সকলোফালে দেৱালীৰ উচাহ, সকলো ওলাই আহিছে পোহৰৰ উৎসৱটিত আলোকেৰে আকাশ আলোকিত কৰিবলৈ৷ প্ৰত্যেকবাৰৰ দৰে সিও আজি ভালকৈ দেৱালীৰ বজাৰ কৰিম বুলি আহিছে পোহৰ আৰু চকু চাৎ মৰা নিত্য নতুন দামী আতচবাজীৰে চুবুৰীৰ মানুহক চমক দিম বুলি৷ হঠাৎ এটা সিদ্ধান্ত ল’লে, বাইকখন ষ্টাৰ্ট দিলে আৰু ঢপলিয়াই গ’ল আন্ধাৰ আকাশখনৰ ঠিকনা বিচাৰি৷ ঘূৰি আহোতে তাৰ “চেলিব্ৰেচন’’ ৰ অংকটোত ইতিৰেখা টানি৷ আজি তাৰ পদুলিত পোহৰে ভূমুকি নামাৰক লাগিলে সেই কণমানি টোৰ জীৱনত এতিয়া হাজাৰ আলোকৰ প্ৰয়োজন৷ সি অকলে নোৱাৰিলেও সকলোৰে সহযোগত হাজাৰ আলোকেৰে আলোকিত কৰিব কণমানি টোৰ জীৱন আকাশ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!