দ্বাদশ খণ্ড: কংসবধ

৷৷দ্বাদশ খণ্ড৷৷

৷৷কংসবধ৷৷

৷৷ প্ৰথম কীৰ্ত্তন৷৷

ঘোষা৷৷

হৰিসে আতমা হৰিসে বন্ধু৷

তৰি হৰিনামে সংসাৰ সিন্ধু৷৷৮৬৷৷

পদ৷৷

কেশীক বধিয়া আছন্ত হৰি৷

বৰিষৈ পুষ্প দেৱে স্তুতি কৰি৷৷

সেহিবেলা আসি নাৰদ ঋষি৷

কৃষ্ণক বুলিলা মহা হৰিষি৷৷১০২৫৷৷

হে কৃষ্ণ কৃষ্ণ প্ৰণামো আমি৷

সমস্ত ভূতৰ আতমা স্বামী৷৷

পুৰাণ পুৰুষ ঈশ্বৰ সাক্ষী৷

সমস্তে সৃষ্টিক আছাহা ৰাখি৷৷১০২৬৷৷

ভকতজনৰ ৰক্ষাৰ হেতু৷

দুষ্টক নাশিবা গৰুড়কেতু৷৷

কেশীবধ শুনি মিলিল ৰঙ্গ৷

হেষণি শুনি দেৱে দেয় ভঙ্গ৷৷১০২৭৷৷

স্বৰ্গত থাকিবে নোৱাৰৈ কেৱ৷

কেশীক বধিয়া তাৰিলা দেৱ৷৷

প্ৰভাতে কালি মথুৰাক যাইবা৷

ধোবাক মাৰিয়া ধনু ভাঙ্গিবা৷৷১০২৮৷৷

চাণূৰ মুষ্টিক প্ৰমুখ্যে মাল৷

কুৱলয়াপীড় হস্তী বিশাল৷৷

কংসক বধিবা জগত স্বামী৷

পৰশুই দিনা দেখিবো আমি৷৷১০২৯৷৷

কালযৱনক নৰকাসুৰ৷

মাৰিবাহা পঞ্চজন অসুৰ৷৷

কৰিবা বিহা কন্যা ভগৱন্ত৷

নৃগৰ শাপক কৰিবা অন্ত৷৷১০৩০৷৷

সত্যভামা সমে স্যমন্তমণি৷

পাইবাহা প্ৰভু জাম্বৱন্ত জিনি৷৷

মৃতক পুত্ৰক দিয়া বিপ্ৰক৷

লীলায়ে বধিবা নৃপ পৌক৷৷১০৩১৷৷

কেশীক বধি কৰি বুন্দামাল৷

মাৰিবা দন্তবক্র শিশুপাল৷৷

পাণ্ডৱৰ হাতে সমৰ জিনি৷

মৰাইবা অষ্টাদশ অক্ষৌহিণী৷৷১০৩২৷৷

কৰিবা কৰ্ম্ম যত দ্বাৰকাত৷

দেখিবো আনন্দে থাকি তথাত৷

কেৱল জ্ঞানমূৰ্ত্তি তুমি স্বামি৷

তোহ্মাত শৰণ পশিলো আমি৷১০৩৩৷৷

পৰম পুৰুষ সন্তৰ গতি৷

যদুশ্ৰেষ্ঠ হেৰা কৰো প্ৰণতি৷৷

আনন্দে নাৰদে এতেক কই৷

গৈলন্ত কৃষ্ণত মেলানি লই৷৷১০৩৪৷৷

গোৱিন্দো কেশী অসুৰক মাৰি৷

ব্ৰজৰ আনন্দ বঢ়ায়া হৰি৷৷

থাকিল কৃষ্ণে নানা লীলা কৰি৷

সমস্ত সমাজে বুলিয়ো হৰি৷৷১০৩৫৷৷

৷৷দ্বিতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

ৰাম বনমালী গোপাল বনমালী৷৷৮৭৷৷

পদ৷৷

গৈলন্ত নাৰদ ঋষি কংসৰ সমাজ৷

নিচিন্তি আছস কেনে এভু ভোজৰাজ৷৷

তোক মাৰিবাক লাগি দেৱৰ যতন৷

দৈৱকীৰ গৰ্ভে উপজিলা নাৰায়ণ৷৷১০৩৬৷৷

বসুদেৱে গোকুলত থৈলা চুৰি কৰি৷

নন্দঘৰে বাঢ়ন্ত তোহ্মাৰ প্ৰাণবৈৰী৷৷

কৃত্যা কৰি আনি দিল নন্দৰ কন্যাক৷

কহিলো সম্ভেদ কথা দঢ়াই আপোনাক৷৷১০৩৭৷৷

শুনি কংসে খাণ্ডা তুলি উঠি গৈল ৰাগি৷

বসুদেৱ মহন্তক কাটিবাক লাগি৷৷

উঠি দেৱঋষি তাঙ্ক আনিলা নিবাৰি৷

আঙ্ক নকাটিবি তই কৃষ্ণক নমাৰি৷৷১০৩৮৷৷

পিতৃ হত শুনি লাগ নেদিব তোহ্মাকে৷

উলটি বসিল কংস নাৰদৰ হাকে৷৷

বসুদেৱ দেৱকীক বান্ধিয়া নিহলে৷

কৰিলেক বন্দী উগ্ৰসেনক নিষ্খলে৷৷১০৩৯৷৷

পাছে দেৱঋষি গোকুলক গৈলা বহি৷

বুলিলা কৃষ্ণক তুতি আকাশত ৰহি৷৷

ভাৰ সংহাৰন্তা আউৰ নাহি তুমি বিনা৷

কংসক বধিবা প্ৰভু পৰশুই দিনা৷৷১০৪০৷৷

দিবা উগ্ৰসেনক কংসৰ ৰাজ্যভাৰ৷

বসুদেৱ দেৱকীৰ খণ্ডিবা নিকাৰ৷৷

তোহ্মাৰ মনুষ্য লীলা দেখিবো হৰিষি৷

এহি বুলি স্বৰ্গক গৈলেক দেৱঋষি৷৷১০৪১৷৷

অত্ৰূৰক পাঞ্চিলা ভোজৰ নিজ নাহা৷

কৃষ্ণক আনিবে তুমি গোকুলক যাহা৷৷

শিশু ধৰি তোহ্মাৰে আহ্মাৰে মিত্ৰৱতি৷

ইটো কাৰ্য্য সাধি মোক দিয়ো দানপতি৷৷১০৪২৷৷

শুনি দানপতিৰ আনন্দ ভৈল আতি৷

প্ৰভাতে লড়িলা মথুৰাত বঞ্চি ৰাতি৷৷

কৃষ্ণক দেখিবো আজি কিনো সুপ্ৰভাত৷

জানিলো প্ৰসন্ন ভৈলা বিধাতা আহ্মাত৷৷১০৪৩৷৷

নয়নে দেখিবো মই চৰণ কমল৷

আজিসে জন্মৰ মোৰ হৈৱেক সাম্ফল৷৷

দণ্ডৱতে পৰিবোহো কৃষ্ণৰ চৰণে৷

কৃষ্ণে মোক আশ্বাসিব মধুৰ বচনে৷৷১০৪৪৷৷

খুড়া বুলি কৃষ্ণে মোক কৰিবে আহ্লাদ৷

ব্ৰহ্মাৰ দুৰ্ল্লভ তেৱে লভিবো প্ৰসাদ৷

হেন মনে গুণি ৰথে লড়িলা অত্ৰূৰ৷

গোধুলিকা বেলাত পশিলা গোপপুৰ৷৷১০৪৫৷৷

মাধৱৰ খোজচয় দেখিলা ভূমিত৷

ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে সুশোভিত৷৷

ৰথৰ নামিয়া বেগে কৃষ্ণ কৃষ্ণ বুলি৷

শিৰে আনি ঘষিলা খোজৰ যত ধূলি৷৷১০৪৬৷৷

পাছে গৈয়া কৃষ্ণক দেখিল আনন্দতে৷

কৃষ্ণ কৃষ্ণ বুলিয়া পৰিল দণ্ডৱতে৷৷

কৃষ্ণে ধৰিলন্ত তাঙ্ক আঙ্কোৱালি তুলি৷

সতকাৰ কৰিলা অত্ৰূৰ খুড়া বুলি৷৷১০৪৭৷৷

অত্ৰূৰে ভকতি পথে যতেক বাঞ্ছিলা৷

কৃষ্ণো তান সৱে মনোৰথক পূৰিলা৷৷

কহিলন্ত অত্ৰূৰে কংসৰ বিচেষ্টাক৷

মথুৰাক যাইবাক সাজিল গোপজাক৷৷১০৪৮৷৷

শকটে উঠিয়া লড়ি নন্দ গোপৰাজ৷

ৰজনী প্ৰভাতে ৰাম কৃষ্ণ ভৈলা বাজ৷৷

কৃষ্ণক যাইবাৰ শুনি গোপী নিৰন্তৰ৷

মিলিল বিষাদ সৱে বজাইল গৃহৰ৷৷১০৪৯৷৷

সলোতক নয়ন মনত মহাদুঃখে৷

জুমাজুমি কৃষ্ণক চাহয় উৰ্দ্ধমুখে৷৷

কৃষ্ণৰ বিজয় কথা শুনা সাৱধানে৷

বোলা হৰি হৰি যাৱে প্ৰাণ থাকে মানে৷৷১০৫০৷৷

৷৷তৃতীয় কীৰ্ত্তন৷৷

ঘোষা৷৷

এ জয় হৰি জয় ৰাম৷৷৮৭৷৷

পদ৷৷

গোপৰূপে নন্দৰ তনয়৷

শুভক্ষণে কৰিলা বিজয়৷৷

বাজৈ শিঙ্গা বাংশীৰ নিস্বান৷

কংস বধে কৰিলা পয়াণ৷৷১০৫১৷৷

ৰথে চড়ি লড়িলা মুৰাৰি৷

পড়ি পড়ি কান্দে গোপনাৰী৷৷

হৰিৰ বিৰহে তনু তাৱে৷

যেন ভৈল বাতুল স্বভাৱে৷৷১০৫২৷৷

কৃষ্ণ কৃষ্ণ বুলি গেড়ি দেয়৷

আমাৰ প্ৰাণক কোনে নেয়৷৷

ত্ৰূৰ অত্ৰূৰ ভৈল বৈৰী৷

জীৱ কাঢ়ি নেয় কেন কৰি৷৷১০৫৩৷৷

কিনো হৰি নিদাৰুণ ভৈলা৷

গোকুল অনাথ কৰি গৈলা৷৷

কৃষ্ণ বিনে কি কৰৈ জীৱনে৷

আউৰ কোনে যাইব বৃন্দাবনে৷৷১০৫৪৷৷

প্ৰভাতে ৰাখিবে কোনে ধেনু৷

কোনে বাইবে সুললিত বেণু৷৷

কোনে চাইবে কটাক্ষে নিৰেখি৷

জুড়াইবো হৃদয় কাক দেখি৷৷১০৫৫৷৷

কোনে দিবে বাংশীৰ নিস্বান৷

কি দেখি ৰাখিবো আৱে প্ৰাণ৷৷

আহ্মাৰ জীৱনে নাই সুখ৷

আউৰ নেদেখিবো কৃষ্ণমুখ৷৷১০৫৬৷৷

নীল আকুঞ্চিত যাৰ কেশ৷

শিৰে ৰত্ন কিৰীটি সুৱেশ৷৷

ভ্ৰূৱযুগ মদনৰ চাপ৷

দৰশনে হৰৈ হৃদি তাপ৷৷১০৫৭৷৷

ৰুচিকৰ কমল লোচন৷

সুধা সম মধুৰ বচন৷৷

সুষম ললাট গণ্ডস্থল৷

চাৰু কৰ্ণে মকৰ কুণ্ডল৷৷১০৫৮৷৷

নাসা তিল কুসুম সুন্দৰ৷

শোভৈ আতি অৰুণ অধৰ৷৷

দশন দাড়িম্ব বীজ পান্তি৷

হাস্যে নিন্দৈ চন্দ্ৰমাৰ কান্তি৷৷১০৫৯৷৷

কম্বু কণ্ঠে কৌস্তুভ প্ৰকাশে৷

সূৰ্য্য যেন উদিত আকাশে৷৷

সিংহবন্ধ স্কন্ধ সুপ্ৰসন্ন৷

ভুজযুগ ৰত্নৰ মোলান৷৷১০৬০৷৷

কেয়ূৰ কঙ্কণ তাতে জ্বলে৷

ৰত্নৰ গুলিয়া শৌভৈ গলে৷৷

হিয়াত শ্ৰীবৎস কৰৈ কান্তি৷

যেন মেঘে বলাকাৰ পান্তি৷৷১০৬১৷৷

পীতবস্ত্ৰে শোভৈ তনু কালা৷

আপাদলম্বিত বনমালা৷৷

তাতে পড়ি অনেক ভ্ৰমৰে৷

মধুলোভে বেঢ়িয়া গুঞ্জৰে৷৷১০৬২৷৷

বক্ষস্থলে মুকুতাৰ হাৰ৷

আকাশী গঙ্গাৰ যেন ধাৰ৷৷

ৰত্নৰ মেখলা কটি মাজে৷

সোণাৰ কিঙ্কিণী তাত বাজে৷৷১০৬৩৷৷

কৰীকৰ উৰু নিৰুপম৷

চৰণ পঙ্কজ মনোৰম৷৷

ধ্বজ বজ্ৰ অঙ্কুশে অঙ্কিত৷

ৰত্নময় নূপুৰে ৰঞ্জিত৷৷১০৬৪৷৷

ভকতৰ হৃদয় ৰঞ্জন৷

নেদেখিবো সিহেন চৰণ৷৷

কন্দৰ্প কোটিকো ৰূপে জিনি৷

গোকুলে প্ৰকাশৈ যদুমণি৷৷১০৬৫৷৷

কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে৷

নাহি গতি কীৰ্ত্তনত পৰে৷৷

জানিয়া কৰিয়ো একচিত্ত৷

হৰি হৰি ঘোষা প্ৰতি নিত৷৷১০৬৬৷৷

৷৷চতুৰ্থ কীৰ্ত্তন৷৷

ঘোষা৷৷

এ প্ৰাণ হৰি গৈলা এড়ি৷৷৮৯৷৷

পদ৷৷

হেন হৰি ভৈলোহো বঞ্চিত৷

কিমতে ধৰিবো আৱে চিত্ত৷৷

সুপ্ৰভাতে মথুৰা পুৰীৰ৷

মুখপদ্ম দেখিবে স্বামীৰ৷৷১০৬৭৷৷

জীৱৰ জীৱন প্ৰাণপতি৷

আজি পাইবে কোন ভাগ্যৱতী৷৷

কিনো সুপ্ৰসন্ন ভৈলা বিধি৷

হাতে পাইলে গোকুলৰ নিধি৷৷১০৬৮৷৷

মুখপদ্ম চন্দ্ৰ নোহে সৰি৷

আনন্দে দেখিবে নেত্ৰভৰি৷৷

পাইব গৈয়া নাগৰী সুন্দৰী৷

আউৰ দুনাই নাসিবন্ত হৰি৷৷১০৬৯৷৷

সৌহৃদ্য ভাঙ্গিল ক্ষণেকতে৷

উপাসন্ত লক্ষ্মী কেনমতে৷৷

কিনো নিদাৰুণ নাৰায়ণ৷

নুবুলিলা প্ৰবোধ বচন৷৷১০৭০৷৷

পতি পুত্ৰ এড়ি ভৈলো চেড়ী৷

কোন সতে প্ৰভু গৈলা এড়ি৷৷

কিনো বজ্ৰে বান্ধিলেক হিয়া৷

ভকতক গৈলা দুঃখ দিয়া৷৷১০৭১৷৷

আমি মৰো তোহ্মাৰ বিৰহে৷

জানি কেনমতে হৃদি সহে৷৷

এহি বুলি কান্দে গোপনাৰী৷

ৰাম কৃষ্ণ বুলি গেড়ি পাৰি৷৷১০৭২৷৷

নেত্ৰৰ লোতক পড়ৈ ধাৰে৷

ঘনে ঘনে নিশ্বাস ফোঁকাৰে৷৷

হৰি বিনে নভাষে বচনে৷

নপাসৰে সচিতে সপোনে৷৷১০৭৩৷৷

ৰাত্ৰিদিনে গাৱৈ হৰিগীত৷

কৃষ্ণতে অৰ্পিল প্ৰাণ চিত্ত৷৷

কায়স্থ শঙ্কৰে এভু ভণে৷

হৰিকথা শুনা সৰ্ব্বজনে৷৷১০৭৪৷৷

হৰিৰ কীৰ্ত্তন মুখে কৰা৷

মাধৱৰ ৰূপ হিয়ে ধৰা৷৷

অল্প পুণ্যে নপাই আক জানি৷

সদা নছাৰিবা ৰাম বাণী৷৷১০৭৫৷৷

পাপীজনে হৰি নুসুমৰে৷

পাতকে মুখত চেপি ধৰে৷৷

আনে সুমৰন্তে শুনি মৰৈ৷

পাপে চিত্ত উচপিচ কৰৈ৷৷১০৭৬৷৷

হৰিধ্বনি শুনি কাণ ফাটে৷

নিন্দা কৰি ফুৰৈ হাটে বাটে৷৷

হেন জানি পাতক সংহৰি৷

সদায়ে ঘোষিয়ো হৰি হৰি৷৷১০৭৭৷৷

৷৷পঞ্চম কীৰ্ত্তন৷৷

ঘোষা৷৷

হৰি বোল হৰি বোল মাধৱ ৰাম৷৷৯০৷৷

পদ৷৷

ৰথে তুলি ৰাম কৃষ্ণ দোভাই৷

অত্ৰূৰে লৈ যান্ত ঘোড়া ডকাই৷৷

বায়ুৰ বেগে নোহে তাক তুল৷

পাইল গৈয়া পাছে যমুনাকূল৷৷১০৭৮৷৷

মধ্যাহ্ন সন্ধ্যা কৰিবাক প্ৰতি৷

ৰাখিলা ৰথ পাছে দানপতি৷৷

দোভাইক ৰথে থৈয়া তৰুতলে৷

নামিলা গৈয়া যমুনাৰ জলে৷৷১০৭৯৷৷

বুড়দিয়া মন্ত্ৰ জপিলা পাছে৷

দেখন্ত ৰামকৃষ্ণ ঐত আছে৷৷

ৰথত নাহিকে বুলি উঠিলা৷

দোভাইক ৰথতে দুনাই দেখিলা৷৷১০৮০৷৷

পূৰ্ব্বৱতে বসি আছন্ত দুই৷

দুনাই বুড় দিলা বিস্ময় হুই৷৷

জলৰ মাজত দেখন্ত পাছে৷

সহস্ৰেক ফণে অনন্ত আছে৷৷১০৮১৷৷

মৃণাল ধৱল যেন শৰীৰ৷

নীল বস্ত্ৰে দেখি আতি ৰুচিৰ৷৷

ফণাৰ মণি কৰে তিৰিমিৰি৷

শৃঙ্গে সমে যেন কৈলাস গিৰি৷৷১০৮২৷৷

চৌপাশে সৰ্পগণে বেঢ়ি আছে৷

তাহান কোলাত দেখন্ত পাছে৷৷

পৰম পুৰুষ আছন্ত বসি৷

প্ৰকাশৈ মুখ যেন পূৰ্ণ শশী৷৷১০৮৩৷৷

মেঘ সম শ্যাম বসন পীত৷

ৰত্নৰ কিৰীটি শিৰে শোভিত৷৷

কৰ্ণত মকৰ দোলে কুণ্ডল৷

ধনু সম শোভৈ ভ্ৰূৱ যুগল৷৷১০৮৪৷৷

অৰুণ নেত্ৰ কমলৰ পাসি৷

নুগুচৈ মুখে সদা অল্প হাসি৷৷

নাসা তিল ফুল সম সুন্দৰ৷

বৰ্ত্তুল ৰাতুল চাৰু অধৰ৷৷১০৮৫৷৷

প্ৰৱাল ৰত্নে যেন আছৈ গঢ়ি৷

প্ৰকাশে দন্ত যেন কুন্দ কঁড়ি৷৷

কম্বুকণ্ঠে শোভৈ কৌস্তুভ মণি৷

প্ৰকাশৈ প্ৰভাতৰ সূৰ্য্য জিনি৷৷১০৮৬৷৷

আজানুলম্বী স্থল ভুজ চাৰি৷

শঙ্খ চক্র গদা পঙ্কজধাৰী৷

কৰয় কেয়ূৰ কঙ্কণে কান্তি৷

বক্ষস্থলে শোভৈ শ্ৰীবৎস পান্তি৷৷১০৮৭৷৷

আপাদলম্বী বনমালা গলে৷

মুকুতাৰ হাৰ হিয়াত জ্বলে৷৷

ৰত্নৰ মেখলা কটিৰ মাজে৷

তাতে সুৱৰ্ণৰ কিঙ্কিনী বাজে৷৷১০৮৮৷৷

চাৰু উৰু জানু জন্দ্ৰা যুগল৷

দুখানি চৰণ যেন কমল৷৷

আঙ্গুলি পান্তি তাৰ ভৈল পাসি৷

আৰকত নখে আছে প্ৰকাশি৷৷১০৮৯৷৷

ৰত্নৰ নূপুৰে আতি ৰঞ্জিত৷

যাত ভকতৰ সদায় চিত্ত৷৷

সুনন্দ নন্দ আদি কৰি পাছে৷

চৌপাশে পাৰিষদে বেঢ়ি আছে৷৷১০৯০৷৷

শঙ্কৰ ব্ৰহ্মা যত প্ৰজাপতি৷

কৰযোৰে সৱে কৰয় স্তুতি৷৷

আপুনি লক্ষ্মী আৰাধন্ত পাৱ৷

অত্ৰূৰে দেখি শিহৰাইলা গাৱ৷৷১০৯১৷৷

আনন্দতে পৰৈ নেত্ৰৰ পানী৷

কণ্ঠৰো নোহ্লায় গদগদ বাণী৷৷

পৰম ভক্তি কৰি মহাভাগে৷

কৃতাঞ্জলি কৰি পৰিল আগে৷৷১০৯২৷৷

৷৷ষষ্ঠ কীৰ্ত্তন৷৷

ঘোষা৷৷

মাধৱ ৰাম মুকুন্দ মুৰাৰি৷৷৯১৷৷

পদ৷৷

শিৰে প্ৰণামি পাছে দানপতি৷

কৰিবে লাগিলা কৃষ্ণক স্তুতি৷৷

নমো নাৰায়ণ কৰোহো সেৱ৷

স্ৰষ্টাৰো স্ৰষ্টা তুমি আদি দেৱ৷৷১০৯৩৷৷

তোহ্মাৰ নাভিত ভৈলন্ত বিধি৷

যাত হন্তে ভৈল কাৰ্য্যৰ সিদ্ধি৷

যত পঞ্চভূত ইন্দ্ৰিয় দেৱ৷

তোহ্মাৰ ৰূপক নজানে কেৱ৷৷১০৯৪৷৷

নজানি লোকে আনদেৱ পূজৈ৷

সিয়ো বিধিহীনে তোহ্মাক যজৈ৷

যেহেন নদ নদী সমুদায়৷

অনেক পথে সাগৰক যায়৷৷১০৯৫৷৷

মায়ায়ে মোহিত সৱাৰো মন৷

তোহ্মাৰ নিচিন্তৈ কেৱে চৰণ৷৷

যাৰ নষ্ট হুইবে সংসাৰ বন্ধ৷

তোহ্মাৰ ভক্তিত তাৰ প্ৰৱন্ধ৷৷১০৯৬৷৷

ৰূপ দেখাই কিনো কৰিলা দায়া৷

জানিলো এড়াইল সংসাৰ মায়া৷৷

নমো হৃষীকেশ জগতপতি৷

তুমি বিনে নাই আহ্মাৰ গতি৷৷১০৯৭৷৷

কৰিলা অনেক স্তুতি বিনয়ে৷

নকৈলো পদ বিস্তৰক ভয়ে৷৷

জলত পাছে দেখা দিয়া হৰি৷

ভৈলা অন্তৰ্দ্ধান ৰূপ সংহৰি৷৷১০৯৮৷৷

বিষ্ণুক নেদেখি পাছে অত্ৰূৰে৷

জলৰ উঠিল আতি সত্বৰে৷৷

মধ্যাহ্ন সন্ধ্যা কৰি মহাশয়৷

গৈলন্ত ৰথক হুয়া বিস্ময়৷৷১০৯৯৷৷

অত্ৰূৰত হৰি সোধন্ত হাসি৷

বিস্ময় ভৈলা কেনে তুমি আসি৷৷

দেখিলা কিবা কৈত অদভূত৷

সত্বৰে কহিয়ো গান্দিনীসুত৷৷১১০০৷৷

অত্ৰূৰে কৃষ্ণক মাতিলা পাছে৷

সৱে অদভূত তোহ্মাত আছে৷

যিজনে নজানে তত্ত্ব তোহ্মাৰ৷

সমস্ত জগত অদ্ভূত তাৰ৷৷১১০১৷৷

এহি বুলি বীৰে ৰথ ডকাইল৷

দিনান্তে গৈয়া মথুৰাক পাইল৷৷

পথত যাহন্তে পথিকে দেখি৷

আনন্দে কৃষ্ণক চাহে নিৰেখি৷৷১১০২৷৷

পাছে মথুৰাৰ সমীপ পাই৷

নামিল ৰাম কৃষ্ণ দুই ভাই৷৷

অত্ৰূৰৰ হাতে ধৰিলা হৰি৷

বুলিলা হেন বাণী হাস্য কৰি৷৷১১০৩৷৷

ৰথ লৈয়া আগে চলিয়ো ঘৰ৷

পাছেসে পশিবো আমি নগৰ৷৷

ইঠাইতে জিৰাওঁ আমি গোপজাক৷

শুনিয়া আত্ৰূৰে বুলিলা বাক৷৷১১০৪৷৷

তোমৰা দোভাইক এড়িয়া স্বামী৷

নযাইবো নযাইবো গৃহক আমি৷৷

নকৰা প্ৰভু ভকতক ত্যাগ৷

কোটি পুৰুষৰ মিলোক ভাগ৷৷১১০৫৷৷

গৃহক মোৰ চলা সমুদায়৷

পৱিত্ৰ কৰিও পদ ধূলাই৷৷

শিৰত ধৰি তযু পাদোদক৷

লভিলা বলি মহা ঐশ্বৰ্য্যক৷৷১১০৬৷৷

পাইলেক পৰম জ্ঞানীৰ গতি৷

ভকতক দয়া কৰা সম্প্ৰতি৷৷

আমাক বিমুখ নকৰা স্বামি৷

তোহ্মাক এড়িবে নৱাৰো আমি৷৷১১০৭৷৷

মাধৱে বোলন্ত শুনা অত্ৰূৰ৷

তুমি আগে যায়ো মথুৰাপুৰ৷৷

জগতৰে বৈৰী মাৰি কংসক৷

অৱশ্যে তোহ্মাৰ যাইবো গৃহক৷৷১১০৮৷৷

হেন শুনি পাছে অত্ৰূৰ বীৰে৷

বিতুষ্ট মনে গৈল ধীৰে ধীৰে৷

কৃষ্ণ আসিবাৰ কংসত কৈলা৷

মেলানি মাগিয়া গৃহক গৈলা৷৷১১০৯৷৷

একমনে শুনা কৃষ্ণৰ কথা৷

মনুষ্য জন্মক নকৰা বৃথা৷৷

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷

বোলা হৰি হৰি সমস্ত জনে৷৷১১১০৷৷

৷৷সপ্তম কীৰ্ত্তন৷৷

ঘোষা৷৷

গোৱিন্দ যদুদেৱ দীন দয়াশীল৷

তুমিসে বান্ধৱ কৃষ্ণ আৱেসে জানিল৷৷৯২৷৷

পদ৷৷

অত্ৰূৰক পঠায়া গৃহক আগ কৰি৷

লৈয়া গোপগণ সঙ্গে ৰঙ্গে ৰাম হৰি৷৷

পৰম উৎসুকে প্ৰৱেশিলা মথুৰাত৷

সিটো বিতোপন পুৰি দেখিলা সাক্ষাত৷৷১১১১৷৷

স্ফটিকে গঠিত পুৰ দ্বাৰ নুহি খাট৷

লগাই আছৈ সুৱৰ্ণৰ বৃহত কপাট৷৷

হেমময় তোৰণ চিড়লে অলঙ্কৃত৷

চতুৰ্ভিতি গঢ়খাই দেখি ভয়ভীত৷৷১১১২৷৷

বহুবিধ উদ্যান শোভিত কাছে কাছে৷

শাৰী শাৰী গৃহসৱ প্ৰকাশন্তে আছে৷৷

হীৰা মৰকত ৰত্নে ৰঞ্জৈ ঠাৱে ঠাৱে৷

শোভা কৰৈ পাৰাৱত ময়ূৰৰ ৰাৱে৷৷১১১৩৷৷

ৰাজপথ চৌপন্থাক সাঞ্জি মাঞ্জি আতি৷

পদূলি পদূলি দীপঘট আছে পাতি৷৷

হেন নগৰত পশি গোপগণ সঙ্গে৷

ৰাজপথে চলি যান্ত ৰাম কৃষ্ণ ৰঙ্গে৷৷১১১৪৷৷

মিলিল উৎসৱ১৪২ শুনি নাৰীগণ যত৷

চাহিবাক লাগি সৱে চড়িলা গৃহত৷৷

কৃষ্ণক দেখিবে কাৰো উত্ৰাৱল চিত্ত৷

পিন্ধে বস্ত্ৰ অলঙ্কাৰ কৰি বিপৰীত৷৷১১১৫৷৷

এক কৰ্ণে কুণ্ডল কঙ্কণ এক কৰে৷

বিমোহিত হুয়া আসৈ বস্ত্ৰো নসম্বৰে৷৷

অঞ্জনে ৰঞ্জিল মাত্ৰ এগোটা লোচন৷

কতো কতো নাৰীগণে এড়িল ভোজন৷৷১১১৬৷৷

পিয়ন্তে আছিল তন শিশুক এড়িল৷

কৃষ্ণক দেখিবে মনে গৃহত চড়িল৷৷

ৰাজপথে চলি যান্ত লীলায়ে মাধৱ৷

তাসম্বাৰ নয়নৰ বঢ়ায়া উৎসৱ৷৷১১৭৭৷৷

কমললোচন হাসি কটাক্ষে চাহন্তে৷

সমস্ত নাৰীৰ মন হৰিল একান্তে৷৷

যাৰ গুণ কথাক শ্ৰৱণে আছো শুনি৷

নেত্ৰ ভৰি দেখো হেন কৃষ্ণক আপুনি৷৷১১১৮৷৷

কৃষ্ণৰ কটাক্ষ হাস্যে বৰিষে অমৃত৷

পূৰি মনোৰথ সৱে ভৈল কৃতকৃত্য৷৷

নয়নৰ পথে নিয়া কৰি অভ্যন্তৰ৷

আনন্দ মূৰ্ত্তিক আলিঙ্গয় নিৰন্তৰ৷৷১১১৯৷৷

মনৰ এড়াইল পীড়া আনন্দে ভৰিল৷

তনু লোমাঞ্চিত নেত্ৰে লোতক ঝৰিল৷৷

প্ৰীতি প্ৰফুল্লিত মুখপদ্ম যত নাৰী৷

গৃহৰ উপৰে চৰি হুয়া দুই শাৰী৷৷১১২০৷৷

ৰাম মাধৱৰ শিৰে পুষ্প বৰিষন্ত৷

মুখ কমলক যেন নয়নে পিয়ন্ত৷৷

দধি দূৰ্ব্বাক্ষত উপায়ন পুষ্পগন্ধে৷

পদূলি পদূলি দ্বিজে পূজিলা প্ৰবন্ধে৷৷১১২১৷৷

অন্যোঅন্যে নাৰীগণে সম্বোধি কহয়৷

কিনো তপ কৰিলে ব্ৰজৰ গোপীচয়৷৷

দেখিয়ো আনন্দে যেন আছৈ মূৰ্ত্তি ধৰি৷

হেন ৰাম মাধৱক দেখ নেত্ৰ ভৰি৷৷১১২২৷৷

গোপীসম ভাগ্যৱতী আউৰ কেহো নাই৷

কহে সৱে নাৰীগণে অন্যোঅন্যে চাই৷৷

কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বজন৷

বোলা হৰি হৰি আছে যাৱত চেতন৷৷১১২৩৷৷

৷৷অষ্টম কীৰ্ত্তন৷৷

ঘোষা৷৷

প্ৰাণ বান্ধৱ মাধৱ ৰাম৷

দেহু দেখা হৰি কৰো প্ৰণাম৷৷৯৩৷৷

পদ৷৷

পথত ৰাম কৃষ্ণ মহাভাগ৷

যাহন্তে ধোবাক পাইলন্ত লাগ৷৷

খুজিলন্ত বস্ত্ৰ মাতি ধোবাক৷

দিয়ো ভাল বাছি বস্ত্ৰ আহ্মাক৷৷১১২৪৷৷

আজি যেৱে বস্ত্ৰ কৰস দান৷

হৈবেক পৰম তোৰ কল্যাণ৷৷

এহি বুলি বস্ত্ৰ খোজন্ত হৰি৷

দুৰ্ম্মুখ ধোৱা মাতে ক্রোধ কৰি৷৷১১২৫৷৷

কিনো মহামূঢ় তোৰা গোৱাল৷

পৰ্ব্বত বনত খপস কাল৷৷

মৰিবাক লাগি নাহিকে ত্ৰাস৷

ৰাজাৰ বস্ত্ৰক পিন্ধিবে চাস৷৷১১২৬৷৷

প্ৰাণ লৈয়া পলা ঐৰ অন্তৰি৷

ৰাজদূতে পাইলে দণ্ডিবে ধৰি৷৷

দৈৱকীসুতে শুনি হেন বাণী৷

মাৰিলা ধোবাক চৱৰ টানি৷৷১১২৭৷৷

ছিণ্ডিল মুণ্ড চৱৰতে তাৰ৷

যতেক ধোবা লগৰীয়া আৰ৷৷

বস্ত্ৰ পেলাই সৱে দিলে লৱড়৷

দেখিয়া কৃষ্ণে ৰঙ্গ ভৈলা বড়৷৷১১২৮৷৷

ভাল বাছি বস্ত্ৰ লৈলা দোভাই৷

গোৱালসৱক দিলা পেহ্লাই৷৷

বেশকাৰে আসি পিন্ধাই বস্ত্ৰক৷

কছাইল ৰঙ্গে ৰাম মাধৱক৷৷১১২৯৷৷

তাত তুষ্ট ভৈলা কৃষ্ণ অধিক৷

দিলন্ত পৰম ঐশ্বৰ্য্য শ্ৰীক৷৷

সাৰূপ্য মুকুতিকো দিলা তাক৷

বুলিলা অনেক আশ্বাস বাক৷৷১১৩০৷৷

সুদামা নামে মালাকাৰ আছে৷

তাহাৰ বাড়ীত পশিলা পাছে৷৷

দূৰতে দেখে আসে কৃষ্ণ ৰাম৷

কৰিলা সুদামা পৰি প্ৰণাম৷৷১১৩১৷৷

আসন আনি দিল আথেবেথে৷

বসিলা তাত ৰঙ্গে জগন্নাথে৷৷

পাদ্য অৰ্ঘে গন্ধধূপ লগাই৷

কৰিলা পূজা লৈলা দুয়ো ভাই৷৷১১৩২৷৷

ভূমিত পৰি বোলে মালাকাৰ৷

পিতৃ দেৱ ঋষি তুষ্ট আহ্মাৰ৷৷

আজিসে জন্ম সাফলিলো আমি৷

কুলকো পৱিত্ৰ কৰিলা স্বামি৷৷১১৩৩৷৷

জগতৰে মুখ্য কাৰণ হুই৷

ভৈলা অৱতাৰ তোমৰা দুই৷৷

ভকতজনৰ ৰক্ষাৰ হেতু৷

দুষ্টক নাশাহা গৰুড়কেতু৷৷১১৩৪৷৷

জগতৰে আত্মা ঈশ্বৰ দেৱ৷

তোহ্মাৰ শত্ৰু মিত্ৰ নাহি কেৱ৷৷

সমস্ত ভূততে আছা বিয়াপি৷

ভজন্তাক প্ৰভু ভজা তথাপি৷৷১১৩৫৷৷

কৰিয়ো আজ্ঞা আমি তযু ভৃত্য৷

তোমৰা দুইৰো কৰো কিবা কৃত্য৷৷

যাক পাঞ্চা তুমি কাৰ্য্যক লাগি৷

প্ৰসাদ পাইলে সেহি মহাভাগী৷৷১১৩৬৷৷

এহি বুলি বুজি কৃষ্ণ ইঙ্গিত৷

আনিয়া সৌৰভী১৪৩ পুষ্পে ৰচিত৷৷

পিন্ধাইল দুইকো অঙ্গে মুঞ্জমালা৷

পুষ্পে ভূষিলেক যত গোৱালা৷৷১১৩৭৷৷

ভকতি দেখি তাৰ কৃষ্ণ ৰাম৷

বোলন্ত লৈয়োক বৰ সুদাম৷৷

শুনিয়া মালী বোলৈ যোড়ি হাত৷

থাকোক অচলা ভক্তি তোহ্মাত৷৷১১৩৮৷৷

বিষ্ণু ভকতেসে হৈবে বান্ধৱ৷

ভূত দায়া যোনো চাড়ে মাধৱ৷৷

এহি বুলি মৌন ভৈলা সুদাম৷

দিলন্ত বৰ সৱে কৃষ্ণ ৰাম৷৷১১৩৯৷৷

বুলিলা আৰো তাৰ ভক্তি দেখি৷

নেৰোক তোহ্মাক অচলা লক্ষ্মী৷৷

বল আয়ু যশ দিলো সমৃদ্ধি৷

সৰ্ব্বকালে হৌক বংশৰ বৃদ্ধি৷৷১১৪০৷৷

সুদামাক দিয়া এতেক বৰ৷

বজাইলা তৈৰ ৰাম দামোদৰ৷৷

আনন্দে বেঢ়ি যায় গোপগণে৷

হৰি হৰি বোলা সমস্ত জনে৷৷১১৪১৷৷

৷৷নৱম কীৰ্ত্তন৷৷

ঘোষা৷৷ সেৱক বুলিয়া পালিয়ো ৰাম

চৰণে শৰণ লৈলো৷

তোহ্মাত ভকতি নকৰি কৃপাল

জনম বিফল কৈলো৷৷৯৪৷৷

পদ৷৷ সুদামাক বৰ দিয়া দামোদৰ

ৰাজপথে চলি যান্ত৷

চন্দনৰ পাত্ৰ সহিতে যুৱতী

কুবুজাক দেখিলন্ত৷৷

ওচৰ চাপিয়া পুছন্ত হাসিয়া

সৰ্ব্ব সুখদাতা হৰি৷

কোন তুমি কাৰ চন্দন লৈ যাহা

কৈয়ো কথা শীঘ্ৰ কৰি৷৷১১৪২৷৷

দোভাইক চন্দন দিয়ো আজি তোৰ

হৈবেক কল্যাণ আসি৷

সৈৰিন্ধী বোলয় শুনিয়ো সুন্দৰ

মই কংসৰায়ৰ দাসী৷৷

ভোজ নৃপতিৰ আতি প্ৰীতিকৰ

মোহোৰ চন্দন মাত্ৰ৷

তোৰা দুই বিনে ইটো চন্দনৰ

আছৈ আন কোন পাত্ৰ৷৷১১৪৩৷৷

সুকুমাৰ ৰূপ দেখি মোহ ভৈল

কৃষ্ণৰ সুৰস মাতে৷

দোভাইৰ শৰীৰ চন্দনে ৰঞ্জিল

যুৱতী আপুন হাতে৷৷

এতেকে প্ৰসন্ন ভৈলা ভগৱন্ত

যিটো ভকতৰ গতি৷

কৰিলন্ত মতি সিটো কুবুজাক

ঋজু কৰিবাক প্ৰতি৷৷১১৪৪৷৷

তাইৰ দুই ভৰি দুপাৱে জান্তিয়া

চিবুকত ধৰি হাতে৷

উপৰক তুলি চম্বু কৰিলন্ত

তিনিও লোকৰ নাথে৷৷

কৃষ্ণ পৰশনে তেতিক্ষণে তাই

ভৈ গৈল দিব্য সুন্দৰী৷

কামাতুৰা হুয়া হাসিয়া মাতয়

কৃষ্ণৰ বস্ত্ৰত ধৰি৷৷১১৪৫৷৷

তুমি চিত্ত মোৰ মথিলা মাধৱ

এড়িবে নৱাৰো আমি৷

আসা গৃহে যাওঁ হুয়োক প্ৰসন্ন

তিনিও লোকৰ স্বামী৷৷

ৰামৰ আগত কৃষ্ণৰ বস্ত্ৰত

ধৰিয়া প্ৰাৰ্থন্তে আছে৷

সমস্ত গোপৰ মুখ চায়া হৰি

হাসি মাতিলন্ত পাছে৷৷১১৪৬৷৷

আমি পথিকৰ তুমিসে আশ্ৰয়

যায়োক আজি গৃহক৷

তোহ্মাৰ থানক অৱশ্যে আসিবো

বধিয়া দুষ্ট কংসক৷৷

এহি বুলি তাইক মধুৰ বচনে

আশ্বাসি পঠাইলা হৰি৷

বাণিজাৰুগণে দোভাইক পূজিল

অনেক দ্ৰব্যে সাদৰি৷৷১১৪৭৷৷

কৃষ্ণ দৰশনে কামে বিমোহিত

সমস্তে পুৰ যুৱতী৷

বসন বলয়া সুুলকিল খোপা

তাতো নাহি কাৰো মতি৷৷

চিত্ৰৰ পুতলী আছে যেন ৰহি

কৃষ্ণত অৰ্পিয়া মন৷

আনকাম এড়ি বোলা হৰি হৰি

সমজ্যাৰ যত জন৷৷১১৪৮৷৷

৷৷দশম কীৰ্ত্তন৷৷

ঘোষা৷৷

জগন্নাথ অনাথক থাপিয়ো চৰণে৷

তোহ্মাক বান্ধৱ মানি পশিলো শৰণে৷৷৯৫৷৷

পদ৷৷

এহি মতে ৰাম কৃষ্ণ ভ্ৰমন্তে পথত৷

ধনুৰ্যাগশালা পাইলা পুছিয়া লোকত৷৷

দেখিলা কংসৰ দিব্য ধনু কৃষ্ণে পাছে৷

যেন ইন্দ্ৰধনুখণ্ড প্ৰকাশন্তে আছে৷৷১১৪৯৷৷

আনন্দে গোৱিন্দে ধৰিবাক যান্ত তাক৷

দেখিয়া ৰখীয়া সেনাগণে দেয় হাক৷৷

তথাপি লীলায়ে বাম হাতে তুলি ধৰি৷

নিমিষেকে ধনুত লগাইলা গুণ হৰি৷৷১১৫০৷৷

অপ্ৰয়াসে টানিয়া ভাঙ্গিলা ধনুখণ্ড৷

যেন মত্ত মাতঙ্গে ভাঙ্গিলে ইক্ষুদণ্ড৷৷

তাৰ ঘোৰ শবদে পূৰিল দিশপাশ৷

শুনি কংসৰায়ৰ অদ্ভূত ভৈল ত্ৰাস৷৷১১৫১৷৷

দেখিয়া ৰখীয়াসৱ কটক কিটাইল৷

অস্ত্ৰ শস্ত্ৰ ধৰি ক্রোধে মাধৱক ধাইল৷৷

বেঢ়িলেক চতুৰ্ভিতি ধৰ মাৰ বুলি৷

খঙ্গে ভাঙ্গা ধনু ৰাম কৃষ্ণে লৈলা তুলি৷৷১১৫২৷৷

সমস্তে সেনাক মানে বধিলা দোভাই৷

কংসে পঠাইলেক যিবা মাৰিলা কোবাই৷

ধনুৰ শালাৰ হন্তে বাজ হুয়া দুই৷

নগৰ চাহিয়া ফুৰে মহা হৃষ্ট হুই৷৷১১৫৩৷৷

প্ৰভাৱে প্ৰগল্‌ভ ৰূপ দেখি নিৰুপম৷

সৱে বোলৈ ইটো দুই দেৱতো উত্তম৷৷

অনন্তৰে সূৰ্য্যে পাইলা অস্তগিৰি গই৷

নিৱৰ্ত্তিলা ৰাম কৃষ্ণ গোপগণ লই৷৷১১৫৪৷৷

নগৰৰ বাজত ৰহিলা বাসা কৰি৷

ৰঙ্গে ৰাম কৃষ্ণ দুই পখালিলা ভৰি৷৷

গোপগণ সঙ্গে লৈয়া ভুঞ্জি দধি ভাত৷

বঞ্চিলা ৰজনী সুখে শুতিয়া শয্যাত৷৷১১৫৫৷৷

ধনুৰ্ভঙ্গ ৰখীয়া সেনাৰ শুনি বধ৷

নাসৈ নিদ্ৰা কংস ভৈল ভয়তে তবধ৷৷

দেখৈ নানা বিমঙ্গল চিত্ত নোহে স্থিৰ৷

ছায়াত নেদেখৈ সিটো আপুনাৰ শিৰ৷৷১১৫৬৷৷

ধূলি কৰ্দ্দমতো নিজ খোজক নাকলে৷

আকাশত দেখে কতো দুই চন্দ্ৰ জ্বলে৷৷

স্বপ্নত মৃতকে আসি কৰৈ আলিঙ্গন৷

গৰ্দ্দভত চড়ি কৰৈ বিষক ভোজন৷৷১১৫৭৷৷

ওৰ ফুলমালা পিন্ধি হুয়া দিগম্বৰ৷

তৈল ঘসি দক্ষিণক যায় একেশ্বৰ৷৷

আনো নানা বিধ বিমঙ্গল দেখৈ আতি৷

ভয়তে নপাইলে নিদ্ৰা কংসে সিটো ৰাতি৷৷১১৫৮৷৷

অনন্তৰে কংসৰায় উঠি প্ৰভাতত৷

কৰাইলন্ত মল্লক্রীড়া মহোৎসৱ যত৷৷

সজাইলেক উচ মঞ্চ ৰঙ্গশালা বেঢ়ি৷

বাৱৈ ঢাক ঢোল ভেৰী কৰৈ নানা খেড়ি৷৷১১৫৯৷৷

মঞ্চে চড়ি বসিলা যতেক পুৰবাসী৷

থান লৈয়া বসিলা নৃপতিগণো আসি৷৷

মন্ত্ৰীগণ সমে কংস চড়িল মঞ্চত৷

নুগুচয় ভয় তাৰ ক্ষণেকো মনত৷৷১১৬০৷৷

মল্লবাদ্য শুনি কাছিপাৰি যত মাল৷

মালগুৰু সমে প্ৰৱেশিলা ৰঙ্গশাল৷৷

চাণূৰ মুষ্টিক কূট তোশল অপৰ৷

শল্ল নামে আইল আৰো মল্ল ভয়ঙ্কৰ৷৷১১৬১৷৷

কৰ দিয়া নন্দো গোপগণ সমন্বিতি৷

মঞ্চে চড়ি বসিলন্ত হুয়া একভিতি৷৷

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি৷

বোলা হৰি হৰি সৱে হৌক সদগতি৷৷১১৬২৷৷

৷৷একাদশ কীৰ্ত্তন৷৷

ঘোষা৷৷

গোপাল কৃপাল কৰুণাময়৷

হৰিয়ো হৰিভকতৰ ভয়৷৷৯৬৷৷

পদ৷৷

কহন্ত নৃপতিত শুকমুনি৷

ৰাম কৃষ্ণে মল্লদুন্দুভি শুনি৷৷

কৰিয়া শৌচ ভৈলা কাছপাৰ৷

শুনিয়ো আৱে কেনে অৰ্থ তাৰ৷৷১১৬৩৷৷

ধনু ভাঙ্গি সেনা মাৰিলো তাৰ৷

দেখাইলো নিজ বীৰ্য্য আপুনাৰ৷৷

তথাপি পিতৃৰ নোছোড়ৈ বন্ধ৷

আহ্মাকো মাৰিবে কৰৈ প্ৰবন্ধ৷৷১১৬৪৷৷

মমাৰ বধে আউৰ দোষ নাই৷

এহি বুলি লড়ি গৈলা দোভাই৷৷

ৰঙ্গৰ দ্বাৰ পাইলা গৈয়া পাছে৷

কুৱলয়াপীড় বাটতে আছে৷৷১১৬৫৷৷

অম্বষ্ঠ হাতীয়াৰো আছৈ খুম্পি৷

ৰহি আছৈ সিটো কৃষ্ণক চুম্পি৷৷

দেখি কৃষ্ণে তাৰ বুজি ইঙ্গিত৷

মেহাইলন্ত পীত বস্ত্ৰ কটিত৷৷১১৬৬৷৷

কুটিল অলকা বান্ধিল তুলি৷

মাতিলা শুনৰে অম্বষ্ঠ বুলি৷৷

যাইবো ৰঙ্গশালা সত্বৰ কৰি৷

পথ ছাড়ি দেস ঐৰ অন্তৰি৷৷১১৬৭৷৷

বাট নেদ যেৱে শুন দ্বন্দুৰ৷

কুঞ্জৰ সমে নিবো যমপুৰ৷৷

হেন শুনি পাছে অম্বষ্ঠ ৰাগি৷

খুম্পিল হাতীক কৃষ্ণক লাগি৷৷১১৬৮৷৷

ধায়া গৈল হস্তী কালান্ত প্ৰায়৷

ধৰিল কৃষ্ণক শুণ্ডে মেহাই৷৷

এৰাইল আস্ফোট কৰিয়া উঠি৷

মাতঙ্গক কৃষ্ণে মাৰিলা মুঠি৷৷১১৬৯৷৷

ভৰিৰ মাঝতে লুকাইলা তাৰ৷

ক্রোধিল কুঞ্জৰে পায়া প্ৰহাৰ৷৷

নেদেখি সিটো ফোফাই যেন নাগ৷

শুঙ্গি শুঙ্গি পাইল কৃষ্ণক লাগ৷৷১১৭০৷৷

ধৰিল কৃষ্ণক শুণ্ডে মেহাই৷

বাজ ভৈলা কৃষ্ণ বলে এড়াই৷৷

লাঞ্জত তাৰ ধৰি চক্রপাণি৷

একশত হাত নিলন্ত টানি৷৷১১৭১৷৷

সৰ্পক আঝোৰৈ যেন গৰুড়ে৷

কৃষ্ণক ধৰিবে চাহয় শুড়ে৷৷

ইকাতি সিকাতি হোৱন্তে যাই৷

টানি নেন্ত কৃষ্ণে শ্ৰমে এড়াই৷৷১১৭২৷৷

নপাৰে ধৰিবে সিটো কৃষ্ণক৷

যেন দামুৰিক টানে বালক৷৷

অনন্তৰে তাৰ লাঞ্জৰ এড়ি৷

ভৈলন্ত সন্মুখ হস্তীক হৰি৷৷১১৭৩৷৷

চাপৰ মাৰিয়া যান্ত লৱড়ে৷

খেদি নেয় হস্তী গোড়ত গোড়ে৷৷

লীলায়ে পড়িয়া উঠিলা হৰি৷

পড়িল বুলি হস্তী ক্রোধ কৰি৷৷১১৭৪৷৷

পৃথিৱীত সিটো ভিৰিল দান্তে৷

গাৱৰ সৱ বল দিয়া ঝাণ্টে৷৷

নাহিকে কৃষ্ণ দেখি হস্তী কোপে৷

ধাইলেক কৃষ্ণক দুনাই আটোপে৷৷১১৭৫৷৷

উপৰে হাতীয়াৰে খুম্পি যায়৷

ধৰিলা শুণ্ডত মাধৱে পাই৷৷

প্ৰমত্ত সিংহে যেন লীলা কৰি৷

পাড়িলা ভূমিত হস্তীক হৰি৷৷১১৭৬৷৷

পাৱে ভিৰি তাক কৰি আক্রান্ত৷

লৈলন্ত উভাৰি হস্তীৰ দান্ত৷৷

হস্তী হস্তীয়াৰ দুইকো জপাই৷

মাৰিলন্ত গজ দান্তে কোবাই৷৷১১৭৭৷৷

মৰা কুৱলয়াপীড়ক এড়ি৷

পশিলা ৰঙ্গশালা ৰাম হৰি৷৷

চৌপাশে গোপগণে বেঢ়ি যান্ত৷

দোভাইৰ কান্ধত হস্তীৰ দান্ত৷৷১১৭৮৷৷

প্ৰকাশে কৃষ্ণৰ মুখ কমল৷

দেখিয় তাতে ঘৰ্ম্ম বিন্দুজল৷৷

ৰুধিৰ ছিটা তাৰ মাজে মাজে৷

পদপঙ্কজত নূপুৰ বাজে৷৷১১৭৯৷৷

শ্যামল তনু তাতে পীত বাস৷

কমল লোচনে নুগুচে হাস৷৷

ভুলিল সমাজে কৃষ্ণক চাই৷

বোলা হৰি হৰি হৰি সদায়৷৷১১৮০৷৷

৷৷দ্বাদশ কীৰ্ত্তন৷৷

ঘোষা৷৷

হে কৃষ্ণ কৰা কৃপা পৰমানন্দ৷

নজানো ভকতি মঞি মলমতি মন্দ৷৷৯৭৷৷

পদ৷৷

কৰিলা প্ৰকাশ ৰামে সমে সমজ্যাত৷

দেখৈ দশপ্ৰকাৰে কৃষ্ণক সিবেলাত৷৷

মালে বোলে কিনো বজ্ৰময় কলেৱৰ৷

অন্যজনে বোলৈ এহেন্তেসে নৰবৰ৷৷১১৮১৷৷

নাৰীগণে বোলে মূৰ্ত্তি ধৰিছা মদনে৷

আমাৰেসে বন্ধু বুলি মানে গোপগণে৷৷

আমাৰেসে শাস্তা বোলে দুষ্ট ৰাজাচয়৷

বসুদেৱ দৈৱকীয়ে বোলয় তনয়৷৷১১৮২৷৷

কংসে বোলে এহি কৃষ্ণ অন্তক আহ্মাৰ৷

অজ্ঞানীসকলে বোলে নন্দৰ কুমাৰ৷৷

যোগীগণে বোলে এহেন্তেসে ব্ৰহ্মতত্ত্ব৷

বৃষ্ণিবংশে বোলে এন্তে কুলৰ দৈৱত৷৷১১৮৩৷৷

ধৰি মল্লবেশ পিন্ধি ৰত্ন আভৰণ৷

ৰঙ্গ মধ্যে প্ৰকাশন্ত ৰাম নাৰায়ণ৷৷

কাছিয়া আছন্ত যেন নট দুই প্ৰায়৷

নভৈল তৃপিতি লোক দুইৰো ৰূপ চাই৷৷১১৮৪৷৷

নয়নে পিৱয় যেন চেলেকে জিহ্বায়৷

বাহুৱে আলিঙ্গে যেন শুঙ্গে নাসিকায়৷৷

অন্যোঅন্যে বোলে যেন কথা আছো শুনি৷

সেহিটো কৃষ্ণক দেখো নয়নে আপুনি৷৷১১৮৫৷৷

নাৰায়ণ অংশ দুয়ো জানিবা সাক্ষাত৷

বসুদেৱ গৃহে দৈৱকীত ভৈলা জাত৷৷

গোকুলত থৈলন্ত বাঢ়িলা নন্দ ঘৰে৷

পুতনাক বধিলা এহেন্তে দামোদৰে৷৷১১৮৬৷৷

চক্রবাত দৈত্যক মাৰিলা চিপি গল৷

ভাঙ্গিলা অৰ্জ্জুন মাজে টানি উডুখল৷৷

অঘ বক ধেনুক কেশীৰ লৈলা প্ৰাণ৷

গোপ গৰু বনাগ্নিত কৰিলাহা ত্ৰাণ৷৷১১৮৭৷৷

কালিক দমিলা গৰ্ব্ব গুচাইলা ইন্দ্ৰৰ৷

সাতদিন একে হাতে তুলিয়া মন্দৰ৷৷

ৰাখিলা গোকুল মহা বাত বৃষ্টি হন্তে৷

বঢ়াইবে যাদৱ বংশ এন্তে ভগৱন্তে৷৷১১৮৮৷৷

এহিতো হসিত মুখ দেখি অনুক্ষণে৷

এড়াইলা বিৰহ তাপ সুখে গোপীগণে৷৷

আনে শ্ৰেষ্ঠ এন্তে ৰাম কমললোচন৷

প্ৰলম্ব প্ৰমুখ্যে মাৰিলন্ত দৈত্যগণ৷৷১১৮৯৷৷

এহিমতে লোকে যেৱে কৰৈ গলাৰৱ৷

বাৱন্তে আছন্ত বাদ্য বঢ়ায়া উৎসৱ৷৷

শুনি নসহিল তাক চাণূৰ বিবুদ্ধি৷

বুলিবে লাগিল ৰাম কৃষ্ণক সম্বোধি৷৷১১৯০৷৷

শুনি বাহু যুদ্ধত কুশল দুই ভাই৷

দেখিবাক লাগি ৰাজা আনিলা মতাই৷৷

মহা হৰষিত মনে সৱে গোপগণে৷

মল্লযুদ্ধ কৰি গৰু চাৰি ফুৰা বনে৷৷১১৯১৷৷

হেনজানি তুমি আমি আসা বন্ধ ধৰো৷

নৃপতিৰ প্ৰীতি সাধি মল্লযুদ্ধ কৰো৷৷

সৰ্ব্বভূতময় ৰাজা শাস্ত্ৰত কহয়৷

ৰাজাতুষ্ট ভৈলে সৰ্ব্বজন তুষ্ট হয়৷৷১১৯২৷৷

শুনি কৃষ্ণে দিলা তাক উচিত উত্তৰ৷

ভোজ নৃপতিৰ আমি প্ৰজা বনচৰ৷৷

তুল্যবল সহিতে ক্রীড়িবো যথোচিত৷

সাধিবো ৰাজাৰ যেন প্ৰীতি মনোনীত৷৷১১৯৩৷৷

কৰিবোহো বাহুযুদ্ধ সমুচিত কৰ্ম্মে৷

তেৱেসে নপাইব সভাসদক অধৰ্ম্মে৷৷

কৃষ্ণৰ কিঙ্কৰে কহে ছাড়া আন কাম৷

পলাওক পাতক ডাকি বোলা ৰাম ৰাম৷৷১১৯৪৷৷

৷৷ত্ৰয়োদশ কীৰ্ত্তন৷৷

ঘোষা৷৷

ৰাম পাৱে কৰা ৰতি৷

ভাই ৰামৰ চৰণে গতি৷৷৯৮৷৷

পদ৷৷

শুনিয়া চাণূৰে বোলে কৃষ্ণক৷

নুহিকা গোপাল তুমি বালক৷৷

গজ সহস্ৰৰ বলে অধিক৷

মাৰিলা লীলায়ে হেন হস্তীক৷৷১১৯৫৷৷

এহেন্তে ৰাম মহা বলিয়াৰ৷

মঞি সমে তুমি কৰা প্ৰহাৰ৷৷

মুষ্টিক সহিতে যুজোক বল৷

অন্যায় নুহি দুয়ো মহামল্ল৷৷১১৯৬৷৷

শুনি কৃষ্ণে কৰি নিশ্চিত মতি৷

সমুখ ভৈলা চাণূৰক প্ৰতি৷৷

মুষ্টিককো ধাইলা ৰোহিণীসুত৷

মিলিল মল্লযুদ্ধ অদভূত৷৷১১৯৭৷৷

হাতক হাতে মালবন্ধে বান্ধি৷

দুই পাৱে দুই পাৱক ছান্দি৷৷

আজোৰে অন্যোঅন্যে বলে ধৰি৷

মুষ্টিতে মুষ্টি মাৰে দৃঢ় কৰি৷৷১১৯৮৷৷

শ্ৰমে দুয়ো দুই জানুত হানে৷

মুণ্ডত মুণ্ডে ঠেকা মাৰৈ টানে৷৷

হিয়াত হিয়া মাৰৈ ঠাট কৰি৷

আজুৰি নেয় কতো হাতে ধৰি৷৷১১৯৯৷৷

মাৰৈ গলদঙ্গা হুঁহ্‌হ্‌ বুলি৷

বাহুৱে আটিয়া আছাৰৈ তুলি৷৷

ছান্দিয়া হাতে পাৱে পৰি দুই৷

বাগৰ পাৰৈ একপিণ্ড হুই৷৷১২০০৷৷

বান্ধৰ চোটে ভাঙ্গে কলেৱৰ৷

এড়ায়া কতোহো হোৱে অন্তৰ৷৷

ক্রোধে চক্ষু পকাই সঘনে চান্ত৷

তৰ্জ্জন্ত গৰ্জ্জন্ত কামুৰি দান্ত৷৷১২০১৷৷

বলী নিৰ্ব্বলীৰ যুদ্ধ দেখিয়া৷

পুৰবাসী স্ত্ৰীৰ নসহৈ হিয়া৷৷

অন্যোঅন্যে বোলৈ ইটো অকৰ্ম্মে৷

ৰাজসমাজক পাৱৈ অধৰ্ম্মে৷৷১২০২৷৷

ৰাজায়ো কৰাৱৈ অন্যায় যুদ্ধ৷

তাকো চাই আছৈ সৱে অবোধ৷৷

ইটো দুই মাল বজ্ৰৰ সাৰ৷

মাধৱ ৰাম আতি সুকুমাৰ৷৷১২০৩৷৷

নতু প্ৰৱেশন্ত যৌৱন কাল৷

আসম্বাক যুজে দুৰ্জ্জয় মাল৷৷

সভাৰো ধিক্কাৰ থাকোক আতি৷

কহয় কথা অন্যোঅন্যে মাতি৷৷১২০৪৷৷

দেখিয়ো কৃষ্ণৰ বদন ইন্দু৷

ব্যাপিয়া আছে ঘৰ্ম্মজল বিন্দু৷৷

জলে সমে যেন পঙ্কজ কোষ৷

যুজন্ত শত্ৰুক কৰি আক্রোশ৷৷১২০৫৷৷

কেহোজনী বোলৈ কিনো আসুখ৷

কিয়নো নচাৱা ৰামৰ মুখ৷৷

অৰুণ নেত্ৰ পঙ্কজৰ জৌতি৷

কৰিছা ক্রোধ মুষ্টিকৰ প্ৰতি৷৷১২০৬৷৷

কেহো বোলৈ সখি দেখিয়ো তুমি৷

ধন্য ধন্য যিটো ব্ৰজৰ ভূমি৷৷

পুৰাণ পুৰুষ এহেন্তে হৰি৷

ফুৰন্ত যৈত নানা ক্রীড়া কৰি৷৷১২০৭৷৷

অৱতৰি বিষ্ণু আছা মহীত৷

ইহাঙ্কো যুজাৱৈ মালে সহিত৷৷

ইটো সমাজক আছৈ ধিক্কাৰ৷

বোলা হৰি হৰি তৰা সংসাৰ৷৷১২০৮৷৷

৷৷চতুৰ্দ্দশ কীৰ্ত্তন৷৷

ঘোষা৷৷

ৰামেসে গতি ভজ মোৰ মতি৷

ৰামেসে গতি ৰামেসে গতি৷৷৯৯৷৷

পদ৷৷

অভাগী কিনো আমি সৱে সখী৷

যুদ্ধ সময়ত কৃষ্ণক দেখি৷৷

কি পুণ্য কৰিলে ব্ৰজৰ নাৰী৷

অনুক্ষণে দেখৈ হেন মুৰাৰি৷৷১২০৯৷৷

যাহাৰ ৰূপৰ নাহি সমান৷

অনুদিনে কৰৈ নয়নে পান৷৷

মথন্তে দধিক দোহন্তে গাই৷

কৰন্তে গৃহৰ কৃত্য সদায়৷৷১২১০৷৷

কৃষ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!