দৰবৰ বিজ্ঞাপনৰ পৰা সাবধান ! – ডঃ ভূপেন্দ্ৰ শইকীয়া

‎দৰবৰ বিজ্ঞাপনৰ পৰা সাবধান !

ডঃ ভূপেন্দ্ৰ শইকীয়া

সাবধান বাণী – বিজ্ঞাপনত ভোল গৈ ডাক্তৰৰ অজ্ঞাতে কোনো দৰব নাখাব৷ প্ৰপেচিয়া(Propecia) জেনেৰিক নামৰ ঔষধ ন্যুনতম ছমাহ, পাৰিলে এবছৰ বা তাতোকৈ অধিক দিন খালে মতা মানুহৰ তপা মূৰত চুলি গজে৷ সফলতাৰ হাৰ ৯০%৷ কিন্তু ইয়াৰ পাৰ্শ্ব ক্ৰিয়া (২%) কেইটা সাংঘাটিক ৷ যৌন ক্ষমতা হ্ৰাস, বীৰ্যৰ (Semen) পৰিমাণ কমি যোৱা, পুৰুষজনৰ স্তন মহিলাৰ দৰে বাঢ়ি যোৱা (Gynaecomastia), প্ৰষ্টেটৰ কেঞ্চাৰক গোপন কৰা আদি৷ পি এচ এ (PSA) বা প্ৰষ্টেট স্ফেচিফিক এন্টিজেনৰ পৰিমাণ চাই প্ৰষ্টেটৰ কেঞ্চাৰৰ সম্ভাৱনীয়তা ব্যক্ত কৰা হয়৷ প্ৰপেচিয়া তপা চুলি গজোৱাৰ বাহিৰে প্ৰষ্টেটৰ নিৰীহ বৃদ্ধিৰ (Benign Prostatic Enlargement) চিকিৎসাৰ বাবেও ব্যৱহাৰ হয়৷ প্ৰপেচিয়া খালে তেজত প্ৰষ্টেট স্ফেচিফিক এন্টিজেন কমি যায়৷গৰ্ভৱতী মহিলাই ভঙা প্ৰপেচিয়া টেবলেট স্পৰ্শ কৰিলে গৰ্ভস্থ সন্তানৰ জননেন্দ্ৰিয়ৰ বিকৃতি ঘটিব পাৰে৷ পুৰুষৰ তপা চুলি গজাবলৈ মিনঅস্কিডিল (Minoxydil) স্প্ৰেও ব্যৱহৃত হয়৷ দুয়োবিধ ঔষধৰ ক্ষেত্ৰতেই ঔষধ এৰাৰ কেইমানমান পিছৰ পৰা গজা চুলি সৰিবলৈ আৰম্ভ কৰে৷
ব্ৰিটেইনৰ ডেইলি মিৰৰত অলপতে প্ৰকাশিত এটি বাতৰিমতে আমেৰিকাৰ ৩৮ বছৰীয়া ৱিলিয়ম মেকী নামৰ ব্যক্তিজনৰ ৯ মাহ প্ৰপেচিয়া খোৱাৰ পিছত স্তন মহিলাৰ দৰে হৈ পৰে আৰু নিতম্ব দুটায়ো মহিলাৰ দৰে বহল হৈ পৰে৷ তেওঁ এটি সন্তানৰ পিতৃও৷ বংশানুক্ৰমে তেওঁ কম বয়সতেই তপা হব আৰম্ভ হৈছিল৷ নতুন দৰবৰ সেৱনৰ ফলত মূৰত কিন্তু তেওঁৰ চুলি নাহিল৷ ঘটিল এই অঘটনহে৷ এতিয়া নিৰুপায়হৈ পিন্ধিছে মহিলাৰ পোচাক আৰু বাতৰিৰ মতে বেচেৰাই এতিয়া লিংগ-পৰিবৰ্তন অপাৰেচন কৰাবলৈ মন মেলিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!