ধপাতৰ অপকাৰিতা : ডা° ভূপেন শইকীয়া

ধপাতৰ অপকাৰিতা

ডা: ভূপেন শইকীয়া

 

আজিৰ স্বাস্থ্য কথাত সকলোৱে জনা বিষয় এটাতে পুনৰবাৰ আলোকপাত কৰিবলৈ ললোঁ৷ ১৯৮৮ চনৰে পৰা বিশ্ব স্বাস্থ্য সংস্থাই প্ৰত্যেক বছৰৰ ৩১ মে’ৰ দিনা ধূম্ৰপান বিৰোধী দিৱস (World No Tobacco Day) পালন কৰি আহিছে যদিও  তাৰ পৰা কিবা লাভ হৈছে যেন ধাৰণা হোৱা নাই৷ আজি বিশ্বত প্ৰতি চাৰে ছয় চেকেণ্ডত এজন লোকৰ ধূম্ৰপানৰ অপকাৰৰ ফলত মৃত্যু ঘটিছে৷ আমাৰ ভাৰতবৰ্ষত  বছৰি ৯ লাখে মৃত্যুবৰণ কৰে- তাৰে ৬ লাখ হ’ল বিড়ি খাওঁতা৷  আমাৰ দেশত ঘটা প্ৰতি দহটা মৃত্যুৰ বিপৰীতে এটাৰ কাৰণ হ’ল ধূম্ৰপাণ৷ আন আন দেশৰ বাৰ্ষিক মৃত্যু হাৰ এনেকুৱা: পাকিস্তান ১ লাখ, আমেৰিকা ৪.৫ লাখ, ৰাচিয়া ৪ লাখ, ব্ৰিটেইন ১ লাখ, চীন ১২ লাখ (দৈনিক ২ হেজাৰজন), অষ্ট্ৰেলিয়া ২০ হেজাৰ, দক্ষিণ আফ্ৰিকা ৩৪ হেজাৰ, কেনেডা ৩৭ হেজাৰ, চৌডি আৰব  ২২ হেজাৰ৷ ক্ষুদ্ৰ দেশ কাটাৰ যাৰ বৰ্তমান জনসংখ্যা চাৰে আঠ লাখ- তাৰ  মৃত্যু হাৰ  জনা নগলেও এটা অধ্যয়নত এইটো স্পষ্ট হৈছে যে ইয়াত  ধূম্ৰপায়ী লোক হ’ল ৩৬%৷ বিজ্ঞানীসকলৰ মতে ধূম্ৰপায়ী ব্যক্তিৰ আয়ুস ধূম্ৰপান নকৰাসকলতকৈ ১০ৰ পৰা ১৫ বছৰ কম৷

 

ধপাতৰ  ব্যৱহাৰৰ বুৰঞ্জী অতি পুৰণি৷ খৃষ্টপূৰ্ব ২০০০ চনৰ পৰা ইয়াৰ প্ৰয়োগৰ সমল দেখা পোৱা গৈছে৷ আগৰ দিনত ৰজা মহাৰজা আৰু আঢ্যৱন্ত পৰিয়ালৰ  অভিজাত্যৰ প্ৰতীক আছিল ধপাতৰ চিলিম লগোৱা দীঘল পাইপ থকা হোক্কা ৷ দামী চিগাৰ ষ্টাইলত খোৱাজনক সৰ্বসাধাৰণ জনতাই সম্ভ্ৰমেৰে চাইছিল৷ কিছুদিনৰ আগলৈকে ভাৰতীয় চিনেমাসমূহত  ধূম্ৰপানক এটি আকৰ্ষণীয় কলা যেন কৰি দেখুৱাই থকা হৈছিল৷ আজিকালি অৱশ্যে ৰাজহুৱা স্থানত  ধূম্ৰপাণৰ  বিৰুদ্ধে আমাৰ দেশতো নানান নিয়ম  বলবৎ  কৰা হৈছে৷ চিনে জগতৰ দুই  বিখ্যাত নায়ক  অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানে আইন ভংগ কৰি গৰিহণা আৰু শাস্তিৰ সন্মুখীন হোৱাৰ বাতৰি আমাৰ বহুতৰে মনত আছে নিশ্চয়৷ এই চেগতে আপোনালোকক জনাই থওঁ যে মাত্ৰ ৩৮ বছৰ বয়সতেই আন এজন চলচ্চিত্ৰ অভিনেতাই  হৃদযন্ত্ৰৰ কৰ’নেৰী বাইপাচ চাৰ্জাৰী কৰাবলগীয়া হৈছিল- কিয়নো অতিমাত্ৰা ধূমপানৰ ফলত তেওঁৰ হৃদযন্ত্ৰৰ তেজৰ ধমনীত অতিমাত্ৰা চৰ্বি জমা হৈ জীৱনৰ প্ৰতি সংকটজনক অৱস্থাৰ সৃষ্টি কৰিছিল৷  তেওঁৰ নাম হ’ল চেইফ আলী খান৷ আকৌ শত্ৰুঘ্ন সিন্‌হাৰ দৰে অভিনেতাই চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলি পকাই কৰা অভিনয়ৰ নকলৰ চেষ্টা কৰি সেই সময়ৰ বহু ডেকাই ধূমপান কৰিবলৈ শিকিছিল৷

বৰ্তমান বিশ্বৰ ভিতৰত  ভূটান একমাত্ৰ দেশ য’ত  ধপাতযুক্ত যিকোনো পদাৰ্থৰ বিক্ৰিত সম্পূৰ্ণ চৰকাৰী নিষেধাজ্ঞা বলবৎ আছে৷ আমাৰ দেশত ৰাজহুৱা স্থানত, বাচত, ৰেলত, অফিচত ধূম্ৰপান নিষেধৰ আইন আছে যদিও তাৰ প্ৰয়োগ বৰ শিথিল৷ একেদৰে ১৮ বছৰৰ তলৰ  লোকক  ধপাতৰ  সামগ্ৰী বিক্ৰীও নিষেধ৷ চিগাৰেটৰ পেকেটত ইয়াক  বিপদজনক বুলি জনাই  বিধিসন্মত সতৰ্কবাণী লিখাৰ নিয়মো বিশ্বৰ বিভিন্ন দেশত আছে৷

ধপাতৰ  খেতি আমাৰ  পাঠকসকলৰ  বহুতেই  দেখিছে নিশ্চয়৷ ইয়াৰ বটানিকেল নাম হ’ল  ‘জেনাচ  নিকটিনানা’৷ ইয়াক সেৱন কৰাৰ নানান পদ্ধতি আছে৷ বিড়ি, চিগাৰেটৰ ওপৰিও  কাগজৰ পেকেটত তৈয়াৰ কৰি লোৱা মিস্কাৰ, খৈনী, চিলিমত লৈ হোঁপা, হোক্কাত লৈ সেৱন কৰাৰ উতামোল  বা পাণৰ লগতো জুতি লগাই খায়৷  ধপাতত ৪০০০ৰো অধিক শৰীৰৰ বাবে অপকাৰী ৰাসায়নিক তত্ব থাকে, কাৰ্বন ম’ন’অক্সাইড, নিক’টিনৰ উপৰিও কেন্সাৰ কৰিব পৰা বহু কেইবিধ ৰেডিঅ’ এক্টিভ পদাৰ্থ আছে৷ কাৰ্বন মনোঅক্সাইডে তেজৰ অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰি শৰীৰৰ ক্ষতি সাধন কৰে৷ তদুপৰি ই  ৰক্তপ্ৰবাহী নলী সমূহৰ অনিষ্ট সাধন কৰে৷ নিক’টিন সেৱন কৰাৰ মাত্ৰ ৭ চেকেণ্ডত  মস্তিষ্ক পায়গৈ৷ ই ড’পামিন আৰু এড্ৰিনেলিন নিৰ্গত কৰোৱাৰ ফলত শৰীৰৰ ৰক্তচাপ বৃদ্ধি পায়, মস্তিষ্কত এক প্ৰকাৰৰ  ফূৰ্তিৰ অনুভৱ হয়৷

 

ধপাতৰ অপকাৰিতাৰ কথা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি ৷ মূৰৰ পৰা ভৰিলৈকে শৰীৰৰ কোনো এটা অংশ এনে নাই যাৰ ওপৰত ধপাতৰ কু-প্ৰভাব নপৰে৷ এতিয়া চমুকৈ তাৰ আভাস লওক:

 

মূৰৰ চুলি- চুলিৰ পৰা দুৰ্গন্ধ  ওলাব ধৰে৷  চুলিৰ স্বাভাবিক ৰঙ সলনি হয়  আৰু ই পখৰা পখৰী, মুগা বৰণ ল’বলৈ ধৰে৷

মস্তিষ্ক – ষ্ট্ৰ’কৰ এক উল্লেখযোগ্য কাৰণ হ’ল ধূমপান৷

চকু- সাধাৰণ পানী ওলোৱা, চকু সঘনাই টিপিওৱাৰ পৰা কম বয়সতে কেটেৰেক্টৰ আৰম্ভণি, আনকি মেকুলাৰ ডিজনেৰেচনৰ ফলত অন্ধতাও হ’ব পাৰে৷

কাণ- শ্ৰৱণ শক্তি হ্ৰাস  ৷

নাক – ঘ্ৰাণ শক্তি হ্ৰাস ৷

ডিঙি – ফেৰিনজাইটিচ, লেৰিনজাইটিচ, কেঞ্চাৰ ৷

থাইৰয়েড – হায়পাৰথাইডিজম ৷

দাঁত – ৰঙ ধৰা, দাঁত সমূহ ঢিলা হোৱা, দাঁত আলু ফুলা আৰু তেজ ওলোৱা, দাঁতত  শিল জাতীয় টাৰটাৰ জমা হোৱা ৷

মুখ – দুৰ্গন্ধ ওলোৱা, খোৱা বস্তুৰ স্বাদ নোপোৱা হোৱা, মুখত-জিভাত ঘাঁ হোৱা আৰু মুখমণ্ডলৰ কেঞ্চাৰ ৷

হাওঁফাওঁ – নিউমোনিয়া, ব্ৰংকাইটিছ, হাঁপানী আদিৰ ওপৰিও আটাইতকৈ বিপদজনক হ’ল কৰ্কট  ৰোগ৷

খাদ্যনলী বা ইচ’ফেগাছ –  কেঞ্চাৰ ৷

হৃদযন্ত্ৰ – হাৰ্টএটেক, তেজৰ নলীত  চৰ্বি জমা হোৱা এথেৰ’স্লেৰ’চিছ৷

পাকস্থলী আৰু ডুঅ’ডেনাম- ঘাঁ আৰু কেঞ্চাৰ ৷

লিভাৰ- কেঞ্চাৰ ৷

অগ্নাশয়- কেঞ্চাৰ ৷

বৃক্ক আৰু মূত্ৰ প্ৰণালী- ৪০% কেঞ্চাৰৰ কাৰণ হ’ল ধূমপান৷

হাত- কঁপনি, তেজৰ চলাচল  কম হোৱাৰ ফলত স্বাভাবিক  উত্তাপ নোহোৱা হোৱা, বৰণ সলনি  হোৱা, এথেৰ’স্লেৰ’চিছৰ ফলত হোৱা বাৰজাৰ ডিজিজ ৷

ভৰি- এথেৰ’স্লেৰ’চিছৰ ফলত হোৱা বাৰজাৰ ডিজিজ  ৷

ছাল- ৰং সলনি হোৱা, ছাল সোতোৰা-সুতুৰি হোৱা, কম বয়সতে বৃদ্ধ যেন লগা৷

নখ – স্বাভাবিক ৰঙৰ সলনি মুগা বৰণ লোৱা৷

তেজ – লিউকেমিয়া৷

হাড় – হাড়ৰ ঘনত্ব কমি যোৱাৰ ফলত পেথ’লজিকেল ফ্ৰেক্‌চাৰ৷

পুৰুষৰ জনন তন্ত্ৰ – যৌনক্ষমতা হেৰুওৱা, সন্তানহীনতা, বীৰ্য্যৰ আকৃতি-প্ৰকৃতিৰ পৰিবৰ্তন৷

স্ত্ৰী জনন তন্ত্ৰ -সন্তানহীনতা,পলমকৈ গৰ্ভধাৰণ কৰা, এক্ট’পিক প্ৰেগনেঞ্চি, গৰ্ভপাত, মাহেকীয়াৰ নানা বিজুতি, স্তনৰ কেঞ্চাৰ, জৰায়ুমুখৰ কেঞ্চাৰ ৷

গৰ্ভাৱস্থাৰ ক্ষতি সাধন- বিকলাংগ, জন্মতে মৃত বা ক্ষুদ্ৰ সন্তান, জন্মগত বিকৃতি থকা সন্তান প্ৰসৱ৷ গৰ্ভপাতৰ অধিক সম্ভৱনা৷

ৰোগ প্ৰতিৰোধ প্ৰণালীৰ (Immune system) ক্ষতিসাধন- ধপাতে শৰীৰৰ  উপকাৰী চৰ্বি এইচ ডি এলৰ পৰিমাণ হ্ৰাস কৰে ৷ যি কোনো ঘাঁ শুকোৱাত বিলম্ব কৰে৷ সহজতে শৰীৰত বিভিন্ন  জটিল ৰোগ (যেনে ডায়েবটিচ, উচ্চ ৰক্তচাপ) হ’বলৈ দিয়ে৷ ধপাত সেৱনকাৰীৰ ড্ৰাগ ইন্টাৰ-একচন আৰু দৰবৰ পাৰ্শ্বক্ৰিয়া বেচিকৈ হয়৷

 

ওপৰত কোৱা  অপকাৰসমূহ  পৰোক্ষভাৱেও হ’ব পাৰে৷ অৰ্থাৎ ধূমপানৰ কুপ্ৰভাৱ ওচৰত থকা ধূমপান নকৰাজনৰ ওপৰতো পৰে৷ সেইবাবে চিগাৰেট খোৱা পিতৃ-মাতৃৰ সন্তানৰ  শ্বাসজনিত  ৰোগ কম বয়সতে আৰু বেচিকৈ হোৱা দেখা যায়৷

শ্লাম্বাৰজেল নামৰ এটা ইন্টানেচনেল কোম্পানীয়ে এটা সমীক্ষা চলাইছিল৷ তেওঁলোকৰ  তথ্যসমূহ আছিল এনেকুৱা- ধূম্ৰপায়ী কৰ্মচাৰীৰ সংখ্যা ৪০%৷ ১০বছৰত  হৃদৰোগ বা আন ধূম্ৰপানৰ অপকাৰিতাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা  আছিল ১০০জন৷

নিক’টিনৰ  ৰাসায়নিক প্ৰতিক্ৰিয়াৰ ফলত  সেৱন  কৰোঁতাজনৰ  গভীৰ  আসক্তি (Addiction) জন্মে আৰু এই বান্ধোনৰ পৰা ওলোৱা অতি কঠিন হৈ পৰে৷  সেৱন  কৰোতাৰ শৰীৰৰ অপকাৰৰ ওপৰিও  আৰ্থিক ক্ষতি হয়৷ তেওঁ সমাজৰ ক্ষতি কৰে, পৰিবেশ দূষিত কৰে৷ বহুজনে আন ড্ৰাগছলৈয়ো হাত মেলে আৰু নানা অপৰাধ  কৰিবলৈয়ো পিছ নোহুহোঁকে৷ আজিকালি চিকিৎসাৰ দ্বাৰা সকলো ধৰণৰ ধপাতৰ কবলৰ পৰা এনেলোকক  মুক্ত  কৰাটো সম্ভৱপৰ৷  নানান  নিক’টিন ৰিপ্লেচমেন্ট থেৰাপী আৰু ঔষধৰ (যেনে বুপ্ৰ’পিয়ন) সফল প্ৰয়োগৰ সুফল দেখা গৈছে৷ কিন্তু সবাতকৈ প্ৰয়োজনীয় কথাটো  হৈছে এনে আসক্তিৰ পৰা মুক্তি পাবলৈ হ’লে ৰোগীজনৰ মনৰ দৃঢ়তা আৰু পৰিয়াল তথা বন্ধুবৰ্গৰ সহযোগ৷

 

 

One thought on “ধপাতৰ অপকাৰিতা : ডা° ভূপেন শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!