ধৰ্ম, কৰ্ম আৰু বাৰ্গেইনিং মিতালী বর্মন

ধৰ্ম, কৰ্ম আৰু বাৰ্গেইনিং


মিতালী বর্মন

ৰাতিপুৱাই মুখ ধুই উঠিছোঁহে কলিং বেলটো বাজি উঠিল ৷ দুজন মানুহ ৷ হাতত চান্দা তোলা বহী ৷
“নমস্তেজী”
“জী নমস্তে” (চকুত মোৰ প্ৰশ্নবোধক)
“ৱো য়হা গোল চক্কৰ মে মাতা কী জগৰাতা হো ৰহা হেয় ৷ তো কিতনা লিখু? গ্যাৰ’ চ’ এক (১১০১) লিখু ?”
পাত্তাই পোৱা নাই কি হৈ আছে ! কথা নাই, বতৰা নাই “গ্যাৰচ এক লিখু ?” 🙁 পুৱাই পুৱাই মূৰটো বিষাই গ’ল !
“ভাইয়্যা অগৰ লেনা হেয় তো একচ’ লিকখো ৷
“আৰে মেডাম, একচ’ চে ক্যা হোগা ? ফাইভ হাণ্ড্ৰেড ৷”
“আৰে ভাইয়া হম য়হা কিৰায়ে পৰ ৰেহতে হেয় ৷ ইতনা নহী দে চকতে ৷ ৰখনা হে তো চ’ ৰখ লো”
“নহী নহী মেডাম দো চ’ কৰ দো”
“ভাইয়্যা হমতো ৱহা কভি যাতে ভী নহী ৷ একতো হম হে কিৰায়েদাৰ, উপ্পৰচে হম আয়ে য়হা পঢ়নে কে লিয়ে ৷ অউৰ চবচে জৰুৰী বাত য়ে হেয় কী আপ আয়ে হো মাতা কী জাগৰণ কে লিয়ে তো আপ ডিমাণ্ড ক্যু কৰতে হো ? জিচকী জো মৰ্জী ৱহী দেনা চাহিয়ে, ৱহী লেনা চাহিয়ে ৷ কৌন ক্যা দে ৰহা হেয় ৱো দেখ কৰ মাতা ৰাণী থোৰে না উনকী কৃপা বৰচাতী হেয় ? অউৰ এক চ’ চে ক্যা হোগা কা ক্যা মতলব ? মে অপনী জেবচে চ’ নিকালু, আপ অপনী জেবচে চ’ নিকালো, উনকো ভী বোলো ৷” (পেটে পেটে ভাবিলোঁ, এশ টকাৰে কি হ’ব বুলি ক’বলৈ আহিছে ! কিমান মানুহে টকা এটাৰ বাবে সংগ্ৰাম কৰি আছে আৰু ইহঁতে ইয়াত লাখ টকা খৰচ কৰি মাতাৰ জাগৰণ কৰে ৷ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত সকলো ধৰ্মক সন্মান জনোৱা হয় ৷ কিন্তু ধৰ্মনিৰপেক্ষতাই ধৰ্মভীৰুতাৰ ৰূপ ল’ব নালাগে ৷)
“ঠিক হেয় ঠিক হেয় মেডাম চ’ হি দে দো”
তেওঁলোকক ভালকৈ পাঠ পঢ়াই এশ টকা দি বিদায় দিলোঁ ৷ আগতেও এনে অভিজ্ঞতা নোহোৱা নহয় ৷

ভগবানে আহি কেতিয়াও কাকো কৈ থৈ যোৱা নাছিল জাকজকমতাৰে পূজা-অৰ্চনা কৰিবলৈ ৷ আৰু য’ত ভগবানৰ চান্দা দিয়াৰ নামত বাৰ্গেইনিং হয় তাত ভক্তি কিমান নিহিত হৈ থাকে তাতো সন্দেহ ওপজে ৷ ধৰ্ম প্ৰৱৰ্তকসকলে ধৰ্ম প্ৰচাৰ কৰি তেওঁলোকৰ বাণী ঠিকেই প্ৰচাৰ কৰিলে ৷ কিন্তু কিমানজনে বুজি পাইছে সেই বাণী, কিমানজনে প্ৰকৃতাৰ্থত হৃদয়াংগম কৰিব পাৰিছে তাকে ভাবি অস্বস্তিত পৰোঁ কেতিয়াবা ৷
“পানী মৰে পিয়াহত/অগ্নি মৰে জাৰত/ খোদা ৰচুল লুকাই আছে ম’মিনৰ আঁৰত”
পৰম শক্তিক বিচাৰি বিচাৰি আৰু কিমান দিন মানুহে চাৰিবেৰৰ দুৱাৰ টুকুৰিয়াই ফুৰিব ! কেতিয়া নিজৰ অন্তৰৰ পৰম শক্তিক চিনিব পৰা হ’ব !! কেতিয়া বুজি পাব “গংগা-যমুনা চানিলোঁ যতনে/ গয়া-কাশী তীর্থ কৈলোঁ/ হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে/ ক’ৰবাত বিচাৰি মৈলোঁহে”…

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!