নখচুকীয়া ৰোগ (ডা০ভূপেন শইকীয়া )

নখচুকীয়া ৰোগ হ’ল এবিধ সচৰাচৰ চকুত পৰা ৰোগ৷ ইয়াৰ নামটোৱেই সূচায় ৰোগৰ উৎপত্তিৰ থল হ’ল নখৰ চুক৷ কিন্তু সময়মতে সুচিকিৎসা নাপালে সাধাৰণ যেন লগা এই ৰোগে জটিল ৰূপ ধাৰণ কৰিব পাৰে৷ মেডিকেলৰ ভাষাত নখচুকীয়াক Paronychea বোলে৷ লেটিন শব্দ Paronycheaৰ অৰ্থ হ’ল নখৰ সমীপত হোৱা সংক্ৰমণ৷নখচুকীয়াৰ প্ৰাদূৰ্ভাৱ মহিলাৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত তিনিগুণ বেচি৷ আকৌ বয়স বঢ়াৰ লগেলগে নখচুকীয়াৰ সম্ভাৱনা বৃদ্ধি পায়৷ডায়েবেটিজ ৰোগী,কৰ্কট ৰোগী,এইচ আই ভিৰ ৰোগী আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোকৰ নখচুকীয়া বেচিকৈ হয়৷
নখচুকীয়া প্ৰাথমিক অৱস্থাত ‘একিউট’ বা কম সময়তে উৎপত্তি হোৱা ধৰণৰ হয়৷ সঘনাই বাৰম্বাৰ ‘একিউট’ সংক্ৰমণত ভূগি থাকিলে সি ‘ক্ৰনিক’ বা দীৰ্ঘদিনীয়া ৰোগলৈ গতি কৰিব পাৰে৷
একিউট পেৰ’নাইকীয়াৰ উৎপত্তিৰ নিম্নলিখিত -কাৰণসমূহ হব পাৰে :
-নখ কামুৰি থকা
-অতি ছুটিকৈ নখ কাটোতে জখম হোৱা
-প্ৰসাধন ব্যৱস্থাৰে নখৰ তদাৰক কৰোতে আঘাত পোৱা
-বাৰে বাৰে বেচি সময়লৈ হাত-ভৰি পানীত ডুবাই থকা৷ যেনে বাচন আৰু কাপোৰ ধোৱা লোক, মাছমৰীয়া, সন্তৰনবিদ আদি
-সঘনাই ৰাসায়নিক দ্ৰব্য নখৰ সংস্পৰ্শলৈ আহি থকা ; (আনকি নেইল পলিচ বা পলিচ ৰিমুভাৰো অপকাৰী হব পাৰে)
-মাটি বোকা আদিৰ সংস্পৰ্শ নখতহৈ থকা
-কোনো কীট-পতংগই কামুৰিলে
-নখ অপৰিস্কাৰকৈ ৰাখিলে
একিউট পেৰ’নাইকীয়াৰ লক্ষণসমূহ হ’ল – নখৰ চুকৰ ছাল পোনতে ৰঙা পৰা আৰু বিষোৱা৷ প্ৰথমতে বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত এনে হয়,যাক চিকিৎসকে Cellulitis বোলে৷ কেইদিনমানৰ পিছতে নখৰ চুকত পূঁজ জমা হবলৈ ধৰে৷সেই সময়ত ৰোগীয়ে জ্বৰ-বিষ আদি অনুভৱ কৰে৷ সঠিক চিকিৎসাত এনে অৱস্থাৰ পৰা ৰোগৰ সম্পূৰ্ণ নিৰাময় সম্ভৱপৰ৷
একিউট পেৰ’নাইকীয়াৰ কাৰক সাধাৰণতে নিম্ন বেক্টেৰিয়াসমূহ :
ষ্টেফাইল’কক্কাচ অ’ৰিয়াচ (মূলত:)
ষ্ট্ৰেপ্তকক্কাচ প্ৰজাতি
চিউডমনাচ প্ৰজাতি
ফচাৰিয়াম প্ৰজাতি
গ্ৰাম-নিগেটিভ বেক্টেৰিয়া
এন-এৰ’বিক বেক্টেৰিয়া
ইয়াৰ বিপৰীতে ক্ৰনিক পেৰ’নাইকীয়াৰ মূল কাৰক হ’ল ভেঁকুৰ (কেনডিডা এলবিকানচ্)৷
ক্ৰনিক পেৰ’নাইকীয়াৰ অন্যান্য কাৰক হব পাৰে – বেক্টেৰিয়া, মাইক’বেক্টেৰিয়া, ভাইৰাচ৷ টিউমাৰ যেনে মেলান’মা, স্কোৱামাচ চেল কাৰচিন’মা৷
ডায়েবেটিজৰ ৰোগী, এইচ আই ভিত আক্ৰান্তলোক, ষ্টেৰইড আৰু এন্টিভাইৰেল সেৱন কৰি থকালোক, চ’ৰিয়াচিচৰ ৰোগী – এইসকলৰ মাজত অনায়াসে ক্ৰনিক পেৰ’নাইকীয়া ব্যাপ্তহৈ থাকে৷
নখচুকীয়া পুৰণি হলে হব পৰা জটিলতা- অষ্টিঅ’মায়েলাইটিচ, টেন’চাইনোভাইটিচ, এচেণ্ডিং লিম্ফেনজাইটিচ আদি
ক্ৰনিক পেৰ’নাইকীয়াৰ লক্ষণসমূহ হ’ল নখৰ চুকৰ বিকৃতি ঘটা, কোনৰ ফালে আক্ৰান্ত নখ ভাজ লাগি যায়৷ মাজে মাজে এৰাধৰাকৈ পূৰণি বা বিষ অনুভূত হয়৷
চিকিৎসা –
একিউট পেৰ’নাইকীয়াত উপযুক্ত এন্টিবায়টিক গ্ৰহণ কৰাটো আৱশ্যকীয়৷পূঁজ জমা হলে চিকিৎসকৰ সহায়লৈ সেয়া আতৰ কৰাটো দৰকাৰীকথা৷ প্ৰয়োজনসাপেক্ষে চিকিৎসকে পূঁজৰ কালচাৰ-চেনচিটিভিটি পৰীক্ষা কৰিও সঠিক ঔষধ নিৰ্ধাৰণ কৰিব পাৰে৷দৰকাৰ হলে লোকেল এনাচথেচিয়াৰ প্ৰয়োগ কৰি পূঁজ আতৰাব পাৰে৷ৰোগীয়ে নিজাকৈ পূঁজ আতৰোৱাৰ প্ৰয়াস নকৰাই ভাল৷
ক্ৰনিক পেৰ’নাইকীয়াৰ বাবে দীৰ্ঘকালীন চিকিৎসাৰ প্ৰয়োজন হয়৷ভাজ খোৱা নখৰ স্বাভাবিক অৱস্থা ঘূৰি আহিবলৈ কেইবামাহো বা বছৰৰ অধিককাল সময় লাগিব পাৰে৷ গ্ৰাইচিঅ’ফালভিন, ফ্লুক’নাজল বা আন ভেঁকুৰ নিৰ্মূলকাৰী দৰব বহু মাহলৈ চিকিৎসকৰ তত্বাবধানত গ্ৰহণ কৰিবলগীয়া হব পাৰে৷ বিকৃত নখৰ অংশবিশেষ চিকিৎসকে কাটি পেলাবলগীয়া হব পাৰে৷সাধাৰণতে দীৰ্ঘদিনলৈ নখৰ চুকত এন্টিফাংগেল ক্ৰিম বা লোচন লগাই থাকিবলৈ পৰামৰ্শ দিয়া হয়৷
আনুসংগিক চিকিৎসা-
গৰম পানীৰ সেক – নিমখ মিহলাই বা নিমিহলাই সহ্য কৰিব পৰা গৰম পানীৰ সেক ১৫মিনিটকৈ দিনে ৩বা ৪বাৰ লব লাগ৷ এনে কৰিলে তেজ চলাচল ভাল হয় আৰ ৰোগ নিৰাময়ত সেয়ে সহায়ক হয়৷
হাইড্ৰজেন পেৰঅস্কাইড, অলিভ অইল, টি ট্ৰি অইল -এইবিলাক হ’ল নখ পৰিস্কাৰ কৰাত সহায়কাৰী পদাৰ্থ৷
আৰাম দিব পৰা ঘৰুৱা চিকিৎসাৰ ভিতৰত পৰে- হালধি-মিঠাতেলৰ মিশ্ৰণ,তুলসী-মৌ জোলৰ মিশ্ৰণ,নহৰু-মিঠাতেলৰ মিশ্ৰণ,মৌ জোল-ডালচেনি পাউদাৰৰ মিশ্ৰণ৷
অসুখৰ পৰা হাত সাৰি থাকিবলৈ হলে লবলগীয়া সতৰ্কতা-
হাত আৰু ভৰি পৰাপক্ষত শুকানকৈ ৰাখিব৷ বিভিন্ন কামত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ কৰোতে হাত মোজা পিন্ধিব৷ আপোনাৰ নখক যি কোনো আঘাতৰ পৰা বচাই ৰাখিব৷ নিজৰ নেইলকাটাৰৰ বাহিৰে আনৰ সজুলি কেতিয়াও ব্যৱহাৰ নকৰিব৷যদিহে আপুনি ডায়েবেটিজ বা আন ৰোগত আক্ৰান্ত চিকিৎসকৰ পৰামৰ্শমতে তাৰ যথোপযুক্ত চিকিৎসা একে সময়তে চলাই যাব৷
মোখনিত এটা কথাই কম যিদৰে নখৰ ভেঁকুৰ হোৱা ৰোগত আমাৰ দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ অনেকলোকে ভূগি আছে-একেদৰে নখচুকীয়াটো (বিশেষকৈ ক্ৰনিক পেৰ’নাইকীয়াত) বেচ বুজন সংখ্যকলোক (অধিকাংশই মহিলা) ভুক্তভোগীহৈ আছে৷ এই লেখাটো সেয়ে আগৰ নখৰ ভেঁকুৰ হোৱা ৰোগৰ পৰিপূৰক বুলি গণ্য কৰিব পাৰি৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!