নগ্নতাৰ নান্দনিক সৌন্দৰ্য আৰু ভাৰতৰ সাম্প্রতিক চিন্তা (নাং দীপালি দুৱৰা)

(সৰুতে আমাক শিকোৱা হয় যে নাৰীৰ সতীত্বই মূল সম্পদ ।এবাৰ যদি নাৰী সতীত্ব নাশ হয়, সেই নাৰী অপবিত্র । ফলত দুৰ্ঘটনাৱশতঃ যদি কোনো নাৰীয়ে কুমাৰীত্ব হেৰুৱায়, সমাজৰ অপবাদৰ ভয়ত সেই নাৰীয়ে মানসিকভাৱে দুৰ্বল হৈ পৰে আৰু এচামে সেই দুৰ্বলতাৰ সুযোগ লৈ সেই নাৰীক পণ্য সামগ্রী কৰি তোলে।)

সৌন্দৰ্য কোনো দৃষ্টিনন্দনৰ বিষয় নহয়। ই উপলব্ধিৰ বিষয়। এই উপলব্ধি অৱগাহনৰ দ্বাৰাহে সম্ভৱ। নগ্নতা আৰু সৌন্দৰ্যৰ ওতঃপ্রোত সম্বন্ধ আছে ।আমি জানো-সত্যম্ শিবম্ সুন্দৰম্ ।পৃথিৱীৰ আদিম আৰু অন্তিম সত্যই হৈছে-নগ্নতা। নগ্নতা পৃথিৱীৰ চিৰন্তন সৌন্দৰ্য। এটি মানৱ শিশুৱে পৃথিৱী স্পৰ্শ কৰা আৰু পৰিত্যাগ কৰা সেই নিমিষ পলটোতে লুকাই আছে জীৱনৰ সত্যতা ।

নগ্নতা এক সত্যই নহয়, ই এক কলা। সেয়ে ইয়াৰ সৌন্দৰ্য আছে ।পৃথিৱীৰ প্রতিজন শিল্পীয়ে নগ্নতাক আধাৰ হিচাপে লয় । কাৰণ শিল্পীৰ সৌন্দৰ্যবোধ আছে। কিন্তু বহুতৰ এক ভ্রান্ত ধাৰণা যে নগ্নতা মানেই যৌনতা। প্রকৃতাৰ্থত ই সত্য নহয় । যিসকলে নগ্নতাক যৌনগন্ধী দৃষ্টিভংগীয়ে চায়, তেওঁলোকেহে নগ্নতাত যৌনতাৰ প্রতিফলন দেখা পায় । যাৰ ফলত নগ্নতা আজি ভোগসৰ্বস্ব সমাজৰ কেঁচামালস্বৰূপ হৈ পৰিছে । ক্ৰমে বৃদ্ধি পাই আহিছে ধৰ্ষণ আৰু হত্যা । কাঠফুলাৰ দৰে গজি উঠছে ক্ষুদ্ৰ ক্ষুদ্ৰ বেশ্যালয় । ইয়াৰ মূলতে আছে-দাৰিদ্ৰ্যতা, নিৰক্ষৰতা, অত্যাধুনিকৰ প্রভাৱ ।এচাম নাৰীয়ে দাৰিদ্ৰ্যতা আৰু নিৰক্ষৰতাৰ বাবে যৌন শোষণৰ বলি হৈছে আৰু এচাম নাৰীয়ে সময়ৰ লগত ফেৰ মাৰিবলৈ গৈ চগা হৈ পৰিছে। এই সকলোতে পানীৰ তলৰ কাঁইট হৈ অৰিহণা যোগাই আহিছে এক আওপুৰণি ভাৰতীয় মানসিকতাই ।
সতীত্ব-এক আওপুৰণি ভাৰতীয় মানসিকতা । নাৰীৰ পিঠিত মাৰি দিয়া এটা এলান্ধুকলীয়া মোহৰ । আজি এচাম নাৰীক বেশ্যা সজোৱা মূলতে আছে এই কু-সংস্কাৰ । সৰুতে আমাক শিকোৱা হয় যে নাৰীৰ সতীত্বই মূল সম্পদ ।এবাৰ যদি নাৰী সতীত্ব নাশ হয়, সেই নাৰী অপবিত্র । ফলত দুৰ্ঘটনাৱশতঃ যদি কোনো নাৰীয়ে কুমাৰীত্ব হেৰুৱায়, সমাজৰ অপবাদৰ ভয়ত সেই নাৰীয়ে মানসিকভাৱে দুৰ্বল হৈ পৰে আৰু এচামে সেই দুৰ্বলতাৰ সুযোগ লৈ সেই নাৰীক পণ্য-সামগ্রী কৰি তোলে । সৰুতে শিকোৱা হয় নগ্নতা অশ্লীল । ইয়াক চাব নাপায় আৰু এক নিষিদ্ধ স্বাদৰ প্রতি আমাৰ কৌতুহল বাঢ়ি যায় । পিছলৈ ইয়াক দৰ্শন কৰিলেও আমাৰ ধাৰণা ঋণাত্মক স্তৰতে ৰৈ যায় । বহুক্ষেত্রত ই বিকৃতৰূপলৈও গতি কৰা দেখা যায় । নগ্নতা আৰু যৌনতাৰ বিষয়ে আমি আমাৰ উত্তৰ পুৰুষক কোনোদিনে বিজ্ঞানসন্মত তথা সাংস্কৃতিক শিক্ষা দিবলৈ চেষ্টা কৰা নাই । নগ্নতা আৰু যৌনতা এটা মুদ্রাৰ ইপিঠি-সিপিঠি । দুয়োটাই এক কলা । সেয়ে বাৎসায়নৰ ‘কামসূত্র’ই বিশ্ব দৰবাৰত উৎকৃষ্ট যৌন বিজ্ঞানৰূপে স্বীকৃতি পাইছে । প্রকৃতাৰ্থত দুয়োটা অৰ্থবাহক । শব্দ যিদৰে ব্রহ্ম, এই দুয়োটা বিষয়ও ব্রহ্ম । দুৰ্ভাগ্যৱশতঃ মানুহে ইয়াক নাৰকীয় ৰূপত গ্রহণ কৰিছে । ইয়াত দোষ গ্রহণ কৰোঁতাৰহে ।
আজি একবিংশ শতিকাত ভাৰতীয় মানসিকতাৰ অৱস্থা পুতৌজনক । কিয়নো এই ভাৰতবৰ্ষই এদিন আধ্যাত্মিক ভাবধাৰাৰ উত্থান ঘটাইছিল, মানুহৰ মনক ধ্যানযোগে সংস্কাৰ কৰিছিল আৰু আজি এই ভাৰতবৰ্ষতেই পথৰ ওপৰত নাৰীয়ে যৌনৰোগীৰ চিকাৰ হৈ মৃত্যুক আঁকোৱালি লয় । আমি সকলো ঘৰচিৰিকা হৈ পৰিছো । ৰাজহাঁহক অনুকৰণ কৰিবলৈ গৈ নিজৰ খোজ পাহৰিছো । পাশ্চাত্যৰ সভ্যতাই এতিয়া যোগ-প্রাণায়াম শিকে আৰু আমি অনুশীলন কৰিছো rain dance, bar dance । পাশ্চাত্যৰ প্রজন্মই এতিয়া বেদ-উপনিষদ চৰ্চা কৰে আৰু আমি আমাৰ প্রজন্মক শিকাইছো A for APPLE….B for BALL…। আমি আমাৰ প্রজন্মক বাধ্য কৰি তুলিছোঁ যে সিহঁতে মূল্যবোধৰ শিক্ষা লওক-নলওক, কিন্তু ‘ ইংলিচ’ শিকিবই লাগিব ।এয়াই আমাৰ উত্থান আৰু এই উত্থানক লৈ আমি গপত গঙাটোপ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!