নতুন কাপোৰ ( কুলেন্দু বৰদলৈ )

নিশা ভাতকেইটা খাই উঠি চকীখনতে বহিলোঁ অলপ। ঘৰটোৰ কোঠা এটাই, বাৰান্দা বুলিবলৈ নাই। বাহিৰত বহিবলৈকো বৰষুণে কণিয়াইছে। ওচৰতে মজিয়াত বহি চাকিৰ পোহৰত ভাত খাই আছে মাকৰ লগতে ল’ৰা-ছোৱালী তিনিটাই। কোঠাটোৰ বাহিৰৰ ফালে সৰুকৈ পাকঘৰ এটি সাঁজি দিছোঁ। নহ’লে ৰান্ধোঁতে-বাঢ়োঁতে-খাওঁতে অসুবিধা হয়।

আঙুলি মূৰত গনিছোঁ বিহুলৈ আৰু কেইটা দিন বাকী আছে! এইকেইদিনত কুলি-কেতেকীৰ হিয়াভৰা মাত শুনি আনন্দও লাগিছে বহুত! পালেহিয়েই দেখোন বিহুটি! আকৌ বিহুৰ আগে আগে আহি আছে ইলেকচন। গোটেইখন হুৱা-দুৱা একেবাৰে! আমাৰ ইহঁতৰো খুব আনন্দ লাগিছে এইকেইদিন। ইলেকচন বুলি দীপকে দুখন দুখন কম্বল আৰু আঠুৱা দি গৈছেহি আৰু লুলুৱে আহি টকা পাঁচশ পাঁচশ দি গৈছেহি। সিহঁতে এনে কম্বল কেতিয়াও লৈ পোৱা নাই আগতে। মাকে ঘৰতে ফটা কাপোৰেৰে চিলাই থৈছে কেইবাখনো কঁথা। এতিয়া ঠাণ্ডা যোৱাৰ পিছত হ’লেও মাকৰ চাদৰৰ দৰেই পাতল কম্বল কেইখন পাই সিহঁতৰ মনত খুব আনন্দ লাগিছে। ইফালে কিমান বছৰ ধৰি এটি চৰকাৰী ঘৰৰ বাবে আৱেদন কৰিলোঁ; মাজতে টকা দুটামানো দিবলগীয়া হ’ল। কিন্তু ঘৰটো আজিও নহ’লগৈ। মই দিন হাজিৰা কৰি খোৱা মানুহ। দিনটো কষ্ট কৰি যিকেইটা টকা পাওঁ, সেয়াই পেটে-ভাতে খাই জীয়াই আছোঁ কোনোমতে!

ইহঁতৰ মাকেও গৈ দুই-এখন কাম কৰি নঘটা নহয়! হাতখনো বৰ ভাল তাইৰ। এতিয়া বিহু বুলি দুই-তিনি ঘৰত তিলপিঠা, ঘিলাপিঠা বনাই, সান্দহ খুন্দি নিজৰলৈকো কেইটামান আনিছে। এনেকৈ আনৰ পিঠাৰেই আমি বিহু পাতি আহিছো। বজাৰত গুড়ৰ দাম, তিলৰ দাম কিমান বহু বছৰ ধৰি সোধা নাই মই; নোসোধোঁও। এনেকৈয়ে তাই কেইটামান আনে, চলি যায় আমাৰ!

ল’ৰাটো পঢ়ে পঞ্চম মানত। স্কুলৰ পৰা প্ৰতি বছৰে পোৱা ইউনিফৰ্মযোৰেই তাৰ বাবে নতুন কাপোৰ। ক’ৰবালৈ ফুৰিবলৈ গ’লেও এইযোৰেই। কিন্তু সি স্কুললৈ নাযায়। স্কুল নগৈ অনাই-বনাই ঘূৰি ফুৰে। দুই-এঘৰত ইটো-সিটো সহায় কৰি চাহটুপি বা কেতিয়াবা ভাত মুঠিও যোগাৰ কৰে সি। নিজে নিজেই সি কি বুজি পাইছে বা! পৰীক্ষাৰ সময় হ’লে ছাৰ-বাইদেউসকলেই মাতি নিয়েহি তাক। তেনেকৈয়ে একো নজনাকৈয়ে সি উৰ্ত্তীৰ্ণ হৈ গৈ আছে।

মাক-বাপেক হিচাপে খুব দুখ লাগে কেতিয়াবা। সৰু ল’ৰা-ছোৱালী, সিহঁতে কি নো বুজি পায়? অইন নহ’লেও, বিহু বুলিও আজিলৈকে সিহঁতক নতুন কাপোৰ এসাজো দি পোৱা নাই। ওচৰৰ কোনো কোনোৱে দিয়া তেওঁলোকৰ ল’ৰা-ছোৱালীলৈ সৰু হোৱা ভাল কাপোৰবোৰেই সিহঁতৰ বাবে নতুন কাপোৰ! বিহুত ওচৰৰ ল’ৰা-ছোৱালীবিলাকে যেতিয়া নতুন কাপোৰ পিন্ধি ঘূৰি ফুৰেহি, ইহঁতকেইটাৰ মুখলৈ চাবকে নোৱাৰোঁ মই।

যি নহওঁক এইবাৰ টকাকেইটা হাতত পৰিছেহি। আমাৰনো কি? ইহঁতকেইটালৈ আনিব লাগিব একোযোৰকৈ নতুন কাপোৰ, বিহুৰ কাপোৰ! ইহঁতৰ আনন্দই আমাৰো আনন্দ। সেয়ে তাইক ক’লো, “ঐ শুনিছনে? কত ইলেকচন আহিল, কত গ’ল। ক’তা, আমিতো একো এটাই পোৱা নাছিলোঁ। এইবাৰ গোটেইকেইটাই আহি দিছেহি। চবকেতো দিব নোৱাৰোঁ; তথাপি দুয়োটা ভোটকে ভগাই ল’ব লাগিব”! তায়ো তাকেই ভাবি আছিল হ’বলা; আৰু ক’লে, ” ময়ো আপোনাৰ কথাটোকে ভাবি আছোঁ। আপুনি লুলুৰ পাৰ্টিক আৰু মই দীপকৰ পাৰ্টিক ভোট দিম। কোন জিকে জিকি থাকক, আমাৰনো কি আহে- যায়”।

কথাটো হয়। ঠিকেই কৈছে তাই। ইলেকচনৰ বাবেই আজি আমাৰ দুয়োটাৰে মনত আনন্দ। অন্তত পোৱালিকেইটাক এইবাৰ বিহুত এযোৰ নতুন কাপোৰ দিব পাৰিম।

ক’ৰবাৰ পৰা ৰিণিকি ৰিণিকি ভাহি অহা শুনিবলৈ পালোঁ,
“ব’হাগ মাথোঁ এটি ঋতু নহয়।
নহয় ব’হাগ এটি মাহ …..”

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!