নতুন চিন্তা লাগে, পুৰণা তথ্য নালাগে (প্রতিম প্রতাপ বৰুৱা)

বিখ্যাত ফৰ্ড কোম্পানীৰ প্ৰতিস্থাপক চেয়াৰমেন হেনৰী ফৰ্ডে এবাৰ এজন বন্ধুৰে সৈতে টেলিভিচন চাই আছিল | টেলিভিচনত সেই সময়ত এটা কুইজৰ অনুষ্ঠান চলি আছিল | বহুত দিনৰপৰা চলি থকা কুইজৰ প্ৰতিযোগিতাখনৰ সেইদিনা ফাইনেল আছিল | এজন প্ৰতিযোগীয়ে সেইদিনা সকলোবোৰ প্ৰশ্নৰ সঠিক উত্তৰ ফটাফট্‌ দি আছিল | শেষত প্ৰতিযোগীজনে আৰ্জেন্টিনাৰ কোনোবা এটা পৰ্বতৰ ওপৰত সোধা এটা অদ্ভুত প্ৰশ্নৰ উত্তৰ দি সেই প্ৰতিযোগিতাত বিজয়ী হ’ল |

অনুষ্ঠানটো চাই হেনৰী ফৰ্ডে বন্ধুজনক ক’লে – “এই লৰাজনে যদি মোৰ কোম্পানীত চাকৰি কৰিব খোজে তেন্তে মই তেওঁক কিমান টকা দৰমহা দিম বুলি তুমি ভাবা ?”

– কিমান ?

ফৰ্ডে ক’লে – “তিনি ডলাৰতকৈ বেছি নহয়, তাকো প্ৰতি মাহে নহয়, লৰাটোৰ গোটেই জীৱনৰ বাবে | কাৰণ মোৰ মতে সেই লৰাটো এখন এন্‌চাইক্ল’পেডীয়াতকৈ একো বেছি নহয় | সি মাত্ৰ আনে উদ্ভাৱন কৰা পুৰণা তথ্য সঠিকভাবে মনত ৰাখিব পাৰে | কিন্তু নিজে নতুন কথা চিন্তা কৰিব নোৱাৰে | মোক নতুন চিন্তা কৰা লৰা লাগে | ভাটৌৰ দৰে আনৰ কথা মনত ৰখা লৰা নালাগে |”

নতুন চিন্তা কৰিব পৰা এজন লৰা মাত্ৰ ২১ বছৰ বয়সতে কোটিপতি হৈছিল | ইংলণ্ডৰ এলেক্স টিউ | অন্য সাধাৰণ লৰাৰ দৰেই এজন লৰা | কলেজত পঢ়িবৰ বাবে টকাৰ আৱশ্যক, কিন্তু জোৰা মাৰিব পৰা নাই | এলেক্সে এখন কাগজত লিখিলে – “মই কেনেকৈ কোটিপতি হব পাৰো ?”

এদিন হঠাত্‍ এটা নতুন চিন্তাই এলেক্সক সলনি কৰি দিলে | মাত্ৰ কেইশমান পাউণ্ড খৰচ কৰি তেওঁ এটা ৱেবচাইট সাজিলে | নাম দিলে “দি মিলিয়ন ডলাৰ হোমপেজ্‌” (www.milliondollaromepage.com) | ৱেবচাইট্‌টোত বিজ্ঞাপনৰ বাবে ঠাই বিক্ৰী কৰা হ’ল – এটা পিক্সেলৰ দাম এক ডলাৰ | ৱেবচাইট্‌টোৰ হোমপেজত এক মিলিয়ন পিক্সেল আছিল | কোম্পানীবিলাকে মাত্ৰ এক ডলাৰ দি এটা পিক্সেল সেই ৱেবচাইট্‌টোত কিনিব পাৰে আৰু তাত নিজৰ কোম্পানীৰ লিংকটো দি নিজৰ বিজ্ঞাপন দিব পাৰে | অতি সোনকালে এক মিলিয়ন পিক্সেল বিক্ৰী হৈ গ’ল আৰু এলেক্স মিলিয়নাৰ হৈ গ’ল |
সন্দেহ নাই যে এলেক্সৰ বহুত কষ্ট হৈছিল | কিন্তু এটা নতুন চিন্তা, এটা নতুন আইডিয়াই বিশ্বক এটা নতুন বস্তু আৰু এজন কোটিপতি লৰা দিলে |

(আমাৰ অসম আৰু অসমীয়াৰ বাবে নতুন চিন্তা কৰিব পৰা এলেক্সৰ দৰে মানুহৰ প্ৰয়োজন আহি পৰিছে |)

————————***————————

“সপোন দেখি ছবি আঁকি থকা শিল্পীৰ দ্বাৰা আজি আমাৰ কাম নহয়। নিজৰ তেজেৰে পুৱাৰ ৰঙা বেলিৰ ছবি আঁকিব পৰা শিল্পীহে আমাক লাগে।” – ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!