নবীন (ডা: ভূপেন শইকীয়া)

নবীনে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত এদিনীয়া ক্ৰিকেট মেছ চাবলৈ আহিল৷ খেল শেষ হ’লত মানুহবোৰ ঘৰমুৱা হব ধৰিলে৷ এজন নিৰাপত্তাৰক্ষীয়ে নবীনক বহি থকাৰ কাৰণ সুধিলত নবীনে কলে – সি খেলৰ হাইলাইট চাইহে ঘূৰিব !

আকস্মিকভাবে এদিন নবীনৰ গাত বিদ্যুতৰ তাঁৰ এডাল পৰিল৷ নবীনে মাটিত বাগৰি পৰি চটফটাই চটফটাই মৃত্যুক প্ৰতীক্ষা কৰিব ধৰিলে৷ হঠাৎ নবীনৰ মনত পৰিল – ছে: যোৱা সাতদিন ধৰি কাৰেন্টেই চোন নাই৷ নবীনে মাটিৰ পৰা উঠি ধূলি জোকাৰি জোকাৰি ভোৰভোৰালে- চাল্লা হ’পলেচ ডিপাৰ্টমেন্ট, এনেয়ে মোক ভয় খোৱালি !

নবীনৰ নতুন চাৰ্টটো নিৰমা ডিটাৰজেন্ট পাউদাৰেৰে ধোৱাৰ পিছত কোচ খাই সৰু হৈ পৰিল ৷ তাকে দেখি নবীনে নতুন এপেকেট নিৰমা ডিটাৰজেন্ট পাউদাৰ কিনি ভালদৰে ঘঁহি-পিহি গা ধুবলৈ ধৰিছে যাতে নতুন চাৰ্টটো সি পুনৰ পিন্ধিব পাৰে !

নবীনে ফাঁচিবজাৰত গাড়ী পাৰ্ক কৰিবলৈ ঠাই বিচাৰি নাপাই মনতে ভগবানক মনতে খাটিলে – পাৰ্কিং কৰিবলৈ জেগা এডোখৰ ওলিয়াই দিলে মই মদ আৰু চিগাৰেট বাদ দিম৷
হঠাৎ এখন গাড়ী যাব ওলোৱাত নবীনৰ গাড়ীৰ বাবে ঠাই ওলাল৷ অলপো বিলম্ব নকৰি নবীনে ভগবানক পুনৰ এইদৰে স্মৰণ কৰিলে- ভগবান তুমি কষ্ট কৰিব নালাগে দিয়া৷ আজি মই নিজেই পাৰ্কিঙৰ ঠাই বিচাৰি লম !

–**–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!