নাগাৰা নামৰ জনপ্ৰিয় ‘পাঠক’ ৰামচৰণ ভড়ালীৰ সৈতে সাক্ষাৎকাৰ

 ‘নমৰালৈ নাম গাই যাম’, ৰামচৰণ ভড়ালী – সাক্ষাৎগ্ৰহণ : পল্লৱী গোস্বামী আৰু নয়নমণি হালৈ
—————————————————————————————

সাহিত্য ডট অৰ্গ : অবিভক্ত কামৰূপ, নলবাৰী অঞ্চলত লোক-সংস্কৃতিৰ ভালেমান উপাদান থকাৰ পিছতো কেৱল ‘নাগাৰা নাম’ৰ প্ৰতি আপোনাৰ আগ্ৰহ কেনেকৈ হ’ল? কেনেকৈ কি পৰিস্থিতিত আপুনি এই কৃষ্টিটোৰ প্ৰতি আকৰ্ষিত হ’ল?

ৰামচৰণ ভড়ালী: নাগাৰা নাম মোৰ প্ৰথম নিচা নাছিল৷ মই প্ৰথমে এঘাৰ বছৰ যাত্ৰাদলত আছিলো৷ সেই এঘাৰ বছৰত মোৰ এঘাৰ বিঘা মাটি বিক্ৰী গ’ল৷ প্ৰথমে আমাৰ ঘৰৰ অৱস্থা ভালেই আছিল৷ কিন্তু পাছলৈ বৰ বেয়া হ’ল৷ তাৰপিছত ১৯৬৭ চনত আমাৰ গাৱত এটা নামপাৰ্টি খোলাৰ আয়োজন কৰা হয়৷ তেতিয়াহে মই নামদলত সোমালো৷ পিছত নাগাৰা নামেই মোৰ নিচা আৰু পেছা হৈ পৰিল৷

সাহিত্য ডট অৰ্গ : নাগাৰা নাম শিকাৰ ক্ষেত্ৰত আপোনাৰ কোনোবা গুৰু আছিলনে?
ৰামচৰণ ভড়ালী: হয়, মোৰ গুৰুৰ নাম সাতদলা নিবাসী শ্ৰীকুশল মালাকৰ৷ তেখেত এতিয়াও জীৱিত আছে৷ তেখেতৰ পৰাই নাগাৰা নামৰ শিক্ষা গ্ৰহণ কৰি আমি নাগাৰা নাম আৰম্ভ কৰিলো৷

সাহিত্য ডট অৰ্গ : তেতিয়া আপোনাৰ বয়স?
ৰামচৰণ ভড়ালী: ২৫ বছৰ৷ সেই তেতিয়াৰ পৰা আজি ৭৫ বছৰ বয়সলৈ নাম গায়েই আছো৷

সাহিত্য ডট অৰ্গ : এই যে আপুনি এঘাৰ বছৰ যাত্ৰাদলত আছিল বুলি ক’লে, তাত আপুনি কি কৰিছিল? গান গাইছিল নে অভিনয় কৰিছিল?
ৰামচৰণ ভড়ালী: প্ৰথম অৱস্থাত মই ‘বলোৱা প্ৰগতি সংঘ’ৰ যাত্ৰাদলত আছিলো৷ তাত মই প্ৰথমতে নাচিছিলো৷ তেতিয়া মই দশম শ্ৰেণীত পঢ়ি আছো৷ তাৰ পিছত আন যাত্ৰাদলতো গৈছো৷ যাত্ৰাদলত মই নকৰা একো কাম নাই৷ গান গাইছো, অভিনয় কৰিছো, বিবেক গাইছো (সূত্ৰধাৰৰ নিচিনা এক চৰিত্ৰ)৷ সেই সময়তে তিনি বছৰমান ‘বীণাপাণি অপেৰা’ আৰু ‘ৰাজলক্ষ্মী থিয়েটাৰ’ত গান গালো৷ তাৰপিছত সংসাৰো কৰিলো৷ এইফালে ঘৰ এৰিব নোৱাৰা, আনফালে অপেৰা বা থিয়েটাৰৰ পৰা আৰ্থিক লাভালাভ একো নাই, গতিকে অপেৰা বাদ দিলো৷ ঘৰৰ অৱস্থাও পৰি আহিল, মাটিও বিক্ৰী গ’ল৷ তাৰপিছত একান্ত মনে মই নাগাৰা নামতে নিজক সমৰ্পণ কৰিলো৷

সাহিত্য ডট অৰ্গ : আপুনি সেই সময়ত ভাবিছিলনে বাৰু যে এই নাগাৰা নামেই আপোনাক ইমান জনপ্ৰিয়তা আৰু খ্যাতি আনি দিব?
ৰামচৰণ ভড়ালী: ভবা নাছিলো৷ কিন্তু একমাত্ৰ ঈশ্বৰৰ কৃপাত এয়া সম্ভৱ হৈছে৷ ঈশ্বৰত বিশ্বাস আৰু ধৈৰ্য থাকিলে সকলো সম্ভৱ হব পাৰে৷

সাহিত্য ডট অৰ্গ : নাগাৰা নাম আপোনাৰ আগতেও বহু পাঠকে গাইছে, ভবিষ্যতেও গাব৷ কিন্তু নাগাৰা নামক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত আপোনাৰ অৰিহণা সকলোৱে মনত ৰাখিব৷ এয়া কেনেকৈ সম্ভৱ হ’ল?
ৰামচৰণ ভড়ালী: সেইটো সাধনাৰ কাৰণেই হৈছে৷ লাগি আছো, সেইবাবেই হৈছে৷ ঈশ্বৰেও কৃপা কৰিছে৷

সাহিত্য ডট অৰ্গ : আপোনাৰ নাগাৰা নামৰ কেছেটসমূহো খুব জনপ্ৰিয়৷ প্ৰথম অডিঅ’ কেছেট আপুনি কেতিয়া উলিয়ালে আৰু প্ৰায় কিমানখন কেছেটত আপুনি নাম গালে?
ৰামচৰণ ভড়ালী: কেছেট এতিয়ালৈ মোৰ নব্বৈখন মান ওলাইছে৷ ৮৫ চন মানতেই প্ৰথম কেছেটখন ওলাইছিল৷

সাহিত্য ডট অৰ্গ : নতুন প্ৰজন্ম, অৰ্থাৎ আজিৰ ডেকাচাম এই নাগাৰা নামক লৈ উৎসাহী নে? তেওঁলোকে কিমান ভালকৈ এই কৃষ্টিটো আয়ত্ত কৰিব পাৰিছে?
ৰামচৰণ ভড়ালী: নতুন প্ৰজন্মৰ একাংশই ভালদৰেই আয়ত্ত কৰিছে, কিন্তু একাংশই এই কৃষ্টিটোক বিকৃত কৰাৰ চেষ্টা চলাইছে৷

সাহিত্য ডট অৰ্গ : কেনেধৰণৰ বিকৃতি?
ৰামচৰণ ভড়ালী: কৃষ্টিটোক বহুতে ব্যৱসায় কৰি পেলাইছে৷ ব্যৱসায়িক লাভালাভৰ বাবেই বহুতে বেলেগ সুৰ, বেলেগ ভাৱ-ভংগী আনি সোমাই দিছে৷ নাগাৰা নামৰ যি স্বকীয়তা তাক নোহোৱা কৰিব খুজিছে৷ কিছুমানে ভৰিৰে বাজনা বজাইছে, কিছুমানে মুখেৰে তাল বজাইছে, কোনোবাই দাতেৰে নাগাৰা ডাঙি ধৰিছে৷ এইবোৰ বিভৎস কাৰবাৰ৷ নাগাৰা নামত এইবোৰ নাই৷ কিন্তু আমিও এইক্ষেত্ৰত একো কৰিব নোৱাৰো, কাৰণ ৰাইজে তাক সমৰ্থন দিছে, হাতচাপৰি দিছে৷

সাহিত্য ডট অৰ্গ : তাৰমানে আপুনি কব খোজে নেকি যে নাগাৰা নাম গোৱা একাংশ ‘পাঠকে’ সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে নাগাৰা নামৰ যি মৌলিকতা, যি স্বকীয় ৰূপ তাক বিসৰ্জন দিছে আৰু তাত ৰাইজেও সঁহাৰি দিছে?
ৰামচৰণ ভড়ালী: হয়, ৰাইজেও তাত সঁহাৰি দিছে৷ কিন্তু এয়া ভাল কথা নহয়৷

সাহিত্য ডট অৰ্গ : কিন্তু এনেদৰেই যদি চলি থাকে তেন্তে ই জানো নাগাৰা নামৰ মূল বস্তুটোৰেই ক্ষতি নকৰিব?
ৰামচৰণ ভড়ালী: এনেকৈ চলি থাকিলে নাগাৰা নাম বিকৃত হৈ যাব আৰু এসময়ত ই হয়তো ধ্বংস হৈ যাব৷ কিন্তু আমি নাগাৰা নাম বিকৃত নকৰাকৈ গাই আছো৷ সুখৰ কথা ৰাইজে দেখোন বেছিকৈ আমাকহে বিচাৰে, আমাকহে পচন্দ কৰিছে৷ বিভৎস কৰাবোৰ মাত্ৰ কেইদিনমানহে থাকে, তাৰপিছত ই নিজে নিজে নোহোৱা হৈ যায়৷ কিন্তু আমি তাহানিৰ পৰা আজিলৈ নাম গায়েই আছো৷ যিসকলে জনপ্ৰিয়তাৰ কাৰণে বা ব্যৱসায়িক কাৰণত এনে কামবোৰ কৰে, তেওঁলোকৰ আয়ুস খুব বেছি দুবছৰ বা তিনিবছৰ৷
সাহিত্য ডট অৰ্গ : প্ৰতিটো লোককৃষ্টিৰে যেনেকৈ স্বকীয়তা আছে, ঠিক তেনেকৈ নাগাৰা নামৰো স্বকীয় ৰূপ আছে, মুদ্ৰা, ভংগীমা, তাল-মান এইবোৰ আছে৷ কিন্তু কেৱল জনপ্ৰিয়তাৰ কাৰণেই যদি এই স্বকীয়তাক বিসৰ্জন দিও, তেন্তে লোককৃষ্টিৰ ভৱিষ্যত থাকিবনে?
ৰামচৰণ ভড়ালী: নাথাকে৷ ভগৱানে মানুহক যেতিয়া জন্ম দিয়ে, প্ৰত্যেককে বেলেগ বেলেগ ৰূপ দিছে৷ এই পৃথিৱীত জন্ম দিয়া প্ৰতিটো বস্তুৰে নিজস্ব ৰূপ আছে, ভগৱানে সকলোকে নিজা নিজা বস্তু কিছুমান দি থৈ গৈছে৷ গুৰুজনাই এই নাগাৰা নাম বস্তুটো যেতিয়া দি থৈ গ’ল, তেতিয়া ইয়াৰো কিছুমান নিজা বস্তু দি থৈ গৈছে৷ প্ৰতিটো বস্তুৱেই বেলেগ বেলেগ৷ ভাওনা বেলেগ, ঝুনা নাম বেলেগ, থিয়-নাম বেলেগ, নাগাৰা নাম বেলেগ৷ কিন্তু তাক যদি নিজৰ মতে কৰিব যাও, নিজৰ মতে সুৰ দিব যাও, হিন্দী গীতৰ সুৰো আনি লগাই দিও, জুবিনৰ গানো আনি সোমাই দিও, তেন্তে সেইটোৱে মূল বস্তুটোৰে ক্ষতি কৰিব৷ অলপ সময়ৰ কাৰণে হয়তো কোনোবাই ভাল পাব, কিন্তু সেইটো দীৰ্ঘস্থায়ী নহয়৷ আৰু এনে কৰিলে গুৰুজনাকো অৱমাননা কৰা হয়৷

সাহিত্য ডট অৰ্গ : নাগাৰা নামৰ স্বকীয়তাৰ বিষয়ে যিয়ে জানে তেওঁ কিন্তু এনে কামবোৰ ভাল নাপায়৷
ৰামচৰণ ভড়ালী: নাপায় নাপায়৷ নতুন প্ৰজন্মৰো বহুতেই ভাল নাপায়৷

সাহিত্য ডট অৰ্গ : নতুন প্ৰজন্মই এই কৃষ্টিটো শিকিবলৈ বা আঁকোৱালি লবলৈ আগ্ৰহী নে?
ৰামচৰণ ভড়ালী: ভাবিব নোৱাৰাকৈ আগ্ৰহী৷ নতুন প্ৰজন্মৰ বহুতক আমি পাইছো, যিয়ে নাম শিকিবলৈ আগ্ৰহী৷ তেওঁলোক এই কৃষ্টিটোৰ প্ৰতি উৎসাহী৷

সাহিত্য ডট অৰ্গ : আপুনি এতিয়ালৈ কেইটামান দলক নাগাৰা নাম শিকাইছে?
ৰামচৰণ ভড়ালী: প্ৰায় পচপন্নটা দলক মই শিকাইছো৷ কিন্তু সকলোবোৰ জীয়াই নাথাকিল৷ নাগাৰা নামৰ দল এটা জীয়াই ৰাখিবলৈ কষ্ট আৰু সাধনা লাগে৷ গছ ৰুলে যিদৰে এদিন নহয় এদিন ফল পাবই, তেনেকৈ শিল্পটোক ধৰি ৰাখিলে সি সুফল পাবই৷

সাহিত্য ডট অৰ্গ : কৃষ্টি জীয়াই ৰখাৰ বাবে নাগাৰা নাম গালেই নহব, নাম গাই পৰিয়াল এটাও চলিব পাৰিব লাগিব৷ কিন্তু নাগাৰা নাম গাই এজন নিবনুৱা যুৱক স্বাৱলম্বী হব পাৰেনে? নাগাৰা নামক পেছা হিচাপে লব পৰা পৰিৱেশ হৈছেনে?
ৰামচৰণ ভড়ালী: যদি নাগাৰা নাম কোনোবাই ভালদৰে শিকে, আয়ত্ত কৰে, তেন্তে ই এটা সুন্দৰ সংস্থাপন হব পাৰে৷ নাগাৰা নাম গাই আমি চলি আছো, আৰু বহু পাঠক চলি আছে৷ পাঠকজন যদি অলপ শিক্ষিত ল’ৰা হয়, তেওঁৰ যদি গন্ধৰ্ব বিদ্যা থাকে আৰু দুই-তিনিবছৰ যদি তেওঁ দল এটা ধৰি ৰাখিব পাৰে, তেন্তে তেওঁ সুন্দৰকৈ, আনকি এজন চাকৰিয়াল মানুহতকৈ ভালদৰে চলি থাকিব পাৰে৷ গোটেই অসমত নহলেও আমাৰ অঞ্চলত নাগাৰা নামক পেছা হিচাপে লোৱাৰ পৰিবেশ আছে৷

সাহিত্য ডট অৰ্গ : আমাৰ নামনি অসমত লোককৃষ্টিৰ বহুকেইটা উপাদান আছে৷ ঢুলীয়া, ভাওৰীয়া, ওজাপালি, পুতলা নাচ ইত্যাদি বহুকেইটা লোক পৰিৱেশ্য কলা আছে৷ কিন্তু ইয়াৰ মাজত নাগাৰা নামৰ ইমান জনপ্ৰিয়তা কিয়? আমি দেখিছো, এতিয়াও নাগাৰা নাম উপভোগ কৰিবলৈ শিশুৰ পৰা বৃদ্ধলৈ মানুহ ভৰি যায়? ইয়াৰ কাৰণ কি? এনে কি আছে নাগাৰা নামত, যি বাকীকেইটাত নাই?
ৰামচৰণ ভড়ালী: প্ৰথম কথা নাগাৰা নামত আদৰ্শ আছে৷ নাগাৰা নামত কেৱল মনোৰঞ্জন নাই, ইয়াত শিকিবলগীয়া বস্তু আছে৷ নাগাৰা নাম চাই মানুহে কিবা এটা শিকি লৈ যায়৷ নাগাৰা নামৰ কাহিনী বা আখ্যানসমূহৰ পৰা মানুহে শিকিব পাৰে৷ অহংকাৰৰ পতন, ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়, এইটো কৰিলে বেয়া সেইটো কৰিলে ভাল, অমুক কৰিলে ভগৱানক পায়.. এনে কিবা নহয় কিবা ৰাইজে নামৰ পৰা শিকিব পাৰে৷ প্ৰতিটো কাহিনীতে আদৰ্শমূলক শিক্ষা আছে৷ এইটোৱেই বাকীবোৰৰ লগত নাগাৰা নামৰ পাৰ্থক্য৷ তদুপৰি নাগাৰা নামত থকা হাস্য ৰস, কৰুণ ৰস, বীৰ ৰস আদিয়ে মানুহক সহজেই আকৰ্ষণ কৰে৷

সাহিত্য ডট অৰ্গ : নাগাৰা নামৰ কাহিনীবোৰ ক’ৰ পৰা সংগ্ৰহ কৰা হয়?
ৰামচৰণ ভড়ালী: নাগাৰা নামবোৰৰ লেখক আছে৷ লেখকে নামবোৰ ৰামায়ণ, মহাভাৰত, পুৰাণ আৰু ভাগৱতৰ পৰাই বেছিকৈ সংগ্ৰহ কৰে৷ যিকোনো শাস্ত্ৰপুথি এখনৰ পৰাই নাম এটা লব পাৰি৷

সাহিত্য ডট অৰ্গ : এইখিনিতে আন এটা কথা মনলৈ আহিছে৷ আপুনি অসম আন্দোলনৰ সময়ত নাগাৰা নামৰ জৰিয়তেই প্ৰতিবাদ কৰিছিল, সেইসময়ত নাগাৰা নামেৰেই আপুনি এটা জাগৰণ সৃষ্টি কৰিছিল৷ সেই সময়ত আপুনি পুলিচ মিলিটেৰীৰ হাততো নিৰ্যাতিত হৈছিল৷ এতিয়াও অসমত মাজে মাজে সময়ে ৰাজনৈতিক অস্থিৰ অৱস্থা বা সংঘাত আহি থাকে৷ এই সময়ত আপুনি তেনে বিষয় লৈ নাগাৰা নাম গাব নিবিচাৰে নেকি?
ৰামচৰণ ভড়ালী: এতিয়া আৰু ইচ্ছা নাই৷ সেইসময়ত চৰকাৰৰ বিৰুদ্ধে নাগাৰা নাম গাই মই বহু নিৰ্যাতনৰ সন্মুখীন হলো, পুলিচৰ মাৰো খালো, জেইলতো গ’লো, কিন্তু তাৰ ফল মই একো নাপালো৷ তদুপৰি আমি যে জেইল খাটিলো, মাৰ খালো তাৰ চিন প্ৰমাণ বুলিবলৈ এতিয়া আৰু একো নাই৷ কিন্তু আন্দোলনৰ সময়ত মই বহু মাৰ খালো৷

সাহিত্য ডট অৰ্গ : নাগাৰা নাম সাধাৰণতে ধৰ্মীয় আখ্যান বা পদ৷ ধৰ্মীয় অনুষ্ঠানতে এই নাম পৰিবেশন কৰা হয়৷ কিন্তু অসম আন্দোলনৰ সময়ত আপুনি চৰকাৰ বিৰোধী কথাৰেই নাগাৰা নাম লিখি গোৱাটো কিন্তু কম কথা নহয়৷ লোককৃষ্টিক আপুনি প্ৰতিবাদৰ ভাষা হিচাপেও ব্যৱহাৰ কৰিছিল৷ এই কাম বোধহয় অসমত কোনেও কৰা নাই?
ৰামচৰণ ভড়ালী: সাংঘাতিক কথাই আছিল৷ সেই সময়ত জাতীয়তাবাদী নেতা নিবাৰণ চন্দ্ৰ বৰাৰ পৰাই মই প্ৰথম স্বীকৃতি পাইছিলো৷ তেওঁৰ মৃত্যুৰ পিছত মোক নিবাৰণ চন্দ্ৰ বৰা বঁটা দিয়া হৈছিল৷ সেইটো মোৰ নাগাৰা নামৰো প্ৰথম স্বীকৃতি আছিল৷ তাৰপিচত মই নিবাৰণ চন্দ্ৰ বৰাৰ জীৱনৰ ওপৰতো নাম এটা গাইছিলো৷ অসম আন্দোলনৰ নামটো মই বহু ঠাইত গাইছো৷ অসমৰ বাহিৰতো গাইছো৷

সাহিত্য ডট অৰ্গ : ধৰ্মীয় কাহিনী বাদ দি আধুনিক নাম আৰু কিবা গাইছিল নেকি আপুনি?
ৰামচৰণ ভড়ালী: ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ গাইছো, ‘কালিদাসৰ কাহিনী’ গাইছো৷

সাহিত্য ডট অৰ্গ : এতিয়া নতুন নাম কি গাবলৈ পৰিকল্পনা কৰিছে?
ৰামচৰণ ভড়ালী: নতুন নাম এটা সাজু কৰিছো৷ কাহিনীটো কলিযুগৰ লক্ষণ সমূহৰ বিষয়ে৷ পঞ্চ পাণ্ডৱ আৰু শ্ৰীকৃষ্ণই কলিযুগত ঘটিবলগীয়া বিভিন্ন ঘটনা আৰু লক্ষণ সমূহ কেনেকৈ ব্যাখ্যা কৰিছে, কলিযুগত কি কি হব, কি কি ঘটিব আৰু সেইবোৰ যে এতিয়া আমি দেখিবলৈ পাই আছো, তেনে কাহিনী৷

সাহিত্য ডট অৰ্গ : দেখা যায়, নাগাৰা নামৰ জনপ্ৰিয়তা কেবল মাত্ৰ নলবাৰী, দৰঙ, বৰপেটাৰ কিছু অঞ্চল বা গ্ৰাম্য কামৰূপতে আবদ্ধ৷ উজনি অসমৰ মানুহে এই নাগাৰা-নাম গ্ৰহণ নকৰাৰ কাৰণ কি? সমগ্ৰ অসমতে ইয়াক জনপ্ৰিয় কৰাৰ উপায় নাইনে?
ৰামচৰণ ভড়ালী: বৰপেটাতো নাগাৰা নাম ইমান জনপ্ৰিয় নহয়৷ তাত বীৰ নাম, ঝুনা নামহে বেছিকৈ প্ৰচলিত৷ উজনি অসমত ভাওনাৰ বাহিৰে আন একোৱে প্ৰাধান্য নাপায়৷ টোকাৰী গীতো তাত জনপ্ৰিয়৷ উজনি অসমৰ নগাওঁ, শিৱসাগৰ, মাজুলীতো নাম গাইছো, কিন্তু তেওঁলোকে বুজি নাপায়৷ উজনি অসমত নাগাৰা নাম জনপ্ৰিয় নোহোৱাৰ কাৰণ হ’ল ‘ভাষা’৷ নাগাৰা নামত এই অঞ্চলৰ স্থানীয় ভাষাৰ প্ৰভাৱেই বেছি, গতিকে এই অঞ্চলতে এই নাম জনপ্ৰিয় হৈ থাকিব৷ মাজুলীত কিন্তু এটা ব্যতিক্ৰমী ঘটনা ঘটিছিল৷ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে আমাক আমন্ত্ৰণ কৰি নিছিল নাম গাবলৈ৷ তাত মই সাংঘাতিক পৰিবেশ দেখিবলৈ পাইছিলো৷ নাম গোৱাৰ পিছত মঞ্চৰ পৰা নামি মই যেতিয়া বহা ঠাইলৈ যাও, তেতিয়া মই আঠু কাঢ়ি যাব লগা হৈছিল, কাৰণ মানুহে মোৰ ভৰি চুবলৈ আগুৰি ধৰিছিল৷ মই আঠু কাঢ়িহে বহা ঠাইলৈ গৈছিলো৷ তাৰ মানুহৰ মনত ইমান ভক্তি দেখি মই আচৰিত হৈছিলো৷ কিন্তু নাম তাতো কোনেও বুজি নাপায়৷

সাহিত্য ডট অৰ্গ : অসমৰ বাহিৰতো আপুনি নাগাৰা নাম পৰিবেশন কৰিছেনে?
ৰামচৰণ ভড়ালী: অৰুণাচলত গাইছো৷ দিল্লীত ‘আম্বেদকাৰ বটা’ গ্ৰহণ কৰাৰ সময়ত নাম গাইছো৷ ভাষাটোৰ কাৰণেই বাহিৰত নাম গোৱা অসুবিধা৷ কাহিনী বুজি নাপালে নামৰ ৰস নাপায়৷ অৰুণাচলত হাঁহি উঠা ঘটনা ঘটিছিল৷ মই যেতিয়া নামৰ কৰুণ ৰস গাই কান্দো, তেওঁলোকে হাঁহে৷ কিন্তু তাল যেতিয়া বজাইছো তেতিয়া কিন্তু তেওঁলোকে খুব ভাল পাইছে৷

সাহিত্য ডট অৰ্গ : এই যে সুদীৰ্ঘ ৭৫ বছৰ ধৰি আপুনি নাম গালে, তাত কিবা নোপোৱাৰ বেদনা বা আক্ষেপ আছে নেকি?
ৰামচৰণ ভড়ালী: ২৫ বছৰ বয়সৰ পৰা ধৰিলে ৫৩ বছৰ ধৰি মই নাম গালো৷ চৰকাৰে শিল্পী পেঞ্চন এটা দিছে৷ সেয়াই৷ আক্ষেপ আছে৷ আমাৰ নাম গোৱা ‘পাঠক’সকলে পাবলগা মৰ্যাদা এতিয়াও পোৱা নাই৷ আমি কেৱল ৰাইজৰ মৰমতহে জীয়াই আছো৷

সাহিত্য ডট অৰ্গ : আপুনি নাগাৰা নামৰ ‘পাঠক’ হিচাপে শিল্পী-পেঞ্চন পোৱা প্ৰথমজন শিল্পী৷ আপোনাৰ দৃষ্টিত এনে কোনোবা আছে নে যিয়ে গোটেই জীৱন ধৰি নাগাৰা নামৰ সাধনা কৰি আছে? যিসকল দৰাচলতে শিল্পী পেঞ্চনৰ যোগ্য?
ৰামচৰণ ভড়ালী: বহু আছে৷ মোৰ গুৰুজনা শ্ৰীকুশল মালাকৰ, যাৰ কাৰণে আজি মই ৰাইজৰ মৰম-আদৰ লৈ বাচি আছো, তেৱেই পেঞ্চন পোৱা নাই৷ মোতকৈ আগতে তেওঁহে পাব লাগিছিল৷ এতিয়া তেখেতৰ অন্তিম সময়, জীৱনকালতে তেওঁ চৰকাৰৰ এই স্বীকৃতি পালে মই বৰ সুখ পালোহেঁতেন৷ মহেন্দ্ৰ পাঠক, দেবা মালী, কণ্ঠী পাঠক এইসকলে গোটেই জীৱন নাগাৰা নাম গালে, কিন্তু তেওঁলোকেও স্বীকৃতি নাপালে৷ দৰঙৰ সুৰেন্দ্ৰ মোহন পাঠক, তেৱো আজীৱন নাগাৰা-নাম গাই গাই এতিয়া ৰোগশয্যাত পৰি আছে৷ এনে আৰু বহু পাঠক আছে যিসকলে স্বীকৃতি পোৱাৰ যোগ্য ব্যক্তি৷

সাহিত্য ডট অৰ্গ : তাৰমানে ৰজাঘৰীয়াই আপোনালোকৰ দৰে শিল্পীক যিমানখিনি আদৰ, মৰ্যাদা দিব লাগিছিল, সিমানখিনি আপোনালোকে পোৱা নাই বুলি অনুভৱ কৰে নেকি?
ৰামচৰণ ভড়ালী: নাই পোৱা৷ তেওঁলোকে শিল্পী পেঞ্চন দিয়াৰ ক্ষেত্ৰতো একো নীতি-নিয়ম পালন নকৰে৷ আৰু কেৱল শিল্পী পেঞ্চন কিয়? তাতকৈ ওপৰৰ যেনে সংগীত নাটক একাডেমীৰ স্বীকৃতি আমি পাঠকসকলে পাব নালাগে নেকি! কিন্তু সেইটো পৰ্যায়লৈ আমাক কোনে লৈ যাব? ৰাষ্ট্ৰীয় পৰ্যায়ত নাগাৰা-নামক পৰিচয় কৰি দিবলৈ চৰকাৰে আগভাগ লব লাগে৷ গতিকে এইবোৰ ক্ষেত্ৰত চৰকাৰৰ যথেষ্টখিনি কৰণীয় আছে৷

সাহিত্য ডট অৰ্গ : শিল্পী পেঞ্চন বাদ দি লোককৃষ্টিসমূহ জীয়াই ৰখাৰ বাবে চৰকাৰৰ কৰণীয় আৰু কি আছে?
ৰামচৰণ ভড়ালী: বহু আছে৷ চৰকাৰী ভাৱে যদি কৰ্মশালা পাতে, নাগাৰা নাম বুলিয়েই নহয়, ঢুলীয়া, ভাওৰীয়া, ওজা আদি কৃষ্টিৰ বাবেও যদি কৰ্মশালা পাতে, জলপানি দিয়ে, তেন্তে অসমীয়া কৃষ্টিসমূহ আজি বহু আগবাঢ়ি গলহেঁতেন৷ নাগাৰা নামৰ শিল্পীসকল নিচেই দুখীয়া মানুহ৷ তেওঁলোকে নিজে কৰ্মশালা পাতি শিকিব বা শিকাব নোৱাৰে৷ কিন্তু চৰকাৰক অপেক্ষা কৰি থাকিলেতো নহব, মই কৈছো ‘কোনোবাই যদি নিজে নাগাৰা নাম শিকিম বুলি আগবাঢ়ি আহে মই বিনা পইছাই শিকাই দিম’৷ মোক একো বানচ দিব নালাগে৷

সাহিত্য ডট অৰ্গ : শেষত চৰকাৰলৈ আপোনাৰ কিবা আবেদন আছে নেকি?
ৰামচৰণ ভড়ালী: মইনো কি আবেদন জনাম৷ কেৱল মই যে কলো গোটেই জীৱন নাগাৰা নাম গাই থকা পাঠক সকলে যদি স্বীকৃতি পায়, তেন্তে মই বৰ আনন্দ পাম৷ তদুপৰি নাগাৰা নামৰ পাঠকলৈ সংগীত নাটক একাডেমীৰ মৰ্যাদা, দুখীয়া শিল্পীসকলৰ আৰ্থিক নিৰাপত্তা আদি বিষয়ত চৰকাৰে মনোযোগ দিয়া ভাল৷

সাহিত্য ডট অৰ্গ : অসমৰ ৰাইজেও এইক্ষেত্ৰত কি কৰিব পাৰে?
ৰামচৰণ ভড়ালী: বহু কৰিব পাৰে, কিন্তু একো নকৰে৷ ৰাইজে নিমন্ত্ৰণ কৰি নাম চাব, তাত বাহিৰে একো নকৰে৷

সাহিত্য ডট অৰ্গ : লোক সংস্কৃতিৰ শিল্পীসকলৰ বাবে বঁটা বাহনেই শেষ কথা নেকি?
ৰামচৰণ ভড়ালী: বঁটা বাহন কি কৰিম? এই কিমান বঁটা বেৰবোৰত ওলোমাই থৈছো৷ কিমান বঁটা নষ্ট হৈ গ’ল৷ কিন্তু বঁটা-বাহনে লোককৃষ্টি এটাক জীয়াই ৰাখিব নোৱাৰে৷

সাহিত্য ডট অৰ্গ : লোককৃষ্টিসমূহলৈ সংকট নামি অহা বুলি আপুনি ভাবে নেকি?
ৰামচৰণ ভড়ালী: নাগাৰা নাম কিছু পৰিমাণে সংকট মুক্ত, কিন্তু বাকী লোককৃষ্টিসমূহলৈ সংকট নামি নহা নহয়৷ কাৰণ সেইসমূহ কৃষ্টি ধৰি ৰখা শিল্পীসকল বৰ গৰীব৷ একেবাৰে দুখীয়া মানুহখিনিয়েহে এই কৃষ্টিসমূহ ধৰি ৰাখিছে৷ অভিজাত মানুহ বা উচ্চ শিক্ষিত মানুহ ইয়াত নাই৷ গতিকে সংকট নামি আহিব পাৰে, কিন্তু সমাধানো আছে৷ চৰকাৰ, ৰাইজ সকলোৱে কথাবোৰ বুজি পাব লাগিব

সাহিত্য ডট অৰ্গ : তথাপিও এতিয়া সকলোতে পশ্চিমীয়া সংস্কৃতিয়ে গা কৰি উঠিছে৷ মবাইল ইণ্টাৰনেট হাতে-হাতে হৈছে৷ তাৰমাজতো লোককৃষ্টিসমূহে পূৰ্বৰ দৰে মানুহৰ মাজত বৰ্তি থাকিবনে? নে ই লুপ্ত হৈ যাব?
ৰামচৰণ ভড়ালী: লোককৃষ্টিৰ কেতিয়াও মৃত্যু নহয়৷ হাজাৰ সংকটৰ মাজতো ই জীয়াই থাকিব৷ ইমান বছৰে ই লুপ্ত নহোৱাকৈ আছে, গতিকে ভবিষ্যতেও নহয়৷ লোককৃষ্টি হ’ল ঈশ্বৰ প্ৰদত্ত বস্তু৷ গুৰুজনাৰ অৱদান কেতিয়াও লুপ্ত নহয়৷ সচেতন মানুহেই ইয়াক জীয়াই ৰাখিব৷

সাহিত্য ডট অৰ্গ : একেবাৰে শেষত আপোনাৰ সংসাৰৰ বিষয়ে অলপ কওকচোন৷
ৰামচৰণ ভড়ালী: ঈশ্বৰৰ কৃপাত মোৰ ল’ৰা তিনিটা৷ ডাঙৰজনে এখন কলেজত কাম কৰে, মাজু লৰাই এখন অপ্ৰাদেশীকৃত স্কুলত কাম কৰে, সৰুটোৱে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচত৷ ছোৱালী দুজনীৰ বিয়া হৈছে৷

সাহিত্য ডট অৰ্গ : নাগাৰা নামৰ পাঠক হিচাপে আজি আপুনি সুখীনে?
ৰামচৰণ ভড়ালী: নাগাৰা নামৰ পাঠক হিচাপে অসমৰ ৰাইজৰ পৰা মই যি মৰম আৰু আশীৰ্বাদ পাইছো, সেয়াই মোক জীয়াই ৰাখিছে৷ ৰাইজৰ মৰমতকৈ সুখ আৰু নাই৷

সাহিত্য ডট অৰ্গ : আৰু কিমান বছৰলৈ নাগাৰা নাম গাই থকাৰ ইচ্ছা আছে?
ৰামচৰণ ভড়ালী: যিমানলৈ ৰাইজে মাতে৷ নমৰালৈ নাম গাই যাম৷

সাহিত্য ডট অৰ্গ : শেষত এটা নুসুধিব লগীয়া প্ৰশ্ন আপোনাক সুধো৷ যেতিয়াৰ পৰা আপোনাক দেখিছো, এই দাঢ়িকোছাৰেই আপোনাক দেখিছো৷ এইদৰে দাঢ়ি নকটাৰ আঁৰত কিবা ৰহস্য আছে নেকি?
ৰামচৰণ ভড়ালী: অসম আন্দোলনৰ সময়তে দাঢ়ি নাকাটো বুলি প্ৰতিজ্ঞা কৰিছিলো৷ কিন্তু যি প্ৰতিজ্ঞা কৰিছিলো সেইটো আৰু নহ’ল৷ কিন্তু দাঢ়িখিনি আৰু নাকাটিলো৷ এতিয়া দাঢ়িখিনিয়ে মোৰ পৰিচয়৷

সাহিত্য ডট অৰ্গ : শেষত আপোনালৈ ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলো৷ আপুনি দীৰ্ঘায়ু হওক, লোককৃষ্টিৰ এই অমিয়া সুবাস বিলাই থাকিবলৈ আপুনি সুস্থ হৈ থাকক, সেয়াই কামনা কৰিছোঁ৷
ৰামচৰণ ভড়ালী: ধন্যবাদ৷ ময়ো ভগৱানৰ ওচৰত তোমালোকৰ মংগল কামনা কৰিলোঁ৷

★★★

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!