নানা দেশ নানা গীত-২ (ৰক্তিম গোস্বামী)

নানা দেশ নানা গীত-২
-(ৰক্তিম গোস্বামী)


“শ্বশ্বল’ঝা”

এক নতুন ধৰণৰ সংগীতৰ লগত চমু পৰিচয় কৰি দিয়াৰ উদেশ্যে আকৌ এবাৰ আপোনাসবৰ আগত দেখা দিয়াৰ মন মেলিলো। সংগীতৰ বিষয়ে পঢ়ি আগৰে পৰাই ভালপাওঁ। বিশেষকৈ যেতিয়া এক নতুন সংগীতশৈলীৰ বিষয়ে বা সংগীতৰ কোনো এক নতুন ইতিহাস পঢ়িব পাওঁ তেতিয়া এই ভাল পোৱা বহুগুণে বাঢ়ি যায়। । অসম বা ভাৰতৰ প্রায়বোৰ বা সৰহভাগ সংগীতশৈলীৰ বিষয়ে আমি জ্ঞাত বুলি ক’লে ভুল কোৱা ন’হব, কিন্তু এটা গোলকীয় দৃষ্টিকোণৰে চাব বিচাৰিলে পৃথিবীখন এখন সংগীতৰ বৃহৎ মহাসাগৰ। চিনাকী অচিনাকী অলেখ মহাসাগৰীয় জীৱৰ দৰে নানান চিনাকী অচিনাকী সংগীতৰে ভৰি আছে এই মহাসাগৰ।

“শ্বশ্বল’ঝা”- এটা আফ্রিকীয় লোক সংগীত
“শ্বশ্বল’ঝা” নামটো বা শব্দটোযে প্রায়বোৰৰ বাবে নতুন তাত সন্দেহ নাই। কিন্তু এই শব্দটো প্রকৃততে এটা লোক সংগীতৰ নাম। এটা আফ্রিকীয় লোক সংগীত। “শ্বশ্বল’ঝা”ৰ অসমীয়া অৰ্থ হৈছে “আগবঢ়া”। “শ্বশ্বল’ঝা”ৰ জন্ম ঝিমবাব’য়েত হৈছিল কিন্তু সকলো লোক সংগীতৰ দৰে এই লোক সংগীতৰো সৃষ্টিৰ সঠিক সময়ৰ কোনো নিৰ্দিষ্ট তথ্য নাই। এই লোক সংগীতটো এটা বিষাদেৰে পৰিপূৰ্ণ আৰু আত্মবল বঢ়াবৰ বাবে গোৱা এক লোক সংগীত। ঘৰৰ পৰা বহু দূৰৈত, বহু দিনলৈ আঁতৰি থকা আৰু কঠোৰ শ্রম কৰা ঝিমবাব’য়েৰ শ্রমিক সকলে নিজৰ মনৰ দুখ পাতলাবলৈ আৰু কঠিন সময়ত নিজৰ মনোবল বঢ়াবলৈ এই গীত গাইছিল। ঝিমবাব’য়েৰ এক প্রচলিত ভাষা ‘এনডিবেলে’ত “শ্বশ্বল’ঝা”ৰ সৃষ্টি হৈছিল।
“শ্বশ্বল’ঝা”ৰ জন্ম যদিও ঝিমবাব’য়েত স্বভাবজাত মুখ বাগৰি অহা এক লোক সংগীত ৰূপে হৈছিলে, ই দক্ষিণ আফ্রিকাত অত্যাধিক জনপ্রিয় হৈছিল । দক্ষিণ আফ্রিকাৰ হীৰাৰ আৰু সোণৰ খনিত কাম কৰিবলৈ অহা ঝিমবাব’য়েৰ শ্রমিকসকলৰ লগত “শ্বশ্বল’ঝা”ও শ্রমিকসকলৰ দূখৰ-কষ্টৰ সাক্ষী হবলৈ দক্ষিণ আফ্রিকাত প্রবেশ কৰিছিল।
অতি কম সময়তে “শ্বশ্বল’ঝা” দক্ষিণ আফ্রিকাত জনপ্রিয় হ’ল। আজিৰ তাৰিখত “শ্বশ্বল’ঝা”ক এই ৰাষ্ট্রৰ ৰাষ্ট্রীয় সংগীতৰ পাছতে গণ্য কৰা হয়। দক্ষিণ আফ্রিকাৰ সামৰিক, ক্রীড়া আৰু বহু অন্যান্য ৰাষ্ট্রীয় ঘটনা-পৰিঘটনা “শ্বশ্বল’ঝা”ৰ অৰ্ন্তভূক্তি অবিহনে নহয়। উল্লেখনীয় ভাবে ২০১০ চনৰ ফিফা ফুটবল বিশ্বকাপত দক্ষিণ আফ্রিকাৰ ফুটবল দলটিয়ে “শ্বশ্বল’ঝা” গায়ে বিশ্বকাপ যাত্রা আৰম্ভ কৰিছিল।
“শ্বশ্বল’ঝা”ক কি পৰিস্থিতিত ৰচনা কৰা হৈছিল তাকলৈ মতভেদ আছে। কোনোৱে কয় এই গীতৰ জন্ম হৈছিল ঝিমবাব’য়েৰ পৰা দক্ষিণ আফ্রিকালৈ আহি থকা যাত্রাৰ কালছোৱাত আৰু আন কোনোৱে কব বিছাৰে যে ইয়াৰ সৃষ্টি হৈছিল বহুদিনৰ আৰু বহু কষ্টৰ কাম শেষ কৰি শ্রমিকসকল ঝিমবাব’য়েলৈ ওভতি যোৱা যাত্রাৰ কালছোৱাত ।
“শ্বশ্বল’ঝা”ৰ কথাবোৰ স্থান বিশেষে অলপ বেলেগ বেলেগ হয়। “শ্বশ্বল’ঝা”ৰ তেনে এটা স্থানভিত্তিক প্রচলিত সংস্কৰণৰ অসমীয়া ৰূপান্তৰ আপোনালোকৰ সুবিধাৰ্থে কৰিবলৈ চেষ্টা কৰিলো। “শ্বশ্বল’ঝা”ৰ এই অনুবাদ ১৯৯৫ত হোৱা আই. আৰ. বি. ৰাগবি বিশ্বকাপত গোৱা সংস্কৰণৰ ভিত্তিত কৰা হৈছে। এই অসমীয়া ৰূপান্তৰে আপোনালোকক এই গীতটিক আৰু অলপ ভালকৈ বুজি পোৱাত আৰু অনুভৱ কৰাত সহায় কৰিব।

শ্বশ্বল’ঝা (আগবঢ়া)
______________

কৰা, কৰা, কৰা
সূৰ্য্যৰ প্রখৰ ৰ’দত কৰা
আগবঢ়া
কৰা, কৰা, কৰা
বৰষুণতো কৰা যেতিয়ালৈ সূৰ্য্য আকৌ নোলায়
আগবঢ়া
নিজক নিয়া আগুৱায় বহু দূৰলৈ
বহু আছে কাম কৰিবলৈ
আগবঢ়া
কৰা, কৰা, কৰা সূৰ্য্যৰ প্রখৰ ৰ’দত কৰা
আমি এক হৈ আগুৱাও।
—————————-

বাৰবাৰ শ্বপ্ মিউজিক-(ছেলুন সংগীত)

পৃথিবীত এনে কোনো মানুহ হয়তো নোলাব যাৰ সংগীতৰ প্রতি অনুৰাগ নাই। জ্ঞাতে-অজ্ঞাতে সংগীতে আমাৰ সকলোৰে জীৱনৰ সমান্তৰালকৈ নিজৰ গতি অক্ষুন্ন ৰাখি সদায় আমাৰ আবেগ-অনুভূতিৰ সংগী হৈ আহিছে। সংগীত প্ৰকৃতি আৰু প্ৰকৃতিয়ে সংগীত। প্ৰকৃতিৰ আৰম্ভণিয়ে সংগীতৰ আৰম্ভণি। সংগীতেই হয়তো প্ৰকৃতিৰ প্রথম আৰু শ্রেষ্ঠ সন্তান।
সংগীতৰ উৎপত্তি আৰু ক্ৰমবিকাশ – পৃথিবীৰ ইতিহাস সামৰা এক তত্ত্বগধুৰ আৰু বিশদ বিষয়। মানবীয় অনুভূতি, সৃষ্টিশীল মনোভাৱ, সমাজ ৱ্যবস্থাৰ ধৰণ, পৰিবৰ্তিত সময়- আদি কাৰকে নিৰ্ধাৰণ কৰে সংগীতৰ স্বৰূপ আৰু প্রকাৰ। সংগীতৰ ভূমিকা সময়, ইতিহাস আৰু সমাজৰ সাক্ষী হিচাবে অতুলনীয়। ব্যক্তিগত মানসিক প্রশান্তিৰ লগতে সামাজিক সচেতনতা আৰু পৰিবৰ্তনৰ অতীজৰে পৰা সংগীত এক সবল আহিলা। পৰিবৰ্তনশীল মানবীয় বৌদ্ধিক ব্যুৎপত্তিৰ পৰিণতিতে সৃষ্টি হ’ল পৰিবৰ্তিত আৰু জটিল সমাজ ৱ্যবস্থাৰ। সংগীতৰ স্বৰূপ আৰু প্রকাৰবোৰেও এই পৰিবৰ্তনৰ লগত সামাজিক ভাবে স্বীকৃত হৈ নিৰ্দিষ্ট গুনগত মানেৰে একো একোটা গোটত বিভক্ত হ’ল।
এই সকলোবোৰৰ মাজৰে তুলনামুলক ভাবে কম জনাজাত এটা সংগীতৰ প্রকাৰ বাৰবাৰ শ্বপ্ মিউজিকৰ বিষয়ে কিছু কথা জনাব বিছাৰিছো।
অতি কম মানুহৰ জ্ঞাত বাৰবৰ শ্বপ্ মিউজিক-(ছেলুন সংগীত)। এই ধৰণৰ সংগীতৰ উৎপত্তি আমেৰিকা যুক্তৰাষ্ট্রত হৈছিল। ইয়াৰ ইতিহাস তুলনামুলক ভাবে নতুন। কেৱল এটা শতিকা পুৰণি বুলি ক’লে ভুল কোৱা ন’হব। বাৰবৰ শ্বপ্ মিউজিকৰ জন্ম কেতিয়া হৈছিল সেইটো সঠিক কৈ কোৱাতো অলপ জটিল। ধাৰণা অনুযায়ী ১৮৬০-১৯২০ চনৰ ভিতৰতে এই সংগীতে বিশ্বত নিজৰ প্রথম পৰিচয় দিয়ে।
এই সংগীতৰ উৎপত্তিৰ কাহিনী বৰ ৰসাল। ১৯ শতিকাৰ দ্বিতীয়াৰ্ধত আমেৰিকা যুক্তৰাষ্ট্রৰ কিছুমান ছেলুন আফ্রিকীয়-আমেৰিকীয় সকলৰ বাবে এক সামাজিক ভাবে মিলামিচা কৰা স্থান আছিলে। ছেলুনত নিজৰ চুলি কটাৰ পাল অহালৈকে আপেক্ষা কৰা সময় খিনি সকলোৱে মিলি নানা গীত বেলেগ বেলেগ স্বৰস্তৰত গাই আনন্দ কৰিছিলে। ছেলুনৰ এনে আনন্দৰ মাজত সৃষ্টি হোৱা এই গীতবোৰ লাহে লাহে জনপ্রিয় হৈ বাৰবাৰ শ্বপ্ মিউজিক বা ছেলুন সংগীত নামেৰে এক স্বকীয়ৰূপ ল’লে।
বাৰবাৰ শ্বপ্ মিউজিক মুলতঃ এক বহুকণ্ঠিক সংগীত শৈলী। এই সংগীতত কোনো বাদ্য ব্যৱহাৰ কৰা নহৈছিল যদিও পিছলৈ কোনো কোনোয়ে পিয়ান’ ব্যবহাৰ কৰা আৰম্ভ কৰে। ‘হাৰমণি’ ভিত্তিক এই শৈলীৰ গীতবোৰ গায়ক সকলে চাৰিটা স্বৰভিত্তিক কণ্ঠস্তৰত ভাগ কৰি গাইছিল। এই স্বৰভিত্তিক কণ্ঠস্তৰ সমূহৰ নাম হৈছে ক্রমে- লীড্, টেনৰ, বেচ্ আৰু বাৰিট’ন।

লীড্ – লীড্ গোৱাজনে গীতটিৰ মূল সুৰটো গাব।
টেনৰ – টেনৰ গোৱাজনে গীতটিৰ মূল সুৰটোৰ উচ্চ স্তৰ গাব।
বেচ্ – বেচ্ গোৱাজনে গীতটিৰ মূল সুৰটোৰ নিম্ন স্তৰ গাব।
বাৰিট’ন – বাৰিট’ন গোৱাজনে সমষ্ট গীতটিৰ কৰ্ডসমূহ গাব।

১৯৪০ দশকত খুউব সুৰীয়া আৰু সহজ গীতিকথাৰ বাবে জনাজাত এই সংগীতৰ পুণৰ উত্থান হয়। এই ক্ষেএত ‘বাৰবাৰ শ্বপ্ মিউজিক’ক এক কলা হিচাবে বিশ্ববাসীক চিনাকী কৰি দিয়াৰ উদ্দ্যশ্যে ১৯৩৮ চনত জন্ম হোৱা ‘বাৰবাৰ শ্বপ্ হাৰমনি চচাইটি’ৰ এক উল্লেখযোগ্য অৰিহনা আছে। আজিৰ তাৰিখত ‘বাৰবাৰ শ্বপ্ হাৰমনি চচাইটি’ৰ সদস্য সংখ্যা প্রায় ৪০ হাজাৰ। বিশ্বৰ প্রায় সকলো দেশত বাৰবাৰ শ্বপ্ মিউজিক আজি এক অতি জনপ্রিয় সংগীত। বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্র আৰু কানাডাত ইয়াৰ জনপ্রিয়তা অত্যাধিক। ডাপ্পেৰ ডেনশ’, ‘বাফেল’ বিলচ’, ‘মিড-ষ্ট্যেটচ ফ’ৰ’, ‘সানট’নচ’ আদি সংগীত গোট সমূহৰ বাৰবাৰ শ্বপ্ মিউজিকক প্রতিষ্ঠা কৰাত যথেষ্ট অৰিহনা আছে।

সংগীত চহকী আমাৰ পৃথিবীখনৰ কোনো এক কোণৰ আন এক সংগীত শৈলীৰ সংক্ষিপ্ত ইতিহাস অহা সংখ্যাত আলোচনা কৰিম।

(ক্ৰমশ:)

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!