নানা দেশ নানা গীত : ৰক্তিম গোস্বামী

নানা দেশ নানা গীত

কেলিপ্স’

ৰক্তিম গোস্বামী

সংগীতে অতীজৰে পৰা এক অতি শক্তিশালী সংযোগ মাধ্যম হিচাপে কাম কৰি আহিছে। ইতিহাসৰ বহু ঘটনা-পৰিঘটনাৰ লগত সংগীতৰ সম্বন্ধ অতি গভীৰ। কেলিপ্স’ও এক ইতিহাসে আঁচোৰা লোক সংগীতৰ প্রকাৰ। কেলিপ্স’ৰ সম্বন্ধ পোনপটিয়াকৈ আফ্রিকীয় দাস সকলৰ লগত।

কেলিপ্স’ৰ উৎপত্তি হৈছিল ট্রনিদাদ আৰু টবাগ’ত। এই লোক সংগীত সম্পূৰ্ণ কেৰিবিয়ান দ্বীপপুঞ্জতে অতি জনপ্রিয়। কেলিপ্স’ৰ সৃষ্টিৰ গুৰিত আফ্রিকীয় উৎসৰ লগত ইউৰোপীয় উৎসৰো অৱদান আছে বুলি জনা যায়।

লোক সংগীত কেলিপ্স’ সৃষ্টিৰ আঁৰৰ কাহিনী মানৱীয়তাৰ পৰিপন্থী আছিল। আফ্রিকীয় দাসসকলৰ ট্রিনিদাদ আৰু টবাগ’ত আগমণ ঘটা ঘটানাটোৱেই কেলিপ্স’ৰ জন্মলগ্ন। আফ্রিকীয় দাসসকলক তেখেতসকলৰ শাসকীয় মালিকসকলে নিজৰ মাজত কথা পাতিবলৈ অনুমতি  নিদিছিল। দাসসকলে ইজনে-সিজনৰ লগত কোনো ধৰণৰ মত বিনিময় কৰিব নোৱাৰিছিল। অভাৱেই আৱিষ্কাৰৰ মূল হোৱাৰ দৰে দাসসকলে নিজৰ মাজত মত বিনিময় কৰিবৰ বাবে সংগীতৰ আশ্রয় ল’লে। মত বিনিময়ৰ বাবে ব্যবহাৰ হোৱা এই সংগীতে পিছলৈ কেলিপ্স’ৰ নাম ল’লে। কেলিপ্স’ৰ অৰ্থ হৈছে- ‘আগবাঢ়া’ বা ‘আগুৱাই যোৱা’। কেলিপ্স’ই আফ্রিকীয় দাস সকলক বিদেশত একত্রিত কৰি ৰখাত আৰু তেখেতসকলৰ মনোবল গঢ়াত অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

এটা কেলিপ্স’ সংগীতৰ দল
এটা কেলিপ্স’ সংগীতৰ দল

১৮৩৪ চনত ‘দাস প্রথা বিলুপ্তিকৰণৰ’ পিছত কেলিপ্স’ই ট্রিনিদাদ আৰু আৰু টবাগ’ত যথেষ্ট জনপ্রিয়তা আৰ্জিবলৈ সক্ষম হয়। ১৯১২ চনত ‘লৱেচ ষ্ট্রীং বেণ্ড’ নামৰ এটা বেণ্ডে প্রথমবাৰৰ বাবে নিউয়ৰ্ক চহৰত কেলিপ্স’ লোকসংগীতৰ আৰ্হিৰে এটি সংগীত বাণীবদ্ধ কৰি বিশ্ববাসীৰ আগত প্রস্তুত কৰে। ইয়াৰ দ্বাৰাই কেলিপ্স’ লোকসংগীতে বিশ্ববাসীৰ আগত ৰাজহুৱাভাৱে আত্মপ্রকাশ কৰে। ১৯৩০ দশকৰ শেষৰফাললৈ  কেলিপ্স’ লোকসংগীতে সমগ্র বিশ্বতে জনপ্রিয়তা লভিবলৈ সক্ষম হয়। কেলিপ্স’ক জনপ্রিয় কৰাৰ ক্ষেত্রত এডোৱাৰ্দ’ চা গ’মচ নামৰ এজন পৰ্তুগীজ সংগীত ব্যৱসায়ীৰ অৰিহনা উল্লেখনীয়। পিছলৈ কেলিপ্স’ লোকসংগীত ট্রনিদাদৰ ৰাজনৈতিক আৰু সামাজিক বাতৰি কঢ়িওৱা এক শক্তিশালী গণ-মাধ্যম ৰূপে পৰিগণিত হয়।

দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ছোৱাত আৰু যুদ্ধৰ পিছৰ সময়ছোৱাত কেলিপ্স’ লোকসংগীতৰ বুকুয়েদি পৰিৱৰ্তনৰ ঢৌ বয়। আমেৰিকাৰ সৈন্য-বাহিনীয়ে যুদ্ধৰ সময়ছোৱাত ট্রনিদাদ আৰু টবাগ’ত বাহৰ পাতি আছিল। আজৰি সময়ত সৈন্য-বাহিনীয়ে আনন্দ আৰু উৎসাহ বাহাল ৰাখিবলৈ কেলিপ্স’ লোকসংগীত গাবলৈ আৰু সামাজিকভাৱে পৰিবেশন কৰিবলৈ লৈছিল আৰু ইয়াৰ ফলস্বৰূপে আমেৰিকান প্রভাৱেৰে প্রভাৱান্বিত হৈছিল কেলিপ্স’। এই মিশ্রণে এক নতুন সোৱাদে দিছিল ট্রিনিদাদ বাসীক।

কেলিপ্স’ লোকসংগীতৰ ওপৰত ১৯৮০ দশকৰ পৰা বহু সাংগীতিক পৰীক্ষা-নিৰীক্ষা হৈছে আৰু এই লোকসংগীতৰ আলমতে কেইবাটাও নতুন জনপ্রিয় সংগীত শৈলীৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!