নাম (দেৱাংগ পল্লৱ শইকীয়া)

বাবু নামৰ ল’ৰাটো আহিছিল মোক লগ পাবলৈ। চোতালতে বহি দুয়োটাই কথা পাতি আছিলোঁ। এনেতে মায়ে ভিতৰৰ পৰা চিঁয়ৰিলে – বাবু …তোক চোতালতে গৈ ঢকা দিবগে’ লাগেনে ? মাইৰ ভলিউমত বেচেৰা বাবু এ মোলৈ সেমেনা-সেমেনিকৈ চালে। মই বুজাই দিলোঁ তেওঁক যে মায়ে তেওঁক ঢকা দিম বুলি কোৱা নাই। সিখন চোতালত কুকুৰটোক জোকাই থকা আমাৰ ঘৰতে থাকি পঢ়া-শুনা কৰা বাবু নামৰ ল’ৰাটোকহে কৈছে।

এই বাবু, পাপু, ধন, দেহা, মইনা আদি নামৰ কিমান ল’ৰা আছে চাৰিওফালে মন কৰকচোন !! অসমীয়াত এইকেইটাই আটাইতকৈ মৰমৰ নাম কিজানি। এই লেখাটো অন্ততঃ এজন বাবু, পাপু বা ধনে পঢ়িব বুলি মোৰ বিশ্বাস। ছোৱালী হলে আইমনী, আইজনী, মাজনী, মাইনা-এই চাৰিটা কিজানি শীৰ্ষত। আমাৰ পৰিয়ালতে (পিতৃ-মাতৃ দুয়ো ফালৰ মিলি) আইমনী-৫, আইজনী-৬ আৰু মাজনী-৪। কোনোবা আইমনী, আইজনী, বা মাজনীয়ে এইখিনি পঢ়ি হাঁহিও আছে ছাগে’।

কিছুমানৰ ঘৰত মতা নামটো চুটি আৰু আচল নামটো মানে স্কুলৰ নাম দীঘল। কিছুমানৰ মানে পাঁচ শতাংশ মানৰ ওলোটা। বীমাৰ কামত ল’ৰা এজন আহিছিল মোৰ ওচৰলৈ। গুৱাহাটীত থাকোতে। প্রত্যুষ। কথা বতৰা পতাৰ পাছত তেওঁৰ বেগটোত দেখা পালোঁ তেওঁৰ কোম্পানীৰ নামৰ লগত লিখা আছে – পাপু ***। মই বোলো পাপু কোন? ক’লে- মোৰেই আচল নাম পাপু –ঘৰত মতা নামহে প্রত্যুষ।

কিছুমানৰ আকৌ দুয়োটা নামেই ইটোতকৈ সিটো চৰা-কোনটো আচল নাম কোনটো ঘৰত মতা নাম ধৰিবলে’ সাহ নাই। সখা প্রাঞ্জলৰ ঘৰত মতা নামটো হ’ল বিপুল। দুয়োটা নামেই আচল নাম নহয়নে !!

আমাৰ বংশৰ ঠাল এটা আছে বিহালীত। এবাৰ তালৈ ফুৰিবলৈ গৈছিলোঁ। গাঁৱৰে এঘৰলৈ অতি সাদৰেৰে ভাত খাবলৈ মাতিলে। অতি আদৰ-সাদৰ, মৰমেৰে কথা পতাৰ পিছত পেহা, মানে গৃহস্থই ক’লে-ভাত খাবানে অকণমান ৰ’বা… বান্দৰ আহি পোৱালে’?? মই আচৰিত হ’লো- বান্দৰৰ লগত ভাত খাব লাগিব ?? মৰমৰ পোহনীয়া ছাগে’।পিছে পেহীয়ে মোৰ ভুল ভাঙিলে। – বান্দৰ মানে আমাৰ সৰুটো, তুমি দেখাই নাই এতিয়ালৈকে। এখেতে মানে সি সৰু থাকোতে বৰ জঁপিয়াই ফুৰিছিল যে সেই কাৰণে বান্দৰ বুলি মাতিছিল। এতিয়াও ঘৰত মাতে। মই কওঁ-ল’ৰা
ডাঙৰ হ’ল এতিয়া আৰু সেই নামেৰে নামাতিব। যথা সময়ত বান্দৰ আহিল। সুন্দৰ-সুঠাম এটা ডেকা। অতি অমায়িক, মৰমলগা ল’ৰা। মই দেউতাকক অহাৰ সময়ত অনুৰুধ কৰি আহিলোঁ- বান্দৰ বুলি নামাতিব পুতেকক। ঘৰত হ’লেও।

আমাৰ ঘৰৰ প্রাক্তন হেড্ হালোৱা জয়ধন দাদা এদিন ওলালহি। প্রথমা পত্নীৰ বিয়োগত দ্বিতীয় বিবাহ কৰিবলৈ আগবাঢ়িছে। ভাবী পত্নীৰ ফটো মাইক দেখুৱালে। ছোৱালীৰ ঘৰৰ খা-খৱৰ লৈ মায়ে সুধিলে-দেউতাকৰ নাম কি?? উত্তৰ আহিল-কোকলেং। কোকলেং ??? মই কাষতে আছিলোঁ-কোনোমতে হাঁহি ৰখালোঁ। মায়ে আকৌ সুধিলে-আচল নাম কি ?? উত্তৰ আহিল-ভেকুলী। সঁচা কথা।

মোৰ নামটো লৈ কিমান পয়মাল হৈছে এতিয়ালৈকে বহুবাৰ কৈছোঁ। দেৱাংগ পল্লৱ শইকীয়া মেট্ৰিকৰ পৰা এতিয়ালৈকে বিভিন্ন প্রমাণপত্রত হৈছে বেবাংগ, দেবেন্দ্র, আদি। সেইবোৰ শুদ্ধ কৰাওঁতে মোৰ জীৱনৰ এটা অংশ পাৰ হৈছিল। বাবা দাস , ৰাজু বৰা হঁতৰ এই সমস্যা কোনোদিন হোৱা নাই, নহবও।মোৰ লাইচেঞ্চ খনত Pallav Saikia ৰ মাজত স্পেচ নাই, হৈ আছে Pallavsaikia।
গতিকে ভডাফোন বা বেংকৰ পৰা ফোন কৰিলে মিঠা মাতেৰে কয়- হেল্ল’ ইচ দিচ মিঃ পল্লভাচিকা ??
মই কওঁ-হয়। পল্লভাচিকা। ফোনটো থৈ মোৰ নামটোৰ কাৰণে নিজেই এক মিনিট মৌন প্রাৰ্থনা কৰোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!