নাৰী (বিতোপন দাস)

“All of Western Civilization is but a footnote to Plato”
পাশ্চাত্য সভ্যতাত প্লেটোৰ গুৰুত্ব কিমান সেই কথা ওপৰোক্ত কথাখিনিৰ পৰাই বুজা যায়। বিশ্বৰ প্ৰথম নাৰীবাদী (যদিও বহুতে স্বীকাৰ নকৰে) হোৱাৰ খ্যাতি লাভ কৰিও নাৰী সম্পৰ্কে প্লেটোৱে বহুতো নিকৃষ্ট মন্তব্য কৰিছিল যেনে- নাৰীৰ হেনো আত্মা নাথাকে। “It is only males who are created directly by the gods and are given souls. Those who live rightly return to the stars, but those who are ‘cowards or [lead unrighteous lives] may with reason be supposed to have changed into the nature of women in the second generation’. This downward progress may continue through successive reincarnations unless reversed. In this situation, obviously it is only men who are complete human beings and can hope for ultimate fulfilment; the best a woman can hope for is to become a man”.
কেৱল প্লেটোৱেই নহয়, এৰিষ্টটলেও কৈছিল- “Women are defective by nature” because they cannot reproduce semen which contains a full human being. “A male
is male in virtue of a particular ability, and a female in virtue of a particular inability”.

আৰু আমাৰ মনুস্মৃতিত লিখা আছে- যত্ৰ নাৰীয়স্তু পুজ্যন্তে, ৰমন্তে তত্ৰ দেৱতা(য’তে নাৰীক পুজা কৰা হয়, তাতে দেৱতাসকল বিৰাজ কৰে)। যুগ যুগ ধৰি ভাৰতীয় দৰ্শনে নাৰীক দেৱী ৰূপে পূজা কৰি আহিছে, মাতৃৰ আসনত বহুৱাই আহিছে। আৰু আজি আমি মূৰ্খ কিছুমানে প্লেটো, এৰিষ্টটলৰ পাশ্চাত্য দৰ্শন, সভ্যতাৰ গ্ৰাসত পৰি নাৰীক ভোগৰ সামগ্ৰী, পণ্য সামগ্ৰী হিচাপে গণ্য কৰিব ধৰিছো। ভাৰতত নাৰী নিৰ্যীতনৰ সপক্ষে যুক্তি দিবলৈ বহুতে সীতাৰ অগ্নি পৰীক্ষা, ঋষি গৌতমে অহল্যাক দিয়া শাপ ইত্যাদিৰ যুক্তি দিয়ে। কিন্তু এইটো ভাবি নাচায় যে ইয়াৰ বাবে আমি ভাৰতীয়ৰ আদৰ্শ পুৰুষ ৰাম অথবা মহৰ্ষি গৌতমৰ গাতো কলংক সানিবলৈ কুণ্ঠাবোধ কৰা নাই। খুব সম্ভৱ কোনো এখন ভাৰতীয় দৰ্শন শাস্ত্ৰতে প্লেটো অথবা এৰিষ্টটলৰ দৰে নাৰীক ইমান হীন অথবা নীচ দেখুওৱা হোৱা নাই। গতিকে সেই প্লেটোৰ footnoteৰ সমতুল্য পাশ্চাত্য সভ্যতাৰ অন্ধ অনুগামী সকলৰ পৰা নাৰীক পণ্যসামগ্ৰী হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে কি আশা কৰা যায়!

(বি.দ্ৰঃ দৰ্শন মোৰ প্ৰিয় বিষয় হ’লেও এই বিষয়ে হয়তো নুন্যতম জ্ঞানখিনিও নাই। হ’ব পৰা যিকোনো ভুল ক্ৰুটি নিজ গুণে মাৰ্জনা কৰি সত্যৰ পথ মোকলাই দিয়ে যেন। )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!