নাৰী শক্তি – মোৰ দৃষ্টিৰে (বনজিত পাঠক)

নাৰী শক্তি – মোৰ দৃষ্টিৰে

বনজিত পাঠক

দুৰ্গাপূজাত শক্তিৰ আৰধনা কৰা হয়, এই শক্তিৰ ওপৰত এটা অতি পুৰণি বাদ বিবাদৰ আট ধৰি মোৰ মনলৈ অহা কথাখিনি লিখিবলৈ মন গ’ল। প্ৰশ্ন হয় কোন শক্তিমান নাৰীনে পুৰুষ ? প্ৰাকৃতিকৰ নিয়ম অনুসৰি পৃথিৱীত স্ত্ৰীজাতি সকল শাৰিৰীক ভাবে পুৰুষ জাতিতকৈ দুৰ্বল (শাৰিৰীক শব্দটোলৈ মন কৰিব), এইটো কেৱল মানৱৰ বাবে নহয়, সকলো জীৱৰ ক্ষেত্ৰতে খাটে, অৱশ্যে ব্যতিক্ৰম নোহোৱা নহয়। কিন্তু ব্যতিক্ৰম কেতিয়াওঁ নিয়ম নহয়, সেয়ে মই প্ৰকৃতিৰ নিয়ম বুলি কৈছো। এতিয়া কথাটো হ’ল সঁচাকৈয়ে নাৰী শাৰিৰীক ভাবে দুৰ্বলনে ? প্ৰায় দহমাহ কাল বিশেষকৈ শেষৰ ৩মাহ কাল প্ৰায় ১০কিলোগ্ৰাম (আচলতে ইয়াতকৈ অলপ বেছি হয়) অতিৰিক্ত ওজন শৰিৰীত অনবৰতে কঢ়িয়াইলৈ ফুৰাটো চিন্তা কৰক।এইটো প্ৰায় ১০-১২ কিলো ওজনৰ সৰ্বশৰীৰ ঢকা এখন কাপোৰ অনবৰতে গাতলৈ ফুৰাৰ দৰে হয়। প্ৰসৱবেদনাৰ সময়ত কোনো গৰ্ভৱতী মহিলাৰ হোৱা শাৰিৰীক কষ্ট খিনিলৈ মন কৰো আহক। শাৰিৰীক আঘাটৰ পৰা উদ্ভৱ হোৱা বেদনা জোখাৰ অন্যতম সূচংক “মেক্‌গিল সূচাংক”ত প্ৰসৱ বেদনাৰ সূচাংক প্ৰায় ৩৭-৩৮মেক্‌গিল সূচাংক মান হয়। এটা উদাহৰণ দিলে বুজিবলৈ সুবিধা হ’ব, হাতৰ বা ভৰিৰ কোনো আঙুলি কাটি দিলে হোৱা মৰাত্মক বিষৰ পৰিমান হ’ল ৪০ মেক্‌গিল সূচাংক, শৰিৰীৰ হাড় ভঙা, দাতৰ বিষ আদিৰ মেক্‌গিল সূচাংক যথেষ্ট তলত। এতিয়া প্ৰসৱযন্ত্ৰনাত হোৱা কষ্টটো অনুমান কৰকছোন !! পুৰুষে কেতিয়াওঁ কোনো মহিলাৰ হোৱা এই কষ্টৰ পৰিমান অনুভৱ কৰিব নোৱাৰে, এইটো সম্ভৱ নহয়। এইখিনিতে মন কৰিব লগীয়া কথাটো হ’ল নাৰীৰ শৰিৰীক গঠনো পুৰুষতকৈ দুৰ্বল, তত্‌স্ততেওঁ মহিলাই এনে পৰিমানৰ শাৰিৰীক কষ্ট কেনেকৈ সহ্য কৰিব পাৰে ? যুক্তিৰ খাতিৰত আমি কবপাৰো যে সকলো মহিলায়ে স্বাভাৱিক ভাবে প্ৰসৱ যন্ত্ৰণা সহ্য কৰিবলৈ অপাৰগ আৰু সকলো মহিলাই গৰ্ভ ধাৰণো নকৰে। হয়, সকলোৱে অপাৰগ বা নকৰে, কিন্তু আমি ইয়াত সমগ্ৰ নাৰী বা পুৰুষজাতি লৈহে আলোচনা কৰিছো। ব্যতিক্ৰম সকলোতে আছে। শক্তিশালী নাৰীৰ প্ৰতিক ৰূপে চিহ্নিত দুৰ্গা, কালি,জগদম্বা দেৱীসকলৰ বিষয়ে নতুনকৈ আলোচনা কৰিবলৈ নাযাওঁ ইয়াত। বৰ্তমান সমাজত এনে কোনো কাম বাকী নাই যিটো নাৰীয়ে কৰিব নোৱাৰে ,বৰং পুৰুষেহে নাৰীয়ে কৰিব পৰা সকলো কাম কৰিব নোৱাৰে। এতিয়া নাৰী পুৰুষৰ মানসিক শক্তিৰ দিশটোৰ বিষয়ে অলপ আলোচনা কৰিব খুজিছো। মানসিক শক্তিটোৰ জোখলোৱা তেনেকোনো মাপক নাই। তথাপিও কিছুমান দিশলৈ লক্ষ্য কৰিলে এনে ভাৱ হয়, সামগ্ৰিক ভাবে নাৰীৰ মানসিক শক্তিওঁ যথেষ্ট শক্তিশালী। পুৰুষসকলৰ মাজত যিকোনো ধৰণৰ নিচাৰ প্ৰতি আসক্তি নাৰীতকৈ বেছে, মানসিক চাপৰ অৱসাদ আতৰাবলৈকে (অৱশ্যে কেৱল এইটোৱেই একমাত্ৰ কাৰণ নহয়) পুৰুষ সকল এনে নিচাৰ প্ৰতি ধাৱমান হয়। কিন্তু নাৰীৰ ক্ষেত্ৰত এনে হোৱা দেখা নাযায় , ব্যতিক্ৰম ইয়াতো আছে। নাৰীয়ে ইচ্ছা কৰিলে কোনো পুৰুষক মানসিক ভাবে সৱল কৰি, তথা এজন সফল ব্যক্তি হিছাপে গঢ়ি তোলাত অসীম অৰিহনা যোগাব পাৰে আৰু ইয়াৰ বিপৰিতোও সহজেই কৰিব পাৰে। এইখিনিতে মন কৰিবলগীয়া যে, শাৰিৰীক শক্তিৰ বিপৰিতে মানসিক শক্তি আমি চেষ্টা কৰিলে বৃদ্ধি কৰিব পাৰো। শাৰিৰীক শক্তিও বৃদ্ধি কৰিব পাৰি, কিন্তু এটা সীমালৈহে , অথচ মানসিক শক্তি যথেষ্ট পৰিমানে কোনো লোকে ইচ্ছা কৰিলে বঢ়াব পাৰে। স্ত্ৰী-পুৰুষে জন্মসূত্ৰে লাভ কৰা শাৰিৰীক সৌন্দৰ্য্য দিশটোৰ প্ৰতি ইচ্ছাকৃত ভাবে এই লেখাটোত সম্পূৰ্ণ আওকাণ কৰা হ’ল। সেয়েহে বিশ্বমোহিনী, হেলেন, ক্লিওপেট্ৰা নাম উল্লেখ কৰাৰ পৰা বিৰত থাকিলো।

এইলেখাটোত আগবঢ়োৱা যুক্তি সমূহ খন্ডন কৰিবলৈ ইয়াৰ বিপৰিতেও নিশ্চয় কোনো কোনো ক্ষেত্ৰত সৱল যুক্তি থাকিব পাৰে , তথাপিওঁ মোৰ নিজৰ দৃষ্টিভংগীৰে কথাখিনি লিখিলো।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!