‘নিউটন’: এইবাৰৰ অস্কাৰত ভাৰতৰ প্ৰতিনিধি দেৱপ্ৰতীম হাজৰিকা

 

বলিউডত বা অন্য ছবিজগতত এনে কিছুমান অভিনেতা বা অভিনেত্ৰী আছে যি সকল অভিনয়ৰ ফালৰ পৰা সকলো ফালৰে পৰাই উৎকৃষ্ট বুলি ধৰা হয়, কিন্তুু চৰ্চাৰ দিশৰ পৰা তেওঁলোকে ইমান প্ৰাধান্য নাপায়; এক কথাত তেওঁলোক ‘আণ্ডাৰৰেটেড’৷ অভিনয়ৰ কাৰণে তেওঁলোক সদায় শলাগৰ পাত্ৰ হয়, কিন্তুু বিশেষভাৱে চৰ্চিত নহয় বাবেই কিজানি সদায় নামী-দামী অভিনেতা-অভিনেত্ৰী সকলৰ পাছতহে তেওঁলোকৰ নাম লোৱা হয়৷ বলিউডৰ তেনে কিছুমান অভিনেতা হৈছে মনোজ বাজপেয়ী, সঞ্জয় মিশ্ৰা, ৰাজকুমাৰ ৰাও, কংকনা সেন শৰ্মা, ৰত্না পাঠক, কে কে মেনন, পংকজ ত্ৰিপাঠী আদি৷ নৱাজুদ্দিন ছিদ্দিকি তথা ইৰফান খানকো এইখন তালিকাত ধৰিব পাৰিও যদিও তেওঁলোকে কিজানি আজিৰ দিনত নিজৰ প্ৰাপ্য অধিকাৰ পাবলৈ সক্ষম হৈছে৷
এনে ‘আণ্ডাৰৰেটেড’ অভিনেতা-অভিনেত্ৰী সকলৰ সৈতে এখন কথাছবি নিৰ্মাণ কৰাটো এক কথাত মৰসাহস৷ বাণিজ্যৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ নকৰে বুলিয়ে ধৰি ল’ব পাৰি৷ কাৰণ কমকৈ চৰ্চিত এইসকলৰ অভিনয় চাবলৈ দৰ্শকৰ সংখ্যা ছবিঘৰত তেনেই তাকৰ হয়৷ কাৰণ তেওঁলোকৰ ছবিত সেই ‘ষ্টাৰডম’ৰ শক্তি নাই, যি শক্তিয়ে সন্মোহিত কৰি দৰ্শকক ছবিঘৰলৈ টানি আনে৷ তেওঁলোকৰ ছবিত গান-বাজনা, তথা ‘আইটেম ছঙ’ৰো অভাৱ, নাই ‘বিগ বাজেট’ ছবিত থকা ‘মছালা’; থাকে মাথো তেওঁলোকৰ অভিনয়ৰ সোৱাদ৷ গতিকে এজন সাধাৰণ দৰ্শকক এনে ‘আণ্ডাৰৰেটেড’ ছবিয়ে আকৰ্ষণ কৰিব নোৱাৰে৷
তেনে কেইজ্নমান ’আণ্ডাৰৰেটেড’ অভিনেতা তথা অভিনেত্ৰীৰে এখন ছবি নিৰ্মাণৰ মৰসাহস কৰিলে নিৰ্দেশক অমিত মাছুৰকাৰে৷ ছবিখনৰ নাম এই মাহতে মুক্তি লভা ‘নিউটন’৷ ৰাজকুমাৰ ৰাও, পংকজ ত্ৰিপাঠী, সঞ্জয় মিশ্ৰা, অঞ্জলি পাটিল, ৰঘুবীৰ য়াদৱ, মুকেশ প্ৰজাপতী আদি বহুকেইজন ’আণ্ডাৰৰেটেড’ অভিনেতা-অভিনেত্ৰীৰ সমাবেশ ঘটিছে এই ছবিখনত৷ ইয়াৰ আগেয়ে নিৰ্দেশক গৰাকীয়ে ‘চুলেমানী কিড়া’ নামৰ এখন সুন্দৰ ছবিৰে নিৰ্দেশনা জগতত আত্মপ্ৰকাশ কৰিছিল৷ ’নিউটন’ ছবিখনৰ মূল বিষয় বস্তু ছত্তীছগড়ৰ এখন মাওবাদী কাৰ্য্য়কলাপৰ দ্বাৰা জৰ্জড়িত ভিতৰুৱা ঠাইত ভোটদানক লৈ কেন্দ্ৰীভূত৷ ইয়াত ৰাজকুমাৰ ৰাৱে এজন পলিং অফিচাৰ(নিউটন কুমাৰ) হিচাপে তথা পংকজ ত্ৰিপাঠীয়ে এজন চি.আৰ.পি.এফ. কমাণ্ডেণ্ট (আত্মা সিং) হিচাপে অভিনয় কৰিছে৷ ছবিখনত চৰিত্ৰৰ দিশৰ পৰা এজন সুমেৰু আনজন কুমেৰু৷
সময়ৰ কালচক্ৰত পৰি দুয়োৰে দায়িত্ব পৰিল ছত্তীছগড়ৰ দণ্ডকাৰণ্য নামেৰে এখন ভিতৰুৱা ঠাইৰ ভোটদান কেন্দ্ৰত৷ সঘনে মাওবাদীৰ সন্ত্ৰাসে আৱৰি ৰখা ঠাইডোখৰ আছিল অতি বিপসংকুল৷ তদুপৰি মাওবাদীৰ নিৰ্দেশ আছিল ভোটদান কাৰ্য্য় বৰ্জন (বয়কট) কৰাৰ, গতিকে এনেহেন বিপদসংকুত ঠাইত ভোটদানৰ কাৰ্য্যসুচী আছীল এক প্ৰত্যাহ্বান৷ গতিকে এক ক্ষীণ আশা লৈ সকলোৱে যাত্ৰা আৰম্ভ কৰিছিল সেই ঠাইৰ নিৰ্দিষ্ট স্থানত ভোটদান কেন্দ্ৰ স্থাপন কৰিবলৈ৷ প্ৰথমবাৰলৈ পলিং অফিচাৰ হিচাপে অহা নিউটনৰ উদ্দেশ্য আছিল এক নিকা আৰু নিৰপেক্ষ ভোটদান কাৰ্য্য৷ আনহাতে এনে আন বহুতো বিপদজনক ঠাইত আগেয়ে ভোটদান কাৰ্য্য সম্পাদনা কৰাৰ অভিজ্ঞতা পুষ্ট আত্মা সিঙৰ বাবে এই ভোটগ্ৰহণ আছিল মাথো এক ধেমালী৷ তেওঁৰ মতে গাঁৱৰ লোকে ভোট দিবলৈ নাহিলে তেওঁলোকৰ জোৱান সকলেই ভোট দিব, আনহাতে নিউটন আছিল এজন সৎ তথা নিজৰ মতত অটল এজন লোক; তেওঁ আত্মা সিঙৰ এনে প্ৰস্তাৱ পোনছাটেই প্ৰত্যাখ্যান কৰিছিল৷
ছবিখন আছিল এক ‘ডাৰ্ক কমেডী’৷ চিত্ৰনাট্যকাৰ অমিত মাছুৰকাৰ আৰু মায়ংক তিৱাৰীয়ে ব্যংগাত্মিক ধাৰাৰে আমাৰ সমাজৰ বহুকেইটা দিশ দেখুৱাবলৈ চেষ্টা কৰিছে৷ নিৰ্বাচনৰ আগে আগে ৰাজনৈতিক নেতাৰ ভাষণ, মধ্যবিত্তীয় পৰিয়ালৰ সমস্যা, চি আৰ পি এফ জোৱান সকলৰ সমস্যা, মিডিয়াৰ বহুল প্ৰভূত্ব, আদিবাসী লোকসকলৰ সমস্যা আদি সকলো ক্ষেত্ৰ সামৰি আগবাঢ়িছে ছবিখন৷ ছবিৰ প্ৰথমতেই এজন নেতাৰ ভাষণত শুনা পাম ‘প্ৰগতি’ (Development)-ৰ সংজ্ঞা “এটা হাতত লেপটপ আনটো হাতত মোবাইল ফোন”৷ কেৱল মাথো ৰাজনৈতিক নেতাৰ প্ৰলোভনতে ক্ষান্ত নাথাকি তেওঁলোকে সমাজৰ আন কেইটামান দিশতো এক আলোকপাত কৰিছে৷ বহু ঠাইত হৈ থকা নাবালিক বিবাহ, যৌতুক প্ৰথা, পাৱাৰ কাট, কাৰ্য্যালয়ৰ দুৰ্নীতি আদি বহুকেইটা বিষয় সামৰি লৈছে ছবিখনে৷
মাওবাদী তথা চৰকাৰী বাহিনীৰ মাজত আৱদ্ধ হৈ পৰা আদিবাসী লোকসকলে নাজানে নিৰ্বাচনৰ সংজ্ঞা৷ তেওঁলোকে নাজানে পৰিবৰ্তনৰ সংজ্ঞা, তেওঁলোকে নাজানে নিৰ্বাচনৰ ফলাফলে তেওঁলোকলৈ কি কঢ়িয়াই আনিব৷ তেওঁলোকে মাথো বিচাৰে মুক্তি, মাওবাদী তথা চৰকাৰী বাহিনীৰ দুয়োফলৰে পৰা মুক্তি৷ প্ৰথমে গাঁৱলৈ গৈ ভোটাৰ সকলক আনিববলৈ মান্তি নোহোৱা আত্মা সিঙে পুলিচৰ সৰ্বোচ্চ বিষয়াৰ নিৰ্দেশত গাঁৱলৈ নিজৰ জোৱানক পঠিয়াইছিল ভোটাৰ সংগ্ৰহৰ কাৰণে৷ অৱশ্যে ইয়াৰ কাৰণ অন্য আছিল, সেই ভোট কেন্দ্ৰলৈ আহি থকা পুলিচ বিষয়া জনৰ লগত আছিল মিডিয়া, বিদেশী সংবাদদাতা৷ আনহাতে প্ৰথম বাৰৰ বাবে বেলট মেচিন দেখা ভোটাৰ সকলক নিউটনে শিক্ষা দিবলৈ ধৰে বেলট মেচিনত ভোটদান প্ৰক্ৰিয়া তথা ৰাজনীতিৰ৷ কিন্তুু একো বুজি নোপোৱা আদিবাসী সকলক শেষত আত্মা সিঙে বুজাইছিল বেলট মেচিনক এটা খেলনা হিচাপে৷ ভোট দিবলৈ অহা আদিবাসী লোকসকলক দেখুৱাই মিডিয়াই কৈছে ইমান বাধাৰ পাছতো হোৱা ভোটদান গণতন্ত্ৰৰ জয়ৰ এক প্ৰতীক বুলি, কিন্তুু এই ভোটগ্ৰহণ যে প্ৰকৃতাৰ্থত এক ভেঁকোভাওনা যেন হে আছিল সেই কথা ক’ৰবাতে লুকাই থাকিল৷ ইয়াৰ দ্বাৰা আমি সচৰাচৰ দেখি থকা মিডিয়াৰ ভূমিকাৰ ওপৰত এক প্ৰশ্ন তুলিলে ছবিখনে৷ সকলোবিলাক কাম মানুহে মাথো মিডিয়াক দেখাবলেহে কৰে নেকি? তাৰ অত্নৰালত থকা কথাখিনি দেখুৱাবলৈ চেষ্টা কৰা নহয় নেকি? এনে কিছুমান প্ৰশ্নই ছবিখনৰ লগে লগে গা কৰি উঠিব৷
১০৬ মিনিটৰ ছবিখনৰ আৰম্ভণিতে দেখিম ‘নিউটন’ ৰূপী ৰাজকুমাৰ ৰাৱে এটা আপেল খাই এখন কিতাপ পঢ়ি আছে৷ ইয়াৰ দ্বাৰা যেন ছবিৰ ‘নিউটন’ক প্ৰকৃত নিউটনৰ লগত সংযোগ কৰিব বিচৰা হৈছে৷ ক্ষন্তেক সময়ৰ বাবে ছবিৰ পৰ্দাত দেখিবলৈ পাম সঞ্জয় মিশ্ৰাক৷ তেওঁ এটা গুৰুত্বপূৰ্ণ কথাৰ অৱতাৰণা কৰিছে ছবিখনত৷ তেওঁ নিউটনক কৈছিল আইজাক নিউটনে মধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰেৰে বিজ্ঞান জগততে এক বিপ্লৱৰ সৃষ্টি কৰা নাছিল, তেওঁ এই সূত্ৰৰ দ্বাৰা সমাজৰ আন এটা দিশো উন্মোচন কৰিছিল৷ সেইয়া হৈছে তুমি ধনীয়ে হোৱা বা দুখীয়া হোৱা, তুমি ৰজাই হোৱা বা প্ৰজা হোৱা, তুমি নেতাই হোৱা বা কৃষক হোৱা পাহাৰ এটাৰ পৰা যেতিয়া একেলগে দুটা ভিন্ন শ্ৰেণীৰ লোকক একেলগে বগৰোৱা হয়, তেতিয়া একেলগেই দুয়ো বাগৰি আহিব৷ অৰ্থাৎ শ্ৰেণী ভিন্ন হ’লেও সকলো মানুহ সমান৷ আত্মা সিঙে নিউটন কোৱা এষাৰ কথা আছিল পুলিচ বা অন্য সামৰিক বাহিনীৰ সাজপাৰত হোৱ অনুৰোধকো ধমকিৰ দৰেই লাগে (ৱৰ্ডী মে বিনতী ভি ধমকী লগতি হেই), কথাষাৰত প্ৰকাশ পাইছিল এজন জোৱানৰ মনৰ ক্ষোভ৷
ছবিখনত ওপৰত কোৱাৰ দৰে মাথো ‘অভিনয়’হে দেখিম৷ ৰাজকুমাৰ ৰাৱে ইয়াৰে আগেয়ে নিজৰ অভিনয় প্ৰতিভা কাই প’ ছে, ছাহীদ, ট্ৰেপড্ আদি ছবিত প্ৰদৰ্শন কৰিছে৷ নিউটন ৰূপী এজন সৎ বিষয়া হিচাপে তেওঁ এক দুৰ্দান্ত অভিনয়েৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিব৷ পংকজ ত্ৰিপাঠী বলিউডত বহু বছৰৰ পৰা আছে যদিও জনপ্ৰিয়তা লাভ কৰিছিল গেংগছ্ অৱ ৱাছেপুৰৰ চুলতানৰ ৰূপত৷ এজন চি.আৰ.পি.এফ. বিষয়া হিচাপে তেওঁ যেন চৰিত্ৰটোত সোমাই পৰিছিল৷ নিউটনৰ দুই সহায়কাৰী হিচাপে অভিনয় কৰিছিল ৰঘুনীৰ য়াদৱ(লোকনাথ) আৰু মুকেশ প্ৰজাপতী(শম্ভু)ৱে৷ তেওঁলোকৰ হাস্যৰসিকতাই ছবিখনত প্ৰাণ ঢালিছিল৷ অঞ্জলি পাটিল আছিল এগৰাকী আদিবাসী(মালকো) যি ভোটদান কেন্দ্ৰৰ দলটোৰে এজন সদস্য আছিল৷ দুৰ্দান্ত অভিনয়েৰে তেওঁ নিজৰ মুখত ফুটাই তুলিছিল সেই অঞ্চলৰ আদিবাসী লোকসকৰ দুখ-দুৰ্দশা৷ ছবিখনৰ সংগীত পৰিচালনা কৰিছিল নৰেণ ছণ্ডভাৰকাৰ আৰু বেনেডিক্ট টেইলৰে৷ চিনেমাট’গ্ৰাফী আছিল শ্বপ্নীল ছোনৱানেৰ৷ অতি সুন্দৰভাৱে দৃশ্যগ্ৰহণ কৰা ছবিখনৰ প্ৰতিটো দৃশ্য়য়ে কৈছিল একো একোটা কাহিনী, ফুটি উঠিছিল আদিবাসী লোকসকলৰ সুখ-দুখ৷
‘বাৰ্লিন ফ্লীম ফেষ্টিভেল’ত বহুলভাৱে সমাদৃত ‘দৃশ্যম ফ্লীমছ্’ৰ এই ছবিখনক এইবাৰ ভাৰতৰ পৰা অস্কাৰলৈ পঠিওৱা হৈছে৷ এইটো কিজানি ছবিখনৰ বাবে এক বৃহৎ সাফল্য৷ অৱশ্যে এক উদ্বেগজনক বিষয় এইটোও যে ছবিখনৰ আমেৰিকা যুক্তৰাষ্ট্ৰত কোনো ‘ডিষ্ট্ৰিবিউটৰ’ নাই, যিটো অস্কাৰৰ প্ৰথম পাঁচটা স্থানৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷ অৱশ্যে এইবিলাক সময়ৰ কথা, ছবিখনৰ ভাগ্য সময়ৰ ওপৰত এৰি দিয়াই শ্ৰেয়৷ ছবিখনে অস্কাৰলৈ যোৱাৰ পথত দুখনকৈ ব্লকবাষ্টাৰ (দংগল, বাহুবলী-২)ক পৰাভূত কৰিছে৷ ইয়াৰ দ্বাৰা এইটোও প্ৰমাণ হ’ল যে ছবি এখনৰ সফলতা মাথো বাণিজ্যিক দিশতেই সীমাবদ্ধ নহয়, সফলতা আন বহুকেইটা দিশৰ ওপৰত নিৰ্ভৰশীল৷ লগতে ই আন এটা কথাও দৰ্শালে, ‘অভিনেতা’ সকল ‘ষ্টাৰ’ সকলতকৈ সদায়ে ওপৰত; এখন ছবিৰ বাবে ‘ষ্টাৰদম’ মাথো এক ধনাত্মক দিশ, প্ৰয়োজনীয়তা নহয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!